একেটা পৰিয়ালৰ তীক্ষ্ণধী ব্যক্তিসকল

একেটা পৰিয়ালতে কেইবাজনো প্ৰতিভাৱান মানুহে ভৰি থকাতো এটা খুব দুৰ্লভ আৰু আনৰ বাবে কৌতুহল তথা খুব আকৰ্ষণীয় কথা। হয়তো অটাইতকৈ বিখ্যাত তেনে উদাহৰণটি হ’ল: মেৰী কুৰীৰ পৰিয়ালটো। মেৰী কুৰী হ’ল ন’বেল বঁটা লাভ কৰা প্ৰথম মহিলা। ইফালে, তেঁৱেই দুবাৰ ন’বেল বঁটা লাভ কৰা প্ৰথম ব্যক্তি। দুবাৰ ন’বেল বঁটা এতিয়ালৈকে মুঠ চাৰিজন ব্যক্তিয়ে আৰু এটা প্ৰতিষ্ঠানে লাভ কৰিছে; আৰু আন এটা প্ৰতিষ্ঠানে তিনিবাৰ লাভ কৰিছে। আনহাতে, বৰ্তমানলৈকে দুবাৰকৈ ন’বেল বঁটা লাভ কৰা তেঁৱেই একমাত্ৰ মহিলা। আকৌ, বিজ্ঞানৰ দুটা পৃথক বিষয়ত ন’বেল বঁটা লাভ কৰা তেঁৱেই একমাত্ৰ ব্যক্তি। ১৯০৩ চনত পদাৰ্থ বিজ্ঞানত আৰু ১৯১১ চনত ৰসায়ন বিজ্ঞানত তেওঁ ন’বেল বঁটা লাভ কৰিছিল। (দুটা পৃথক বিষয়ত ন’বেল বঁটা লাভ কৰা ব্যক্তি আৰু এজন আছে। তেওঁ হ’ল লিনাছ পাউলিং। তেওঁ এবাৰ ৰসায়ন বিজ্ঞানৰ আৰু এবাৰ শান্তিৰ ন’বেল বঁটা লাভ কৰিছিল।) বৰ্তমানলৈকে, মেৰী কুৰীৰ পৰিয়াললৈ আহিছে সৰ্বাধিক ন’বেল বঁটা। ১৯০৩ চনত তেওঁৰে সৈতে পদাৰ্থ বিজ্ঞানত ন’বেল বঁটা লাভ কৰিছিল তেওঁৰ স্বামী পিয়েৰ কুৰীয়ে। তেওঁৰ প্ৰথম কন্যা আৰু জোঁৱাই ক্ৰমে আইৰিন জুলিয়েট কুৰী আৰু ফ্ৰেডৰিক জুলিয়েট কুৰীয়ে ১৯৩৫ চনত ৰসায়ন বিজ্ঞানত ন’বেল বঁটা লাভ কৰিছিল। তেওঁৰ দ্বিতীয় কন্যা ইভ কুৰীৰ স্বামী Henry Richardson Labouisse ইউনিচেফে শান্তিৰ ন’বেল বঁটা লাভ কৰোঁতে তাৰ ডাইৰেক্টৰ আছিল।

এনেদৰে স্বামী-স্ত্ৰী, পিতৃ-পুত্ৰ, খুড়া-ভতিজা আদি সম্পৰ্কৰে একে পৰিয়ালৰ দুজনকৈ ন’বেল বঁটা বিজয়ীৰ উদাহৰণ প্ৰায় ১২টা আছে। তাৰে এটি উদাহৰণ হ’ল নিলছ ব’ৰ (১৯২২ চনত) আৰু তেওঁৰ পুত্ৰ Aage Niels Bohr (১৯৭৫ চনত)।

