বলি আৰু কোৰবানিৰ ম’হ-গৰুক লৈ জুবিন গাৰ্গৰ নতুন গান

লামডিঙৰ সাংস্কৃতিক সন্ধিয়াটোত জুবিন গাৰ্গে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ৰ সম্পৰ্কে কি ক’ব সেয়া শুনিবলৈ অজস্ৰ মানুহে উৎকণ্ঠাৰে অপেক্ষা কৰি আছিল৷ অনুষ্ঠানটোৰ পোনপটীয়া সম্প্ৰচাৰৰ আগমুহূৰ্তত নিউজ চেনেলসমূহেও এই উৎকণ্ঠা প্ৰকাশ কৰি আছিল৷ পাঁচ শতাধিক নিৰাপত্তাৰক্ষীয়ে অনুষ্ঠান পৰ্যবেক্ষণ কৰি থকা বুলি কোৱা হৈছিল৷ কোনোটোৰ মতে সেয়া আছিল সাত শতাধিক৷ এটা ঐতিহাসিক অনুষ্ঠান সম্পূৰ্ণকৈ চাবলৈ পোৱাৰ ইচ্ছাৰে মোবাইল এপ খুলি আমিও বহি ল’লোঁ৷ কিন্তু ক্ষন্তেক পিছতে অনুষ্ঠানটো এটা গতানুগতিক অনুষ্ঠানলৈ পৰ্যৱসিত হ’ল আৰু নিউজ চেনেলবোৰেও এটা এটাকৈ বেলেগৰ অনুষ্ঠান প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে৷ অনুষ্ঠানটো শেষলৈকে দেখুৱালে কেৱল এটা চেনেলে৷ জুবিন গাৰ্গে সেইদিনা বিধেয়কৰ সম্পৰ্কে এষাৰো কথা নক’লে৷ শিলাদিত্য দেৱ জয়ী হ’ল৷ যিমান যি বিতৰ্ক বা গালি-গালাজ নহ’লেও, শিলাদিত্য দেৱে জুবিন গাৰ্গৰ মুখ বন্ধ কৰিবলৈ সক্ষম হ’ল৷ পিছদিনা “প্ৰাগ নিউজ”ত অজিত কুমাৰ ভূঞাৰ আক্ৰমনাত্মক আৰু যথেষ্ঠ চৰ্চিত সাক্ষাৎকাৰটোতো শিলাদিত্য দেৱে গৰ্বৰে ক’বলৈ সুযোগ পালে যে – “কালি তেওঁ লামডিঙত পাৰফৰ্ম কৰিছে৷ তেওঁ এইটো মন্তব্য কিয় নকৰিলে আকৌ? ….. তাৰমানে তেওঁ নিশ্চয় realise কৰিছে …..”৷

