দেৱদাস আৰু ৰিচাৰ্ড ফিলিপছ ফাইনমেন

(১)

কেইবছৰমান আগতে এটা কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠানৰ উত্তৰ-পূৰ্বাঞ্চল শাখাই ৰবীন্দ্ৰ ভৱনত আয়োজন কৰা তেওঁলোকৰ কিবা এটা অনুষ্ঠানত ব্যক্তিত্ব গঠন আৰু পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে আহৰণ কৰিবলগীয়া গুণসমূহৰ সম্পৰ্কত অমিতাভ মুখাৰ্জী নামৰ এজন অধ্যাপকে বক্তৃতা দিছিল। তেওঁ কৈছিল, তেওঁ নিজে ভাৰতৰ প্ৰথম দহখন শ্ৰেষ্ঠ মহাবিদ্যলয়ৰ তালিকাত সদায়ে অন্তৰ্ভুক্ত হৈ থকা এখন মহাবিদ্যালয়ৰ পৰা বানিজ্য শাখাৰ এটা বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ যেতিয়া মহাবিদ্যালয়ৰ বাহিৰৰ আচল জগতখনলৈ ওলাই আহিছিল তেতিয়া তেওঁ দেখিছিল যে সেইখন জগতত তেতিয়াও তেওঁ এটা মস্ত বিফল মানুহ! পিছৰ কালত তেওঁ কি কি গুণ আয়ত্ব কৰি বিভিন্ন কাম-কাজ সম্পাদন কৰিব পাৰিলে সেইখিনিও চমুকৈ ব্যাখ্যা কৰিছিল; আৰু সম্পূৰ্ণ প্ৰফেছনেল আদব-কায়দাৰে অতি আকৰ্ষণীয় কথনভংগীৰে তেওঁ কোৱা বিভিন্ন কথাৰ মাজৰ এটা প্ৰসংগ আছিল— দেৱদাসৰ কি কি গুণ নাছিল!

যিকোনো বয়সৰে, যিকোনো প্ৰফেছনত জড়িত, যিকোনো সফলতা আহৰণ কৰা, আমি সকলোৱে নিজেই যদি এতিয়া ভাবি চাওঁ তেন্তে প্ৰত্যেকেই নিশ্চয় মানি ল’ম যে “দেৱদাস” চিনেমাখন এতিয়াও যদি আমি চাওঁ তেন্তে অন্ততঃ কোনো নহয় কোনো এটা দৃশ্যত আমাৰ দুচকু সেমেকি উঠিব; কিন্তু দেৱদাসতকৈয়ো অধিক সেই একেই দুখেৰে কোনোবাই যদি আমাৰ সমুখত আহি হাহাকাৰ কৰেহি তেন্তে তেওঁৰ প্ৰতি আমি সমান্যও দুখ অনুভৱ কৰাৰ পৰিৱৰ্তে সাধাৰণতে অধিক পুতৌহে অনুভৱ কৰিম! ইয়াৰ কাৰণটো হ’ল, আমি চিনেমাখন চাই থকা সময়ত দেৱদাসৰ দুখ দেখি নাকান্দো, আমি কান্দো আমাৰ মনৰ নিভৃত কোণত সোমাই থকা সেই একেই হাহাকাৰ কিছুমান জাগ্ৰত হৈ উঠাৰ বাবেহে! আমাৰ সমুখতে চিনাকি এজনে যদি দেৱদাসতকৈয়ো অসহায় হৈ দুখত ভাগি পৰে তেন্তে আমি নিজৰ সেই দুখখিনি নিৰাপদে লুকুৱাবলৈ অৱলম্বন নাপাওঁ বাবে তেওঁৰ প্ৰতি সামান্যও দৰদ অনুভৱ কৰিবলৈ আগ্ৰহ দেখুৱাব নোৱাৰোঁ! অৰ্থাৎ, আমি প্ৰত্যেকেই “দেৱদাস” চাই ভাল পাওঁ কাৰণ চিনেমাখন চালে আমি আমাৰ নিজৰ মাজত সোমাই থকা দেৱদাসটোক এবাৰ লগ পাওঁ, আৰু কিছুদিনলৈ তাক বশ কৰি ৰখাৰ আমি এটা সুযোগ পাওঁ।

এতিয়া প্ৰশ্ন হ’ল— দেৱদাসৰ কি কি গুণ নাছিল? যিবোৰ গুণ সাধাৰণতে আমাৰ গাতো থাকিব নিবিচাৰে, অথচ আমি কষ্ট কৰি সেই গুণবোৰ আয়ত্ব কৰিব লগা হয়, তেনেকুৱা কিছুমান গুণেই দেৱদাসৰ নাছিল নেকি? যিবোৰ গুণ নাথাকিলেহে আমি নিজে অধিক স্বাচ্ছন্দ্য অনুভৱ কৰোঁ, অথচ সমাজ বা পৃথিৱীত বৰ্তী থাকিবলৈ সেই গুণবোৰ আমি আহৰণ কৰি ল’বলৈ বাধ্য হওঁ, সেইবোৰ গুণেই দেৱদাসে আহৰণ কৰিব পৰা নাছিল নেকি?

