কেইজনমান বিশিষ্ট ব্যক্তিক আশ্চৰ্যচকিত হৈ আৱিষ্কাৰ কৰাৰ কাহিনী

হোমেন বৰগোহাঞি:

কেইজনমান লেখকৰ নাম বা উপাধিকেইটাই তথা সেইসমূহ উচ্চাৰণ কৰোঁতে সৃষ্টি হোৱা ধ্বনিবোৰে সৰুকালত মোৰ মনত এটা বেলেগ প্ৰভাৱ পেলাইছিল৷ যেনেঃ পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, মৌলবী মফিজুদ্দিন আহমদ হাজৰিকা, নলিনীবালা দেৱী, ……৷ ডাঙৰ সাহিত্যিকসকলৰ নামবোৰ জন্মৰ পৰাই বেলেগ হয় বুলি ধাৰণা এটা মনত লাগি ধৰিছিল৷ তেনেকুৱা উপাধিৰ মানুহ আমাৰ অঞ্চলবোৰত সমুলি নাছিল বাবেই হয়তো তেনে ধাৰণা আহিছিল৷ তাৰোপৰি, “কেচুৱাবোৰ মানুহে ঘৰলৈ ক’ৰ পৰা আনে বাৰু?” বুলি সুধিলে “বজাৰৰ পৰা আনে” বুলি ডাঙৰৰ পৰা উত্তৰ পোৱাৰ অভিজ্ঞতা নিশ্চয় সকলোৰে আছে।

বৰগোহাঞি শব্দটোত শেষৰ ঞি টোৰ উচ্চাৰণটো অলপ দীঘলীয়া হয়৷ ঞ টোত ইকাৰটো লাগি ইয়াক দেখিবলৈয়ো ধুনীয়া কৰে৷ সেইবাবে বৰগোহাঞি শব্দটোৰ প্ৰতি মোৰ তীব্ৰ আকৰ্ষণ আছিল; একদম সৰুৰে পৰা বহু ডাঙৰ হোৱালৈকে৷ বৰগোহাঞি শব্দটোৰ প্ৰতি আকৰ্ষণ থকা বাবেই তেওঁৰ লেখাৰ প্ৰতি মোৰ কোনো কৌতুহল নাছিল৷ সৰুৰে পৰা কিতাপ পঢ়াত ৰাপ আছিল যদিও তেওঁৰ কিতাপ লুটিয়াই-বগৰাই চাবলৈয়ো মোৰ বিশেষভাবে কিবা আকৰ্ষণ নাছিল৷ নামটো বা উপাধিটো ব্যতিক্ৰম যেতিয়া তেওঁ সাহিত্যিক হ’বই, তেওঁ লিখিবই; গতিকে তেওঁৰ প্ৰতি বেলেগকৈ আকৰ্ষিত হ’বলৈ কি আছে – মনত এনেকুৱা ধৰণৰ কিবা এটা ভাব আছিল৷

পঞ্চম শ্ৰেণীত থাকোঁতে এদিন আমাৰ স্কুলখনৰ কাষতে থকা বৰ-নামঘৰটোত বাৰ্ষিক সাংস্কৃতিক-সভা এখন অনুষ্ঠিত হৈছিল৷ সেইটো আছিল সৰু ল’ৰা-ছোৱালী আৰু ডেকা-গাভৰুৰ অনুষ্ঠান৷ বচকবনীয়া গীত-মাত, কবিতা আবৃত্তি, সত্ৰীয়া নৃত্য, বক্তৃতা আদি চলিছিল৷ সভাৰ মাজত কমিটিৰ ল’ৰা এজনে ঘোষণা কৰিলে যে “আমাৰ মাজত আজি উপস্থিত আছে মোৰ বন্ধু, কবি …… গোঁহাই৷ তেওঁ আমাক দুআষাৰ কোৱাৰ লগতে স্ব-ৰচিত কবিতা এটি আবৃত্তি কৰি শুনাবলৈ অনুৰোধ জনালোঁ৷” ঘোষণাটোৰ পাছতে ল’ৰাজনে কথা ক’বলৈ ঠিয় হ’ল, লাউডস্পীকাৰটোৰ সমুখত ৰৈ তেওঁ ক’বলৈ ধৰিলে— “আজি মই আচলতে কথা ক’ম বা কবিতা আবৃত্তি কৰিম বুলি ইয়ালৈ অহা নাছিলোঁ৷ মোক তেওঁ সিদিনা ক’লে যে আমাৰ সাংস্কৃতিক-সংঘৰ অনুষ্ঠান আছে, এপাক আহিবি চাবলৈ৷ মই চাবলৈহে আহিছিলোঁ, আৰু এতিয়া তেওঁ মোৰ পিনে লাউডস্পীকাৰটো আগবঢ়াই দিছে৷” এইদৰে আৰম্ভ কৰি তেওঁ কিবা ভাষণ দি লৈ নিজৰ কবিতা এটা আবৃত্তি কৰিলে৷ তেওঁ খাৰাংখাচকৈ কথা কোৱা কাৰ্যটোৱে মোৰ মনত এটা দাগ বহুৱালে৷ আৰু তেওঁৰ উপাধিটো যিহেতু গোঁহাই, গতিকে মোৰ ধাৰণাটো অধিক দৃঢ় হ’ল যে কবিতা-গল্প-সাহিত্য-কিতাপ লিখা মানুহবোৰৰ নামবোৰ বেলেগ ধৰণৰ হ’বই লাগিব৷ কাৰণ গোঁহাই উপাধিৰ মানুহো সেইদিনাই প্ৰথম দেখা পালোঁ আৰু তেওঁকো চিনাকি কৰি দিয়া হৈছে কবি বুলি৷