১৯৩০ চনত পদাৰ্থ বিজ্ঞানত ন’বেল বঁটা বিজয়ী ভাৰত ৰত্ন চন্দ্ৰশেখৰ ভেঙ্কটৰমণ, ১৯৮৩ চনত পদাৰ্থ বিজ্ঞানত ন’বেল বঁটা বিজয়ী সুব্রহ্মণ্যন চন্দ্রশেখৰৰ খুড়াক।

 

এই সকলো উদাহৰণৰ পূৰ্বৰ এনে এটি উদাহৰণ হ’ল: সফল উৰণক্ষম উৰাজাহাজৰ উদ্ভাৱক অৰভিল ৰাইট আৰু উইলভাৰ ৰাইট। দুয়ো ভাই-ককাই। আনহাতে, বহু কথাত তেওঁলোকৰ কাহিনী সকলোৰে বাবে অনুপ্ৰেৰণাৰো অনল উৎস। যিসময়ত স্বনামধন্য বিজ্ঞানী, উদ্ভাৱক, বিমান-পৰীক্ষণৰ পথিকৃৎ ব্যক্তিক সেই কাৰ্য সমাপন কৰিবৰ বাবে প্ৰচুৰ অৰ্থ আৰু “প্ৰয়োজনীয়” সমস্ত সুবিধা যোগান ধৰি বৃহৎ এখন বিদ্বত সমাজে দৃষ্টি নিক্ষেপ কৰি আছিল আৰু প্ৰতি মুহূৰ্ততে নিউয়ৰ্ক টাইমছৰ দৰে কাকতৰ প্ৰতিনিধিয়ে অনুসৰণ কৰি থাকিছিল সেই সময়ত ৰাইট ভাতৃদ্বয় আছিল প্ৰায় অখ্যাত, তেওঁলোকৰ কাষত কোনো নাছিল, মনেই কৰা নাছিল কোনেও তেওঁলোকক। আনকি, যেতিয়া ১৯০৩ চনৰ ১৭ ডিচেম্বৰত তেওঁলোকে ঐতিহাসিক উৰণ পৰীক্ষণটো সম্পন্ন কৰিলে সেইদিনা সেইয়া চাবলৈয়ো তেওঁলোকৰ ওচৰত আন কোনো নাছিল। চিমন চিনেক নামৰ লেখক তথা বক্তা এজনে কৈছিল, যিসয়ত আন সেই বিখ্যাত আৰু বিদ্বত সকলে ধনী, বিখ্যাত আৰু “সফল” হ’বৰ বাবে কামত লাগিছিল সেই সময়ত অৰভিল ৰাইট আৰু উইলভাৰ ৰাইটে এটা বিশ্বাসেৰে চালিত হৈছিল যে তেওঁলোকে যদি সেইটো কৰে পৃথিৱীৰ এক ধাৰাই সলনি হৈ যাব।

 

সংগীতৰ ক্ষেত্ৰত আছে এনে বহু উদাহৰণ। যেনে: মাইকেল জেকছন আৰু ভনীয়েক জেনেট জেকছন। জেনেট জেকছনে মুঠ ২৭টা গ্ৰেমী বঁটাৰ মনোনয়ন লাভ কৰিছিল আৰু মুঠ ৬টা গ্ৰেমী বঁটা লাভ কৰিছিল। তেনেদৰে, ৰবি শংকৰ, তেওঁৰ জীয়ৰী অনুষ্কা শংকৰ, আৰু আন এগৰাকী পত্নীৰ ফালৰ জীয়ৰী নৰা জোনছ— প্ৰত্যেকেই সংগীত জগতত স্বনামধন্য।

 

ক্ৰীড়া জগতৰ ছেৰেনা উইলিয়ামছ, ভেনাছ উইলিয়ামছ কেৱল প্ৰতিভাৱান খেলুৱৈ হিচাপেই জগতখ্যাত নহয়; কৃষ্ণাঙ্গ হৈ মূৰ দাঙি উঠি অহা দুটি প্ৰতিভা হিচাপেও তেওঁলোক প্ৰচুৰ অনুপ্ৰেৰণাৰ উৎস।

 