অমিতাভ মুখাৰ্জীয়ে কৈছিল, দেৱদাসৰ leadership quality আৰু communication skill সম্পূৰ্ণৰূপে শূ্ন্য আছিল, আৰু সামগ্ৰিকভাৱে ক’বলৈ গ’লে তেওঁৰ এটা ভাল ব্যক্তিত্ব নাছিল। বিদেশত পঢ়ি উভটি অহা তেওঁ নিশ্চয়কৈ এজন তীক্ষ্ণধী মানুহেই আছিল। তেওঁ নিজৰ জীৱনলৈ, আন দহজনৰ জীৱনলৈ, সমাজলৈ কিছু হ’লেও বৰঙণি আগবঢ়াব পাৰিলেহেঁতেন, কিন্তু তেওঁৰ জীৱনটো বা দেৱদাস নামৰ মানুহটো এটা খোলাকটিৰ দৰে বকৰাণিত আলৈ-আথানিকৈ পৰি হেৰাই গুচি গ’ল। আনকি ইয়াকো ক’ব পাৰি— কুকুৰ-মেকুৰী নালাগে, কুকুৰ-মেকুৰীৰ ফটোৱেও যিমানকণ আদৰ পাই সিমানকণ আদৰো তেওঁ শেষত নাপালেগৈ...।

দেৱদাসে যেতিয়া পাৰুক বিয়া পাতিব নোৱৰা পৰিস্থিতি এটা সৃষ্টি হ’ল, তেতিয়া তেওঁ নিজৰ ইচ্ছা পুৰণৰ বাবে যাৰ লগত যি কথা পাতিব লাগে পাতিব লাগিছিল; কিন্তু তেওঁ অভিমান কৰি ঘৰৰ পৰা ওলাই গুচি গ’ল, আৰু কোনেও তেওঁৰ অভিমানৰ মূল্যই নিদিলে! দেউতাকৰ লগত সামান্য তৰ্ক কৰিছিল যদিও তাতো তেওঁৰ সবল সিদ্ধান্ত নাছিল। যিখিনি সবলতা, দৃঢ়তা পাৰুৰ সিদ্ধান্তত আছিল। সকলো মৰ্যদা আৰু বদনামলৈ ভয় পৰ্যন্ত ত্যাগ কৰি তেওঁ দেৱদাসৰ সিদ্ধান্তৰ কথা নিজ মুখেৰে জানিবলৈ আগবাঢ়ি গৈছিল; কিন্তু দেৱদাসৰ কথাত যুক্তিহে আছিল, ভৱিষ্যতটোত কি কৰিব তাৰ প্ৰতি তেওঁৰ কোনো স্বচ্ছ সিদ্ধান্ত নাছিল। আৰু পিছত তেওঁ ঘৰৰ পৰা ওৱাই গ’ল। গ’ল যি গ’ল, সেই সময়ত পৰুকো এবাৰ লগ নকৰাকৈয়ে বা যি কথা পাৰুক ক’বলগীয়া আছিল একো নকোৱাকৈয়ো গুচি গ’ল! আন নহ’লেও, তেওঁ অন্ততঃ পাৰুলৈ মনৰ নিৰ্দিষ্ট কথাখিনি সেই সময়ত বাৰ্তা হিচাপেও পঠাই থৈ যাব লাগিছিল; কিন্তু তেওঁ একো নজনালে! তেওঁ গুচি গ’ল— তেওঁ ক’লৈ কিয় গৈছে নিজেই নাজানে ভালকৈ। আৰু পিছত তেওঁ ঘৰৰ মৰ্যদাকে উচ্চ স্থান দি পাৰুলৈ পত্ৰ লিখিলে। সেই পৰিস্থিতিত তেওঁৰ মনৰ স্তৰটো নিশ্চয় এনেকুৱাই আছিল— দেউতাৰ পৰা সৰুতে শাস্তি পাইছোঁ যদিও, দেউতা এজন খঙাল মানুহ যদিও, মই এজন আদৰৰ বিশিষ্ট যুৱক, অভিমান কৰি গুচি যাওঁ, কোনোবাই আতৌ-পুতৌকৈ মাতি আনিব; নোখোৱাকৈ আছোঁ, কোনোবাই আথে-বেথে খুৱাব। কিন্তু কোনেও তেওঁক মাতি নানিলে! কিন্তু যেতিয়া সময় উকলি গ’ল, তেতিয়াহে তেওঁ বুজি পালে যে পাৰুৰ অবিহনে তেওঁ থাকিব নোৱাৰে! দেউতাকৰ মৃত্যুৰ খবৰ দিবলৈ লগুৱা এজন গৈছিল যদিও, দেৱদাসে যিটো মুদত ঘৰৰ পৰা ওলাই গৈছিল সেইটো মুদৰ প্ৰতি কোনেও পাত্তাই নিদিলে! এটা সুস্থ-সবল কাৰ্যক্ষম মানুহ, ঘৰৰ পৰা গুচি গৈছ, কোনে আৰু আজি আতৌ-পুতৌকৈ মাতি আনিব? কোনে খুৱাব? গৈছ যা, এদিন দৰকাৰ থাকিলে নিজেই উভটি আহিবি! নাই খোৱা নাই, আজি নাই খোৱা, কাইলৈ নাই খোৱা, ভোক লাগিলে পৰহিলৈ নিজেই খাবি! —কথাবোৰ এনেকুৱাই হৈ পৰিল! আৰু পৰিণতি? আমি লাভ কৰিলোঁ এটা বিশেষণ— “দেৱদাস”! দেৱদাস নামৰ মানুহটোৰ জীৱনৰ যেন একো মূল্য নাই। ব্যৱস্থাপনাৰ কোনো দক্ষতা নথকা, কথোপকথনৰ (যোগাযোগৰ) সামান্যও গুণ নথকা, আনে গুৰুত্ব দিবলৈ কোনো উপায়েই নথকাকৈ কেৱল আত্ম-সম্ভ্ৰমকে খামুচি থকা এজন যুৱক দেৱদাসৰ সেইয়া আচলতে যেন এক অতি স্বাভাৱিক পৰিণতিহে! এইখিনিতে আমি মনত পেলাব পাৰোঁ বিল গেটছৰ বহু আলোচিত এষাৰি কথা— “জগতে তোমাৰ আত্ম-সম্ভ্ৰমত কোনো গুৰুত্ব নিদিয়ে; তুমি নিজক লৈ সন্তুষ্টি লাভ কৰাৰ পূৰ্বে জগতে তোমাৰ পৰা বিচাৰে তুমি কিছু সিদ্ধি লাভ কৰাতো।” (The world won’t care about your self-esteem. The world will expect you to accomplish something before you feel good about yourself.)

