এগৰাকী সাধাৰণ মানুহ ৰূপে আপুনি সুখী হোৱাৰ ১৭ টা উপায়

১) আনৰ পৰা একো আশা নকৰিব৷

২) আপুনি যিখিনি পাইছে সেইখিনি লৈ আনন্দ কৰক৷

৩) নিজৰ মনটোত এখন সুখৰ ঘৰ সাজক৷ সকলো ভাগি-ছিগি গ’লেও সেইখন ঘৰ কোনেও ভাঙিব নোৱাৰে৷ বাহিৰৰ কোনো শক্তিয়ে সেইখন ঘৰ একোৱেই কৰিব নোৱাৰে৷

৪) গুণগুণাই গান গাওক৷ প্ৰতিদিনে আপোনাৰ গা-ধোৱা ঘৰটো আপোনাৰ তালফাল সংগীত সাধনাৰ গৃহ ৰূপে ব্যৱহাৰ কৰক৷ আপুনি নাভাবিব যে আপোনাৰ বয়স বহুত হ’ল গতিকে আপুনি গান গুণগুণোৱাটো বেয়া কথা৷ গান গুণগুণোৱাহে ভাল কথা৷

৫) মাজে মাজে আপোনাৰ এনেকুৱা ভাৱ হয় নেকি যে আপোনাৰ চাৰিওপিনে থকা সকলো মানুহ আপোনাৰে শত্ৰু? যদি তেনেকুৱা ভাৱ হয়, তেন্তে নিজক এজন বিচক্ষণ চোৰাংচোৱা বিষয়া বুলি ভাবি লওক৷ এজন চোৰাংচোৱাই শত্ৰুৰ সম্পৰ্কে যিমানখিনি কথা জানে, সিমানখিনি আন কোনেও নাজানে৷ গতিকে কোনো শত্ৰুৱে আপোনাক একো কৰিব নোৱাৰে৷ এজন চোৰাংচোৱা বিষয়াৰ যিমান শত্ৰু সিমানবোৰ শত্ৰু আপোনাৰ আছে জানোঁ??

৬) আপুনি এজন যোদ্ধা৷ গতিকে আপুনি বিৰক্ত নহ’ব, মনলৈ অশান্তি আহিবলৈ নিদিব৷ কোনো যোদ্ধায়েই বিৰক্ত নহয়, কোনো যোদ্ধায়েই মনত কোনো অশান্তি নাৰাখে, তেওঁলোকে মাথোঁ তীক্ষ্ণ দৃষ্টি ৰাখি যুঁজ কৰে৷

৭) আপুনি অকলসৰে থকা সময়বোৰত খঙাল মুদত নাথাকিব৷ কোনোবাই আপোনাক বেয়া ব্যৱহাৰ কৰিছে, সেইবোৰ কথা একান্ত অকলশৰীয়া সময়বোৰত পুনঃপুনঃ ভাবি নাথাকিব৷ কাৰণ সেই সময়খিনি একান্ত আপোনাৰ সময়, আন মানুহৰ বেয়াবোৰ সেইখিনি সময়ত মনলৈ আনি নিজৰ সময়কণ নষ্ট নকৰিব৷ আপুনি হাঁহিমুখীয়া হৈ থাকক৷

৮) প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰক৷ কিমান সুন্দৰকৈ ফুলপাহ ফুলিবলৈ আৰম্ভ কৰিছে সেয়া চাই ৰওক আনন্দ মনেৰে৷ ধনী বা বিখ্যাত মানুহৰ চোলাৰ জেপৰ ওপৰত ওলাই থকা প্লাষ্টিকৰ মৰা ফুলবোৰলৈ চাই থকাৰ পৰিৱৰ্তে গছবোৰত ওলাই থকা প্ৰাকৃতিক জীয়া ফুলবোৰলৈ চাওক৷ যদিহে সমুখত ফুল নাই, তেন্তে এজোপা ৰুই লওক৷

৯) কথাবোৰ মনৰ পৰা উলিয়াই দিয়ক৷ প্ৰতি দিনে চেষ্টা কৰক৷ চকুহাল মুদি লৈ এপাহ ফুল কল্পনা কৰক, আৰু ফুলপাহৰ বাহিৰে মনলৈ একো কথাই নানিবলৈ চেষ্টা কৰক৷ প্ৰতিদিনে মাথোঁ পাঁছ মিনিট কৰক৷ প্ৰথমে আপোনাৰ এনেকুৱা লাগিব যেন এইটো কাম কৰোঁতে আপোনাৰ বহু সময় নষ্ট হ’ব৷ কিন্তু মাথোঁ পাঁছ মিনিট কৰক, সেই পাঁচ মিনিটত মনলৈ একো কথায়েই নানিবলৈ প্ৰবল চেষ্টা কৰক৷

