যোৱা ১০ আগষ্টত সুন্দৰ পিচাইৰ পৰিৱৰ্তে অকস্মাতে ভাগ্য সলনি হৈ যোৱা মানুহজন

বহুত ধন ঘটি সেইখিনি অ-লাভজনকভাৱে শিক্ষা-প্ৰসাৰ আদি সমাজৰ কিছুমান কামত খৰছ কৰাৰ সপোন এটা মাজে মাজে মনলৈ আহিলে এটা কাহিনী মনত পৰে। কাহিনীটো গৱেষণা-প্ৰতিষ্ঠান এটাৰ সঞ্চালক এজনৰ বক্তৃতাত শুনা, নিজে পঢ়িবলৈ পোৱা নাই, গতিকে সঠিককৈ ক’ব নোৱাৰিম। কাহিনীটো এনেধৰণৰ— এই যে আমি “জুচ”, “ঠাণ্ডা” আদি খাবলৈ, দেখিলেই ভাল লগি যোৱা এডাল ধুনীয়া বেঁকা পাইপ ব্যৱহাৰ কৰোঁ, সেই পাইপবোৰ সদাই বেঁকা আছিল নে? নাছিল। এদিন এজন ল’ৰাৰ মনলৈ আহিল যে সেই পাইপডাল অলপ বেঁকা কৰি দিলে মানুহে জুলীয়া বস্তুখিনি খাই খুৱ আৰাম পাব। তেওঁৰ কথা শুনি বহুতেই ঠাট্টা কৰিছিল, কিন্তু ল’ৰাটোৱে বেঁকা পাইপ নিৰ্মাণৰ ব্যৱস্থা কৰি সেই “বেঁকা পাইপ”ডাল পেটেণ্ট কৰি পেলালে। অৰ্থাৎ, সেইডাল নিৰ্মাণৰ স্বত্ব কেৱল তেওঁৰ হাততহে থাকিল। আৰু কম সময়তেই মানুহে সেই বেঁকা পাইপডাল পচন্দ কৰিবলৈ আৰম্ভ কৰিলে। আৰু লগে লগে ল’ৰাজন ধনী হ’বলৈ আৰম্ভ কৰিলে। আনে একো গুৰুত্ব নিদিয়া, বৰং প্ৰথমে শুনি ঠাট্টাহে কৰা সেই অকণমান কল্পনাটোৱেই ল’ৰাটোৰ ভাগ্য সলনি কৰি পেলালে।

বেঁকা ষ্ট্ৰ নিৰ্মাণ সম্পৰ্কীয় এখন পুৰণি চিত্ৰ

বেঁকা ষ্ট্ৰ নিৰ্মাণ সম্পৰ্কীয় এখন পুৰণি চিত্ৰ

মানুহে পি খাবলৈ বা শুহি খাবলৈ ব্যৱহাৰ কৰা পাইপৰ ইতিহাস হাজাৰ বছৰীয়া পুৰণি। এসময়ত কাগজেৰেও পাইপৰ নিচিনা নলী তৈয়াৰ কৰি কিবা-কিবি বস্তু খোৱা হৈছিল। এইবোৰ পোন বা ঠৰঙা আছিল। মাৰভিন চেষ্টাৰ ষ্ট’ন (Marvin Chester Stone) নামৰ মানুহ এজনে, আজি আধুনিক সময়ত আমি ব্যৱহাৰ কৰি থকা Bendy Straw বুলি পৰিচিত পাইপৰ পুনৰোদ্ভাৱন কৰিলে। ১৮৮৮ চনত তেঁৱেই ইয়াৰ পেটেণ্ট কৰিছিল বুলি জানিবলৈ পোৱা যায়। ওপৰত উল্লেখ কৰা বক্তাজনে হয়তো এই ব্যক্তিজনৰ কথাকে কৈছিল। যি কি নহওক, আজি আমি এটা সম্পূৰ্ণ প্ৰকৃতি-সৃষ্ট বস্তুৰ দৰেই অকণো নভবাকৈ হাতত তুলি লোৱা বেঁকা ষ্ট্ৰবোৰ এসময়ত অহৰহ প্ৰচলিত বস্তু এটাত অতি সামান্য যেন লগা কল্পনা এটা কোনোবা এজনে লগ লগাই দিয়াৰ লগে লগেই সৃষ্টি হৈছিল। আৰু বহুল প্ৰচলিত বস্তুটোতে অনা টুলুঙা যেন লগা সামান্য পৰিৱৰ্তনেই এজন মানুহক খুৱ ধনী তথা সফল কৰি তুলিছিল।