পঠনীয়:  “আনে কি ভাবে তোমাক কিয় লাগে?”

দেৱদাসে যি আৱেগেৰে নিজক ধ্বংসৰ মুখলৈ লৈ গৈছিল, সেই একেই আৱেগেৰে তেওঁ নিজক এজন সৃষ্টিশীল মানুহলৈ ৰূপান্তৰিত কৰিব পাৰিলেহেঁতেন। ইমান বিধ্বংসী আৱেগ..., খোজ নচলাকৈ সুৰাৰ ৰাগীত মাতাল হৈ থকা দেৱদাস আচলতে তাতকৈয়ো শতগুণ অধিক মাতাল হৈ আছিল ভাৱনাৰ ৰাগীত! আৰু সেই ইমান ভাৱনাৰ ৰাগীক যদি যিকোনো এজন মানুহে নিজে সৃষ্টিশীলতালৈ ৰূপান্তৰিত কৰিব বিচাৰে, তেন্তে এই অতি সৰু এটা ইচ্ছায়েই তেওঁ কোনেও বাধা দিব নোৱৰা এজন প্ৰাচুৰ্যময়, উৎপাদনক্ষম মানুহলৈ ৰূপান্তৰ কৰি তুলিব পাৰে। সাংঘাটিক সৃষ্টিশীল মানুহত পৰিণত নকৰিলেও, সেই সামান্য ইচ্ছাৰেই তেওঁ নিজকে ধ্বংস-মুখৰ পৰা সম্পূৰ্ণ ১৮০ ডিগ্ৰী ঘূৰাই এজন ‘গঢ়ি তোলা মানুহ’ত পৰিণত কৰিব পাৰে। কিন্তু দেৱদাসে নিজক গঢ়াৰ কথা এবাৰো নাভাবিলে।

(২)

