হিউ হাৰ্ৰে নিজেই সাজি লোৱা নিজৰ ভৰি দুখন

(১)

ষ্টিফেন হকিঙৰ কম্পিউটাৰ-নিৰ্ভৰ কথোপকথন ব্যৱস্থাৰ বাবে ২০১৪ চনৰ ডিচেম্বৰত উন্নত নতুন প্ৰণালী এটা নিৰ্মাণ সম্পূৰ্ণ কৰি তাত ব্যৱহৃত চফ্টৱেৰটো “open source” হিচাপে ইনটেল(Intel)-এ মুকলি কৰি দিয়ে। যাৰ বাবে, সেইটো আৰু উন্নত কৰাত অধিক মানুহ জড়িত হ’ব পাৰিব, আৰু কথা কোৱাৰ সক্ষমতা নথকা আন মানুহেও সেইটো ব্যৱহাৰৰ অধিক সুযোগ পাব। ষ্টিফেন হকিঙেও কৈছিল যে ইয়াৰ বিকাশ সাধনত গোটেই পৃথিৱীৰে অক্ষম লোকসকলৰ জীৱনধাৰা বহু উন্নত কৰাৰ সামৰ্থ্য আছে।

১৯৪২ চনৰ ৮ জানুৱাৰীত জন্মগ্ৰহণ কৰা ষ্টিফেন হকিঙে গৱেষণাৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ লোৱা সময়তে, ২১ বছৰ বয়সত দুৰাৰোগ্য মটৰ নিউৰণ ৰোগত আক্ৰান্ত হোৱাত মাথোঁ দুবছৰহে বাচি থাকিব বুলি ধাৰণা কৰা হৈছিল৷ তাৰ পাছতো তেওঁ বাচি থাকিল যদিও দিনক দিনে স্বাস্থ্যৰ অৱনতি ঘটি কেৱল দুটা আঙুলিহে সামান্য লৰচৰ কৰিব পৰা হৈছিলগৈ, আৰু ২০০৮ চনৰ পৰা সেয়াও তেওঁৰ বাবে দুঃসাধ্যৰ হৈ পৰিল৷ আনহাতে, ১৯৮৫ চনৰ পৰাই তেওঁ কথা কোৱাৰ সমাৰ্থ্যও হেৰুৱাই পেলাইছিল। তেনে অৱস্থাৰেই তেওঁ বিজ্ঞান জনপ্ৰিয়কৰণৰ গ্ৰন্থ লিখি বিশ্বজোৰা খ্যাতি অৰ্জন কৰিলে, বিশ্বৰহস্য উদঘাটনৰ গৱেষণাৰে বিশ্বশ্ৰেষ্ঠ বিজ্ঞানীৰূপে বন্দিত হৈ থাকিল, গৱেষণাৰ নেতৃত্ব দি কেইবাজনো স্বনামধন্য ছাত্ৰ গঢ়ি তোলাত অৱদান আগবঢ়ালে, সামাজিক বিষয়ত দিকদৰ্শন দিব পৰা বক্তব্যৰে যুগক প্ৰতিনিধিত্ব কৰা আৰু বিশ্বজুৰি প্ৰচাৰিত হোৱা প্ৰবন্ধ লিখিলে, . . . . ৷ এতিয়াও ৭৫ বছৰ বয়সতো তেওঁ নিৰন্তৰ সাধনাত ব্ৰত। এনে এজন মানুহ পৃথিৱীয়ে লাভ কৰাৰ আঁৰত, তেওঁ ইমানখিনি অৱদান আগবঢ়াবলৈ সক্ষম হোৱাৰ আঁৰত চিকিৎসক-নাৰ্ছ-পৰিয়াল-দাতব্য অনুষ্ঠানৰ উপৰি আন বহু বিজ্ঞানী, অভিযন্তা, কম্পিউটাৰ প্ৰগ্ৰেমাৰৰ অৱদান জড়িত হৈ আছে। কুৰি শতিকাৰ পূৰ্বে যদি তেওঁ জন্ম হ’লহেঁতেন তেন্তে কিবা অৱদান আগবঢ়াবলৈ হয়তো একেবাৰেই সক্ষম নহ’লহেঁতেন। তেওঁৰ বিশেষ হুইল চেয়াৰখনত সংলগ্ন সঁজুলিবিলাক— যাৰ জৰিয়তেই তেওঁ লিখিব পাৰে, লিখা বাক্য কথালৈ ৰূপান্তৰিত কৰি মানুহৰ লগত যোগাযোগ ৰাখিব পাৰে, চলাচল কৰিব পাৰে, ইলেক্ট্ৰনিক দুৱাৰ খুলিব পাৰে, লাইট অন-অফ কৰিব পাৰে— এইবোৰ কৰাৰ সুবিধা বহু মানুহৰ প্ৰচেষ্টাৰ পাছত সম্ভৱ হৈছে।