তেনেকুৱা দিনবোৰতে এদিন এটি সৰু ঘটনা ঘটিল৷ তেতিয়া নৱম নে দশম শ্ৰেণীত এখন দ্ৰুতপাঠ আছিল হোমেন বৰগোহাঞিৰ “কিতাপ পঢ়াৰ আনন্দ” নামৰ অকণমানি কিতাপখন৷ এদিন সৰু মাহীয়ে নিজৰ টেবুলৰ পৰা সেই কিতাপখন তুলি আনি মোক পঢ়িবলৈ দিলে – “এইখন পঢ়া তুমি, বহুত ভাল কিতাপ, ইয়াত এইবোৰ এইবোৰ কথা আছে, চোৱা৷” এই যে নৱম-দশমৰ কিতাপ এখন পঞ্চম-ষষ্ঠৰ ল’ৰা এজনৰ হাতত মাহীজনীয়ে তুলি দিলে, সেইটোৱে মোৰ গোটেই জীৱনলৈ এটা ভাল প্ৰভাৱ পেলাই থাকিব৷ মই উৎফুল্লিত হৈ কিতাপখন পঢ়িবলৈ ল’লোঁ, কিন্তু পাতনিটো পঢ়ি অপাৰ বিষ্ময়ত ৰোমাঞ্চিত হৈ কেইবাদিনো ৰৈ গ’লো বাকীখিনি পঢ়িব নোৱৰাকৈ৷ এক তীব্ৰ কৌতুহলত বাৰে বাৰে পাতনিটো পঢ়ি থাকিলোঁ, আৰু ভাবি থাকিলোঁ বহু কথা।

অতীতৰ একোটা প্ৰজন্মৰ মানুহৰ অভিজ্ঞতা আৰু আৰ্জিত জ্ঞান দূৰ ভৱিষ্যতৰ আন একোটা প্ৰজন্মলৈ লৈ আনিছে কিতাপে, যিটোৱে বিকাশ সাধন কৰিছে মানৱ-সভ্যতাৰ, কিতাপ অধ্যয়নে মানুহক সলনি কৰিছে আন সুন্দৰ ৰূপলৈ — এনেবোৰ কথাই আছে “কিতাপ পঢ়াৰ আনন্দ” নামৰ কিতাপখনত। ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ, কিতাপৰ গুৰুত্ব বুজি পাবলৈ কিতাপখন লিখা হৈছে। আৰু তাৰে সৰু পাতনিটো লিখা হৈছে তেওঁৰ শৈষৱৰ এটি অভিজ্ঞতাৰ বৰ্ণনাৰে৷

