এডমাণ্ড হিলাৰী

“It’s not the mountain we conquer, but ourselves.”

গভীৰ সত্যৰ অন্বেষণ বা দুঃসাহসিক অভিযানৰ কাহিনীবোৰে কেৱল সেই নিৰ্দিষ্ট ক্ষেত্ৰসমূহত জড়িত হোৱা উত্তৰ-প্ৰজন্মৰ অন্বেষণকাৰী বা অভিযানকাৰীসকলকে যে অনুপ্ৰাণিত কৰে তেনে নহয়, আন যিকোনো ক্ষেত্ৰতে নিষ্ঠাৰে কৰ্ম সম্পাদন কৰিব বিচৰা প্ৰতিজন মানুহকে অনুপ্ৰাণিত কৰে। সাগৰ-পৃষ্ঠৰ পৰা প্ৰায় ২৯,০২৯ ফুট (৮,৮৪৮ মিটাৰ) উচ্চতাত [আন এক তথ্য মতে ২৯,০৩৫ ফুট (৮,৮৫০ মিটাৰ)] অৱস্থিত পৃথিৱীৰ উচ্চতম অংশ এভাৰেষ্ট শৃংগত পদচিহ্ন পেলাবলৈ সক্ষম হোৱা প্ৰথম মানৱ এডমাণ্ড হিলাৰী (২০ জুলাই, ১৯১৯ – ১১ জানুৱাৰী, ২০০৮) আৰু টেনজিং নৰ্গেৰ (২৯ মে’, ১৯১৪ – ৯ মে’, ১৯৮৬) অসাধাৰণ কাহিনীও তেনে এটা অতি বিখ্যাত উদাহৰণ। ১৯৫৩ চনৰ ২৯ মে’ৰ পুৱা চাৰে এঘাৰ বজাত তেওঁলোকে সেই স্থানত উপনীত হৈ পোন্ধৰ মিনিট কটাই আহে। লগে লগে নতুন তাৰকা আৰু অসাধাৰণ অভিযানকাৰী ৰূপত বিশ্বজুৰি বন্দিত হৈ উঠা এই মানুহ দুজন প্ৰকৃততে কেনেকুৱা আছিল বাৰু? যদিও আন বহু পৰ্বতাৰোহীতকৈ তেওঁলোকৰ সহজাত শাৰীৰিক সক্ষমতা কিছু অধিক আছিল বুলি আমি সহজেই শুদ্ধ অনুমান কৰিব পাৰোঁ; কিন্তু কেৱল শাৰীৰিক কিছু দক্ষতা লৈয়েই সেই এভাৰেষ্ট বিজয় সম্ভৱ আছিল নে? তাৰ আগৰ বছৰত আন এক অভিযানত টেনজিং নৰ্গেয়ে প্ৰায় ২৮,২০০ ফুট উচ্চতাত উপনীত হৈয়ো উভটি আহিব লগা হৈছিল। ২৫,৯০০ ফুট উচ্চতাত বাহৰ পতা এডমাণ্ডহঁতৰ দলটোৰ কেবাজনো আৰোহীয়ে শীৰ্ষত উপনীত হ’বলৈ তেওঁলোকৰ পথটোত পাৰ হ’ব লগা অন্তিম উঠঙা মূধটো অতিক্ৰম কৰাটো কেতিয়াও সম্ভৱপৰ নহয় বুলি ধাৰণা কৰিছিল। আনকি সেই বিজয়ৰ মাথোঁ তিনিদিন পূৰ্বে দলটোৰ আন দুজন আৰোহী টম বুৰ্ডিলঁ আৰু চাৰ্লছ ইভান্সে শীৰ্ষাভিমুখী যাত্ৰা আৰম্ভ কৰি প্ৰতিকূল বতৰ আৰু ইভান্সৰ অক্সিজেন সৰবৰাহৰ বিজুতিৰ বাবে শীৰ্ষলৈ মাথোঁ ৩০০ ফুট বাকী থকা অৱস্থাৰ পৰা শিবিৰলৈ নামি আহিছিল। কাৰণ পৰৱৰ্তী সেই ৩০০ ফুটৰ যাত্ৰাটো বোধ হৈছিল— তেওঁলোকৰ নিশ্চিত মৰণযাত্ৰা। বুৰ্ডিলঁই অকলেও যাত্ৰা কৰিব বিচাৰিছিল যদিও ইভান্সে সোঁৱৰাই দিছিল যে সেই যাত্ৰাই তেওঁক আৰু কোনোদিন পত্নীক লগ পোৱাৰ সুযোগ নিদিব। সেই ওভতনি-সিদ্ধান্তটোৰ অনুশোচনা বুৰ্ডিলঁৰ মনত সদায় থাকি গৈছিল। ইভান্সে পিছলৈ প্ৰথম কাঞ্চনজঙ্ঘা বিজয়ী দলৰ দলপতি হৈছিলগৈ আৰু বুৰ্ডিলঁই কেইবছৰমান পাছত ইউৰোপৰ উচ্চতম পৰ্বতমালা এল্পছত বগাবলৈ গৈ এটা দুৰ্ঘটনাত মৃত্যু মুখত পৰিছিল।