কথা-বতৰাৰ বাবে তেওঁ যেতিয়া সম্পূৰ্ণ কম্পিউটাৰ নিৰ্ভৰ হৈ পৰিছিল, তেওঁৰ হুইল চেয়াৰখনত সংলগ্ন কৰা বিশেষ কম্পিউটাৰ আৰু বিশেষ চফ্টৱেৰৰ সহায়ত দুটা আঙুলিৰে প্ৰতি মিনিটত ১৫টা হাৰত শব্দ লিখি বক্তব্য প্ৰকাশ কৰিব পাৰিছিল। আঙুলি দুটা ক্ৰমে দুৰ্বল হৈ অহাত ২০০৮ চনত এজন ব্যক্তিয়ে হকিঙৰ চচমাত ইনফাৰেড চেনচৰৰ এটা সৰু সঁজুলি সংযোগ কৰে, যাৰ সহায়েহে গালৰ পেশীৰ সঞ্চালনৰ সংকেত তেওঁৰ বিশেষ কম্পিউটাৰটোলৈ যায় আৰু তাৰ দ্বাৰাই বিশেষ পদ্ধতিৰে কম্পিউটাৰত শব্দ লিখিবলৈ সক্ষম হ’ল। সেই পদ্ধতিটোত, কম্পিউটাৰ স্ক্ৰীণত এটা চিহ্নৰ পৰা আনটো চিহ্নলৈ ক্ৰমে গৈ থকা কাৰ্চৰ(cursor)ডাল সেই সংকেতৰ সহায়ত ৰখাই দৰকাৰী আখৰ বা অপচন একোটা তেওঁ বাচনি কৰিব পাৰে। কিন্তু, ২০১১ চনলৈ হকিঙে প্ৰতি মিনিটত এটা বা দুটা শব্দহে লিখিবলৈ সক্ষম হ’লগৈ। ইনটেলে বহু বছৰ ধৰি হকিঙৰ বিশেষ কম্পিউটাৰটোৰ প্ৰয়োজনীয় বিকাশ সাধন কৰি আহিছিল। এই ব্যৱস্থাটোৰো কিবা উন্নত কৰিব পাৰিব নেকি বুলি হকিঙে ইনটেলৰ সহপ্ৰতিষ্ঠাপক প্ৰখ্যাত অভিযন্তা ড° গৰ্ডন মুৰৰ সৈতে যোগাযোগ কাৰিলে আৰু মুৰে তাৰ বাবে এটা দল গঠন কৰিলে। দলটোৱে যেতিয়া হকিঙক প্ৰথম লগ কৰিবলৈ গৈছিল তেতিয়া হকিঙে ২০ মিনিট লাগি কেৱল ৩০টা শব্দহে লিখি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। দলটোৱে প্ৰায় তিনিবছৰৰ চেষ্টা আৰু পৰীক্ষা-নিৰীক্ষাৰ অন্তত ব্যৱস্থাটো উন্নত আৰু হকিঙৰ ব্যৱহাৰৰ সুচলকৈ গঢ়ি তুলিবলৈ সক্ষম হয়। শব্দ একোটা সম্পূৰ্ণ নিলিখাকৈয়ে কম্পিউটাৰে পূৰ্বানুমান কৰিব পৰা উন্নত এলগৰিথিম; আৰু এটা শব্দ লিখাৰ পাছত লিখিবলগীয়া পৰৱৰ্তী শব্দটো হকিঙৰ ক্ষেত্ৰত কি হ’ব পাৰে তাক পূৰ্বানুমান কৰা উন্নত ব্যৱস্থা ইত্যাদিৰে হকিঙৰ লিখাৰ ক্ষমতা বঢ়াবলৈ দলটো সক্ষম হ’ল। এইদৰেই তেওঁ এতিয়াও লিখা, কথা কোৱা, ইমেইল প্ৰেৰণ কৰা, মজিলা ব্ৰাউজাৰৰ সহায়ত ৱেবত পঢ়া-শুনা কৰা, পিডিএফ পঢ়া ইত্যাদি কাম কৰিব পাৰে।

(২)