হোমেন বৰগোহাঞিৰ দেউতাক আছিল এজন অধ্যয়নশীল ব্যক্তি৷ তেওঁলোকৰ ঘৰলৈ ইজন-সিজন আহি দেউতাকৰ লগত চ’ৰাঘৰত বহি জ্ঞান-বিজ্ঞানৰ বিবিধ কথা পাতিছিল, আৰু তেতিয়া সৰুকালৰ হোমেন বৰগোহাঞিয়ে তেওঁলোকৰ পৰা কিছু দূৰত ৰৈ তেওঁলোকৰ কথাবোৰ শুনিবলৈ ধৰিছিল৷ তেনেকুৱাই আন এক পৰিৱেশ আমিও পাইছিলোঁ৷ গোঁসাই ঘৰ বুলি যিহেতু ভকত-চকত আহিয়েই থাকে, গতিকে সেইটো পৰিৱেশ কিছু বেছিকৈহে পাইছিলোঁ৷ আনকি মিটিৰ-কুতুম্বৰ ঘৰত থাকোঁতেও একেটা কাৰণতে সেইটো পৰিৱেশেই সদায় পোৱা গৈছিল৷ কিন্তু তেনেকৈ চৰ্চা হোৱা কথাবোৰ আছিল খেতি-বাটি সম্পৰ্কীয় কথা; নিৰ্বাচন, দৰমহা আদিৰ কথা; আৰু শাস্ত্ৰৰ কথা৷ সৰুতে পঁচিছ-ত্ৰিছখন সাধু-কিতাপ পঢ়িছিলোঁ, ৰাজাগোপালাচাৰীৰ ৰামায়ন-মহাভাৰতৰ অনুবাদ দুখনকে ধৰি কেইবাখনো ৰামায়ন-মহাভাৰতো ঘৰতে আছিল৷ ডাঙৰে পতা শাস্ত্ৰৰ কথাবোৰৰ আমোদ লোৱাটো অভ্যাসত পৰিণত হৈছিল৷ তেনেকৈ যে আন বিষয়ো ক’ৰবাত চৰ্চা হয় সেইটো কিতাপখনৰ পাতনিটোত পঢ়িবলৈ পাই চক খাই উঠিলোঁ – এইবিলাক কেনেকুৱা ধৰণৰ মানুহ? তাতোকৈ অধিক আশ্চৰ্যৰে আকৰ্ষিত হ’লোঁ লেখকৰ ভাষা আৰু লিখাৰ ধৰণটোৰ দ্বাৰা৷ প্ৰায়বিলাক লেখকৰে মাথোঁ এটা পেৰাগ্ৰাফ পঢ়াটোও বৰ বিৰক্তিদায়ক অভিজ্ঞতা৷ বাক্যবোৰ হয় একঘেয়ামী, নতুবা খহটা, নতুবা আন কিবা৷ কেৱল বিষয়বস্তুৰ স্বাৰ্থতহে পাঠকে সেইসমূহ পঢ়়িবলৈ বাধ্য হয়৷ কিন্তু হোমেন বৰগোহাঞিৰ প্ৰবন্ধত একোটা বাক্যই অনায়াসে পৰৱৰ্তী বাক্যটোলৈ পাঠকক লৈ যায় – পাৰ্গত নৃত্যশিল্পী এজনে অসাধাৰণ মসৃণতাৰে এটা মুদ্ৰাৰ পৰা পৰৱৰ্তী মুদ্ৰাটোলৈ হাত-ভৰি-মূৰ আৰু গোটেই শৰীৰটো লৈ যোৱাৰ দৰে৷

প্ৰত্যেক মানুহক ৫০-৬০ টা বিশেষ বিশেষ ঘটনাই গঢ়ি তোলে। সেইবোৰ বেয়া ঘটনাও হ’ব পাৰে, ভাল ঘটনাও হ’ব পাৰে। বাকী সময়বোৰ একোটা ধাৰা হিচাপে গৈ থাকে। মোক গঢ়ি তোলা আৰু আগলৈ গঢ়িব লগা মুঠতে সেই ৫০-৬০ টা বিশেষ ঘটনাৰ ভিতৰত সেই পাতনিটো পঢ়াৰ অভিজ্ঞতাটো এটা অন্যতম ঘটনা।

হীৰেন গোহাঁই:

সৰুতে কেতিয়াবা ইটো-সিটো কথাত যুক্তি দিছিলোঁ, সন্দেহ প্ৰকাশ কৰিছিলোঁ, কিন্তু সেইবোৰ আছিল মৃদু স্বৰৰ বা দুৰ্বল৷ কেতিয়াও তৰ্ক কৰিব নোৱাৰিছিলোঁ আৰু নিজৰ যুক্তিটো আনৰ ওচৰত প্ৰতিষ্ঠা কৰিব নোৱাৰিছিলোঁ, সেই ক্ষেত্ৰত মই বহু পিছপৰা আছিলোঁ৷ ফলত বহুভাগ সময়ত সত্যটো জানিও মনে মনে থাকিব লগা হৈছিল৷ আমি অহৰহ শুনি থাকোঁ যে শংকৰদেৱ ভগৱান৷ কিন্তু বাস্তৱটো বিচাৰ কৰি নোচোৱাকৈ কেৱল শাস্ত্ৰ মতে চালেও দেখা যায় যে সেইটো ভুল৷ কিন্তু কোনেও মানি নলয়৷ তেতিয়া কেতিয়াবা গোঁসাই-ভকতে কথা পাতি থাকিলে সোধো – শংকৰদেৱৰ জন্ম হৈছে কলিযুগত, কলিযুগত ভগৱানৰ অৱতাৰ কেৱল এটায়েই আছে, সেইটো হৈছে কলিযুগৰ একেবাৰে শেষৰ পিনে কল্কিৰ অৱতাৰ, শংকৰদেৱতো কল্কি নহয়, তেন্তে শংকৰদেৱ ভগৱান হয় জানোঁ? তাৰ উত্তৰ কোনেও নিদিয়ে৷ আমাক কোৱা হৈছিল যে শংকৰদেৱে চতূৰ্ভুজ মূৰ্তিও দেখুৱাইছিল৷ সেইবোৰ বিশ্বাস কৰা মানুহ আজিও আছে৷ শংকৰদেৱৰ নামত সেৱা কৰিলে ককালৰ বিষ ভাল হয়, চুবুৰীৰ সন্তানকেইটাতকৈ নিজৰ সন্তানকেইটা সদায় ওপৰ লেভেলত থাকিব পাৰে, মিটিৰ-কুতুম্বৰ চবতকৈ আগতীয়াকৈ এইটো এইটো বস্তু কিনিব পাৰি, ঘৰত চোৰ-ডকাইট নোসোমায়, পথাৰৰ ধান ভাল হয়, বছৰটোলৈ কোনো দুৰ্ঘটনা নহয় ইত্যাদিয়েই আছিল তেওঁলোকৰ মত৷ চন্দ্ৰপৃষ্ঠৰ পৰা মহাকাশেৰে অলপমান দূৰ উজাই গৈ টাৰ্নিং এটা ল’লেই ইন্দ্ৰৰ ৰাজসভা পায়গৈ বুলি তেওঁলোকে বিশ্বাস কৰে৷ চন্দ্ৰ কিয় এটুকুৰা শিল-মাটি-বালিৰ চপৰা হ’ল তাৰ ব্যাখ্যা শাস্ত্ৰত নাই৷ নৱম শ্ৰেণীত থাকোঁতে এদিন ধূলি আৰু মকৰাজালৰ মাজত সোমাই থকা পুৰণা আলোচনী এজাপ খুলি লৈ পঢ়িব পৰা অৱস্থাত কিবা আছে নেকি চাই আছিলোঁ৷ জাপ কৰি বান্ধি থোৱা অৱস্থাতে সেইবোৰ কোনোবা এটা বানপানীত ডুবিছিল; এঠাইৰ পৰা আন ঠাইলৈ ঘৰ উঠাই অনাৰ পাছত সেইবোৰ তেনেকৈয়ে বন্ধা অৱস্থাতে আছিল৷ তাৰে এখন আলোচনী মোকোলাওতেই দেখা পালোঁ – “মানুহ শংকৰদেৱ”৷ এটা প্ৰবন্ধ৷ লেখক হীৰেন গোহাঁই৷ মানুহ শংকৰদেৱ – এইটো কেনেকুৱা নাম? শিৰোনামটোৰ তাৎপৰ্য্যৰ প্ৰতি মনলৈ এটা ধাৰণা লগে লগে আহিছিলেই৷ কৌতুহলেৰে লেখাটো পঢ়িবলৈ আৰম্ভ কৰিলোঁ৷ শংকৰদেৱৰ গাৰ পৰা অতিমানৱৰ বোজা আঁতৰাই আৰু অন্ধবিশ্বাসৰ এলান্ধু গুচাই তেওঁক স্বচ্চতাৰে জ্বিলিকাই তোলা হৈছে লেখাটোত৷ লেখকজনৰ প্ৰতি আকৰ্ষিত হ’বলৈ তাৰে সৰু অংশ এটাই যথেষ্ট৷ তাৰ আগতেও হয়তো তেওঁৰ দুই-এটা প্ৰবন্ধ পঢ়িছিলোঁ, কিন্তু লেখকজনৰ নামে-প্ৰবন্ধই মনত ৰৈ যোৱা নাছিল৷ অতবছৰ মনত গুজৰি-গুমৰি থকা কথাবোৰ মানি লোৱা এচাম চিন্তাশীল মানুহৰ সম্ভেদ দিলে লেখাটোৱে৷ হীৰেন গোহাঁইয়ে লিখা শ্ৰেষ্ঠ দহটা প্ৰবন্ধৰ ভিতৰত এইটোও নিশ্চয় থাকিব৷

জুবিন গাৰ্গ:

পথেৰে চাইকেল চলাই আহি থাকোঁতে “ৰ’দ, ৰ’দ আজি কেনি পাওঁ” গীতটো হঠাতে শুনি কেনেকৈ জুবিন গাৰ্গক আৱিষ্কাৰ কৰিছিলোঁ সেই কাহিনী পূৰ্বতে লিখিছোঁ

শান্তনু কৌশিক বৰুৱা:

হাইস্কুলত থাকোঁতে আমাৰ ঘৰ পুনৰ নতুন ঠাইলৈ উঠি আহিল৷ ঘৰৰ পৰা ডেৰ কিলোমিটাৰমান দূৰত প্ৰতি সোমবাৰে এখন ডাঙৰ বজাৰ বহে৷ তেতিয়া সেইখনলৈ প্ৰায়ে যোৱা হয়৷ তাতে কেইখনমান কিতাপৰ দোকানো বহে৷ এজন বেপাৰী বৰ তজবজীয়া আছিল; ইখন-সিখন কিতাপ-বহী কিনাৰ পাছত তেওঁ চিনি পোৱা হৈ গৈছিল৷ এদিন তেওঁ মাত লগাই কিতাপ এখন দাঙি দেখুৱাই ক’লে, “ভাইটি তই এইখন লৈ যা৷ বহুত ভাল কিতাপ৷” কিতাপখন মোৰ ৰাপ থকা বিষয়ৰ, কিন্তু ওচৰলৈ গৈ দেখিলোঁ দামটো অলপ বেছি, কাৰণ আকৃতিটো ডাঙৰ, বাকী বজাৰখিনি কৰাৰ পাছত হাতত ইমান টকা নাথাকিব৷ দোকানীজনে ক’লে, “লৈ যা, পইছা অহা সপ্তাহত দিবি৷” লগতে তেওঁ লেখকজনৰ সম্পৰ্কে বহুখিনি কথা ক’লে; তাৰ আগতে মই লেখকজনক চিনি পোৱা নাছিলোঁ৷ সাপ্তাহিক বজাৰত সাধাৰণতে বাকীত বস্তু নিদিয়ে; কিন্তু ঠগিম বুলি তেওঁ ভবা নাছিল৷ কিতাপখন আনি সেইদিনাই তেওঁক পইছাটো দিলোগৈ, আৰু কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ৷ দোকানীজনে কোৱাৰ দৰেই কিতাপখনে মুগ্ধ কৰিবলৈ ধৰিলে৷ নতুন নতুন কথা, নতুন নতুন ছবি, আৰু এজন লেখকৰ প্ৰতি নতুন আকৰ্ষণ৷ তাৰ লগে লগে কিতাপখনে মোৰ এটা অভ্যাস গঢ়ি তুলিলে – তাত থকা বিষয়-বস্তু একোটাৰ লগত জড়িত নতুন সংবাদ বাতৰি-কাকতত পালে সেইখিনি কিতাপখনৰ বেটুপাতৰ কাষৰ খালি পৃষ্ঠাকেইটাত আঠা লগাই থওঁ৷ তেনেধৰণৰ আন কথাও আনি আঠা লগাওঁ৷ এটা সময়ত কিতাপখনৰ অৱস্থা নাইকীয়া হৈ পৰিল৷ এনেদৰেই কিতাপখনে নিজে নিজে তথ্য-বস্তুৰ টোকা প্ৰস্তুত কৰাৰ অনুশীলন এটাও দিলে৷ তেতিয়া বা তাৰ পাছতো কোনোদিন ভবা নাছিলোঁ যে কিতাপখনে ইমানখিনি প্ৰভাৱ আৰু মুগ্ধতা কিয় দিলে৷ সেই কথা নতুনকৈ জানিবলৈ পালোঁ আজিৰ পৰা দুবছৰ আগতে৷ তেতিয়া মোৰ “প্ৰতিভাৰ উৎস” নামৰ কিতাপখনৰ সম্পাদনাৰ কাম চলি আছিল৷ কামখিনি হোৱাট্ছএপতে হৈছিল৷ সম্পাদকে মাজে মাজে মোৰ কিতাপখনৰ এটা এটা অংশ দি কয়, “এইবোৰ কি লিখিছা মই বুজা নাই, বুজাই কোৱা মোক৷” মই গম পাওঁ তেওঁ বুজি পাইছে, তথাপি বুজাই লিখি দিওঁ৷ তাৰ পাছত কয়, “অঁ এতিয়া হৈছে, এইখন বেলেগে পঢ়িব লাগিবতো৷” কেতিয়াবা কিতাপখনত থকা বিখ্যাত ব্যক্তি একোজনৰ নামটো দি কয়, “এইজন কোন?” মই গম পাওঁ তেওঁ কিয় সুধিছে, কাৰণ সেইজনৰ বিষয়ে তেওঁ নজনাৰ কথাই নাই৷ লগে লগে কিতাপখনৰ সেই স্থানকণৰ লগত মিলাকৈ ব্যক্তিজনৰ বিষয়ে এটা বা দুটা বাক্য লিখি দিওঁ৷ তাৰ পাছতে মনতে কষ্ট পাইছোঁ বুলি ভাবি তেওঁ কয়, “হৈছে এতিয়া৷ চবকে তোমাৰ দৰে বুলি নাভাবিবাচোন৷ আনে জানিব লাগিবতো৷” তেওঁ বাৰে বাৰে কয়, “সৰল কৰিবা, সৰল কৰিবা”, “মোক অমুকে শিকাইছিল৷ তুমিও শিকি লোৱা, কামত আহিব৷” দীঘল ভাল বাক্য পঢ়া আৰু লিখা দুয়োটাতে মোৰ এটা হেঁপাহ আছে; কিন্তু সাধাৰণতে দীঘল বাক্যই মানুহক পঢ়াত কষ্ট দিয়ে৷ নিলিখিলে নহ’লেহে দীঘল বাক্য লিখা উচিত৷ পৰাপক্ষত এটা বাক্যত বিছটাতকৈ অধিক শব্দ থাকিবলৈ দিব নালাগে৷ বিছটা শব্দও কম সংখ্যক বাক্যতহে থাকিব লাগে৷ কষ্ট কৰি কৰি বাক্য একোটা সাজোঁ, তাকো তেওঁ সলাবলৈ কয়, বাক্যটোৰ প্ৰতি মোহান্ধত মই মানি ল’বলৈ টান পাওঁ, তেওঁ পুনৰ কয় ঠিক কৰিবলৈ৷ মোৰ দীঘল বাক্য লিখাৰ অভ্যাস দূৰ কৰিবলৈ তেওঁ ওপৰৰ পদ্ধতিৰেই ভালেখিনি চেষ্টা কৰিলে৷ এয়া প্ৰৱীণ অভিজ্ঞ এজনে নতুন এজনক শিক্ষা দিয়াৰ উদাহৰণ৷ এই গোটেই অভিজ্ঞতাটোৰ পাছত কথাবোৰ মই ভাবি চালোঁ, মনত কিছুমান কথাই টুকুৰিয়াবলৈ ধৰিলে, কাৰণ সেই লেখকজন আৰু এই সম্পাদকজন একেজনেই মানুহ – শান্তনু কৌশিক বৰুৱা৷ তেওঁ হ’ল এজন তথ্যৰ মানুহ (যিটো কথা কৈ তেওঁ নিজেও বহুত ভাল পায়)৷ তেওঁ গল্প নিলিখে, উপন্যাস নিলিখে, প্ৰবন্ধ বুলি ক’লে সচৰাচৰ যি বুজা যায় তেনেকুৱা প্ৰবন্ধও তেওঁ নিলিখে, তেওঁ লিখে তথ্য৷ তেন্তে ভাষাটো ইমান সুক্ষ্মভাৱে তেওঁ আয়ত্ব কৰিছে কিয়? এই যে তেওঁৰ জনপ্ৰিয়তা আৰু তেওঁৰ লিখাখিনিৰ প্ৰভাৱ, তাৰ এটা অন্যতম কাৰণ হ’ল ভাষাটো৷ কেনেকুৱা ভাষাৰে তথ্য দিয়া হৈছে? সাধাৰণতে তথ্য বুলি ক’লে ভাষাৰ কথাটো ভবা নাযায়, কিন্তু সেইটোও অতিকে প্ৰয়োজন৷ যিটোৰ বাবেও তেওঁ ব্যতিক্ৰম৷ সেই কিতাপখনে প্ৰভাৱ পেলোৱাৰ আৰু মুগ্ধ কৰাৰ এইটোও অন্যতম কাৰণ৷ গদ্যৰ সম্পৰ্কে পূৰ্বতে ভালেকেইটা প্ৰবন্ধ পঢ়িছোঁ, হোমেন বৰগোহাঞিয়েও লিখিছে কেইবাটাও তেনে প্ৰবন্ধ৷ শান্তনু কৌশিক বৰুৱাই আত্মজীৱনী লিখিলে তেওঁ কেনেকৈ এনেকুৱা কথাবোৰ আয়ত্ব কৰিছিল সেইবোৰ কাহিনীও লিখিবলৈ অনুৰোধ জনালোঁ৷ সেইবোৰে বহুতক শিক্ষা দিব৷ যি কি নহওক, তেওঁক মই আৱিষ্কাৰ কৰা সেই কিতাপখন আছিল “বিজ্ঞানৰ কি কিয় কেনেকৈ কোন আৰু কেতিয়া”৷ তেওঁৰ “নতুন জানানে” নামৰ কিতাপখনে প্ৰথম প্ৰভাৱ পেলোৱাৰ কথা বহুতে কৈ থকা দেখা পাওঁ, সেইখনৰ লগত তেওঁলোকৰ এটা আৱেগিক সংযোগ আছে৷ মোৰ ক্ষেত্ৰত তেওঁৰ তেনেকুৱা কিতাপখন হ’ল “বিজ্ঞানৰ কি কিয় কেনেকৈ কোন আৰু কেতিয়া”৷ এইবাৰ তেওঁৰ “ভূগোলৰ কি কিয় কেনেকৈ কোন আৰু কেতিয়া” নামৰ কিতাপখন প্ৰকাশ পাইছে৷ সেইখন সিদিনা দেখা পোৱাৰ লগে লগে সেই পুৰণা কিতাপখন পুনৰ দেখা পোৱা দৰে ভাৱ এটা মনেৰে পাৰ হৈ গ’ল৷