১০) কৰি থকা সৰু কামটোও উপভোগ কৰক৷ সেইটো এটা খেল বুলি ভাবক৷

১১) প্ৰতিজন তেজ-মঙহৰ মানুহেই স্বতন্ত্ৰ৷ নিজৰ স্বাৰ্থত বা নিজৰ আকাংক্ষা পূৰণৰ বাবে কাকো নিৰ্জীৱ পুতলাৰ দৰে গঢ়িবলৈ নিবিচাৰিব; আনকি নিজৰ আপোনজনকো নিবিচাৰিব৷ নহ’লে সেই কাৰ্য্যই পিছত আপোনাৰ নিজৰে অশান্তি বৃদ্ধি কৰিব৷ আপুনি নিজেও এজন স্বতন্ত্ৰ মানুহ; আনৰ অৱজ্ঞাই আপোনাৰ মনৰ ভিতৰৰ আপুনিজনক প্ৰভাৱিত কৰিবলৈ নিদিব৷

১২) আপোনাক প্ৰতিদিনে যিমানখিনি টোপনি প্ৰয়োজন সিমানখিনি শোৱক৷ কাৰোবাক ৬ ঘণ্টা লাগিব পাৰে, কাৰোবাক ৭ ঘণ্টা লাগিব পাৰে৷ টোপনি পুৰ হোৱাৰ পাছতো সাৰ পোৱাৰ সময়ত বৰ ভাগৰুৱা যেন লাগিলে মুখেৰে ডাঙৰ শব্দ কৰি নেথনি-কেঁকনি মাৰি এঙামুৰি দিয়ক৷ হাত-ভৰি কোঁচাই-মেৰিয়াই-মহতীয়াই বাগৰ সলাওক কেঁচুৱাৰ দৰে; মিচিকীয়া হাঁহি এটাও মাৰি দিয়ক৷ এই সামান্য কামটোৱেই আপোনাক দিনটোলৈ মনে-প্ৰাণে শক্তিমন্ত কৰি ৰাখিবও পাৰে৷ যদিহে আপুনি টোপনি যাব পৰা নাই, শৱাসন কৰক৷ বহুসময়ত শৱসনে আপোনাক টোপনিতকৈয়ো গভীৰ প্ৰশান্তি দিব৷

১৩) ২ নম্বৰৰ কথাখিনি আকৌ পঢ়ক৷ আপোনাৰ চাৰিওপিনে অপৰ্যাপ্ত বস্তু আছে, সম্পদ আছে, প্ৰকৃতি আছে, তাৰোপৰি আছে বিশাল সম্ভাৱনা৷ সেইখিনি মনেৰে উপভোগ কৰিহে বাকী যুঁজখনত জপিয়াই পৰক৷

১৪) আপুনি নাভাবিব যে গোটেই পৃথিৱীত কেৱল আপুনিহে যুঁজাৰু৷

১৫) গোমোঠাসকলৰ প্ৰতি আপোনাৰ মনত সোমাই থকা খংবোৰ এৰি দিয়ক৷ অজীণ-পাতকী আৰু পৰশ্ৰীকাতৰবোৰক মনতে ক্ষমা কৰি দিয়ক৷ তেওঁলোকক একো নক’বও, তেওঁলোকৰ কথা নাভাবিবও৷

১৬) স্বাস্থ্যৰ যত্ন লওক৷ লোকৰ বাবে নহয়, নিজৰ বাবেই নিজৰ যত্ন লওক৷ অকলে থাকোঁতেও নিজকে সুন্দৰকৈ আটোম-টোকাৰিকৈ সজাই ৰাখক৷

১৭) ওপৰৰ ষোল্লটা কথা আকৌ এবাৰ পঢ়ক৷

1 Comment
  • Chandita Bordoloi
    Posted at 01:48h, 05 June Reply

    মনটো খুবেই এক শান্তি আৰু সুখী অনুভৱ কৰিছো । আন্তৰিক ধন্যবাদ জনালো ❤️

Post A Comment