এডমাণ্ড আৰু টেনজিং

এডমাণ্ড আৰু টেনজিং

এভাৰেষ্টৰ যাত্ৰা-পথত ভয়ংকৰ হিমপ্ৰপাত, সমুখত ওখ প্ৰাচীৰ সদৃশ বৰফৰ ঠিয় তৰপ, অধিক উচ্চতাত অহা শাৰীৰিক বিকাৰ, সা-সৰঞ্জামৰ বোজা ইত্যাদি বহু বাধাৰ উপৰি ২৬,০০০ ফুট উচ্চতাৰ পৰা জনবসতি অঞ্চলৰ তুলনাত মাথোঁ ৩০ শতাংশ পৰিমাণেহে অক্সিজেন আহৰণ কৰিব পৰা হয়। সেই উচ্চতাৰ পৰা আৰোহীসকলে অক্সিজেন-মাস্ক ব্যৱহাৰ কৰিব লগা হয়। ইফালে আকষ্মিক তীব্ৰ বতাহৰ আছে মানুহকো উৰুৱাই লৈ যাব পৰা ক্ষমতা। আগবঢ়াই দিয়া যিকোনো এটা খোজেই যে মৃত্যুৰ মুখলৈ ঠেলি নিদিব বা অংগছিন্ন কৰি গিৰি-চেপত আছাৰি নেপেলাব তাৰ নিশ্চয়তা তেনেই সূক্ষ্ম। ২৬,০০০ ফুট উচ্চতাৰ পৰা অঞ্চলসমূহ পৰিচিত “মৰণ-এলেকা” নামে। ১৯২১ চনৰ পৰা বৰ্তমানলৈকে শৃংগটোত উপনীত হ’বলৈ গৈ মৃত্যু হৈছে প্ৰায় তিনিশ জনৰ। তাৰোপৰি তেতিয়া নাছিল আজিৰ দৰে উন্নত সঁজুলি, উন্নত ব্যৱস্থা। ২০১০ চনত এটা কোম্পানীয়ে ইয়াৰ ১৭,০০০ ফুট উচ্চতাত এটা 3G সেৱা-কেন্দ্ৰও স্থাপন কৰিছে। যাৰ দ্বাৰা ভিডিঅ’-আলাপ, প্ৰিয়জনৰ সৈতে সংযোগ, আৰু বিশেষকৈ বিপদত সহায়ৰ বাবে নিৰ্ভৰযোগ্য যোগাযোগৰ সুবিধা ভৈয়ামৰ স্থানসমূহৰ দৰেই বহু উচ্চতালৈকে সহজ হৈ উঠিছে। ২০১৩ চনত আন এটা কোম্পানীয়ে 4G নেটৱৰ্কৰ সুবিধা প্ৰদানো আৰম্ভ কৰিছে। যোৱা তিনিটা দশকত প্ৰায় পাঁচ হাজাৰ আৰোহী শীৰ্ষত উপনীত হৈছেগৈ। কেৱল এই ২০১৬ চনৰে পাৰ হৈ যোৱা সময়খিনিত প্ৰায় পাঁচশ আৰোহী শীৰ্ষত উপনীত হৈছে। কিন্তু ইয়াৰ বিপৰীতে, সেই বিজয়ৰ পাছৰ তিনিটা দশকত, অৰ্থাৎ ১৯৫৩ চনৰ ২৯ মে’ পৰা ১৯৮৩ চনৰ ২৮ মে’লৈ মাথোঁ ১৪৩জন আৰোহীহে শীৰ্ষত উপনীত হ’বলৈ সক্ষম হৈছিল। এডমাণ্ডহঁতৰ সমুখত মৃত্যুদূত ৰূপী সমস্ত বাধাক বাদ দি আটাইতকৈ ডাঙৰ যিটো বাধা আছিল, সেইটো হ’ল এটা মনস্তাত্বিক বাধা। কাৰণ, কোনেও জনা নাছিল সেই শীৰ্ষলৈ মানুহ যোৱাটো প্ৰকৃততে সম্ভৱ হয় নে নহয়! সেয়া আছিল সম্পূৰ্ণ অজ্ঞাত। আৰু যদি সম্ভৱ হয়ো, শীৰ্ষত ভৰি দিয়া লগে লগে কি ঘটিব পাৰে সেয়া কোনেও জনা নাছিল। তাত উপনীত হোৱা লগে লগেই উফৰি পৰিব পাৰে নেকি মৃত্যুৰ মুখলৈ! আৰু কেৱল সিমানেই নহয়, শীৰ্ষত উপনীত হোৱাৰ শেষতেই মুখ মেলি ৰৈ আছে ওভটনি যাত্ৰাৰ একেটাই বিপদসংকুল পথ!