প্ৰণৱ কুমাৰ বৰ্মন:

একোজন লেখকৰ দক্ষতাৰ পৰিচয় পাবলৈ কেতিয়াবা দুটা বাক্যই যথেষ্ট৷ কেতিয়াবা মাথোঁ এটা পেৰাগ্ৰাফ, এটা কবিতা, এটা গল্প, বা এখন কিতাপৰ এটা মাথোঁ পৃষ্ঠা পঢ়োতেই গম পোৱা যায় এইজন সাধাৰণ লেখক নহয়৷ কলেজত থাকোঁতে এবাৰ এনিশাৰ বাবে ঘৰলৈ আহি ঘৰত জমা হৈ থকা শেহতীয়া কাকত-আলোচনীখিনি মোকোলাই ল’লোঁ৷ আগৰ সংখ্যাৰ “সাদিন”খনত এটা কবিতা আছে – “সীতাৰ বলাৎকাৰ”, লিখিছে কোনোবা প্ৰণৱ কুমাৰ বৰ্মনে৷ সেই সময়ত নাৰী নিৰ্যাতনৰ কেইটামান ঘটনাই গোটেই অসম জোকাৰি গৈছিল৷ কবিতাটো পঢ়ি মই কবিজনৰ বিষয়ে জানিবলৈ উদ্বাউল হৈ পৰিলোঁ৷ সেয়া ফেচবুক-হোৱাট্ছএপৰ যুগ নহয়৷ পিছদিনা কলেজলৈ গৈ সাহিত্যানুৰাগী কেইবাজনকো সুধিবলৈ ধৰিলোঁ৷ এইজন কোন? প্ৰণৱ কুমাৰ বৰ্মন কোন? তেওঁ আৰু কি লিখে? কিমান বয়সৰ মানুহ তেওঁ? কেইজনমানে অলপ অলপ জানে, সেয়া আছিল প্ৰণৱ কুমাৰ বৰ্মনৰ আৰম্ভণিৰ সময়, ভালকৈ জনা এজনে তেওঁৰ কেইটামান কবিতাৰ নাম কৈ তেওঁৰ বিষয়ে জনালে৷

প্ৰণৱ কুমাৰ বৰ্মনৰ সমসাময়িকভাৱে আমি পৰিচিত হৈছিলোঁ কমল কুমাৰ মেধিৰ সৈতেও৷ ওপৰত উল্লেখ কৰা চাৰিওজন ব্যক্তি যেনেকৈ বিশাল পৰিসৰত ব্যাপ্ত হৈ আছে তাৰ তুলনাত নৱীন ৰূপে এওঁলোক দুজনৰ অবদান তেনেই সীমিত; কিন্তু কবি হিচাপে এটা পৃথক কাৰণত এওঁলোক দুজনে সমসাময়িক আন বহু কবিতকৈ অধিক আকৰ্ষণ কৰে৷ কাৰণটো হ’ল ভূমি স্পৰ্শ কৰি মানুহৰ মাজত থাকি তেওঁলোকে মানুহক নেতৃত্ব দিব পৰাৰ সম্ভাৱনা৷ সেয়া হ’ব পাৰে সমাজ-সাংস্কৃতিক দিশত বা ৰাজনৈতিক দিশত৷ সম্ভাৱনা হয়তো হেৰাই যাব পাৰে, কিন্তু সেই সম্ভাৱনাই কবি দুজনৰ প্ৰতি আগ্ৰহী কৰি ৰাখে৷