বৰ্তমান ৩৪ বছৰীয়া নিক ভয়িচিছ জন্ম হৈছিল দুহাত আৰু দুভৰি নথকাকৈ। মাথোঁ বাওঁ ভৰিৰ পিনে আছিল দুটা আঙুলী লগ হৈ থকাৰ দৰে অকণমানি এটুকুৰা অংগ। বৰ্তমান এবেগেতমান দীঘল সেই অংগটিক তেওঁ কৌতুক কৰি চীকেন ড্ৰামষ্টিক বুলি কয়। তেওঁক প্ৰথম দেখি দেউতাকে ইমানেই চক খাইছিল যে বমি কৰিবলৈ কোঠাটোৰ পৰা বাহিৰলৈ ওলাই গৈছিল। আৰু মাকে চাৰিমাহ পৰ্যন্ত কোঁচত ল’বলৈ সংকোচ কৰিছিল। কিন্তু পিছত মাক-দেউতাকৰ মৰম-চেনেহেৰে তেওঁ ডাঙৰ হ’ল। নিকৰ মাক-দেউতাকে এটা ডাঙৰ সিদ্ধান্ত লৈছিল— তেওঁক বিশেষ বিদ্যালয়লৈ নপঠিয়াই তেওঁলোকে সাধাৰণ বিদ্যালয়লৈকে পঠাইছিল। মাক নিজেও আছিল এগৰাকী নাৰ্ছ, দেউতাক এজন কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু একাউণ্টেণ্ট। নিকে সেই সৰু অংগটিৰে পেঞ্চিল বা কলম ধৰিবলৈ মাকে প্লাষ্টিকেৰে এটি বিশেষ সঁজুলি তৈয়াৰ কৰি দিছিল। দেউতাকে তেওঁক ছয় বছৰ বয়সৰ পৰাই কম্পিউটাৰ ব্যৱহাৰ কৰিবলৈ শিকাইছিল। নিকে এটা আনন্দময় আৰু স্বাধীন জীৱন কটাবলৈ যিমান সহযোগ আগবঢ়াব পাৰি তেওঁলোকে সৰ্বোচ্চ চেষ্টা চলাইছিল। কিন্তু বিদ্যালয়ত নিক বহু ইতিকিঙৰ মুখামুখি হৈছিল আৰু বহুদিন চকুলো টুকি টুকি ঘৰলৈ উভটিছিল। নিজৰ একো ভৱিষ্যত নেদেখি ১০ বছৰ বয়সত তেওঁ বাথ-টাৱত ডুব গৈ আত্মহত্যাৰ চেষ্টা চলাইছিল, আৰু সেই বিফল চেষ্টাৰ সময়ত তেওঁ উপলব্ধি কৰিছিল যে ইয়াৰ দ্বাৰা তেওঁ আপোন মানুহখিনিক দোষী কৰি তোলাহে হ’ব, যিটো আঘাত তেওঁ প্ৰকৃততে দিব নিবিচাৰে। ১৩ বছৰ বয়সত নিকে বাতৰি-কাকতত এজন শাৰীৰিকভাৱে অক্ষম মানুহৰ কথা পঢ়িবলৈ পালে, যিজনে তেনে অৱস্থাৰেই অসামান্য কাম কৰিছিল আৰু আন মানুহক সহায় কৰিছিল। ই তেওঁক বহু অনুপ্ৰেৰণা যোগালে। তেওঁ যাতে আনক সহায় কৰিব পাৰে, আন মানুহৰ মনত আশা আৰু সাহস জন্মাব পাৰে তাৰ বাবে উদ্দেশ্যপূৰ্ণ এটা জীৱন যাপন কৰিবলৈ নিক উদ্বুদ্ধ হ’ল। আৰু ২০ বছৰ বয়সতে নিকে আফ্ৰিকাৰ এটি দুখীয়া অঞ্চললৈ বিশ হাজাৰ ডলাৰ সাহাৰ্য আগবঢ়াব পৰা হ’ল। স্নাতক ডিগ্ৰী গ্ৰহণ কৰি থকা সময়ত নিকে ভাষণ প্ৰদানৰ অনুশীলন চলাই গৈছিল; আৰু প্ৰশিক্ষকৰ পৰা ব’ডি লেংগুৱেজৰো বিবিধ পৰামৰ্শ গ্ৰহণ কৰিছিল। দুহাত-দুভৰি নোহোৱাকৈয়ে আজি তেওঁ প্ৰেৰণাদায়ক বক্তা হিচাপে ৫০ৰো অধিক দেশৰ কেইবাহাজাৰ স্থানত বক্তৃতা প্ৰদান কৰিছে। কেইবাখনো বহুপাঠিত গ্ৰন্থ লিখিছে। ইতিকিঙৰ বিৰুদ্ধে সজাগতা আনিছে। অক্ষম লোকৰ সহায়ৰ কামত জড়িত হৈছে, . . . । যোগাত্মক শক্তি তথা যিখিনি সামৰ্থ্য আছে সেইখিনি পূৰ্ণ ব্যৱহাৰৰ হেঁপাহ, মনোবল তেওঁৰ খুৱ প্ৰবল। হাত আৰু ভৰি দুখন নথকাত তেওঁৰ দেহত বায়ুপূৰ্ণ অংশই বেছি বাবে তেওঁ সহজেই পানীত উপঙি উঠে। আৰু গাটো আৰু সেই সৰু অংগটি সাংঘাটিক ধৰণে জোকাৰি তেওঁ সাঁতোৰ প্ৰদৰ্শন কৰে। ফুটবল, গ’ল্ফ আদি বিবিধ খেল খেলাৰ উপৰি নিকে দুঃসাহসিক-ক্ৰীড়াতো ভাগ লয়। সাধাৰণ সক্ষম মানুহ একোজনতকৈয়ো তেওঁ জীৱনটো বহু অধিক উপভোগ কৰিছে। ২০১২ চনত প্ৰেয়সীক বিয়া কৰাই বৰ্তমান তেওঁ দুটা সন্তানৰ পিতৃ।

নিকক এখনি বিশেষ ইলেক্ট্ৰিক হুইল চেয়াৰ সাজি দিয়া হৈছে। সেই সৰু অংগটিৰ সহায়ত তেওঁ সেইখন চলাই ফুৰিব পাৰে। এবছৰৰ পূৰ্বে তেওঁ গাড়ী চলাবলৈকো সক্ষম হয়। এটা কোম্পানীৰ এটি অভিযন্তা গোটে কেইবাটাও পদ্ধতিৰে পৰীক্ষা কৰি চোৱাৰ অন্তত কৃটিম হাত, সেই সৰু অংগটি আৰু মুখেৰে নিয়ন্ত্ৰণ কৰি তেওঁ গাড়ী চলাবলৈ সক্ষম হয়।

       

(৩)

হিউ হাৰ্ৰ(Hugh Herr)-এ যি ধৰণৰ কাম কৰিছিল তাৰ বাবে সুস্থ দুভৰি থকা তেওঁৰ কেইজনমান প্ৰতিযোগীয়ে নিজৰে ভৰি দুখন কটাই পেলাম বুলি কৈছিল। পিছত এটা শ্ব’ত হিউৱে কৈছিল— সেয়া যেন তেওঁৰ কাণত মধুৰ সংগীতহে বাজিছিল।