পঠনীয়:  দৈনিক আপোনাৰ ৪৫,০০০ টা ঋণাত্মক চিন্তা

এডমাণ্ড হিলাৰীয়ে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ যি নায়ক বা বীৰৰ ভাৱমূৰ্তি জনসাধাৰণ মাজত বৰ্তী আছে সেয়া গঢ়িছে সংবাদ-মাধ্যমেহে, যাৰ প্ৰকৃততে কোনো অস্তিত্বই নাই; তেওঁ এজন তেনেই মধ্যমীয়া সামৰ্থ্যৰ মানুহ। ছাত্ৰাৱস্থাতো তেওঁ খুৱ প্ৰখৰ বা সাংঘাটিক সপ্ৰতীভ ধৰণৰ নাছিল। তেওঁ আছিল বহু পৰিমাণে নিৰ্জু। কিন্তু সেই তেতিয়াৰ পৰাই, তেওঁ যি কাম হাতত লৈছিল সেয়া সদায় খুৱ আগ্ৰহেৰে, তৎপৰতাৰে কৰিছিল। যদি কিবা এটা তেওঁ আৰম্ভ কৰে সেইটো পৰিসমাপ্তিৰ পৰ্যায়লৈকে সমাধা কৰিহে এৰিছিল। তেওঁ কয়, প্ৰয়োজনীয় বহু দক্ষতা তেওঁৰ উচ্চ পৰ্যায়ৰ নাছিল যদিও একনিষ্ঠতা আৰু কিবা এটা আৰম্ভ কৰি কেতিয়াও জলাঞ্জলি নিদিয়া মনোবৃত্তি তেওঁৰ আছিল সদায় দুৰ্দমনীয়। সহজাত দক্ষতাতকৈ এই কিবা এটা কৰাৰ হাবিয়াস আৰু নিজৰ দক্ষতাখিনি কৰ্ষণ কৰি তাক উচ্চতম পৰ্যায়লৈ নিয়াৰ চেষ্টায়েই কিবা এটা খুৱ ভালকৈ কৰিব পৰা এজনৰ পৰা কৰিব নোৱৰা এজনক পৃথক কৰি তোলে। বহু দক্ষতা থাকিও সুতীব্ৰ স্পৃহা আৰু সংকল্পৰ অভাৱত পুলুকা মৰাজনতকৈ সাধাৰণজনেই দৃঢ়ভাৱে ব্ৰতী থাকি নিজেই সম্ভৱ বুলি নভবা কাম এটাৰো স্বপ্নোপম ফলাফল আহৰণ কৰিব পাৰে। এডমাণ্ডে সদায়, পৰৱৰ্তী স্তৰত যিটো ঘটিবলৈ গৈ আছে তাৰ পৰিকল্পনা মনতে নিৰলে পাঙিবলৈ যত্ন কৰিছিল আৰু তাৰ ফলত পৰৱৰ্তী স্তৰটোত অহা আকষ্মিক বিপাঙতো তাৎক্ষণিক অথচ শুদ্ধ সিদ্ধান্ত লোৱাত সহায় হৈছিল। দৃঢ় সংকল্প, পৰিকল্পনা, স্পৃহা আৰু আকাংক্ষাইহে তেওঁক গঢ়ি তুলিছিল। তেওঁ ক’ত এদিন উপনীত হ’বগৈ সেয়াও ভবা নাছিল, কিন্তু পদে পদে লাভ কৰা প্ৰত্যাহ্বানসমূহ একনিষ্ঠভাৱে গ্ৰহণ কৰি গৈছিল।