১০ আগষ্টৰ কাহিনীটো সামান্য বেলেগ যদিও, একোটা সৰু ধাৰণায়েই কোনোবা এদিন কাৰোবাৰ ভাগ্য কেনেকৈ বহু সলনি কৰি পেলাব পাৰে ই তাৰে এটি উদাহৰণ—

মাৰভিন চেষ্টাৰ ষ্ট’ন

মাৰভিন চেষ্টাৰ ষ্ট’ন

প্ৰথমে চাৰ্চ ইঞ্জিন আৰু পিছলৈ ইণ্টাৰনেটৰ আন বহুতো ব্যৱস্থাৰে সৈতে এটা কোম্পানীৰূপে প্ৰতিষ্ঠিত গুগলৰ সহ-প্ৰতিষ্ঠাপকদ্বয় লেৰী পে’জ আৰু চাৰ্গেই ব্ৰিনেয়ে “Alphabet” নামৰ এটা নতুন কোম্পানী প্ৰতিষ্ঠা কৰিবলৈ লোৱাৰ সম্পৰ্কে যোৱা ১০ আগষ্ট তাৰিখে গুগলৰ অ’ফিচিয়েল ব্লগৰ জৰিয়তে “গুগল” কোম্পানীটোৰ মুখ্য কাৰ্যবাহী লেৰী পে’জে ঘোষণা কৰে। সেই অনুসৰি “গুগল” কোম্পানীটোৰ অধীনত চলিত সকলো ব্যৱস্থা “Alphabet” কোম্পানীটোৰ অধীনলৈ যাব। আৰু ইয়াৰ মুখ্য কাৰ্যবাহী হ’ব লেৰী পে’জেই। বহুতৰ মনলৈ ধাৰণা আহিব যে “Alphabet” কোম্পানীটোৰ web address হ’ব পাৰে alphabet.com বা alphabet.org আদি সচৰাচৰ দেখি থকা ধৰণৰ কোনোবা এটা। কিন্তু কোম্পানীটোৰ ৱেব এড্ৰেছটো এনেকুৱা একো নকৰি, তাক গঢ়ি তোলা হ’ল abc.xyz হিচাপে!! ৱেব এড্ৰেছটো দেখিলেই মনলৈ আহি যোৱা কথাটো হ’ল— Alphabet!

এই xyz, com, org, gov, edu, net, in, info আদি, যিবোৰ ৱেব-এড্ৰেছ এটাৰ শেষৰ “ডট”টোৰ পাছত লাগি থাকে, সেইবোৰক কম্পিউটাৰ-বিজ্ঞানৰ ভাষাত “Top-level domain” বুলি কোৱা হয়। ১৯৮৪-৮৫ ৰ সময়ত প্ৰথম প্ৰচলন হ’বলৈ আৰম্ভ হোৱা Top-level domain কেইটা হ’ল: gov, edu, com, mil, org আৰু net। বৰ্তমান হাজাৰৰো অধিক Top-level domainৰ ভিতৰত আটাইতকৈ অধিক ব্যৱহৃতটো হৈছে com। এক তথ্য অনুসৰি ইয়াৰ ব্যৱহাৰ ৫০.৭ শতাংশ। আৰু দ্বিতীয় অধিক ব্যৱহৃতটো হ’ল net, যাৰ ব্যৱহাৰ মাথোঁ ৪.৯ শতাংশ। সেইদৰে ক্ৰমে ru ৪.৭ শতাংশ আৰু org ৪.৩ শতাংশত ব্যৱহৃত। এইদৰে বৰ্তমান মুঠ ৭৮টা Top-level domain ০.১ শতাংশ বা তাতকৈ অধিক পৰিমাণত ব্যৱহাৰ হৈ আছে। বাকীবোৰৰ ব্যৱহাৰ ০.১ শতাংশৰ কম।

