দৃঢ়তা

এঞ্জেলা ডাকৱৰ্থ নামৰ এগৰাকী যুৱতীয়ে ২৭ বছৰত মেনেজমেণ্ট কনচাল্টিঙৰ তেওঁৰ আকৰ্ষণীয় চাকৰিটো এৰি দি গণিত-বিজ্ঞানৰ শিক্ষকতাত জড়িত হ’ল। তেওঁৰ বাবে শিক্ষকতা চাকৰিটো আছিল পূৰ্বৰ চাকৰিটোতকৈয়ো অধিক আকৰ্ষণীয়। নতুন চাকৰিটোত জড়িত হৈ, শিক্ষা দান, প্ৰশ্নকাকত প্ৰস্তুত, ছাত্ৰ-ছাত্ৰীৰ ফলাফল... এই গোটেই প্ৰক্ৰিয়াটোৰ মাজেৰে তেওঁ দেখিলে যে ভাল ফলাফল দেখুওৱা ছাত্ৰ-ছাত্ৰী আৰু বেয়া ফলাফল দেখুওৱা ছাত্ৰ-ছাত্ৰীৰ মাজৰ পাৰ্থক্যটো কেৱল তেওঁলোকৰ বুদ্ধাংক(IQ)ৰ পাৰ্থক্যই নিৰূপণ কৰা নাই। কম বুদ্ধাংকৰ কোনো ছাত্ৰ-ছাত্ৰীয়েও ভাল ফলাফল দেখুৱাইছে, আৰু তথাকঠিত খুৱ স্মাৰ্ট কোনোবা ছাত্ৰ-ছাত্ৰীয়েও ভাল ফলাফল দেখুৱাব পৰা নাই। ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথিৰ যিখিনি সাধাৰণ গণিত তেওঁ শিকাইছিল সেইখিনি তেওঁলোকে আৰু অলপ অধিক অনুশীলন কৰাহ’লেই অধিক জ্ঞান আহৰণ কৰিব পাৰিলেহেঁতেন, অধিক উন্নত ফলাফল দেখুৱাব পাৰিলেহেঁতেন বুলি তেওঁ প্ৰবলভাৱে অনুভৱ কৰিছিল। কেইবাবছৰো নিৰীক্ষণেৰে তেওঁ অনুভৱ কৰিলে, এই গোটেই কাণ্ডটোত ছাত্ৰ-ছাত্ৰীৰ তীক্ষ্ণতাৰ পৰিৱৰ্তে কিবা অনুপ্ৰেৰণামূলক দৃষ্টিভংগী তথা কিবা মনঃস্তাত্বিক প্ৰেক্ষাপটহে জড়িত হৈ আছে। সেয়েহে বিষয়টোৰ ৰহস্য উদ্ঘাটন কৰিবলৈ মনোবিজ্ঞান অধ্যয়নৰ বাবে তেওঁ পুনৰ বিশ্ববিদ্যালয়লৈ ঢাপলি মেলিলে। ইতিমধ্যে তেওঁ হাৰ্ভাৰ্ড কলেজত স্নায়ুজীৱবিদ্যা অধ্যয়ন কৰিছিল আৰু অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নায়ুবিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। এইবাৰ তেওঁ ইউনিভাৰ্চিটি অব পেনছিলভেনিয়াত মনোবিজ্ঞানৰ গৱেষণা আৰম্ভ কৰিলে। তেওঁ আৰু তেওঁৰ গৱেষক-দলে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ কাষ চাপি ছাত্ৰ-ছাত্ৰী, শিক্ষক, সৈনিক, খেলুৱৈ, কৰ্পৰেট জগতৰ কৰ্মী আদি বিভিন্ন ক্ষেত্ৰৰ অলেখ মানুহৰ চাৰিত্ৰিক তথ্য-বস্তু বিশ্লেষণ কৰাত লাগিল। কিহৰ বাবে একোজন মানুহে দীৰ্ঘদিন ধৰি একেই মাত্ৰাত সফলতা ধৰি ৰাখিব পাৰে বা কিয় নোৱাৰে? কেনেকুৱা ছাত্ৰ-ছাত্ৰী একোগৰাকীয়ে পিছলৈ সফলতা দেখুৱাব পাৰে? কোনকেইজন শিক্ষকে বছৰটোৰ শেষলৈকে ছাত্ৰ-ছাত্ৰীৰ পাঠদানত প্ৰাৰম্ভিক সময়ৰ দৰে একেই অনুপ্ৰেৰণাদায়কভাৱে ব্ৰতী থাকিব পাৰে? সৈনিক-স্কুলৰ কোনবিলাক ছাত্ৰই অৱশেষত উত্তীৰ্ণ হৈ সৈন্য-বাহিনীত নিযুক্ত হ’বগৈ পাৰে? কোনকেইজন শিক্ষা-নবিছে চাকৰি পূৰ্ণকালীন কৰিবগৈ পাৰে? কিহে অন্তিম দিনলৈকে একোজন মানুহক কৰ্মত উদ্যেমেৰে লিপ্ত কৰাই ৰাখিব পাৰে? — এই প্ৰশ্নবোৰৰ উত্তৰ বাবে তেওঁ প্ৰত্যেকৰে যিমান সম্ভৱ সকলো চাৰিত্ৰিক বৈশিষ্ট বিশ্লেষণ কৰাত লাগিল। আৰু অৱশেষত তেওঁ দেখিলে যে— এই ভাল ফলাফলবোৰত মানুহৰ তীক্ষ্ণতা বা লাভ কৰা বিবিধ সুবিধাবোৰতকৈয়ো বেলেগ এটা গুণহে সকলোতকৈ অধিক পৰিমাণে জড়িত। আৰু সেইটো হ’ল— দৃঢ়তা।