this-2003-issue-of-national-geographic-celebrated-the-50th-anniversary-of-edmund-hillarys-conquest-of-everestশৈষৱত এডমাণ্ডে অলেখ দুঃসাহসিক বিজয় অভিযানৰ সপোন দেখিছিল আৰু পঢ়িছিল অসংখ্য কিতাপ। তেওঁৰ হাইস্কুললৈ ৰেলেগড়ীৰে দুঘণ্টাৰ বাট আছিল। সেয়েহে তেওঁ পুথিভঁড়ালৰ পৰা একোখন কিতাপ লৈ ৰেলৰ অহা-যোৱাৰ চাৰি ঘণ্টাটো সদায় কিতাপ পঢ়িছিল। সেইসমূহৰ মাজত বিভিন্ন অভিযান-কাহিনীৰ কিতাপেই আছিল অধিক। পিছলৈ, বহু জীৱনী-গ্ৰন্থ পঢ়াৰো তেওঁৰ ৰাপ বাঢ়িছিল। দুঃসাহসিকতাৰে প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ মনোবৃত্তি তেওঁৰ সৰুতেই গঢ়ি উঠিল। এণ্টাৰ্কটিকা অভিযানকাৰী আৰ্নেষ্ট শ্বেকল্টনৰ শ্ৰমনিষ্ঠা আৰু নেতৃত্বৰ কাহিনীয়ে তেওঁক সদায় অনুপ্ৰাণিত কৰিছিল। সঘনে মুখামুখি হোৱা জটিল সমস্যাৰ সময়তো আনক অনুপ্ৰাণিত কৰি পাৰ কৰি নিয়া আৰু যিকোনো পৰিস্থিতিত নিজকে খাপ খুৱাই লোৱাৰ সামৰ্থ্য শ্বেকল্টনৰ হেনো আছিল অসমান্য। সৰহভাগ অভিযানকাৰীৰে আনৰ পদাংক অনুকৰণ কৰা মানসিকতাৰ বিপৰীতে শ্বেকল্টনে, কোনোবাই যদি ন ন ফলপ্ৰসূ ধাৰণা আগবঢ়ায় তাক গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰিছিল। এডমাণ্ডো আছিল তেনে মানসিকতাৰে গঢ় লোৱা মানুহ। আৰু সৰ্বস্ব উজাৰি ব্ৰতী হ’বলৈ তেওঁ আছিল সদায় প্ৰস্তুত। শৈশৱৰ পৰা এভাৰেষ্ট বিজয়ৰ পাছত বিয়া পতা সময়লৈকে তেওঁৰ মন বহু অস্থিৰ আছিল বুলি তেওঁ কয়। ধৈৰ্যশক্তি, প্ৰবল প্ৰত্যাহ্বান একোটা অতিক্ৰম কৰাৰ দৃঢ়তা, অলপ ব্যৰ্থতাতে পিছ নুহকা আৰু সামান্য সফলতাতে উৎফুল্লিত নোহোৱা মনোবৃত্তি লৈ তেওঁ, মানৱীয় সামৰ্থ্যৰ সীপাৰৰ যেন হৈ থকা সেই কৰ্মটিত টেনজিং নৰ্গেৰ সৈতে সফলকাম হ’লগৈ।