~*~

আশ্চৰ্যচকিত হৈ আৱিষ্কাৰ কৰা ব্যক্তি এই পাঁছোজনেই৷ সময়, পৰিস্থিতি আৰু বয়স মিলা হ’লে আন বহুকেইজনৰ সৃষ্টিয়ে এনেকৈয়ে আশ্চৰ্যচকিত কৰিলেহেঁতেন৷ উদাহৰণস্বৰূপে, সৌৰভ কুমাৰ চলিহাৰ যিটো লেখা প্ৰথম পঢ়িছিলোঁ সেইটো আছিল “পুৰণি লেখা”৷ কিন্তু তাৰ পূৰ্বে তেওঁৰ বিষয়ে বহুবাৰ বহুখিনি কথা পঢ়িবলৈ পাইছিলোঁ; নহ’লে সেইবাৰো চক খাই তেওঁক বিচাৰি ফুৰিলোঁহেঁতেন৷

প্ৰায় আঠ বছৰ “গৰীয়সী”ৰ নিয়মীয়া পাঠক আছিলোঁ৷ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ বিয়োগৰ পাছত গৰীয়সীখন পাছলৈ পালমৰা “গৱেষণা”-পত্ৰৰ পত্ৰিকা যেন লগা হ’ল, সেইবাবে পঢ়া বাদ দিলোঁ, অৱশ্যে তাৰফলত তাৰ মাজতে থকা বহু ভাল ভাল লেখাও নপঢ়াকৈ থাকি গ’ল৷ তিনিবছৰমান আগতে ফেচবুকতে প্ৰঞ্জল শৰ্মা বশিষ্ঠৰ কেইটিমান সমালোচনামূলক প্ৰবন্ধ পঢ়িবলৈ পালোঁ, সেইদিনা প্ৰথমবাৰৰ বাবে পঢ়িবলৈ পাইছিলোঁ তেওঁৰ তেনেকুৱা লেখা৷ লেখাকেইটাই গৰীয়সী পঢ়াৰ পুৰণা দিনবোৰলৈ মনটো লৈ গৈছিল৷ বহু বছৰৰ আগত হোৱা হ’লে সেই লেখাকেইটাইয়ো একেদৰেই আচৰিত কৰি তুলিলেহেঁতেন৷

তেনেকৈ নিৰুপমা বৰগোহাঞিৰ গল্পটো আছিল “ডাক্টৰৰ চেম্বাৰত”৷

কেৱল প্ৰতিষ্ঠিত ব্যক্তিয়েই নহয়, একেবাৰে কম বয়সীয়া নতুনৰ একেবাৰে নতুন একোটা লেখা বা সৃষ্টিয়েও তেওঁলোকৰ প্ৰতি তীব্ৰভাবে আকৰ্ষিত কৰাৰ উদাহৰণ আছে৷ তাৰে কিছুমানে চৰ্চা চলাই যায়, আৰু আন কিছুমানে প্ৰেৰণা বা পৰিৱেশ নাইপোৱা বুলি বাদ দি দিয়ে৷ কোনোবাই বৃত্তিগত কাৰণত এৰো বুলিও এৰি দিয়ে৷ কিন্তু বছৰত অন্ততঃ এটা বা দুটা সৃষ্টি এইসকলেও অনায়াসে কৰিব পাৰে৷ আৰু পাছত, তেওঁলোকৰ অজ্ঞাতেই ক’ৰবাত কোনোবাই আশ্চৰ্যচকিত হৈ তেওঁলোক কোন বুলি বিচাৰি ফুৰিবও পাৰে!!

7 Comments
  • পৰাগজ্যোতি মহন্ত
    Posted at 23:14h, 09 November Reply

    ভাল পালো বহুত

  • উত্তম
    Posted at 09:54h, 10 November Reply

    আনন্দিত হ’লো পঢ়ি।

  • Prabin Das
    Posted at 16:58h, 10 November Reply

    লিখনিৰ শিৰোনাম পঢ়ি আশ্চৰ্যচকিত হলোঁ। পঢ়ি কিন্তু ভালেই পালোঁ।

  • Sohidur Rahman
    Posted at 07:17h, 03 March Reply

    এই কথাবিলাক পঢ়ি খুবেই ভাল লাগিছে গতিকে এই কথা‌বিলাক আকৌ এবাৰ নতুনকৈ বানোওক মহোদয়। ইতি তোমাৰ সহিদুৰ ৰহমান
    । ধন্যবাদ মহোদয় ।

Post A Comment