দূৰ-সময়ত উপনীত হ’বলগীয়া একোটা লক্ষ্যৰ পিনে যাত্ৰা কৰোঁতে ধৈৰ্যশক্তিৰ, সহ্যশক্তিৰ পৰীক্ষা হয়। তাৰ বাবে অধ্যৱসায় আৰু লক্ষ্যটোৰ প্ৰতি সদায় অনুৰাগ ৰখাটো প্ৰয়োজন, যিটো দৃঢ়তাৰ ওপৰত নিৰ্ভৰশীল। সামান্য দূৰত্ব তেজত্বৰে যোৱাটো দৃঢ়তা নহয়, বৰং দীঘলীয়া সময় পূৰ্ণবেগ দৌৰণ ধৰি ৰাখিব পৰাটোহে দৃঢ়তা। তীক্ষ্ণতাই যে এজন মানুহক দৃঢ় কৰে —তাৰ কোনো নিশ্চয়তাই নাই! প্ৰকৃততে, তীক্ষ্ণতাৰ লগত দৃঢ়তাৰ সম্পৰ্ক সম্পূৰ্ণ দূৰতৰহে হ’ব পাৰে। বাৰে বাৰে বিফলতাৰ পাছতো দূৰৱৰ্তী লক্ষ্য একোটাৰ প্ৰতি দৃষ্টি ৰাখি অভীষ্ট লক্ষ্যত উপনীত হ’বলৈ তীক্ষ্ণতাতকৈ দৃঢ়তাৰ বেছি প্ৰয়োজন।