বিজয়ৰ পাছত শীৰ্ষৰ পৰা নামি আহি এডমাণ্ডহঁত যেতিয়া কাঠমাণ্ডু পাইছিলহি তেওঁলোকে দেখিলে— কিছুমান সাংঘাটিক বিতৰ্ক চলি আছে। এডমাণ্ড আছিল নিউজিলেণ্ডৰ বাসিন্দা আৰু টেনজিং আছিল নেপালী। টেনজিং আচলতে ভাৰতৰ নে নেপালৰ সেইটো প্ৰতিষ্ঠা কৰিবলৈ দুয়ো দেশৰ চৰকাৰৰ পাকচক্ৰ চলিছিল। আকৌ, দুয়োখন দেশৰে সংবাদ-মাধ্যমে শৃংগত ভৰি দিয়া প্ৰথমজন মানুহ হিচাপে টেনজিঙক প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। তেওঁলোকে এনেকুৱাকৈ বুজোৱা চেষ্টা কৰিছিল যে বিদেশী আৰোহী এজনৰ দৰেই নেপালী আৰু ভাৰতীয় আৰোহী এজনো দক্ষ হ’ব পাৰে। কথাবোৰে এডমাণ্ড-টেনজিংহঁতক বৰ অস্বস্তিত পেলাইছিল। দলপতি জন হাণ্টৰ সৈতে তেওঁলোক দুয়োৱে আলোচনা কৰি এটা সিদ্ধান্ত ল’লে যে শৃংগত প্ৰথমে কোনে ভৰি দিছিল সেই কথা তেওঁলোকে প্ৰকাশ নকৰে। এডমাণ্ডহঁতে কয় যে সেয়া হ’ল দলবদ্ধ প্ৰচেষ্টা, যি ক্ষেত্ৰত প্ৰথম কোনজন পালেগৈ সেয়া গুৰুত্বপূৰ্ণ নহয়। তাৰ পাছতো, টেনজিঙে এডমাণ্ডৰ পূৰ্বে শীৰ্ষত ভৰি দিয়া বুলি ক’বলৈ টেনজিঙৰ ওপৰত বহু হেঁচা পৰিছিল। পিছত, টেনজিঙে তেওঁৰ আত্মজীৱনীত মানুহবোৰৰ সেই কথাবোৰ, একেডাল ৰচীৰে জোঁট-বন্ধনত থকা দুজন আৰোহীৰ বাবে কিমান অৰ্থহীন সেই কথা ব্যাখ্যা কৰি প্ৰজ্ঞা আৰু আবেগ মণ্ডিত ভাষাৰে আচল সত্যটো প্ৰকাশ কৰিছিল যে এডমাণ্ডেই আচলতে শৃংগত প্ৰথমে ভৰি দিছিল!