জুবিন গাৰ্গক উদ্দেশ্যি কোৱা যিখিনি কথাৰ বাবে শিলাদিত্য দেৱে পাবলগীয়া গৰিহণা আনকি নিজৰ দলৰ পৰায়েই পালে, সেই কথাখিনিৰ এটা অংশ হ’ল: “ভালকে, ধুনীয়াকে গান গাওক৷ গানৰ মাধ্যমত আপুনি কি মেছেজ দিব বিচাৰিছে দিয়ক৷ কিন্তু আপুনি লেকচাৰবাজী নকৰিব, কাৰণ সেইবিলাকৰ কাৰণে পলিটিচিয়ানবিলাক আছে৷” ইয়াৰ লগতে তেওঁৰ আন বিৰূপ মন্তব্য কেইবাটাও আছে, যিবোৰ ইতিমধ্যে বহু আলোচনা কৰা হৈছে৷ এতিয়া কথা হ’ল, শিলাদিত্য দেৱে কিন্তু এইবুলি কৈ দিয়া নাই যে জুবিন গাৰ্গে বিৰোধ কৰা অনুচিত৷ তাৰ পৰিৱৰ্তে তেওঁ কৈছেহে যে গানৰ মাধ্যমত কি মেছেজ দিব বিচাৰে দিয়ক৷ কিন্তু জুবিন গাৰ্গৰ তেনে গান নাই যিসমূহে সাম্প্ৰতিক সময়ৰ ৰাজনীতি আৰু সমাজ-ব্যৱস্থাক বা সমাজ চেতনাক প্ৰতিনিধিত্ব কৰিব পাৰে! বৰ্তমানৰ অসমীয়া বেলেগ গায়কৰো তেনে গভীৰ চিন্তাপ্ৰসূত গান নাই৷ গানৰ সেই ধাৰাটো এতিয়া সম্পূৰ্ণ মৰা-সুঁতি৷ পূৰ্বৰ কোনোবা বিখ্যাত গায়কৰ এনেধৰণৰ বিখ্যাত গানো জুবিন গাৰ্গে অনুবাদ কৰি বা নিজস্ব ধৰণে এতিয়া গোৱা নাই৷ লামডিঙতো সিদিনা জুবিন গাৰ্গে গোৱা প্ৰায় আটাইকেইটা গানেই ডেকা-গাভৰুৰ প্ৰণয়ধৰ্মী গানহে (আৰু দুটামান কিছু জীৱনদৰ্শন প্ৰকাশিত গান)৷ যিটো আছিল অৱশ্যম্ভাৱী৷ ইয়াৰে পূৰ্ণ সুযোগ ল’লে শিলাদিত্য দেৱে, আৰু ক’লে – “গানৰ মাধ্যমত আপুনি কি মেছেজ দিব বিচাৰিছে দিয়ক৷” যিটো কথা তেওঁ বাৰে বাৰে সাক্ষাৎকাৰটোতো ক’লে৷

কামাখ্যাৰ বলি-বিধান আৰু বামুনৰ লগুণ সম্পৰ্কীয় বিতৰ্কতো বহুতে কৈছে যে জুবিন গানৰ মানুহ গান গাৱক, তাতেই সীমাবদ্ধ হৈ চলিব লাগে, যি টি কথা কৈ থাকিব নালাগে৷ কু-সংস্কাৰী, অন্ধবিশ্বাসী, গোড়া মানুহবোৰক জুবিন গাৰ্গে যিটো মোক্ষম আঘাত দিলে সেই আঘাতৰ ফলত তেওঁলোকেও শিলাদিত্য দেৱে লোৱা ধৰণৰ সুযোগটোৱেই গ্ৰহণ কৰিছে৷ মামণি ৰয়ছম গোস্বামীৰ উপন্যাস “ছিন্নমস্তাৰ মানুহটো”ত মুণ্ডছেদ কৰা জন্তুৰ চটফটাই থকা দুখণ্ডৰ সমুখত ঠিয় হৈ তান্ত্ৰিকে ভক্তৰ মাজত অন্ধবিশ্বাস বিয়পোৱাৰ দৃশ্য জীৱন্ত হৈ উঠিছে৷ ভক্তই ফল লাভ কৰিবলৈ তেজ দান কৰিব লাগিব বুলি আটাহ পাৰি পাৰি প্ৰৰোচিত কৰিছে তান্ত্ৰিকে৷ জন্তুৰ কেঁচা তেজেৰে ৰাঙলী শালৰ সমুখত আসুৰৰ দৰে উন্মাদ হৈ উঠা ভয়ংকৰ মুখাৱয়ৱ লৈ তান্ত্ৰিকে ক’বলৈ ধৰিছে কিহৰ কিহৰ তেজ দিলে কিমান কিমান ফল পায়৷ বিকৃত যৌন বাসনা, দেৱীৰ যোনি অহৰহ তেজেৰে তিয়াই ৰাখিলে পৃথিৱীৰ মংগল হ’ব বুলি কোনোবা তান্ত্ৰিকৰ অলীক ঘোষণা আদি বিবিধ প্ৰসংগ প্ৰাণময় ভাষাৰে বৰ্ণনা কৰিছে ঔপন্যাসিকগৰাকীয়ে৷ নিজে সৃষ্টি কৰি লোৱা সমস্যাঘণ জীৱন এটাত ভাল ফল পাবলৈ বুলি জন্তু এটা কাটিবলৈ আগবঢ়াই দিয়া অৱস্থাত সেই গোটেই অৰ্থহীনতাৰ সম্পৰ্কে যেন জন্তুটোৱেও কথা ক’বলৈ আৰম্ভ কৰিছে৷ এইবোৰৰে একো একোটা অংশ এটা এটা গান হ’ব পাৰে৷ যদি এইবোৰ গান ৰূপে জুবিন গাৰ্গে গাবলৈ আৰম্ভ কৰে তেন্তে সেইসকলে ক’ব নে যে তেওঁ গানৰ মানুহ, গানতে সীমাবদ্ধ থাকিব লাগে? নিশ্চয় নকয়৷

