গোটেই জীৱন মহিলাই ৰন্ধা খাদ্য নোখোৱা এজন মানুহ

দূৰ অতীতত কাহানিবা লগ পোৱা দূৰ সম্পৰ্কীয় মানুহ একোজন ক'ৰবালৈ আহি হঠাতে আপোনাৰ ঘৰতো আলহী খাই যোৱা পৰিস্থিতিৰ অভিজ্ঞতা নিশ্চয় বহুতৰে হৈছে৷ তেনে আলহীয়ে পুৰণি কথা-বতৰাৰ পেৰাটো মোকোলাই বহু বিচিত্ৰ বস্তু দি থৈ যায়৷ তাৰে একাংশ তিৰবিৰ মুকুতা সদৃশ আপুৰুগীয়া আৰু আনটো অংশ এলান্ধুকলীয়া চেকাৰে সৈতে ঘুণেধৰা৷ অলপদিনৰ আগতে অহা এনে এজন আলহীয়ে কোৱা এজন মানুহৰ কথা ক'ব বিচাৰিছোঁ৷

এটা দিশৰ পৰা ক'বলৈ গ'লে বহুতো ক্ষেত্ৰত আজিকালি the more shame, the more popularity. বৰপেটাৰ কীৰ্ত্তণঘৰত যদি মহিলা প্ৰৱেশ কৰিবলৈ নিদিও বুলি লিখি ৰখাৰ কথা প্ৰচাৰ নহ'লহেঁতেন, তেন্তে আজি ইমান খ্যাতি নাপালেহেঁতেন৷ কীৰ্ত্তণঘৰৰ কৰ্মকৰ্তা ঢুকাই পিশাচ হৈ থাকিলহেঁতেন বা পূণ্যফলেৰে স্বৰ্গলৈ গৈ ৰম্য অসীম বিলাসৰ সুবিধা লাভ কৰি থাকিলেহেঁতেন, কিন্তু ওচৰ-চুবুৰীয়া পাঁচ-ছঘৰমান মানুহক বাদ দি তেওঁলোকক জীৱনত আন কোনে জানিলেহেঁতেন বা দেখিলেহেঁতেন? বৰপেটাৰ কীৰ্ত্তণঘৰৰ আজিৰ প্ৰধান পৰিচয়টোৱেই যেন হ'ল যে— "তাত মহিলা প্ৰৱেশ কৰিবলৈ নিদিয়ে"৷ সভ্য মানুহে শুনি লগে লগে ক'লে— "ছিঃ"৷ আৰু লগে লগে কীৰ্ত্তণঘৰৰ খ্যাতি৷ The more shame, the more popularity.

সিদিনা আলহীজনে মানুহ এজন ঢুকুৱাৰ খবৰ দিলে৷ সেই মানুহজনে বুঢ়া হৈ ইহসংসাৰ ত্যাগ কৰিলে, কিন্তু কোনোদিন মহিলাৰ হাতেৰে ৰন্ধা একো নাখালে৷ তেওঁ গোটেই জীৱন নিজেই ৰান্ধি খালে৷ কাৰোবাৰ ঘৰলৈ থকাকৈ গ'লেও তেওঁক বেলেগকৈ চৰু-কেৰাহী পাতি দিব লগা হয়৷ ইফালে নিজে ফেদেলা শেষ! এলাগী হৈ হৈ ঠাইতেই জীৱন্তে হেৰাই তেওঁ গ'লগৈ ইহসংসাৰৰ পৰা৷

তেতিয়া, সেই মানুহজনক লগ পাই কোনেও নিলিখিলে বুলিহে, যে - "এনে এজন মানুহ পাই আহিলোঁ আজি! ছিঃ ছিঃ ছিঃ৷" লগে লগেই পালেহেঁতেন (the more shame,) the more popularity. যদি তেনেকৈ তেতিয়া কোনোবাই লিখিলেহেঁতেন লগে লগে কৌতুহলেৰে তেওঁক লগ কৰিবলৈ যোৱা মানুহো বহুত নোলালহেঁতেন নে! আৰু তেওঁলোকৰ মুখেৰে আৰু অধিকৰ কানত পৰি তেওঁ বিখ্যাত হৈ এজন পকাণ্ড গুৰুৱেই হৈ নপৰিলহেঁতেন নে! তেওঁ ঈশ্বৰ "আৰাধনা" কৰা ঘৰকণ অলেখ মানুহৰ মানত পবিত্ৰতম দৰ্শনকেন্দ্ৰলৈ ৰূপান্তৰিত নহ'লহেঁতেন নে! চল বুজি স্থানীয় বিধায়ক বা সাংসদ এজনো গৈ যদি সৰহকৈ দুপইছামান দক্ষিণা দি আহিলহেঁতেন, তেন্তে মানুহজনে আঙুলিত চিঞাঁহী লগাবলৈ নিদিয়াকৈয়ে ভোট দিব পৰা সত্ৰাধিকাৰৰ দৰেই ক্ষমতাশালীও হৈ পৰিলহেঁতেন৷ এনেবোৰ কথাৰ বাবেই হয়তো এজন দাৰ্শনিক কবিয়ে কৈছিল— "যেনে মানুহ তেনে ঈশ্বৰ, সেই কাৰণেই ঈশ্বৰ উপহাসৰ বস্তু হৈ পৰে৷"

পঠনীয়:  ভাৰতত গৱেষকৰ সংখ্যা কিমান
No Comments

Post A Comment