পঠনীয়:  বিষণ্ণতা, হতাশা, মানসিক চাপ আৰু মানসিক শক্তি

craig-primrose-sir-edmund-hillaryএভাৰেষ্ট জয়ৰ পাছত এডমাণ্ডে এণ্টাৰ্কটিকাৰ বৈজ্ঞানিক অনুসন্ধানতো ভাগ লৈছিল আৰু দক্ষিণ মেৰুত উপনীত হৈছিলগৈ। তেওঁ উত্তৰ মেৰুতো উপনীত হয়গৈ। এভাৰেষ্ট শৃংগ, উত্তৰ মেৰু আৰু দক্ষীণ মেৰু— এই তিনি অৱস্থানৰ গোটেইকেইটাতে উপনীত হ’বলৈ সক্ষম হোৱা ব্যক্তিকেইজনৰ প্ৰথমজন হ’ল তেঁৱেই। এডমাণ্ডে জীৱনত বহুবাৰ এই কথা কৈছে যে এজন অসাধাৰণ অভিযাত্ৰী বুলি পৰিচিত হোৱাৰ বিপৰীতে তেওঁ আচলতে এজন সাধাৰণ মানুহহে যি সমুখলৈ অহা বহু প্ৰত্যাহ্বান গ্ৰহণ কৰিছে, উপভোগ কৰিছে আৰু এই প্ৰত্যাহ্বানবোৰ বিভিন্ন ক্ষেত্ৰৰ। এভাৰেষ্ট শৃংগত ঠিয় দি যেতিয়া তেওঁ চাৰিওপিনৰ বিস্তীৰ্ণ জগতখন আৰু আন আন শৃংগবোৰলৈ চাইছিল তেতিয়াও তেওঁৰ মনত খেলাই আছিল সেইসমূহ কেনেদৰে বগাব পৰা যায়। পৃথিৱীৰ উচ্চতম অৱস্থানত ঠিয় দিয়ো তেওঁৰ বাবে সেয়া প্ৰত্যাহ্বানৰ সমাপ্তি নাছিল। সেই মুহূৰ্ততো আৰু তাৰ পাছতো মৃত্যু পৰ্যন্ত তেওঁ বিচাৰি উলিয়াইছিল ন ন প্ৰত্যাহ্বান আৰু পথ উলিয়াইছিল সেইখিনি দূৰ কৰাৰ। এভাৰেষ্ট বিজয়ৰ পাছত তেওঁ এভাৰেষ্ট-মুখী যাত্ৰাপথৰ নিলগৰ জনবসতি অঞ্চলবোৰলৈ বহুবাৰ গৈছিল, আৰু তাৰ জনসাধাৰণৰ সৈতে তেওঁৰ মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল। সেই মানুহবোৰৰ শৌৰ্য্য-বীৰ্য্যই তেওঁক সদায় অভিভূত কৰিছিল; কিন্তু তেওঁ দেখিছিল সেই সমাজখনত শিক্ষা, চিকিৎসাকে আদি কৰি বহু উপাদানৰ সম্পূৰ্ণ অভাৱ আছিল। (টেনজিঙেই, সাতটা ভাষা ক’ব পাৰিছিল যদিও তেওঁ লিখিব নাজানিছিল। তেওঁৰ আত্ম-জীৱনীখন শ্ৰুতলিপি দিহে লিখিছিল।) এবাৰ তাৰে কেম্প এটাত হীম-শীতলতাৰ মাজত এডমাণ্ডে আৰোহী আৰু চেৰ্পাসকলৰ সৈতে জুম বান্ধি জুই পুৱাই ভঙা ভঙা নেপালী আৰু ইংৰাজীত কথা-বতৰা পাতি আছিল। এডমাণ্ডে এজন মানুহক সুধিলে— যদি তোমালোকৰ গাওঁখনৰ বাবে আমি কিবা এটা কৰিব পৰা আছে তেন্তে সেয়া কি হোৱা উচিত? মানুহজনে উত্তৰ দিলে— আমি আমাৰ ল’ৰা-ছোৱালীবিলাকে বিদ্যালয়ৰ মুখ দেখিবলৈ পোৱাটো বিচাৰোঁ চাহেব, আমাৰ ল’ৰা-ছোৱালীবোৰে জ্ঞানাৰ্জনৰ সুবিধা পোৱাটোৱেই আমাৰ উচ্চতম আকাংক্ষা। কথাষাৰে এডমাণ্ডৰ অন্তঃকৰণ ভেদি গ’ল। পিছৰ বছৰত তেওঁ ৪৭জন ল’ৰা-ছোৱালীৰে এখন বিদ্যালয় স্থাপন কৰিলে। তেওঁৰ প্ৰচেষ্টাত গঢ়ি উঠিল মুঠ ২৭খন বিদ্যালয়, দুখন চিকিৎসালয়, ভালে সংখ্যক স্বাস্থ্য-কেন্দ্ৰ, যোগাযোগৰ বাবে উদ্ধত নদীৰ ওপৰত কেবাখনো দলং ইত্যাদি। শিক্ষা বিস্তাৰ, চিকিৎসা সুচলতা, কৃষি উন্নতি, হিমালয় অঞ্চলৰ সংস্কৃতি তথা বিনন্দীয়া প্ৰকৃতিৰ সৌষ্ঠৱ বৰ্তাই ৰখা, পৰ্যটন আদি ক্ষেত্ৰত তেওঁ আজীৱন কাম কৰিলে। ১৯৬০ চনত তেওঁ প্ৰতিষ্ঠা কৰা “হিমালয়ান ট্ৰাষ্ট”এ আজিও শিক্ষা, চিকিৎসা, দুৰ্যোগ-সাহায্য আদি ক্ষেত্ৰত কাম কৰি আছে। এভাৰেষ্ট বিজয়ৰ ৫০ বছৰ পূৰ্তিত লিখা এটা প্ৰবন্ধত ৫০ বছৰৰ পিছলৈ উভটি চাই এডমাণ্ডে লিখিছিল যে তেওঁৰ মানত এভাৰেষ্ট-শীৰ্ষত উপনীত হোৱাটো পিছপৰা অঞ্চলবোৰৰ উন্নতিৰ বাবে লোৱা পদক্ষেপবিলাকতকৈ বহু দিশৰ পৰাই আছিল কম গুৰুত্বপূৰ্ণ। সেই ঠাইৰ বহু জনসাধাৰণৰ মানত এভাৰেষ্টৰ পাছতেই তেওঁলোকৰ আটাইতকৈ শ্ৰেষ্ঠ সম্পদটি হ’ল এডমাণ্ড হিলাৰী, যি তেওঁলোকৰ জীৱন-ধাৰাই সলনি কৰি পেলালে।