কৈশোৰতে হিউৱে শিলৰ (ঠিয়) পাহাৰ বগোৱাত অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিছিল। ১৭ বছৰ বয়সলৈ তেওঁ আমেৰিকাৰ এজন শ্ৰেষ্ঠ পৰ্বতাৰোহী হিচাপে বিবেচিত হৈছিল। তেনে সময়তে এবাৰ, আন এজনৰ সৈতে বৰফৰ এটা জটিল পথেৰে আৰোহণ কৰি থাকোঁতে blizzardৰ কবলত পৰি তেওঁলোকে দিক-বিদিক হেৰুৱাই পেলায়। ধুমুহা আৰু শীতৰ মাজত তিনি ৰাতি তেওঁলোক প্ৰাণে-বাচি আবদ্ধ থাকে। পিছত উদ্ধাৰকাৰী দলে দুয়োজনকে উদ্ধাৰ কৰে যদিও এজন উদ্ধাৰকাৰী মৃত্যু মুখত পৰে, আৰু তুষাৰ-দংশন (frostbite)ত খুৱ বেয়াকৈ আক্ৰান্ত হোৱাত কেই সপ্তাহমানৰ পাছত হিউৰ দুয়োখন ভৰি আঠুৰ তলতে আৰু আনজনৰ এখন ভৰি কটাই পেলাব লগা হয়।

অপাৰেচনৰ পাছত কৃত্ৰিম ভৰি লগাই হস্পিটেলৰ পৰা হিউ যেতিয়া উভটিছিল চিকিৎসককে ধৰি আনে ভাবিছিল যেনেতেনে খোজ কাঢ়িব পৰাৰ বাহিৰে তেওঁৰ কাম শেষ হৈছে। বহুদিন ধৰি তেওঁ সদায় চকুলো টুকিছিল। কিন্তু কেইমাহমানৰ পাছতে যাৱতীয় সা-সঁজুলিখিনি টোপোলা বান্ধি কৃত্ৰিম ভৰিৰেই তেওঁ পৰ্বত অভিমুখে যাত্ৰা কৰিলে। পৰ্বতাৰোহণৰ লগে লগে তেওঁ দেখিলে, আচল ভৰি দুখন নথকাত কৃত্ৰিম ভৰিৰে সৈতে গোটেই শৰীৰটোৰ ওজন পূৰ্বতকৈ ভালেখিনি কম হোৱাত তেওঁ গোটেই গাটো অধিক ওপৰলৈ উঠাই নিয়াত সহায় হৈছে। আনহাতে, ভৰি দুখনৰ নিম্ন মানদণ্ডৰ প্ৰযুক্তি দেখি আচৰিত হৈ তেওঁ নিজেই সেই দুখন উন্নত কৰাৰ চিন্তা কৰিলে। আৰু সঁচাকৈয়ে, কোনো প্ৰশিক্ষিত জ্ঞান নথকাকৈয়ে ভৰি দুখন তেওঁ বহু উন্নত কৰিব পাৰিলে। ভৰি দুখনৰ ওজন তেওঁ পূৰ্বতকৈ আৰু কমাই পেলালে। ইফালে, শিলৰ ঠিয় পাহাৰ বগাবলৈ সুবিধাৰ বাবে প্ৰয়োজন অনুসৰি নিজৰ উচ্চতা তেওঁ ৫ৰ পৰা ৮ ফুটলৈ সালসলনি কৰি ল’ব পৰা কৰিলে। ঠেক শিলত খোপনি পুতিবলৈ বা ঠিয় বৰফত পিছলৈ নাযাবলৈ পৃথকে পৃথকে সুচল ভৰি তৈয়াৰ কৰিলে। আৰু এনেদৰেই পূৰ্বতকৈ জটিল পথ পাৰ হৈ পূৰ্বতে কোনো মানুহেই উপনীত হ’ব নোৱৰা উচ্চতাত তেওঁ উপনীত হ’ল। দুৰ্ঘটনাৰ পূৰ্বৰ “সক্ষম” ভৰি দুখনতকৈয়ো কৃত্ৰিম ভৰিৰে তেওঁ অধিক সফলতাহে অৰ্জন কৰিবলৈ সক্ষম হ’ল। আৰু ইয়াকে দেখি প্ৰতিযোগীকেইজনে তেওঁক সেই কথা কৈছিল।

এতিয়ালৈকে কিন্তু, এয়া হ’ল এই লেখাটোৰ মূল প্ৰসংগটোৰ দীঘল পাতনিহে; শিৰোনামত উল্লেখ কৰা নিজৰ ভৰি দুখন হিউৱে নিজেই নিৰ্মাণ কৰিবলৈ এতিয়াও প্ৰায় দুটা দশক বাকী আছে। আহক আমি যাত্ৰা কৰোঁ—