পঠনীয়:  “জেং”, “কামোৰ” আৰু “ৰে”ৰ সপক্ষে একাষাৰ

এঞ্জেলা ডাকৱৰ্থে ২০০৬ চনত ডক্টৰেট ডিগ্ৰী লৈ বৰ্তমান ইউনিভাৰ্চিটি অব পেনছিলভেনিয়াৰে মনোবিজ্ঞান বিভাগত অধ্যাপনা কৰি আছে। তাৰোপৰি তেওঁ এটি অলাভজনক সংস্থাৰ জৰিয়তে মানুহৰ অধ্যৱসায়ী-গুণ আহৰণ, আত্ম-নিয়ন্ত্ৰণ, ব্যক্তিত্ব-বিকাশ আদিৰ প্ৰশিক্ষণ দিয়াৰ লগতে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ উদ্দেশ্যেৰেও কাম কৰি আহিছে। হোৱাইট হাউছ, ৱৰ্ল্ড বেংক, মাইক্ৰ’চফ্ট আদিৰ বিভিন্ন বিষয়াক তেওঁ পৰামৰ্শ প্ৰদান কৰে। শেহতীয়াভাৱে তেওঁ heleo.com ৱেবছাইটটো প্ৰতিষ্ঠা কৰি মনোবৈজ্ঞানিক বিষয়ৰ বিশ্বশ্ৰেষ্ঠ অধ্যাপক, চিন্তাবিদ, লেখক আদিৰ লেখা আৰু তেনে বিশেষ বিষয় একোটাক লৈ আলোচনামূলক সাক্ষাৎকাৰ প্ৰকাশৰ ব্যৱস্থা আৰম্ভ কৰিছে। প্ৰতি বছৰে, যিকোনো ক্ষেত্ৰত মৌলিক, সৃষ্টিশীল, দিকনিৰূপক অসাধাৰণ অৱদান আগবঢ়োৱা যিকোনো বয়সৰ ২০-৩০জন আমেৰিকাৰ নাগৰিক বা নিবাসীক মেকআৰ্থাৰ ফেল’ হিচাপে এটা সংস্থাই নিৰ্বাচন কৰে। ইয়াৰ দ্বাৰা, সেই ব্যক্তিসকলৰ ভৱিষ্যতৰ কাৰ্যপ্ৰণালীত সহায়ক হ’বলৈ পাঁচ বছৰলৈ এটি আৰ্থিক অনুদান প্ৰদান কৰা হয়। প্ৰতিজন ব্যক্তিয়ে পাঁচ বছৰত লাভ কৰা সেই বৃত্তিৰ মুঠ পৰিমাণ বৰ্তমান ভাৰতীয় মূল্যৰে চাৰি কোটি টকাৰো অধিক। এটা অতি সন্মানীয় আৰু গ্লেমাৰাছ পুৰস্কাৰ হিচাপেও গণ্য হোৱা এই ফেল’শ্বিপক “জিনিয়াছ গ্ৰাণ্ট” বুলিও কোৱা হয়। ২০১৩ চনত এঞ্জেলা ডাকৱৰ্থে মেকআৰ্থাৰ ফেল’শ্বিপ লাভ কৰে।

এঞ্জেলা ডাকৱৰ্থে কয় যে দৃঢ় মানুহ একোজনৰ স্বভাৱত চাৰিটা সাধাৰণ বৈশিষ্ট আছে— গভীৰ ৰাপ, লক্ষ্যৰ প্ৰতি এক-দৃষ্টি-নিক্ষেপিত আৰু স্ব-ইচ্ছাকৃত কঠোৰতম অণুশীলন, উদ্দেশ্যপূৰ্ণ মনোভাৱ আৰু আশা। দূৰ ভৱিষ্যতে কৰিবলগীয়া কামৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মনত অনুপ্ৰেৰণা গঢ়ি তুলিবলৈ, বিফলতাৰ পাছতো লক্ষ্যভ্ৰষ্ট নহ’বলৈ সমাজ-সংস্কৃতিয়ে এটা দৃঢ়তাপূৰ্ণ পৰিৱেশ গঢ়িব লাগিব। সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ মাজত কষ্টসহিষ্ণুতা, ভৱিষ্যতলৈ দৃষ্টি দিব পৰা অদম্য মানসিক শক্তি আৰু প্ৰয়োজনীয় একো একোটা বিষয়বস্তুত গাঢ়তম ৰাপ ৰাখিব পৰা আদি গুণসমূহ বিকাশ হ’ব লাগিব।

এঞ্জেলা ডাকৱৰ্থৰ আৱিস্কাৰ একেবাৰে নতুন কথা বুলিবও নোৱাৰি। যুগে যুগে অলেখ দাৰ্শনিক, লেখক, আৱিস্কাৰক, ক্ৰীড়াবিদ, অভিযাত্ৰী আদিয়ে সহজাত গুণতকৈয়ো অধিক পৰিমাণে তীব্ৰ অনুৰাগ আৰু অধ্যৱসায়েহে মানুহক প্ৰতিভাশালী কৰে বুলি বুজাই আহিছে। তেওঁৰ গৱেষণাই তাকেই যেন পুনৰাৱিস্কাৰহে কৰিলে। এঞ্জেলা নিজেও “প্ৰতিভা নথকাকৈয়ে” দৃঢ়তাৰ আগবাঢ়ি প্ৰতিভাৱান হিচাপে প্ৰসিদ্ধি লাভ কৰাৰ এটা উদাহৰণ।

No Comments

Post A Comment