এভাৰেষ্ট শীৰ্ষত এডমাণ্ডে তোলা টেনজিঙৰ ফটোখন

এভাৰেষ্ট শীৰ্ষত এডমাণ্ডে তোলা টেনজিঙৰ ফটোখন

এভাৰেষ্ট শীৰ্ষত ৰৈ এডমাণ্ডে জেপত লৈ যোৱা কেমেৰাটোৰে টেনজিঙৰ এখন ফটো তুলিছিল। য’ত টেনজিঙে লগত থকা নেপাল, ভাৰত, ব্ৰিটেন আৰু ৰাষ্ট্ৰসংঘৰ পতাকা চাৰিখন হাতৰ কুঠাৰখনত বান্ধি দাঙি ধৰি থাকে। বিশ্বৰ আটাইতকৈ বিখ্যাত ফটোবিলাকৰ ভিতৰত নিঃসন্দেহে সেইখনো এখন। টেনজিঙে কেতিয়াও কেমেৰা ব্যৱহাৰ কৰা নাছিল। সেয়েহে এডমাণ্ডৰ কেমেৰাটো লৈয়ে তেওঁৰো এখন ফটো তুলি দিবলৈ বিচাৰিছিল, কিন্তু এডমাণ্ড অমান্তি হ’ল। ইয়াৰ কাৰণ জনা নাযায়। ভবা হয়, এডমাণ্ডৰ তেতিয়া হয়তো ফটো উঠাৰ মন নাছিল নতুবা কেতিয়াও কেমেৰা ব্যৱহাৰ নকৰা টেনজিঙক তেতিয়া ফটো তুলিবলৈ শিকোৱাৰ সময় নাছিল আৰু তাৰ পাছতেই এডমাণ্ডে শীৰ্ষৰ পৰা চাৰিওপিনৰ দৃশ্যৰ ফটো ল’বলৈ ধৰিছিল। সেয়েহে, শীৰ্ষত থকা অৱস্থাত এডমাণ্ডৰ কোনো ফটোও নাই।

No Comments

Post A Comment