আইনষ্টাইনৰ পাছতেই কুৰি শতিকাৰ যিজন বিজ্ঞানীৰ প্ৰতি অধিক সংখ্যক মানুহ আকৃষ্ট হৈছে সেইজনেই সম্ভৱতঃ ৰিচাৰ্ড ফিলিপছ ফাইনমেন। ১৯৯৯ চনত Physics World নামৰ জাৰ্ণেলখনে চলোৱা এটা সমীক্ষাত তেওঁ সৰ্বকালৰ সপ্তমজন শ্ৰেষ্ঠ বিজ্ঞানীৰূপে বিবেচিত হয়। কোনো কোনো মানুহে তেওঁক পৃথিৱীৰ আটাইতকৈ স্মাৰ্ট ব্যক্তি বুলিও অভিহিত কৰে। কিন্তু আইনষ্টাইনৰ যি ভাৱমূৰ্তি, সেই ধৰণৰ নাছিল ফাইনমেন। খাঁটি অসমীয়া ভাষাত ক’বলৈ গ’লে ফাইনমেন আছিল এজন অতিশয় তীক্ষ্ণধী খটাসুৰ মানুহ। ২৩ বছৰ বয়সতে তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লৈছিল। তেওঁৰ তত্ত্বাৱধায়কজন আছিল অতি শৃংখলাপৰায়ণ ব্যক্তি। ফাইনমেনে প্ৰথম সাক্ষাতৰ দিনটোতে সময়ৰ খেলিমেলি কৰাত তত্ত্বাৱধায়কজনে খঙতে জেপৰ পৰা ঘড়ীটো উলিয়াই মেজৰ ওপৰত ৰাখিছিল যাতে তেওঁৰ খং উঠাতো ফাইনমেনে বুজি পায়। কিন্তু তাকে দেখি ফাইনমেনে ওলোটাই নিজৰ হাতঘড়ীটো খুলি তত্ত্বাৱধায়কজনৰ ঘড়ীটোৰ কাষতে থৈ দিছিল। তত্ত্বাৱধায়কজনে খঙত ফাইনমেনক খেদি দিবই বিচাৰিছিল, কিন্তু ফাইনমেন সাংঘাটিক তীক্ষ্ণধী হোৱা বাবেই সকলো সহ্য কৰিছিল। ফাইনমেনৰ বিষয়ে আগতে পঢ়িবলৈ পোৱাসকলে এনে বহু কাহিনী জানে নিশ্চয়। তেওঁৰ আত্মজীৱনীমূলক দুখন গ্ৰন্থৰ নামেই হ’ল— “What do you care what other people think?” আৰু “Surely you’re joking, Mr. Feynman!” কোৱাণ্টাম বলবিদ্যালৈ আগবঢ়োৱা অসমান্য অৱদানৰ বাবে তেওঁ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা লাভ কৰে। কেৱল গৱেষক হিচাপেই নহয়, শিক্ষক হিচাপেও তেওঁ কিংবদন্তীত পৰিণত হৈছিল। কেলটেকত তেওঁৰ পাঠদানসমূহ ৰেকৰ্ড কৰি ৰখা হৈছিল, আৰু তাৰে ভিত্তিত ‘The Feynman Lectures on Physics’ নামেৰ তিনিটা খণ্ডৰ এখন গ্ৰন্থ প্ৰকাশ কৰা হৈছিল, যিখনৰ বিভিন্ন সংস্কৰণ মিলাই বৰ্তমানলৈকে ৩০ লাখৰো আধিক কপী বিক্ৰী হৈছে। এইখন গ্ৰন্থকে পদাৰ্থবিজ্ঞানৰ আটাইতকৈ অধিক বিক্ৰী হোৱা গ্ৰন্থ বুলি অনুমান কৰা হয়। ফাইনমেন আছিল এজন চিত্ৰকৰ আৰু বংগোবাদকো। এগৰাকী কৌতুকপ্ৰিয়, ফুৰ্টিবাজ, প্ৰবল উদ্যমী আৰু সাংঘাটিক অনুসন্ধিৎসু মনৰ অধিকাৰী ব্যক্তি বুলিয়েই পৰিচিত ফাইনমেনৰ ব্যক্তিগত জীৱনটোলৈ চালে আমি দেখা পাওঁ এজন অতিশয় আকুল আৰু বিধ্বস্ত মানুহকো! তেওঁৰ আন শ্ৰেষ্ঠ কৰ্মবোৰ, বা ধেমালীৰে আন মানুহক শ’লঠেকত পেলোৱা কৰ্ম-কাণ্ডবোৰ কথা শুনাৰ পাছত, সেই কাহিনীবোৰ শুনিলে, ফাইনমেনৰো এনেকুৱা হ’ব পাৰে বুলি প্ৰথমে বিশ্বাস কৰিবলৈ অলপ কঠিন হৈ পৰে। তেওঁৰ সেইটো ৰূপত দেখা যায় বিশেষ কাৰোবাক অহৰহ বিচাৰি হাবাথুৰি থোৱাৰ আৰু বিচাৰি নাপায় হাহাকাৰ কৰাৰ এটি ৰূপ। যিবোৰ কাহিনী (পাগলামী) শুনিলে আচৰিত হ’ব লগা হয়।

