১৩ টা প্ৰিয় প্ৰবন্ধ

আনে নভবা কথাবোৰ ভাবি সৰুতে বেছি ভাল লাগে৷ সৰুতে ডাঙৰসকলে সোধে- “তোমাৰ প্ৰিয় গ্ৰন্থ কি কি?”, “তোমাৰ প্ৰিয় কবিতা কোনকেইটা?”, “তোমাৰ প্ৰিয় গল্প কোনকেইটা?”, “কোনকেইখন সাধু কিতাপ তোমাৰ বেছি ভাল লাগিছিল?” ইত্যাদি৷ কিন্তু তেওঁলোকৰ কোনেও কেতিয়াও নোসোধে – “তোমাৰ প্ৰিয় প্ৰবন্ধ কোনকেইটা?” সেইবাবে সৰুৰে পৰা, মাজে মাজে মই নিজৰ মনতে, মোৰ প্ৰিয় দহটা প্ৰবন্ধৰ তালিকা উলিয়াই আছিলোঁ৷ আৰু এই কামটোৱে অধিক প্ৰবন্ধ পঢ়াৰ প্ৰতি আগ্ৰহী কৰিও তুলিছিল। তাৰ পাছত আন কথাতো উৎসাহী হৈ এনে তালিকা নিজৰ মনলৈ আহে। এটা ধাৰণা হয়, আমাৰ মানুহবোৰে বেছি প্ৰবন্ধ নপঢ়ে৷ প্ৰবন্ধ অধিক পঢ়া মানুহৰ সংখ্যা বৃদ্ধি পোৱাটো অতি দৰকাৰ৷ ইয়াত কিন্তু কেৱল সংবাদধৰ্মী লেখাবোৰকে প্ৰবন্ধ বুলি কোৱা হোৱা নাই৷ এষাৰ কথাই আছে যে–

বাতৰিকাকতৰ বাহিৰে আন একো নপঢ়াজনতকৈ একেবাৰে একো নপঢ়াজন বেচি শিক্ষিত।

– টমাছ জেফাৰছন (Thomas Jefferson)।

এই কথাটোৰ প্ৰতি আনকো আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে বৰ্তমান সময়ত মোৰ প্ৰিয় তেৰটা প্ৰবন্ধৰ তালিকা আগবঢ়ালোঁ:

 

১) দেনিচ দিদেৰো – হোমেন বৰগোহাঞি৷

২) মৰমৰ গছ – ভবেন্দ্ৰনাথ শইকীয়া৷

৩) আত্মাৰ সন্ধানত এজন মানুহ – চাৰ্লছ ছেছি৷

৪) নিঃসঙ্গতাৰ যাত্ৰী : জে. এম. কয়েৎজে – অৰ্পণা মহন্ত৷

৫) শিশুকালৰ দাৰিদ্ৰৰ বিষময় প্ৰভাৱ – পল ক্ৰুগমেন৷

৬) শিক্ষাৰ সংকট – হোমেন বৰগোহাঞি৷

৭) ‘নো চাৰ্ভিছ’ৰ দেশখন – থমাছ ফ্ৰিডমেন৷

৮) অগপ চৰকাৰৰ বিৰুদ্ধে লৌহ-দস্তানা আগবঢ়াই দিছে অসমীয়া সাংবাদিকে – হোমেন বৰগোহাঞি৷ (১৯৮৭ ৰ প্ৰবন্ধ)৷

৯) মহত্বৰ অভিমুখে – লুই ফিছাৰ৷

১০) ‘পিন্ধনে জেতুকা তই ফাটি যোৱা কলিজাত’ – মৃণাল কলিতা৷

১১) টি. এচ. এলিয়ট আৰু নৱকান্ত বৰুৱা – পোনা মহন্ত৷

১২) ইবছেনৰ দুৱাৰেদি – পুণ্য দেৱী৷

১৩) নিজৰ ভিতৰৰ হীৰাৰ টুকুৰা আৱিষ্কাৰ কৰক! – অৰিন্দম চৌধুৰী৷

ফটো উৎস

No Comments

Post A Comment