ব্যৱসায় ক্ষেত্ৰখনতো দেখা যায় এনে উদাহৰণ। মেকড’নাল্ডৰ প্ৰতিস্থাতা ৰিচাৰ্ড ড’নাল্ড আৰু ম’ৰীছ ড’নাল্ড দুয়ো ভাই-ককাই।

 

ৰাজনীতিৰ ক্ষেত্ৰত এনে বিখ্যাত পৰিয়াল বহু আছে। ভাৰতৰ জৱাহৰলাল নেহেৰু, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ কথা ক’ব পাৰি।

 

বিখ্যাত কাৰ্টুনিষ্ট আৰ কে লক্ষ্ণণ, বিখ্যাত সাহিত্যিক আৰ কে নাৰায়নৰ ভায়েক।

 

কেইমাহমানৰ আগতে জানিবলৈ পোৱা আৰু খুৱ ভাল লগা এনে এটা উদাহৰণ হ’ল: বিখ্যাত চাইক’ল’জিষ্ট কেলী মেকগনিগেল, আৰু তেওঁৰ যমজ ভগ্নী গেইম-ডিজাইনাৰ জেনী মেকগনিগেল।

 

অসমৰ প্ৰেক্ষাপটত এনে এটা উদাহৰণ হ’ল: সাহিত্য অকাডেমী আৰু জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, তেওঁৰ ককায়েক সাহিত্য অকাডেমী বঁটা বিজয়ী নলিনীধৰ ভট্টাচাৰ্য।

 

একে পৰিয়ালৰ এনে আৰু এক উদাহৰণ হ’ল: স্বনামধন্য লেখক হোমেন বৰগোহাঞি আৰু নিৰুপমা বৰগোহাঞি। দুয়ো পতি-পত্নী (পিছলৈ পৃথককৈ থাকে)। দুয়োৱেই সাহিত্য অকাডেমী বঁটা আৰু অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। অৱশ্যে, এক সামাজিক তথা ৰাজনৈতিক ইছ্যুত প্ৰতিবাদস্বৰূপে তেওঁলোক দুয়োজনেই আন বহুজনৰ দৰে সাহিত্য অকাডেমী বঁটা ওভোটাই দিয়ে। কেৱল লেখক, সাহিত্যিক হিচাপেই নহয়; সাংবাদিক হিচাপেও তেওঁলোক পৰিচিত আৰু বহু যুগ ধৰি অত্যন্ত প্ৰভাৱশালী।

 

এই গোটেই কথাখিনি মনলৈ আহিল (আমাৰ দৰে বহুতো পাঠকৰ প্ৰত্যাশিতভাৱেই) অপূৰ্ব শৰ্মাই অসম উপত্যকা সাহিত্য বঁটা এইবাৰ লাভ কৰিছে বুলি জানিবলৈ পোৱাৰ পাছত। তেওঁ অৰুণ শৰ্মাৰ ভায়েক। অৰুণ শৰ্মাইয়ো অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। আৰু তেওঁলোক দুয়োজনেই সাহিত্য অকাডেমী বঁটাও লাভ কৰিছিল।

 

বিচাৰিলে এনে উদাহৰণ আৰু যথেষ্ঠখিনি ওলাব। থাউকতে এইখিনি মনলৈ আহিল। আৰু ইয়াত বঁটাসমূহক তেওঁলোকৰ প্ৰতিভাক বুজি পাবলৈ এক সমল হিচাপেহে উল্লেখ কৰা হৈছে। নিজৰ অসামান্য কামৰ দ্বাৰা, বঁটা অবিহনেও এওঁলোকৰ বহুকেইজন স্ব নামেৰে ইতিমধ্যে ধন্য হৈ উঠিছে! একেটা পৰিয়ালতে এনেদৰে তীক্ষ্ণধী ব্যক্তিৰে ভৰি উঠাৰ কাহিনীবোৰ খুব ভাল লগা…

No Comments

Post A Comment