হাবিখনৰ কাষৰ মাংসবোৰ [সাধু]

বহু দূৰৰ পৰা কেইবাঘৰো মানুহ উঠি আহি এখন নদীৰ পাৰত নতুনকৈ গাওঁ পাতিলে৷ আন আন ঠাইৰ পৰাও ইঘৰ-সিঘৰকৈ মানুহ আহি তাতে নতুনকৈ ঘৰ সাজিবলৈ ধৰিলে৷ এখন-দুখনকৈ কেইবাখনো নতুন গাওঁ হ’ল৷ আকাল-ভঁৰাল একো নথকাকৈ সুখে-শান্তিৰে চবৰে জীৱন পাৰ হৈ গৈ থাকিল৷

কিন্তু লাহে লাহে ইখন-সিখন গাওঁত ইটো-সিটো ফৈদ সৃষ্টি হ’বলৈ ধৰিলে৷ তেনেকৈয়ে এদিন নিশা গোটেই গাওঁবোৰত ঘৰে ঘৰে জুই লাগিল৷ ইজনে সিজনক আক্ৰমণ কৰিবলৈ ধৰিলে৷ আনৰ আঘাতত বহু মানুহ মৰিল৷ ঘৰৰ ভিতৰত জুইৰ মাজতে কিছুমানৰ মৃত্যু হ’ল৷ কিছুমান লৰি-ঢাপলি ক’লৈ গ’ল কোনেও গম নাপালে৷

অকণমানি ল’ৰা এটাই জুইৰ তলে তলে সৰকি সৰু হাত-নাওঁ এখনত উঠিলগৈ৷ সি যেনেতেনে নাওঁখন বাই নদীখনৰ সিপাৰ পালেগৈ৷ নদীখনৰ সিপাৰে গাতে লাগি আছে এখন অৰণ্য৷ অৰণ্যখনৰ বহু ৰহস্য-কাহিনী সি শুনিবলৈ পাইছিল৷ অকণমানি ল’ৰাটোৰ অকলে অকলে ভয় লাগিল৷ তথাপি সি মানুহৰ পৰা আঁৰ হ’বলৈ উপায় নাপাই হাবিখনৰ মাজলৈ সোমাই গ’ল৷ আন্ধাৰত বেছি দূৰলৈ নগৈ সি শুই পৰিল৷

ৰাতিটো হাবিখনত একো নোহোৱাত ল’ৰাটোৱে সাহস পালে৷ মানুহৰ পৰা আঁতৰিবলৈ বুলি সি হাবিখনৰ ভিতৰলৈ সোমাই গৈ থাকিল৷ গৈ গৈ কেতিয়াও শেষ নোহোৱা যেন এখন হাবি৷ দুপৰীয়াভাগত সি এটা বাঘৰ মুখামুখি হ’ল৷ ৰাতিপুৱাৰ পৰা সি ডালে ডালে আৰু হাবিৰ ওপৰে ওপৰে উৰি ফুৰা পখীবোৰহে দেখিছিল৷ হাবিখনত আন জীৱ নাই বুলিয়েই সি ভাবিছিল৷ বাঘটো দেখি সি ভয় খাই গছ এজোপালৈ উঠি গ’ল৷ তেনেতে বাঘটোৱে মাত দিলে, “তুমি গছত উঠিব নালাগে৷ মই তোমাক নাখাওঁ৷ মইয়ো গছত উঠিব জানোঁ৷” এই বুলি বাঘটোও গছ জোপালৈ উঠিল৷ ল’ৰাটোৱে ভয়ত কঁপিবলৈ ধৰিলে৷ বাঘটোৱে ল’ৰাটোৰ কান্ধলৈ ভৰি এখন আগবঢ়াই দিলে৷ ভৰিখনেৰে তাৰ কান্ধত আলফুলকৈ স্পৰ্শ কৰি বাঘটোৱে ক’লে, “আচলতে ইয়াত কোনেও কাকো নাখায়৷ এইখন অৰণ্যৰ ভিতৰত থাকিলে কাৰোৰে ভোক নালাগে৷ ইয়াৰ বায়ুৱেই সকলোকে সম্পূৰ্ণ সতেজ কৰি ৰাখে৷”