খ্ৰীঃপূঃ দশম শতিকাতে ইজিপ্তীয় সভ্যতাত মানুহে কৃত্ৰিম অংগ ব্যৱহাৰ কৰাৰ প্ৰমাণ এতিয়ালৈকে পোৱা গৈছে। কিন্তু কুৰি শতিকাতহে বিজ্ঞান-প্ৰযুক্তিৰ উৎকৰ্ষই কৃত্ৰিম অংগক কিছু উন্নত ৰূপ দিবলৈ সক্ষম হয়; তথাপি সেইসমূহো হ’ল “সম্পূৰ্ণ নিৰ্জীৱ”। উদাহৰণস্বৰূপে, কৃত্ৰিম ভৰিবিলাক সম্পূৰ্ণ জঠৰ, যাৰ বাবে খোজ কাঢ়োতে বা ওপৰলৈ উঠোতে ভৰিখন শৰীৰে বোজাৰ দৰে কঢ়িয়াব লগা হয়। খলাবমাত খোজ কঢ়া বা সাধাৰণ ভৰিৰ দৰে বিভিন্ন দিশে ঘূৰোৱা আদি বিবিধ কাৰ্য অনায়াসে কৰিব নোৱাৰি। ফলত কৃত্ৰিম ভৰিৰে চলিবলৈ সাধাৰণ মানুহতকৈ অধিক শক্তি খৰচ কৰিবলগা হয়।

হিউৰ একমাত্ৰ লক্ষ্য আছিল পৰ্বতাৰোহণ। বিদ্যায়তনিক ক্ষেত্ৰত মন দিয়াৰ কোনো লক্ষ্য তেওঁৰ নাছিল। যেতিয়া কোনো কাৰিকৰী জ্ঞান নথকাকৈয়ে নিজৰ কৃত্ৰিম ভৰি দুখনৰ ইমান উন্নত সাধন কৰি ইমান সফলতা অৰ্জন কৰিব পাৰিলে, তেওঁ অনুভৱ কৰিলে— “যদি গণিত, বিজ্ঞান, আভিযান্ত্ৰিকীৰ গভীৰ জ্ঞান অৰ্জন কৰে কোনে জানে তেওঁ কি সৃষ্টি কৰিবলৈ সক্ষম হ’বগৈ পাৰে!” তেওঁ স্থানীয় এখন কলেজত ভৰ্তি হ’ল আৰু পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লৈ মাছাচুছেটছ্ ইনষ্টিটিউট্ অৱ টেকন’লজি(MIT)ত যান্ত্ৰিক অভিযান্ত্ৰিক (Mechanical Engineering) বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিলে। তাৰ পাছত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত biophysicsৰ ডক্টৰেট ডিগ্ৰী লয়। তাৰ পাছত পুনৰ এমআইটিলৈ biomedical devicesৰ পোষ্ট-ডক্টৰেট কৰিবলৈ যায়। বৰ্তমান তেওঁ এমআইটিৰে অধ্যাপক আৰু Biomechatronicsৰ গৱেষক-গোটৰ মুৰব্বী।

তেওঁৰ শিক্ষা জীৱন আৰম্ভ কৰিছিল কৃত্ৰিম দুভৰি সম্বল হিচাপে লৈ আৰু শিক্ষা আহৰণৰ প্ৰধান লক্ষ্য আছিল কৃত্ৰিম অংগৰ উৎকৰ্য সাধন কৰা। পোষ্ট-ডক্টৰেট কৰি থকা সময়ৰ পৰাই তেওঁ কৃত্ৰিম অংগৰ উৎকৰ্য সাধনৰ কামত ব্ৰতী হ’বলৈ ধৰে। ধাতৱ বা কাঠৰ টুকুৰা এটাৰ দৰে জঠৰ অংগ এটা নহৈ, তেজ-মঙহৰ অংগৰ দৰে মানুহৰ স্নায়ুতন্ত্ৰৰ সৈতে সংযোজিত কৃত্ৰিম অংগ নিৰ্মাণৰ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ হৈছিল। যি ক্ষেত্ৰত, মানুহ এজনে যদি নিজৰ কৃত্ৰিম ভৰিখন আগুৱাই বা পিছুৱাই দিবলৈ ইচ্ছা কৰে তেন্তে সেইখন চোঁচোৰাই বা দাঙি সেইটো নকৰাকৈ সাধাৰণ ভৰি এখনৰ দৰেই কৃত্ৰিম ভৰিখনেও নিজে নিজেই আগুৱাই বা পিছুৱাই যোৱাৰ প্ৰৱণতা লাভ কৰিব পাৰে। ইয়াত তিনিটা প্ৰক্ৰিয়া জড়িত আছে— কেনেকৈ কৃত্ৰিম ভৰিখন শৰীৰৰ লগত সংযোগ কৰা হয়; কেনেকৈ কৃত্ৰিম ভৰিখনৰ পতা, গেৰোৱা আদি অংশবিলাকে তেজ-মঙহৰ ভৰিৰ দৰে লৰচৰ কৰে; আৰু কেনেকৈ এইসমূহে স্নায়ুতন্ত্ৰৰ সংকেত বিনিময় কৰে। হিউৱে এইসমূহৰ অসামান্য বিকাশ সাধন কৰিবলৈ সক্ষম হ’ল। কৃত্ৰিম ভৰিৰ উপৰি তেওঁ এনে এটা অংগ প্ৰথমবাৰৰ বাবে সাজি উলিয়ালে যিটো সাধাৰণ ভৰিৰ মানুহ এজনে লগাই ল’লে তেওঁৰ ভৰিৰ কাৰ্যদক্ষতা বহুত বৃদ্ধি পায়, আৰু যিটো কিছুসময় ব্যৱহাৰ কৰাৰ পাছত সোলোকাই পেলালে নিজৰে সক্ষম ভৰি দুখন গধুৰ বোজাস্বৰূপ কম কাৰ্যদক্ষতাৰ আছিল যেন অনুভৱ হ’বলৈ ধৰে। তেজ-মঙহৰ শৰীৰৰ সৈতে যন্ত্ৰ সংযোগ কৰি মানুহ অধিক কাৰ্যক্ষম হৈ উঠাৰ এইসমূহ অসামান্য বিকাশ সাধন। তেওঁৰ দুটা উদ্ভাৱন দুটা বৰ্ষত টাইম আলোচনীত “বছৰটোৰ বিশ্ব শ্ৰেষ্ঠ উদ্ভাৱন”ৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। বৰ্তমানলৈকে তেওঁৰ প্ৰায় ৬০খন গৱেষণা-পত্ৰও প্ৰকাশ হৈছে।

