ফে’চবুক : এবিধ ৰাজনৈতিক সঁজুলি

মাৰ্ক জুকাৰবাৰ্গে ফে’চবুক সম্পৰ্কত মাজে মাজে এনেকুৱা এষাৰ কথা কয় – “কলেজৰ হোষ্টেলৰ শোৱনি-কোঠাৰ পৰা মই আৰম্ভ কৰা এই প্ৰকল্পটো …..৷” বিভিন্ন প্ৰসংগত তেওঁ কথাষাৰ এনেদৰে আৰম্ভ কৰে৷ কথাষাৰৰ এটা অনুপ্ৰেৰণাদায়ক দিশো আছে৷ কাৰণ, চাৰিজন ৰুমমেটৰ সৈতে আৰম্ভ কৰা প্ৰকল্পটোৱেই আজি পৃথিৱীজুৰি দুশ কোটিৰো অধিক মানুহে ব্যৱহাৰ কৰা এটি ব্যৱস্থা৷ আজি প্ৰতি মিনিটত ৫ লাখৰো অধিক “কমেণ্ট” ইয়াত দিয়া হয়, প্ৰায় ৩ লাখ “ষ্টেটাচ আপডেট” দিয়া হয়৷ ফটো, ভিডিঅ’ আদিৰ হিচাপ বাকী আছেই৷ ইয়াত নিজৰ প্ৰফাইল নথকা মানুহেও ইয়াৰ বিভিন্ন কথা আন ব্যৱহাৰকাৰীৰ পৰা আজিকালি জানিবলৈ বিচাৰে, জনাটো প্ৰয়োজন হৈ পৰে৷ ইয়াৰ মুঠ ব্যৱহাৰকাৰীৰ সংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ আধা অংশ হ’বলৈ আৰু বেছি দিন নাই!

ফে’চবুক প্ৰতিষ্ঠাৰ ঠিক পাছতে, তাৰ ব্যৱহাৰকাৰীসকলৰ মাজত এটা বিশেষ আচৰণ পৰিলক্ষিত হৈছিল৷ তেতিয়াৰ ব্যৱহাৰকাৰীসকল আছিল কেৱল হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল৷ ফে’চবুক বস্তুটো সৃষ্টি হৈছিল মানুহৰ মাজত সংযোগ স্থাপনৰ বাবে৷ তাৰ বাবে তাত আপোনাৰ এটা প্ৰফাইল খোলাৰ ব্যৱস্থা আছে, তাত আপুনি এখন ফটো দিব পাৰিব, আপোনাৰ জন্মদিনটো দিব পাৰিব, আপুনি ক’ত থাকে সেইটো দিব পাৰিব … এনেধৰণৰ কেইটামান কথা আপুনি তাত দিব পাৰিব; যিখিনিৰ জৰিয়তে বেলেগে আপোনাক জানিব আৰু মন গ’লে আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰিব৷ সেয়া হৈছে এজনে আন এজনক বিচাৰি উলিয়াই এটা প্ৰাথমিক পৰিচয় লোৱাৰ নিচিনা কথা, আৰু পূৰ্বৰ চিনাকিসকলে পৰস্পৰক আকৌ ওচৰতে পোৱা নিচিনা কথা৷ ফে’চবুকৰ এজন সহ-প্ৰতিস্থাপক ডাষ্টিন মাস্কোৱিজে কৈছিল, এনেকৈ প্ৰথম কেইসপ্তাহমান যোৱাৰ পাছতে তেওঁলোকে এটা ব্যতিক্ৰম দেখিবলৈ পালে৷ ব্যৱহাৰকাৰীসকলে নিজৰ “প্ৰফাইল পিকছাৰ” সলনি কৰি, নিজৰ ৰাজনৈতিক দৃষ্টিভংগী কম্পিউটাৰত লিখি তাকে ফটোৰ দৰে সাজি প্ৰফাইল পিকছাৰ ৰূপে লগাবলৈ আৰম্ভ কৰিলে৷ তেওঁলোকে কিবা ৰাজনৈতিক কথা মানি ল’ব পৰা নাই বা কলেজৰ কিবা কথাত অশান্তি পাইছে, লগে লগে প্ৰতিবাদ কৰি সেইবোৰ কথা প্ৰফাইল পিকছাৰত দিবলৈ ধৰিলে৷ কাণ্ডটো স্বতঃস্ফূৰ্ত ধৰণে আৰম্ভ হ’ল৷ যিটো কথা নিৰ্মাতাকেইজনে পূৰ্বতে ভবাই নাছিল৷ ফে’চবুক বস্তুটো গঢ়ি উঠিছিল আপোনাৰ পৰিচয় প্ৰকাশৰ আহিলা ৰূপে; তৎক্ষণাতে ই এনে এটা সম্ভাৱনা দেখুৱাবলৈ ল’লে যে ই হ’বগৈ পাৰে আপোনাৰ মত প্ৰকাশৰ এটা আহিলা৷ এইধৰণৰ সম্ভাৱনাবোৰ দেখাৰ লগে লগেই নতুন নতুন ব্যৱস্থা সংযোগ কৰি কৰি, যোৱা প্ৰায় ১৪ বছৰত ফে’চবুকৰ বহু বিকাশ হ’ল৷