ল’ৰাটো আচৰিত হ’ল৷ তাৰ ভয় কমি আহিল৷ সি আচৰিত হোৱা ভাৱটো বুজিব পাৰি বাঘটোৱে ক’লে, “তুমিতো ৰাতিপুৱাৰ পৰা ঘূৰি ফুৰিছা৷ কালিয়েই কিবা খাইছিলা চাগে তুমি; তেতিয়াৰ পৰাতো একো খোৱা নাই৷ ভাবাচোন, তোমাৰ ভোক লাগিছে জানোঁ? আৰু তুমি ভাগৰুৱা যেন পাইছা জানো নিজকে?”

ল’ৰাটোৱে বুজিলে, হয় কথাটো৷ তাৰ ভোকো লগা নাই, ভাগৰো লগা নাই৷ একদম একেই আছে সি৷ সি আৰু এটা কথাত আচৰিত হৈ বাঘটোক সুধিলে, “মই কালিৰ পৰা একো খোৱা নাই বুলি তুমি কেনেকৈ জানিলা? আৰু অথনিৰ পৰা ঘূৰি আছোঁ বুলিনো কেনেকৈ জানিলা?”

বাঘটোৱে ক’লে, “মই তোমাক কালি হাবিলৈ সোমাই অহোঁতেই দেখিলোঁ৷ তুমি কিনো কৰা গম লওঁ বুলিহে ইমান পৰলৈকে দূৰে দূৰে গছৰ আঁৰে আঁৰে চাই আছিলোঁ৷” বাঘটোৱে ল’ৰাটোৰ লগত কথা পাতি থকা দেখি তিনিটা ভাটৌ আহি ওচৰৰ ডালটোত পৰিলহি৷ সিহঁতেও কথাৰ ভাগ ল’বলৈ ধৰিলে৷

সেইদিনাই ল’ৰাটোৱে আন বহুতো পশু-পখীৰ লগত মিলিত হ’ল৷

মিলাপ্ৰীতিৰে সিহঁতৰ জীৱন চলি যাবলৈ ধৰিলে৷

ল’ৰাটোৱে হাবিৰ মাজতে বিচৰণ কৰি ফুৰোঁতেই এদিন আন এটা ল’ৰাৰ মুখামুখি হ’ল৷ সিও সেইদিনা তাৰ দৰেই পলাই আহি আন এফালেদি হাবিত সোমাইছিল৷ একেদৰেই সিও হাবিখনতে বাস কৰি আছিল৷ এটাই আনটোক লগ পাই, দুয়োটাই বহুত আনন্দ পালে৷

আৰু কোনোবা মানুহো হাবিখনত থাকিব পাৰে বুলি আটাইয়ে ধাৰণা কৰিলে৷ কিন্তু ইমান ডাঙৰ আৰু ডাঠ হাবিখনত কাৰোবাক বিচৰাটো বহু টান কাম৷ গতিকে কেতিয়াবা কাৰোবাক লগ পালে পাব, নাপালে নাই বুলি সিহঁত চবেই আগৰ দৰেই হাবিখনত জীৱন কটাবলৈ ধৰিলে৷ এটি এটি ধুনীয়া জীৱন৷ সুখৰ জীৱন৷ হেঁপাহৰ জীৱন৷

এবাৰ চাৰিদিনমান গ’ল, প্ৰথমটো ল’ৰাৰ খা-খবৰ নাইকীয়া হ’ল৷ সিহঁত ল’ৰা দুটা, পশু-পখী চবেই নিজৰ নিজৰ মতে হাবিখনৰে অ’লৈ ত’লৈ গৈ থাকে৷ কিন্তু এদিন বা দুদিনৰ মূৰত পুনৰ লগ পায়েই৷ সদায় থকা স্থানটোলৈ চবেই উভটি আহে৷ কেতিয়াবা নিজৰ স্থানৰ পৰা দূৰণিৰ বেলেগ স্থানৰ পশু বা পখী এটাও আলহি নিচিনাকৈ লৈ আহে৷ দুদিন থাকি সিহঁতো আকৌ নিজৰ পুৰণা লগবোৰৰ স্থানলৈ গুচি যায়৷ কিন্তু চাৰিদিন ধৰি ল’ৰাটোৰ দেখা-সাক্ষাৎ নোহোৱাত কেইবাটাৰো চিন্তা হ’ল৷

প্ৰথম দিনা লগ পোৱা বাঘটো, দ্বিতীয়টো ল’ৰা, ভাটৌ দুটা, শগুণ এটা, শিয়াল এটা, অজগৰ দুটা, ধনেশ চাৰিটা, এনেকৈ বহুকেইটাই মিলি কথাটো আলোচনা কৰাত লাগিল৷ দুপৰীয়া সময়টো ভালকৈ পাৰ হোৱাই নাই, তেনে সময়তে সিহঁতে আলোচনা কৰি থাকোঁতেই মুখত আনন্দৰ হাঁহি এটা লৈ ল’ৰাটো সিহঁতৰ ওচৰ পালেহি৷ তাৰ মুখৰ হাঁহি দেখি আটাইয়ে শান্তি পালে৷ সিহঁতে নিজে নিজেই বুজিলে যে একো বিপদত পৰা নাছিল সি৷ এটাই ল’ৰাটোক সুধিলে, “এইকেইদিন ক’ত আছিলা?”

ল’ৰাটোৱে বিৰাট উল্লাসেৰে ক’লে, “ক’ত থকাটো বাদ দিয়া৷ সেয়া পিছত জানিবা৷ একদম ধুনীয়া মাংস দেখি আহিছোঁ মই৷ ব’লা, সদায় নো একো নোখোৱাকৈ কিমান শক্তিবান হৈ থাকিবা? কেতিয়াবা খাবও লাগে৷ অন্ততঃ জিভাখনক সুখ দিব লাগে৷ ব’লা চব যাওঁ৷ কি ধুনীয়া গোন্ধ!!! খাই আহোঁ ব’লা৷ বহুত মাংস!”

তাৰ কথা শুনি বাঘটোৰ লোভ লাগিল৷ সি ভাবিলে, “হয় তো! কিমান দিন একো খোৱা নাই! কিমান যে ভাল লাগিব, জিভাৰ তৃপ্তি লৈ, চোবাই চোবাই গিলি! কিমান যে সুখ!! যাওঁ সঁচাকৈ, আজি মাংস খাই আহোঁ৷” বাঘটোৰ চকুৰ আগত কেঁচা তেজৰ উম থকা এসোপা মাংস ভাঁহি আহিবলৈ ধৰিলে৷ লোভত সি যে ঠিৰেৰে থাকিব নোৱৰা হ’ল৷

ভাটৌ এটাৰো লোভ লাগিল৷ “কোনোদিন মই মাংস নাইখোৱা, তাতে কি হ’ল? ইমান দিন একো নোখোৱাৰ পাছত আজি কিজানি মাংস খাব পাৰোঁৱেই! যাওঁ মইয়ো, খাই আহোঁ৷” সি ভাবিলে৷

আনটো ভাটৌৰ অলপ খং উঠিল৷ “সদায় একো নাখালেই চলি আছে৷ এনেই খাবগৈ লাগে কিয়? কিমান জীয়া পোক নষ্ট হৈছে, মাংসৰ নামত৷ তথাপি গৈ চাব পাৰি৷ মইয়ো খাই দিম আজি মাংস, গৈ চাওঁচোন৷” সি ভাবিলে৷

ধনেশ এটাই জন্মৰ পৰাই একো খাই পোৱা নাছিল৷ মাংস কি বস্তু সি বুজি পোৱা নাই৷ আটাইৰে মুখলৈ সি ঘূৰি ঘূৰি চাই আছে৷ চবৰে মুখৰ বিচিত্ৰ ভাৱ দেখি সি একো ক’বলৈ সুবিধা পোৱাই নাই৷