২০০৪ চনত এমআইটিত অধ্যাপক হিচাপে নিযুক্ত হৈ কেইবছৰমানলৈ হিউৱে নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীক তেওঁৰ নিজৰো ভৰি দুখন নিজে সাজি লোৱা সম্পৰ্কে চেমিষ্টাৰৰ প্ৰথমভাগত একো নকৈছিল, আৰু চেমিষ্টাৰৰ শেষত যেতিয়া তেওঁৰ ভৰি দুখনৰ কথা ছাত্ৰ-ছাত্ৰীক সুধিছিল তেতিয়া প্ৰশ্নটো শুনি আধা সংখ্যকে কৃত্ৰিম বুলি কৈছিল আৰু বাকী সংখ্যকে সাধাৰণ বুলি কৈছিল। উন্নত কৃত্ৰিম ভৰি দুখনৰ সহায়ত হিউৰ খোজ-কাটল ইমান স্বাভাৱিক ধৰণৰ যে তেওঁ পাঠদান আগবঢ়াই থকা সেয়া যে তেওঁৰ নিজৰে কৃত্ৰিম ভৰি দুখন সম্পৰ্কীয় কথা তাক বিশ্বাস কৰাটো সহজ নাছিল। তাৰ পাছত তেওঁ লংপেণ্টটো ওপৰলৈ উঠাই কৃত্ৰিম ভৰি এখন খুলি তাৰ অংশবিলাক ভাগ ভাগ কৰি ছাত্ৰ-ছাত্ৰীক দেখুৱাবলৈ আৰম্ভ কৰিছিল, আৰু বিষ্ময়ত সকলো ছাত্ৰ-ছাত্ৰী মূক হৈ পৰিছিল।

হিউৱে নিজৰ ভৰি দুখনেই যে সাজি উলিয়ালে এনে নহয়; তেওঁৰ উদ্ভাৱনে হাজাৰ সংখ্যক মানুহ, কেইবাশ অংগক্ষত সৈনিকক পুনৰ কৰ্মস্থলীলৈ যাত্ৰাৰ সুযোগ দিলে। হিউয়ে কয় যে প্ৰতিজন মানুহে অক্ষমতা অবিহনে জীয়াই থাকিবলৈ পোৱা উচিত। এটা সুস্থ-সক্ষম জীৱন পোৱাটো মানুহৰ মৌলিক অধিকাৰ। এতিয়াও প্ৰযুক্তিবিদ্যাৰ উচ্চতম বিকাশ হোৱা নাই বাবে মানুহৰ বিবিধ শাৰীৰিক-মানসিক অক্ষমতা দূৰ কৰাটো সম্পূৰ্ণ সম্ভৱ হোৱা নাই। প্ৰযুক্তিৰ উদ্ভাৱনেৰে অক্ষমতাৰ পৰিধি ভেদ কৰি যাবলৈ মানুহ সোনকালেই সক্ষম হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

শাৰীৰিক বাধাগ্ৰস্তৰ বাবে বহু পূৰ্বৰে পৰা ঠায়ে ঠায়ে বিবিধ খেলৰ উপৰি অলিম্পিকৰ সমান্তৰালভাৱেও এখন খেল আয়োজন হৈ আহিছিল। ১৯৮৮ চনৰ পৰা সেই প্ৰতিযোগিতাক পেৰালিম্পিক নাম দিয়া হয়, আৰু অলিম্পিকৰ দৰেই সা-সুবিধা আৰু কাৰু-কাৰ্যৰে ইয়াক আয়োজন কৰা হয়। ক্ৰীড়া বিশেষজ্ঞৰ মতে, ২০১২ চনৰ পৰা পেৰালিম্পিক অধিক জনপ্ৰিয় হয় আৰু ইয়াৰ জনপ্ৰিয়তা বৃদ্ধিত অস্কাৰ পিষ্টুৰিয়াছ নামৰ দুভৰিত কৃত্ৰিম ভৰি লগাইয়ো তৰকা-দৌৰবিদত পৰিণত হোৱা খেলুৱৈজনৰ বহু অৱদান আছে। অস্কাৰ পিষ্টুৰিয়াছে ২০০৮ চনৰ টাইম আলোচনীৰ ১০০জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাতো অন্তৰ্ভুক্ত হৈছিল। তেওঁ অক্ষমতা নথকা খেলুৱৈৰ সৈতেও প্ৰতিদ্বন্দ্বীতা আগবঢ়াবলৈ সক্ষম হৈছিল। অস্কাৰ পিষ্টুৰিয়াছে দৌৰিবলৈ ব্যৱহাৰ কৰা কৃত্ৰিম ভৰি দুখনৰ গৱেষণাৰ বাবে ছখন বিশ্ববিদ্যলয়ৰ পৰা বাচি গঠন কৰা সাতজন বিশেষজ্ঞৰ দলটোৰ এজন আছিল হিউ হাৰ্ৰ।

হিউৰ উদ্ভাৱনৰ উন্নত কৃত্ৰিম হাত-ভৰি লগাই মডেল হিচাপে তৰকাত পৰিণত হোৱা দুটি উদাহৰণ Aimee Mullins, Rebekah Marine.