এতিয়াও আন অলেখ চছিয়েল নেটৱৰ্কিং ছাইট আছে৷ কিন্তু ফে’চবুক ইমান জনপ্ৰিয় হোৱাৰ বহুতো কাৰণ আছে৷ তাৰে এটা কাৰণ হ’ল – ফে’চবুকত আপুনি কৰা কিবা একোটা কাৰ্য অতি সহজে অধিক মানুহৰ কাষলৈ যায়৷ আপুনি এটা “পোষ্ট” দিছে বা ক’ৰবাত “লাইক” কৰিছে, সেইবোৰ সহজে অধিক মানুহে দেখা পায়৷ আপোনাক বা আপুনি ভাল পোৱা কথাটো অধিক মানুহে জনিবলৈ পায়৷ আপোনাক বা আপোনাৰ ভাল লগা কথাটো বহুত বেছি মানুহে জানিবলৈ পোৱাটোৱেই আপোনাৰ কাম্য৷ গতিকে, আপোনাৰ ফে’চবুক প্ৰফাইলটো কেৱল এখন আইডেনটিটি কাৰ্ড নহয়, নতুবা কেৱল এখন বায়’ডাটায়েই নহয়৷ ই হ’ল আপোনাৰ চিন্তাধাৰাৰ এটা ৰূপৰেখা আৰু এই ৰূপৰেখা ব্যাপক সংখ্যক মানুহৰ মাজত বিয়পি আছে৷

যেতিয়া কোনোবা এটা স্থানত অধিক মানুহ থূপ খায়, যি উদ্দেশ্যৰেই থূপ নাখাওক কিয়, লগে লগে তাত ৰাজনীতি আহি পৰে৷ সেয়া বজাৰৰ আদ্দাস্থলীয়েই হওক, ক্লাৱেই হওক, বা আন যিয়েই নহওক! বৃহৎ থূপবোৰো এটা এটা ৰাজনৈতিক আহিলা৷ আমাৰ সত্ৰবিলাক ৰাজনৈতিক অনুষ্ঠান নহয়; কিন্তু সত্ৰাধিকাৰৰ লগত ৰাজনৈতিক নেতাৰ ইমান হলিগলি কিয়? কাৰণ, সত্ৰলৈ বহু মানুহ যায়, বহু মানুহৰ মাজত ভাৱ বিনিময় হয়৷ সত্ৰসমূহে বৃহৎ বৃহৎ একোটা অংশৰ চেতনাক প্ৰভাৱান্বিত কৰি ৰাখিছে৷ মাছ ধৰি উভতি যাওঁতে খালৈত মাছৰ লগতে কেতিয়াবা দুটামান লালুকীও সোমাই যোৱাৰ দৰে, সত্ৰাধিকাৰৰ সংগৰ পৰা ভকত উভটি যাওঁতে সত্ৰীয়া চিন্তাধাৰাৰ লগতে ৰাজনৈতিক দলীয় দুটামান চিন্তাও মগজুত সোমাই যোৱাটোৱেই সেই হলিগলিৰ উদ্দেশ্য৷ ফে’চবুকত যে বহু মানুহ থূপ খাই আছে, তেওঁলোকৰ চিন্তাধাৰাক প্ৰভাৱিত কৰিবলৈ পুনৰ তাত নতুন ধৰণে ৰাজনীতিৰ প্ৰৱেশ ঘটিল৷ আৰম্ভ হ’ল আনৰ তথ্য চুৰিৰ ঘটনা, আনৰ তথ্য বিক্ৰীৰ ঘটনা, কেমব্ৰিজ এনালাইটিকা কাণ্ড ইত্যাদি৷