পঠনীয়:  যিটো প্ৰশ্ন সোধা নহ’ল

আজিকালি জুবিন গাৰ্গে প্ৰায়ে কৈ থাকে যে তেওঁ ২৫ বছৰ গানক দিলে, এতিয়া বাকী ২৫ বছৰ চিনেমাক দিব৷ ই অসমীয়া গীতৰ এটা বিশাল পৰিসৰলৈ শূন্যতা আনিব বুলি বহুতে চিন্তা কৰে৷ কিন্তু আশাৰ কথা এই যে চিনেমাৰ মাধ্যেমেৰেও তেওঁ গানৰ লগত জড়িত হৈ আছে৷ আনহাতে তেওঁ এবাৰ কৈছিল – “মই এটা এটা পৰিস্থিতি লৈ গান লিখি ভাল পাওঁ৷ সেইকাৰণে চিনেমাৰ গান লিখি মই খুৱ ভাল পাওঁ৷ চিনেমাত এটা sequence থাকে, তাৰ ওপৰত লিখিবলৈ বৰ ভাল৷ আৰু বহুত সোনকালে লিখিব পাৰি৷ কাৰণ sequenceটো ইতিমধ্যে গমেই পাই গ’লোঁ৷” গতিকে চিনেমাৰ মাধ্যমেৰে যদি কিছুমান অমূল্য গান আহে, সেয়া ভাল কথাহে হ’ব৷ চিনেমাই ইতিমধ্যে তেওঁক কিছু পৃথক অভিজ্ঞতা দিছে৷ শেহতীয়াকৈ, বলি-বিধান আৰু লগুণৰ প্ৰসংগও আহিল তেওঁ নিৰ্মাণ কৰিবলৈ লোৱা দুখন চিনেমাৰ মাধ্যমেৰেই৷ এই কথাবোৰ কেৱল কাহিনী বা মুখৰ কথাত আবদ্ধ নাথাকি গানৰ মাধ্যেমেৰে যদি ওলায়, তেন্তে সমাজত বেছি কামত আহিব৷