MIT ত পঢ়ি থকা সময়ত, এদিন সাগৰৰ পাৰত, সচৰাচতে কৰাৰ দৰে বন্ধু-বান্ধৱীৰ দল এটা মিলি পাৰ্টি-তামাচা কৰি থকা সময়ত ফাইনমেনে এটা চাঞ্চল্যময় কথা শুনিবলৈ পালে— “আৰ্লিন আহিছে! আৰ্লিন আহিছে!” আৰু লগে লগে সকলোৱেই আৰ্লিনক চাবলৈ ঢপলিয়াই গ’ল। সেই দলটোৰ পৰাই আনবোৰৰ দৰে ফাইনমেনেও, আকৰ্ষণ অনুভৱ কৰা ছোৱালী সংগীক লগত লৈ পূৰ্বতে তিনিবাৰমান চিনেমা চাবলৈ যোৱা আদি কৰিছিল। কিন্তু আৰ্লিন কোন ফাইনমেনে আগতে জনা নাছিল, আৰু নিজৰ কাম পেলাই থৈ এনেকৈ ঢপলিয়াই যোৱাটো ফাইনমেনে পছন্দ কৰা নাছিল। আৰ্লিন সঁচাকৈয়ে বহুত ধুনীয়া আছিল আৰু তেওঁৰ লগত নাচিবলৈ সকলো উদ্বাউল হৈ আছিল। ফাইনমেনে নিজেও লাহে লাহে তেওঁৰ লগত নাচিবলৈ মনে মনে সুযোগ বিচাৰিবলৈ ধৰিলে। কিন্তু কোনোপধ্যেই তেওঁ সুযোগ নাপায় হে নাপায়। এদিন তেওঁৰ মুখেৰে ইচ্ছাটোৰ কথা ওলাই আহিল। লগে লগে ফাইনমেনৰ ওচৰতে থকা এজনে তেওঁৰ ইচ্ছাটোৰ কথা সবেই শুনাকৈ চিঞৰি ঘোষণা কৰি দিলে। আৰ্লিনে তেতিয়া বেলেগ এজনৰ সৈতে নাচি আছিল, আৰু তেওঁলোক নাচি নাচি ফাইনমেনৰ ওচৰলৈ আগবাঢ়ি আহিল, আৰু লগৰবোৰে ফাইনমেনক ঠেলি ঠেলি সেই নাচৰ স্থানলৈ আগবঢ়াই দিলে। কিন্তু ফাইনমেনে আৰ্লিনৰ লগত অকণমান সময় নাচিবলৈ পাওঁতেই কোনোবা এজন আহি তেওঁৰ স্থান দখল কৰি ল’লে। ফাইনমেনৰ মাকৰ বান্ধৱী এগৰাকীয়ে খোলা স্কুল এখনত ফাইনমেনে নাচৰ প্ৰশিক্ষণ লৈছিল। তালৈ আৰ্লিনকো ফাইনমেনে আমন্ত্ৰণ জনালে। আৰ্লিন সন্মত হ’ল। কিন্তু স্কুলখনৰ প্ৰচাৰ হওক বুলি ফাইনমেনৰ বন্ধুকেইজনকো ফাইনমেনৰ মাকে আমন্ত্ৰণ জনালে। বন্ধুকেইজন আহি যেতিয়া ফাইনমেনক আৰ্লিনৰ সৈতে দেখা পালে, তেওঁক অলপ দূৰলৈ নি তেওঁলোকে ক’লে যে— আৰ্লিন তোমাৰ সংগী বুলি আমি গম পালোঁ, গতিকে তোমাক আমি অকণো আমনি নকৰোঁ...। কিন্তু অলপ সময় পাছতেই আৰ্লিনৰ লগত নাচিবলৈ পাবলৈ সেই বন্ধুকেইজনৰ মাজতে তীব্ৰ প্ৰতিযোগিতা আৰম্ভ হ’বলৈ ধৰিলে...। ফাইনমেন লাজ কৰিছিল আৰু সকলো ল’ৰাই তেওঁতকৈ বলবান আৰু খেলা-ধূলাত পাৰ্গত বুলি তেওঁ খুৱ সংকোচ অনুভৱ কৰিছিল। ফাইনমেনৰ ৰাপ আছিল বিজ্ঞানত, আৰু আৰ্লিনৰ ৰাপ আছিল কলাত। সেই স্থানত এটা সংগঠন আছিল, আৰু সেইটোত নাট্য-চ’ৰা, সাহিত্য-চ’ৰা, বিজ্ঞান-চ’ৰা, কলা-চ’ৰা আদি বিভিন্ন ভাগ আছিল। আৰু আৰ্লিনৰ ওচৰে-পাঁজৰে থাকিবৰ কাৰণেই ফাইনমেনে কলা-চ’ৰাত যোগ দিছিল। কিন্তু তেতিয়া আৰ্লিনৰ এজন প্ৰেমিক আছিল বাবে ফাইনমেনে কোনো আশা নেদেখিছিল। অৱশ্যে তথাপি তেওঁ আৰ্লিনৰ দলটোৰ কাষত ঘূৰি আছিল। এদিন আৰ্লিনে ক’লে যে সেই প্ৰেমিকজনৰ লগত তেওঁৰ সম্পৰ্ক নাই। তেতিয়া ফাইনমেনে এক আশাৰ ৰেঙণি দেখা পালে। এদিন আৰ্লিনে দৰ্শনৰ কাম এটা লাগি আছিল, তেতিয়া এক আলোচনাত ফাইনমেনে ডেকাৰ্টৰ ঘোৰ বিৰোধিতা কৰিলে। সেইদিনা আৰ্লিনে বুজি পালে যে দৰ্শনৰ কথাবোৰ পাতলকৈ ল’ব পৰা যায়, আৰু কোনে কৈছেতকৈ কি কৈছে সেই বিষয়ে মনোযোগ দিলেই কথাতো পৰিষ্কাৰ হৈ পৰে। সেইমতে শ্ৰেণীত যুক্তি দি আৰ্লিনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল, আৰু সেইদিনাৰ পৰা আৰ্লিনে ফাইনমেনক অলপ বেছি গুৰুত্ব দিবলৈ ধৰিলে। কিন্তু তেনেতে ফাইনমেনৰ আৰু এজন প্ৰতিদ্বন্দ্বী ওলাল। আৰু আৰ্লিনেও এদিন ইফালে, এদিন সিফালে কৰি থাকিবলৈ ধৰিলে....। যি কি নহওক, গৈ গৈ এদিন আৰ্লিন আৰু ফাইনমেনৰ সম্পৰ্ক গঢ়ি উঠিল...।