কেমব্ৰিজ এনালাইটিকা কাণ্ডৰ সময়ত এটা কাৰ্টুন চিত্ৰ (meme) বিয়পি পৰা দেখিছিলোঁ৷ কাৰ্টুনটো এনেকুৱা: শুই থকা কোনোবা এজন চকমককৈ সাৰ পাইছে; কাৰণ তেওঁ কেনেবাকৈ গম পালে যে ফে’চবুকৰ পৰা তেওঁৰ ডেটা চুৰি হৈছে৷ কিন্তু পিছমুহূৰ্ততে তেওঁৰ মনত খেলালে যে তেওঁ নিজে যেনেকৈ এটা মূল্যহীন মানুহ, তেনেদৰেই তেওঁৰ ডেটাৰো কোনো মূল্য নাই৷ সেয়েহে তেওঁ ঘুপ মাৰি নিশ্চিন্তে পুনৰ শুই থাকিল৷ কাৰ্টুনটো ইমানেই৷ এইটো দেখিলে কথাটো হয় যেন লাগিব বহুতৰ৷ কিন্তু সেইটো সম্পূৰ্ণ ভুল কথা৷ কোনোবাই নাজানি সেইটো কাৰ্টুন তৈয়াৰ কৰিছে, নতুবা কোনোবাই উদ্দেশ্যপ্ৰণোদিতভাৱে তৈয়াৰ কৰিছে৷ আপুনি ভাবিব পাৰে যে ফে’চবুকত আপোনাৰ ইমেইল আইডিটো দিয়া আছে, মোবাইল নম্বৰ দিয়া আছে, আপুনি পঢ়া মহাবিদ্যালয়খনৰ নাম, আপোনাৰ জন্মদিন আদি দিয়া আছে; সেইবোৰ আনে জানিলে কি অনিষ্ট হ’বনো? আনকি, আপুনি কাৰোবালৈ কিবা গোপন মেছেজ দিছিল বা কাৰোবাৰ লগত গোপনে অবৈধ আলাপ চলাইছিল, সেইবোৰ ডেটাও ক’ৰবাৰ অচিনাকি কোনোবাই চুৰ কৰিলে আপোনাৰ কি অনিষ্ট হ’বনো? আপুনি ক’লৈ গৈছিল, কি ফটো আপলোড কৰিছিল, কাৰ কাৰ পোষ্ট লাইক কৰিছিল ইত্যাদি চুৰ কৰি চোৰৰ অবাবতে দিন নাযাবনে? কিন্তু আচল কথাটো হ’ল, ডেটা চুৰিৰ সমস্যাটো কেৱল এনে বস্তুবোৰ চুৰ কৰাটোত নহয়৷ সমস্যাটো হ’ল, সেইখিনিৰ জৰিয়তে আপোনাৰ চিন্তাধাৰাখিনি চুৰ কৰাটোতহে৷ ডেটা চুৰিৰ জৰিয়তে আচলতে আপোনাৰ মানসিকতাটো চুৰ কৰা হয়৷ ইয়াৰ দ্বাৰা আপোনাৰ সম্পৰ্কে পূৰ্বানুমান কৰিব পাৰি; আপোনাৰ সম্পৰ্কে যিখিনি অনুমান হয়তো আপুনি নিজেই কৰিব নোৱাৰে বা নকৰে৷ ইয়াৰ দ্বাৰা কৌশলেৰে আপোনাক নিয়ন্ত্ৰণ কৰিব পাৰি৷ আপোনাক কোনোবা সিদ্ধান্তৰ পিনে ঢাল খুৱাব পাৰি৷ এজন মনোবিজ্ঞানীয়ে প্ৰমাণ কৰিছে যে আপোনাৰ সম্পৰ্কে আপোনাৰ কাষতে থকা বন্ধু বা সম্পৰ্কীয়সকলে যিমান জানে, আপোনাৰ মাথোঁ কেইটামান “ফে’চবুক লাইক” কম্পিউটাৰৰ সহায়ত বিশ্লেষণ কৰি তাতকৈয়ো অধিক সঠিক কথা জানিব পাৰি৷

এনেদৰে একোটা অঞ্চলৰ বৃহৎ সংখ্যক মানুহৰ তথ্য গোটাই কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ সহায়ত বিশ্লেষণ কৰি, তেওঁলোকৰ মানসিকতা জানি লৈ ৰাজনৈতিক নেতাই প্ৰভাৱ বিস্তাৰ কৰিব পাৰে৷ ৰাজনৈতিক বিজ্ঞাপন, কোম্পানীৰ বিজ্ঞাপন, সামূহিক উত্তেজনা সৃষ্টি, মতবাদ জাপি দিয়া আদি কাৰ্যত সেই বৃহৎ তথ্য বিশ্লেষণে সহায় কৰে৷ সামূহিক মানসিকতাক উত্তেজনা সৃষ্টিত ব্যৱহাৰ কৰাৰ এটা সাধাৰণ উদাহৰণ হ’ল: আমাৰ ৰাজ্যত ৰাজনৈতিক নেতাসকলে লাচিত বা শৰাইঘাটৰ ৰণখন প্ৰায়ে ব্যৱহাৰ কৰে৷ সমাজ গঢ়াত চুকাফাৰ অৱদান বহু ব্যাপক৷ এজন নেতা হিচাপে তেওঁক কিন্তু সিমান সোঁৱৰা নহয়৷ কিন্তু, তথাকঠিত বাহিৰৰ শত্ৰু বা বহিৰ্ৰাজ্যৰ শোষণ আদিৰ প্ৰতি অসমীয়া মানুহ আৱেগিক বাবে, নিৰ্বাচনৰ কাৰণে অধিক উত্তেজিত কৰিবলৈ শৰাইঘাটৰ ৰণখন ব্যৱহাৰ হয়৷ সেই উত্তেজনাই সহায় কৰে কেৱল নেতাসকলক নিৰ্বাচনী বৈতৰণী পাৰ হোৱাত৷