বোমা বিস্ফোৰণে এখন ভৰি কাঢ়ি নিয়া এগৰাকী নৰ্তকীক এখন হস্পিটেলত লগ পাই হিউৱে, নচোনৰ সময়ত মানুহৰ চাল-চলন, অংগসমূহৰ ক্ৰিয়া আদিৰ সম্পৰ্কে অধ্যয়ন চলায়। তেওঁ আৰু তেওঁৰ গৱেষক দলটিয়ে দুশ দিনৰ ভিতৰতে এখন কৃত্ৰিম ভৰি সেই নৰ্তকীগৰাকীৰ ব্যৱহাৰযোগ্যকৈ গঢ়ি তুলিবলৈ সক্ষম হয়। নৰ্তকীগৰাকীক নতুন ভৰি দি পুনৰ মঞ্চলৈ উঠাই নি হিউৱে এটা খুৱ শক্তিশালী বাৰ্তাও আগবঢ়াই— “এজাক অপৰাধী, ভীৰু, দুবৃত্তই মঞ্চৰ পৰা চিৰদিনৰ বাবে ওফৰাই লৈ যোৱা নৰ্তকীগৰাকীক আমি কিন্তু দুশ দিনৰ ভিতৰতে পুনৰ ওভোটাই মঞ্চলৈ উঠাই আনিবলৈ সক্ষম হ’লোঁ। দৌৰাত্মক কাৰ্যই আমাক ভয়ত বিতত কৰাব নোৱাৰে, আমি ভাগি নিঃশেষ হৈ নাযাওঁ; এনে কাৰ্যত আমি টুটি নাযাওঁ, নাহাৰোঁ, কেতিয়াও ক্ষান্ত নহওঁ।”

(৪)

কিন্তু ষ্টিফেন হকিং, নিক ভয়িচিছ, হিউ হাৰ্ৰ —এইসকল সাংঘাটিক প্ৰতিভাৱান মানুহ। আনেও তেওঁলোকক সহায় কৰিছে; তেওঁলোকে নিজেও নিজৰ বাট কটাৰ উপৰি লক্ষ্য লক্ষ্য “সক্ষম” মানুহকেই সেই বাটত পোহৰ দি আগুৱাই নিছে। কিন্তু প্ৰাৰম্ভিক বাট কটাত সহায় নোপোৱা বাবেই অক্ষম বুলিয়েই কিমান প্ৰতিভা হেৰাই গৈছে কোনে জানে? প্ৰধানকৈ আমাৰ দৰে দেশত আৰ্থিক আৰু সামাজিক কাৰণত এনে সহায়ৰ পৰা মানুহ বঞ্চিত হয়। হিউৰ নিজৰ ভৰি দুখনেই কেইবাকোটি মূল্যৰ। তেওঁৰ নিজৰ লগতে বহুজনৰ দশকজোৰা শ্ৰমেৰে এই বিকাশ সাধন হৈছে। তেনে এখন ভৰি আমাৰ ইয়াৰ সাধাৰণ মানুহে ল’ব পৰাটো এতিয়াও সম্ভৱ হৈ উঠা নাই। একবিংশ শতিকাৰ সমান্তৰাল ভাৱেই আমাৰ মাজত চলি আছে বহু পুৰণি শতিকা। মানুহৰ বিবিধ শ্ৰম, আৰ্থিক সহায়ৰ উপযুক্ত ব্যৱস্থা, আমাৰ সামাজ একোখনৰ নিজৰ সামুহিক সামৰ্থ্য উপযুক্ত কামত খটুওৱাৰ মানসিকতা— এইবোৰেহে উন্নত সুবিধা সকলোৱে পোৱাৰ বাট মুকলি কৰিব।