পঠনীয়:  সম্ভাৱনাৰ দুৱাৰমুখ আৰু সলনি হৈ যাব পৰা পথ

MIT ত প্ৰাকস্নাতক শেষ কৰি ফাইনমেনে তাতে স্নাতকো পঢ়া কথা ভাবিছিল। কাৰণ তেওঁ ভাবিছিল MIT দেশৰ ভিতৰতে আটাইতকৈ ভাল বিজ্ঞান-শিক্ষাৰ প্ৰতিষ্ঠান। কিন্তু এজন অধ্যাপকে তেওঁক জনালে যে সেই কথাটো জানিবলৈ আৰু বাহিৰৰ জগতখনৰ বিষয়ে জনিবলৈ তেওঁ বেলেগ এখন শিক্ষা প্ৰতিষ্ঠানলৈ যোৱাটো প্ৰয়োজন। গতিকে তেওঁ প্ৰিন্সটনলৈ যোৱাটো ঠিক কৰিলে। প্ৰিন্সটনৰ পৰা প্ৰতিটো বন্ধতে তেওঁ ঘৰলৈ আহিবলৈ ধৰিলে, আৰ্লিনক লগ কৰিবলৈ। এবাৰ তেনেকৈ আহোঁতেই তেওঁ গম পালে আৰ্লিনৰ ডিঙিৰ একাষে টেমুনা দৰে কিবা এটা উঠিছে, আৰু ইমান ধুনীয়া, মৰমলগা ছোৱালীজনীক সেই বস্তুটোৱে দেখাত বৰ বেয়া কৰিছে বুলি সকলোৱে গুৰুত্ব দিছিল যদিও বিষ নথকা বাবে প্ৰথমে বেছি চিন্তা কৰা নাছিল। কিন্তু অলপ দিনৰ পাছতে আৰ্লিনক চিকিৎসালয়ত ভৰ্ত্তি কৰিব লগা হ’ল, আৰু তেওঁৰ মৃত্যুও ওচৰতে বুলি গম পোৱা গ’ল...। সেই সময়তে ফাইনমেন মানহাট্টান প্ৰকল্পত জড়িত হ’ল আৰু ফাইনমেনে আৰ্লিনক বিয়া পতাৰ সিদ্ধান্ত ল’লে। (তেতিয়াৰ) দুৰাৰোগ্য ৰোগটোত আৰ্লিন দুবছৰ পাছতে মৃত্যু হ’ব বুলি জানিও আৰু বেমাৰটো ফাইনমেনলৈয়ো সোঁচৰিব বুলি উদ্বিগ্ন হৈ ফাইনমেনক হাক-বচন দিয়া পৰিয়াল-সম্পৰ্কীয় সকলোকে বুজাই-বঢ়াই ফাইনমেনে তেওঁক বিয়া কৰালে। আৰ্লিনক আৰোগ্য কৰিবলৈ আৰু তেওঁক সুখী কৰি ৰাখিবলৈ ফাইনমেনে বলিয়াৰ দৰে ব্যস্ত হৈ পৰিল। তেওঁৰ ৰোগটোৰ সম্পৰ্কে অধ্যয়ন কৰি চিকিৎসক সকলতকৈয়ো সেই বিষয়ত তেওঁ অধিক জ্ঞানী হৈ উঠিছিল, যেন তেওঁ আৰ্লিনক বচাইহে তুলিব!