জুবিন গাৰ্গক কেতিয়াবা কিছু সময়ৰ বাবে লগ পালে যিকেইটা কথা ক’ম বুলি কল্পনা কৰোঁ, তাৰে এটা কথা হ’ল: “তেওঁ যেন ডাইনী সজাই হত্যা কৰা কাণ্ডবোৰৰ সম্পৰ্কে মঞ্চৰ পৰা কেতিয়াবা মাত মাতে৷ বহুতো মানুহে তেতিয়া সেইবোৰ যে কেৱল কুসংস্কাৰ, অন্ধবিশ্বাস সেইটো ভাবিবলৈ সুযোগ পাব৷ আন বহু ক্ষেত্ৰত কৰাৰ দৰে তেওঁ যেন কেতিয়াবা বিৰুৱালা ৰাভাৰ দৰে ব্যক্তিক মঞ্চলৈ লগত নি একোটা সজাগতা অভিযান চলায়৷” সেয়েহে কুসংস্কাৰৰ সম্পৰ্কে তেওঁ সিদিনা সজোৰে মাত মতা বাবে আনন্দিত হ’লো আৰু অজস্ৰজনে তেওঁৰ সেই কামৰ দ্বাৰা সম্ভাৱনা দেখা পাইছে৷ ডাইনী সজাই হত্যা কৰা কাণ্ডক লৈ যোৱা বছৰ এখন চিনেমা নিৰ্মাণ কৰা হৈছিল৷ তাৰ পৰাও এনেকুৱা এটা গান ওলাব পাৰিলেহেঁতেন – য’ত ভয়ংকৰ অভিজ্ঞতাৰ মুখামুখি হোৱা এগৰাকী মানুহৰ যাতনা পৰিস্ফূট হ’লহেঁতেন, নতুবা তেওঁক হত্যা কৰিবলৈ কৰা চক্ৰান্তৰ কথা বিষদ ৰূপত প্ৰকাশ হ’লহেঁতেন, আৰু বিশেষকৈ যিটো গান হ’লহেঁতেন বহু জনপ্ৰিয়৷ যেনেদৰে একোটা কাহিনী প্ৰকাশ হৈছিল ভূপেন হাজৰিকাৰ “এন্ধাৰ কাতিৰ নিশাতে” দৰে গানত৷ কিন্তু সেয়া নহ’ল৷ সেই চিনেমাখন নাটক অৱস্থাত ৰবিন্দ্ৰ ভৱনত চাইছিলোঁ, কিন্তু ৰবিন্দ্ৰ ভৱনলৈ যোৱা মানুহখিনিয়ে ডাইনী সজাই কাকো হত্যা নকৰে৷ চিনেমাখন হলত কিছু সংখ্যক মানুহে চাইছে, সেইখিনি মানুহেও ডাইনী সজাই কাকো হত্যা নকৰে৷ গান এটা জনপ্ৰিয় হোৱা মানে বা জনপ্ৰিয় গায়ক এজনে বক্তব্য আগবঢ়োৱা মানে সি চুকে-কোণে বিয়পি যোৱা৷

এনেদৰে বহু কাহিনী লৈ গান লিখিবলৈ বাকী আছে৷ জুবিন গাৰ্গৰে সমসাময়িক আমাৰ প্ৰিয় গীতিকাৰো আছে কেইবাজনো, এতিয়াও অতি সম্ভাৱনা হৈ৷ কিন্তু সেই মৰা সুঁতিটোৰে পুনৰ ধল আনিবলৈ অভাৱ হৈছে হয়তো সাংস্কৃতিক নেতৃত্বৰ৷ জুবিন গাৰ্গে গানৰ পৰা আঁতৰি যোৱা ধৰণৰ মন্তব্য মাজে মাজে কৰিলেও, সকলোৱে দেখি আছে যে তেওঁৰ প্ৰাণত এতিয়াও সুৰ আছে, দৰদী কণ্ঠ আছে, সেই কণ্ঠত বহু যুগৰ সাধনাৰে গঢ়ি উঠা জুবিন নামৰ দুৰ্জয় সত্বাটো নবীনৰূপত স্পন্দিত হৈয়েই আছে৷ এইবোৰ আপুৰুগীয়া সম্পদ৷ এই সময়, এই বাস্তৱক প্ৰতিনিধিত্ব কৰিব পৰা, চেতনা জগাব পৰা কিছুমান গীতত সেইখিনি সম্পদ ব্যৱহাৰ কৰাৰ পৰিকল্পনা আৰু নেতৃত্ব ল’ব লাগে কোনোবাই৷ সেই নেতৃত্ব জুবিন গাৰ্গে নিজেই লোৱাৰ চিন্তা কৰিব লাগিব বুলিও বহুজনে আশা কৰে৷

পঠনীয়:  তেজপুৰ বিশ্ববিদ্যালয়ত কি আছে, কি নাই

মহেন্দ্ৰ বৰাৰ এটি কবিতাৰ এটি অংশ: “যি কবিতা আজিও পৃথিৱী পোৱাহি নাই/ সেই কবিতা আহক নামি/ স্বপ্নৰ আলিবাট পোহৰ কৰি”৷ এই লেখাটোৰ শিৰোনামটো এতিয়াও আহিবলৈ বাকী থকা সেইবোৰ গানক লৈ৷ “যি গান আজিও পৃথিৱী পোৱাহি নাই/ সেই গান আহক নামি/ স্বপ্নৰ আলিবাট পোহৰ কৰি”৷

 

Featured image source

No Comments

Post A Comment