এই জালখনৰ পৰা উদ্ধাৰ হোৱাৰ সঠিক উপায় নাই৷ তথ্য-প্ৰযুক্তিৰ প্ৰতিষ্ঠানসমূহে আপোনাৰ তথ্য গোপনে ব্যৱহাৰ কৰি থকাটো এটা বিৰাট জটিল বিষয়৷ ইয়াৰ বহু ভয়াবহ দিশ আছে৷ এই ক্ষেত্ৰত ভৱিষ্যত কেনেকুৱা আহি আছে আমাৰ দৰে মানুহে কল্পনা কৰাটোৱো কঠিন৷ ইয়াত কেৱল ফে’চবুকৰ মাধ্যমেৰে হোৱা কিছু দিশহে আলোচনা কৰা হৈছে৷ বহুতে এই জালখনত নিজেই অধিক মেৰ খাইহে লয়৷ শেহতীয়াকৈ ফে’চবুকত আমাৰ বহুতৰ মাজত কেইটামান এপ খুৱ প্ৰচলন হৈছে৷ আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বন্ধুকেইজন কোন, আপোনাক ভাল পোৱা বন্ধুজন কোন, … এনেকুৱা৷ এইবোৰৰ নিৰ্মাতাৰ ওচৰত আপোনাৰ সম্পৰ্কে আৰু লগতে আপোনাৰ মাধ্যমেৰে আপোনাৰ বহু ফে’চবুক-বন্ধুৰো তথ্য জমা হৈছে৷ এইবোৰ যে বিক্ৰী নহ’ব, আপুনি ক’ব নোৱাৰে৷ এইবোৰ তথ্যৰে আগন্তুক নিৰ্বাচনত আপোনাক পুতলা-নাচৰ চৰিত্ৰৰ দৰে নচুৱাই পেলোৱা যে নহ’ব, সেয়াও আপুনি ক’ব নোৱাৰে৷ কেমব্ৰিজ এনালাইটিকাইয়ো তথ্য আহৰণ কৰিছিল ফে’চবুক মাধ্যমেৰে ব্যৱহাৰ কৰা এটা এপৰ জৰিয়তে৷ সেই এপটো ব্যৱহাৰ কৰা ৩ লাখৰো কম ফে’চবুক ব্যৱহাৰকাৰীৰ পৰাই তেওঁলোকে সংগ্ৰহ কৰিব পাৰিছিল প্ৰায় ৯ কোটি ফে’চবুক ব্যৱহাৰকাৰীৰ তথ্য৷

এতিয়া ধৰক, কিবা এটা ঘটনাত আপোনালোকৰ এটা গোট উত্তেজিত হৈ উঠিছে৷ আপোনালোকে ভাবিব পাৰে, সেয়া আপোনালোকে উচিত বিবেচনা কৰিছে, সুস্থ মগজুৰে কৰিছে৷ কিন্তু প্ৰকৃততে সেয়া শুদ্ধ নহ’বও পাৰে৷ আপোনালোকৰ মানসিকতা পূৰ্বে অনুমান কৰি সেয়া কোনোবাইহে আপোনালোকক নিয়ন্ত্ৰণ কৰি থাকিব পাৰে৷ আৰু পূৰ্বে নিৰ্ধাৰণ কৰামতেই আপোনালোকৰ ৰূপবোৰ বা প্ৰতিক্ৰিয়াবোৰ দেখি কোনোবাই দূৰৰ পৰা গোপন স্বাৰ্থসিদ্ধিৰ কুটিল হাঁহি মাৰি থাকিব পাৰে! সেয়েহে এইখিনিতে প্ৰয়োজন হৈ পৰে জনসাধাৰণৰ মাজত সুতীক্ষ্ণ সচেতনতা, সদা জাগ্ৰত বিবেক৷ আৰু প্ৰয়োজন হয় পক্ষপাতদুষ্টতাহীন বুদ্ধিজীৱিৰ নেতৃত্ব৷

 

Featured image source

No Comments

Post A Comment