কিন্তু সন্দেহ কৰা মতেই দুবছৰৰ পাছতে আৰ্লিনৰ মৃত্যু হ’ল। আৰ্লিনৰ মৃত্যুৰ পাছত ফাইনমেন বিধ্বস্ত হৈ পৰিল। সেইবাবে এহাল বিজ্ঞানী-দম্পত্তিয়ে তেওঁক ছমাহমান বিশ্ৰামৰ বাবে প্ৰিন্সটনৰ পৰা কেলটেকলৈ লৈ গৈছিল। কিন্তু যাৰ মনত গঠনাত্মক চিন্তাই এবাৰ খোপনি পোটে, তেওঁ হাহাকাৰ কৰি বিধ্বস্ত হৈ গ’লেও নিজক সম্পূৰ্ণৰূপে ধ্বংস কৰিব দিব নোৱাৰে। মনৰ অৱসাদ কমাবলৈ সেই ছমাহত ফাইনমেনে জীৱবিদ্যা পঢ়িবলৈ ল’লে আৰু তাৰেই ভিত্তিত উদ্ভাৱন কৰিলে ডিএনএ সম্পৰ্কীয়ে সাংকেতিক ভাষাৰ এক নতুন পদ্ধতি!

আৰ্লিনৰ মৃত্যুৰ সাত বছৰৰ পাছত ফাইনমেনে দ্বিতীয়-বিবাহ কৰালে। কিন্তু সেইয়া স্থায়ী নহ’ল। ফাইনমেনে আফ্ৰিকান ড্ৰাম বজোৱাৰ শব্দ আৰু গাৰ অংগী-ভংগী পত্নীগৰাকীৰ সহ্য নহৈছিল; আৰু পুৱা শুই উঠাৰে পৰা গাড়ীত, চ’ৰাঘৰত, শোৱনীকোঠাত সকলোতে ফাইনমেন ব্যস্ত আছিল কলনগণিতৰ সৈতে। সেইয়া আছিল সহ্যৰ বাহিৰ। সেই বিচ্ছেদ বহুকেইখন বিশ্বখ্যাত বাতৰি-কাকতৰ গৰম খবৰ হৈ পৰিছিল। ফাইনমেনে পুনৰ বিয়া কৰাইছিল, আৰু সেইয়া তেওঁৰ মৃত্যুৰ পৰ্যন্ত স্থায়ী হৈছিল।

এইবোৰ সাধাৰণ কথা বুলি ধৰিলেও, ফাইনমেনৰ মৃত্যুৰ পাছত তেওঁৰ বিষয়ে গৱেষণা কৰিবলৈ লৈ গৱেষকসকলে আৱিস্কাৰ কৰা তেওঁৰ দুখন পত্ৰই তেওঁৰ সেই বিৰাট অসহায় ৰূপটোৰ কথা প্ৰকাশ কৰে। সেই পত্ৰ দুখন তেওঁ লিখিছিল আৰ্লিনলৈ। আৰু আচৰিত কথাটো হ’ল ইয়াৰ প্ৰথমখন লিখিছিল আৰ্লিনৰ মৃত্যুৰ দুবছৰ পাছত, আৰু আনখন আৰ্লিনৰ মৃত্যুৰ ছবছৰ পাছত। চিঠি দুখনৰ কিছু অংশ হেমন্ত কুমাৰ ভৰালীৰ “ঈশ্বৰৰ স’তে সাক্ষাৎকাৰ” গ্ৰন্থখনৰ অনুবাদ অনুসৰি ইয়াত তুলি দিয়া হ’ল:

(ক) “আৰ্লিন, প্ৰিয়তমা মোৰ। মই তোমাৰ গুণমুগ্ধ। কিমান দিনৰ আগতে যে তোমালৈ শেষখন চিঠি লিখিছিলোঁ। ...হয়তো দুই বছৰতকৈয়ো অধিক সময় হ’ল। ইমান দিনে চিঠি নিদিয়াৰ বাবে মই জানো, তুমি মোক ক্ষমা কৰি দিবা। তুমিতো জানাই মই গোৱাৰ আৰু বাস্তৱবাদী। ভাবিছিলোঁ, তোমালৈ লিখি কি লাভ? কিন্তু প্ৰিয়তমা, এটা কথা ক’বলৈ মোৰ মনটোৱে উচপিচাই আছে। কথাটো হ’ল— মই তোমাক ভাল পাওঁ। মাথোঁ তোমাকে ভাল পাই থাকিব বিচাৰো। চিৰকাল ভাল পাম মাথোঁ তোমাক। তুমি গুচি যোৱাৰ পাছত অনেকবাৰ ভাবিছো, এই ভালপোৱাৰ কিবা অৰ্থ আছেনে? ....কিন্তু মই যে এতিয়াও তোমাক সুখ-শান্তি দিব বিচাৰো। মই বিচাৰো তুমিও মোক ভাল পোৱা। মই বিচাৰো তুমিও মোৰ স’তে আমাৰ সমস্যাবোৰৰ বিষয়ে আলোচনা কৰা।

......

ইতি, তোমাৰ মৰমৰ ৰিটচ্।

পুনশ্চঃ এইখন চিঠি পোষ্ট নকৰাৰ বাবে মোক ক্ষমা কৰি দিবা। তোমাৰ নতুন ঠিকনাটো যে মই নাজানো।”

(খ) “আৰ্লিন, প্ৰিয়তমা মোৰ। মই বৰ দুখত আছো। বহুকেইটা সমস্যাই মোক কোঙা কৰি পেলাইছে। মই বুজি উঠিছো যে এই দুখ আৰু সমস্যাৰ পৰা মোৰ ৰেহাই নাই। কাৰণ তোমাৰ বাহিৰে এই পৃথিৱীত মোক বুজনি দিয়া কোনো মানুহেই নাই। মই গোৱাৰ আৰু বাস্তৱবাদী বুলিতো তুমি জানাই। তথাপি সকলো ক্ষেত্ৰতেই নহয়, এই কথাও তুমি জানা। মই জানো যে মই লিখা চিঠিখন তুমি নোপোৱা, তথাপি বিচাৰো মনে মনে আহি কোনোবা ক্ষণত এইবোৰ চিঠি তুমি পঢ়া। তেনেকৈ ভাবিলে মোৰ ভাল লাগে, পৰম সুখ অনুভৱ কৰো, এই সুখ-তৃপ্তিখিনি মোৰ প্ৰাপ্য নহয় জানো? এই পৃথিৱীত এজনৰ ওচৰতেই সম্পূৰ্ণ ধৰা দিয়া যায়, এজনকেই মাথোঁ ভাল পোৱা যায়, এজনৰেই প্ৰেমত নতশিৰ হোৱা যায়। যিদৰে মানুহৰ বাবে এখনেই মাথোঁ স্বৰ্গ থাকে আৰু এখনেই থাকে তালৈ প্ৰৱেশ কৰা দুৱাৰ।..... কি ভাবা তুমি মোৰ বিষয়ে? কিয় মৰম নকৰা মোক, কিয় ছায়াৰ দৰে আহি হ’লেও মোক সঙ্গ নিদিয়া? মই জানো, তুমি মোকেই ভাল পোৱা। তুমি য’তেই নাথাকা কিয় অন্য কাৰো প্ৰেমত পৰিব নোৱৰা তুমি। যিদৰে মই নোৱাৰো! তথাপি কিয়নো এবাৰৰ বাবে হ’লেও মোৰ ওচৰত তুমি ধৰা নিদিয়া মোৰ সোণ?.....মই বিচাৰো আমাৰ সমস্যাবোৰ সমাধান কৰিবৰ বাবে তুমি মোক পথ দেখুওবা। দেখুৱাবানে?

....”

হাহাকাৰ কৰি জুৰুলা হৈ নিজক ধ্বংস কৰি দিয়া আৰু কোনো সৃষ্টিশীলতা নথকা দেৱদাস মুখাৰ্জীৰ মূল্যহীন জীৱনটোতকৈ ফাইনমেনৰ নিজক গঢ়ি তোলা বা সৃষ্টিশীলতাৰে নিজক বা সমাজক উজ্জীৱিত কৰি তুলিবলৈ যত্ন কৰা জীৱনটো নিশ্চয়কৈ এক আদৰ্শ।

No Comments

Post A Comment