মহাভাৰতত লিখা হৈছিল— “ধৰ্ম, অৰ্থ, কাম আৰু মুক্তিৰ বিষয়ে ইয়াত যিখিনি আছে, সেইখিনি আনতো আছে; যিখিনি ইয়াত নাই, সেইখিনি ক’তো নাই”। ভূমিৰ অধিকাৰক লৈ সংঘাত, ৰাজনৈতিক মন্ত্ৰণা, প্ৰতিশোধ, চাতুৰ্য, প্ৰেম, অহংকাৰ, প্ৰত্যাখ্যান, পৰমোৎকৰ্যৰ বাবে সহিব লগা অসহ্য যাতনা, জুৱা, নাৰী নিৰ্যাতন, ছাত্ৰ উৎপীড়ন, মানৱীয়তা, আদৰ্শ ৰক্ষা, অতিমানৱীয়সুলভ বহু দক্ষতা, কাঠৰ শুকান মূঢ়াসদৃশ প্ৰভাৱহীন নমস্য শক্তিমন্ত-বৃদ্ধৰ অথৰ্ব জ্ঞান, ক্ল’নিং, বক্ৰ পথেৰে অস্ত্ৰ নিক্ষেপ, দূৰৰ দৃশ্য আহৰণ ইত্যাদি অলেখ স্থুল-বিমূৰ্ত কথাৰ চাকনৈয়াত পাঠকে হয়তো বিশ্বাস কৰিবলৈ বাধ্য হৈছিল— সঁচাকৈয়ে মহাভাৰতত যি আছে সেয়া সকলোতে আছে। কিন্তু সেই তাহানি যুগৰ মানুহৰ কল্পনাৰে ৰচিত “মহাকাব্য”ৰ পাততকৈ আজিৰ মানুহৰ বিচিত্ৰ জীৱনত বহু বেছি উপাদান যোগ হৈছে। মহাভাৰতত কল্পনা নকৰা তেনে এটি উপাদান হ’ল— কৃত্ৰিম অংগ। নহ’লে একলব্যৰ দৰে ছাত্ৰই কৃত্ৰিম অংগৰ সহায়েৰে প্ৰতাপী হৈ উঠিব পাৰিলেহেঁতেন, মহাভাৰতৰ কাহিনীও সলনি হৈ গ’লহেঁতেন। মহাভাৰতক আমাৰ সভ্যতা-সংস্কৃতিৰ-পৰম্পৰা-সাহিত্যৰ এটি মূল উৎস বুলি কোৱা হয়। “মহাৰথী” ৰচনা কৰি সাহিত্য অকাডেমী বঁটা লাভ কৰা চন্দ্ৰপ্ৰসাদ শইকীয়াই বিশ্লেষণেৰে সৈতে লিখি থৈ গৈছে— “মহাভাৰতৰ কাহিনীত এনে এখন সমাজৰ কথা আছে যিবোৰৰ একসংখ্যক আজিৰ আমাৰ দৃষ্টিত অসুস্থ বুলি ধাৰণা হয়,…।” গতিকে, আমাৰ এলান্ধুকলীয়া সংস্কৃতিক আমি কিমানখিনি বন্দনা কৰিম, কিমানখিনিক আমাৰ “সকলো” বুলি ভাবিম সেয়া নতুন বিচাৰ-বুদ্ধিৰে চোৱা প্ৰয়োজন। আৰু সেয়া নোচোৱা বাবেই, পশু-পখীৰ মাজত নিৰ্মম যুঁজ চলাই আসুৰিক তৃপ্তি আহৰণক সংস্কৃতি বুলি ধৰা হৈছে। পষেক জুৰি “ভেলাঘৰ” সাজি প্ৰদৰ্শন কৰি শেষত তাক জ্বলোৱাক সংস্কৃতি বুলি ভবা হৈছে। মানুহৰ মাজত সজাগতা আনি সমুহিক জুই জ্বলোৱা পৰম্পৰা উন্নত দেশত নাইকীয়া কৰা বুলি জানিবলৈ পোৱা যায়। জলবায়ুত উত্তাপৰ কিমান তাৰতম্য ঘটিছে সেয়া বৈজ্ঞানিক তথ্য নাচালেও পাৰ হৈ যোৱা দহটা বছৰ অনুভৱ কৰিলেই গম পোৱা যায়। আমাৰ জুইকুৰা ডাঙৰকৈ জ্বলিলে আমাৰ সংস্কৃতি বেছিকৈ “বিশ্বদৰবাৰ”লৈ নাযায়, বৰং বিশ্বৰ অনিষ্টহে হয়। কিছু পৰিমাণে পৰম্পৰা ৰক্ষা কৰাতো উলাই কৰিব নোৱাৰি। কিন্তু পৰিৱেশৰ অনিষ্ট সাধন কৰি ইমান জুই দিবলৈ একোটা অৰ্থহীন ঘৰ সাজিবলৈ ইমান সংখ্যক মানুহে ইমান দিন যে কষ্ট কৰে তাৰ পৰা গম পোৱা যায়— আমাৰ মানুহৰো ধৈৰ্যৰ বা কষ্টসহিঞ্চুতাৰ অভাৱ নাই; কিন্তু সেই ধৈৰ্য আৰু সামুহিক কষ্ট খৰচ কৰা হয় প্ৰায়ে অৰ্থহীন কামত, অনিষ্টকাৰী কামত, সংস্কৃতিৰ নামত অপসংস্কৃতিত। মানৱ-জাতিলৈ অনিষ্ট অনা কাম কেনেকৈ সংস্কৃতি হ’ব পাৰে! ইমানখিনি শক্তি মানৱ কল্যাণৰ কামত খৰচ কৰিব নোৱাৰিনে? নিৰীহ অক্ষমজনক সহায় কৰাতো, তেওঁলোকক কৃত্ৰিম অংগ যোগান ধৰাতো উদ্ধৱ ভৰালীয়ে ব্ৰত হিচাপে লৈছে। কৰুণাধাৰাৰ দৰে সংস্থা বৰঙণিৰ অভাৱত চালুকীয়া হৈ আছে। এনে কামত বা এনেধৰণৰ আন কামবোৰত বৰঙণি যোগাবলৈ, শ্ৰমদান কৰিবলৈ সেই সামুহিক সময়খিনিক নিঃসন্দেহে জড়িত কৰিব পাৰি।

 

No Comments

Post A Comment