শগুণটো শান্তিত থাকিব নোৱাৰি উৎসাহেৰে মাত দিলে, “ব’লাহঁত সোনকালে৷ ই ক’লৈ নিয়ে! যাওঁ ব’লা, মাংস খাই আহোঁ৷” সি অতীজতেই মাংস খোৱা, কোনদিনা শেষবাৰ খাইছিল যেন মনতেই নপৰিব তাৰ৷ মৰি গেলি থকা গৰু এটাৰ মাংসৰ গোন্ধ মনলৈ আহি তাক আমনি কৰিবলৈ ধৰিলে৷

শিয়ালটোৱে ক’লে, “উঠা উঠা৷ মাংস বুলি ক’লে কোন ৰ’ব পাৰে! যাওঁ পটাপট৷”

আনটো ল’ৰাই মাংস বুলি শুনাৰে পৰা গাঁৱৰ পুৰণা মানুহবোৰলৈ মনত পৰিবলৈ ধৰিলে৷ জুইত জীয়াই জীয়াই পোৰা মানুহৰ মাংসৰ গোন্ধ তাৰ নাকত লাগিল৷ তাৰ সন্দেহ হ’ল৷ ল’ৰাটোৱে সিহঁত চবকে ক’ৰবালৈ বুদ্ধিৰে নি জীয়াই জীয়াই পুৰিব খুজিছে নেকি? সি কৈছিলহি যে বহুত মাংস সি দেখি আহিছে৷ কিজানি চবকে পুৰি পেলাব সি, আৰু প্ৰত্যেকেই জীয়াই জীয়াই নিজৰ পোৰা মাংসকে নিজে দেখিবলৈ পাব! ল’ৰাটোক তাৰ আক্ৰমণ কৰিবলৈ মন গ’ল৷ ইমান চক্ৰান্ত কৰিব বুলি সি আগতে ভাবিব পৰা নাছিল৷ এতিয়া কি কৰোঁ, কি নকৰোঁ সি ঠিক কৰিব পৰা নাই৷ উপায় নাপায় সিও অতি সাৱধান খোজেৰে চবৰে লগতে গৈ থকাৰ সিদ্ধান্ত ল’লে৷

আটায়ে যাত্ৰা কৰিলে৷ ল’ৰাটোৱে বাট দেখুৱাই লৈ গ’ল৷ সি ক’লে, “এইফালে বেছি দূৰেই নহয়৷ আমি আগতে কোনেও দেখা নাছিলোঁ ঠাইকণ৷ অলপ সময় গৈয়েই পাই যাম৷”

গৈ গৈ সিহঁতে হাবিখনৰ এটা কাষ পালেগৈ৷ শাৰী শাৰীকৈ অজস্ৰ পিকনিক পাৰ্টি৷ আলেখ-লেখ চাবলৈ সিহঁতে হাবিখনৰ অকণমান ভিতৰতে ৰ’ল৷ ডাঙৰ ডাঙৰ কেৰাহীত ৰন্ধা মাংস আৰু মচলাৰ গোন্ধত ল’ৰাটোৰ মন মতলীয়া হৈ পৰিল৷ কিমান দিন সেই পূৰণি চিনাকি ধুনীয়া গোন্ধবোৰ পোৱা নাছিল সি৷ কিমান যে খাব আজি সি!!

গোন্ধটো নাকত লগাৰ লগে লগে বাঘৰ বমি আহোঁ আহোঁ হ’ল৷ ইমান পৰে কেঁচা তেজৰ সোৱাদ ল’বলৈ মতলীয়া হৈ থকা বাঘটোৰ খং উঠিবলৈ ধৰিলে৷ ল’ৰাটোৱে মানুহ হিচাপে যে ৰন্ধা মাংসৰ কথাহে কৈছিল, সেইটো কথা বাঘটোৰ মনলৈ অহাই নাছিল৷ মাংস খাম বুলি কোৱাৰ লগে লগে কেঁচা উম থকা মাংসৰ কথাহে তাৰ মনলৈ আহিছিল৷ নিজকে প্ৰতাৰিত অনুভৱ কৰি খঙত তাৰ মূৰটো ফাটো ফাটো কৰিলে৷

গোটেই জগত প্ৰলয়ত শেষ হৈ যোৱাৰ দৰে শগুণটোৰ মনটো বিষণ্ণ হৈ পৰিল৷ সি কিমান যে সপোন দেখি আহিছিল! কেইবাদিন পূৰ্বে গেলিবলৈ ধৰা মাংসৰ গোন্ধ এটা তাৰ মনলৈ আহি কিমান যে মতলীয়া কৰি ৰাখিছিল তাক অতপৰ! কিমান যে সি আশা কৰিছিল, গেলা মাংস খাবলৈ পাব বুলি! তাৰ বিষণ্ণতা খঙলৈ ৰূপান্তৰ হ’বলৈ ধৰিলে৷

ৰৈ থকাৰ সকাম নাই বুলি ল’ৰাটোৱে আটাইৰে মুখলৈ চালে, মুখবোৰ দেখি সি চক খাই গ’ল, চবৰে মুখবোৰ ইমান উগ্ৰ হৈ উঠিছে!! দ্বিতীয়টো ল’ৰা খঙত কঁপিবলৈ ধৰিলে, সি ভাবিলে, “যোৱা চাৰিদিন ই এই মানুহবোৰৰ লগতে আছিল নিশ্চয়৷ ই সিহঁত চবৰে লগত মিলি এটা ডাঙৰ চক্ৰান্ত কৰিছে৷ এইবোৰ মাংসৰ লগত বিহ দি ৰান্ধিছে নিশ্চয়৷ বিহ খুৱাই আমাক চবকে মাৰি সিহঁতে হাবিখনত ৰাজত্ব চলাব!” একে কোবতেই আটাইয়ে ল’ৰাটোৰ ওপৰত জপিয়াই পৰিল৷ তাক মৰিয়াই, ঠেটেলীয়াই, দলিয়াই, আকুৰি, আঁচাৰি ফালি চিৰাচিৰ কৰি পেলালে৷ ল’ৰাটোৱে একো টলকিবলৈ নাপাওঁতেই আটাইৰে আক্ৰমণত মৃত্যু হ’ল৷

পশু-পখীকেইটা আৰু দ্বিতীয়টো ল’ৰাই তাক মাৰি তাত অকণো ৰৈ নাথাকিল৷ সিহঁত হাবিখনৰ ভিতৰলৈ সোমাই গুচি গ’ল৷

শিক্ষা : আপোনাৰ কাষতো সেই বাঘটো, দ্বিতীয় ল’ৰাটো, ভাটৌ দুটা, শগুণটো, শিয়ালটো, অজগৰ দুটা, ধনেশ চাৰিটা আদিৰ দৰে বিভিন্ন মনোবৃত্তিৰ মানুহ থাকে৷ আপুনি কোৱা যিকোনো এটা কথা তেওঁলোকে আপোনাৰ মতে নল’বও পাৰে৷ তেওঁলোকে নিজৰ নিজৰ মনোবৃত্তি অনুসৰি নিজৰ মতেহে কথাটো গ্ৰহণ কৰিব পাৰে৷ তেওঁলোকৰ অভিজ্ঞতা যদি পৃথক হয় বা পৰ্যাপ্ত অভিজ্ঞতা তেওঁলোকৰ যদি নাথাকে, তেন্তে আপোনাৰ অভিজ্ঞতাটো তেওঁলোকে গ্ৰহণ নকৰিবও পাৰে৷ গতিকে কথা কওঁতে বা আপোনাৰ নিজৰ বক্তব্য দাঙি ধৰোঁতে বহুত সাৱধান হ’ব লাগে৷

No Comments

Post A Comment