ডেনিয়েল নিগাৰী

ডেনিয়েল নিগাৰী

xyz “Top-level domain”টো ব্যৱহাৰ হৈছে ২০১৪ চনৰ জুনৰ পৰা। ইয়াৰ স্বত্বাধিকাৰী www.xyz.com ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী ডেনিয়েল নিগাৰী (Daniel Negari)। ই বৰ এটা জনপ্ৰিয় নাছিল আৰু ইয়াৰ ব্যৱহাৰ ০.১ শতাংশতকৈ বহু কম আছিল। কিন্তু, Alphabet প্ৰতিষ্ঠা কৰা সম্পৰ্কীয় ঘোষণাটো লেৰী পে’জে কৰাৰ লগে লগে আৰু কোম্পানীটোৰ ৱেব এড্ৰেছ www.abc.xyz ৰ কথা জানিবলৈ পোৱাৰ লগে লগে ইয়াক ব্যৱহাৰ কৰি ৱেবছাইট কিনাৰ ধুম উঠিবলৈ ধৰিলে! ১০ তাৰিখৰ দিনা ইয়াক ব্যৱহাৰ কৰি xyz.com ৰ পৰা এপাকত ৬০ ছেকেণ্ডতে ২৫০টা ৱেব-এড্ৰেছ কিনা দেখা গ’ল আৰু পূৰ্বতে দিনে প্ৰায় ৩,০০০ বাৰ ক্ৰয় হোৱাৰ বিপৰীতে বৰ্তমান প্ৰতিদিনে প্ৰায় ২০,০০০ বাৰ ক্ৰয় হ’বলৈ ধৰিলে। গুগলৰ পৰা লাভ কৰা ধনৰ উপৰি এনেদৰে অকস্মাতে ডেনিয়েল নিগাৰীৰ সৌভাগ্য উদয় হৈ উঠিল! কেইটামান সৰু ধাৰণা— পুৰণি কেইটামান ধাৰণাৰ লগত আজি আন কাৰোবাৰ সৰু কেইটামান ধাৰণা মিলি তেওঁ এটা নতুন ধাৰাত প্ৰৱেশ কৰিলে। আগন্তুক দিনত xyz ব্যৱহাৰ কৰি নিশ্চয় বহুত বেৱছাইট সজা হ’ব। বৰ্তমান www.godaddy.com কে আদি কৰি ভালেকেইটা ছাইটৰ পৰা ইয়াক ব্যৱহাৰ কৰি “বেৱছাইট কিনিব” পাৰি। Godaddy ত বৰ্তমান ইয়াৰ দাম এটা বছৰৰ বাবে মাথোঁ ৩২৯ টকা। অহা সময়বোৰত নিশ্চয় xadhu.xyz , Jilingoni.xyz , AsomBarta.xyz আদি ধৰণেৰে অসমীয়া ভাষাৰো নতুন ব্লগ, ই-আলোচনী, ই-পত্ৰিকা আদি ওলাব! আৰু xyz “Top-level domain”টো সেই ৭৮টাৰ ভিতৰতো নিশ্চয় খুৱ কম দিনতেই প্ৰৱেশ কৰিব!

সুন্দৰ পিচাই

সুন্দৰ পিচাই

পুনশ্চ: গুগলৰ মুখ্য কাৰ্যবাহী বুলিলে যিটো ধাৰণা মনলৈ আহে বহুতৰ মনলৈ সেইটো ধাৰণাকে আহিছে যদিও, Alphabet প্ৰতিষ্ঠা হোৱা বাবেই সুন্দৰ পিচাইক “গুগলৰ মুখ্য কাৰ্যবাহী” হিচাপে সেইধৰণে ভাবিব পৰা নাযায়। যদিও “গুগল” নামটোৰ লগতে জড়িত, কিন্তু পূৰ্বৰ গুগল বুলিলে যি কথা বুজা যায় তাৰ পৰিৱৰ্তে মাথোঁ এটা ক্ষুদ্ৰ আংশৰহে তেওঁ মুখ্য কাৰ্যবাহী হ’ব। তথাপি ইয়াৰ বাবেও আজি ভাৰতীয় অভিযান্তিক বা কম্পিউটাৰ-বিজ্ঞানৰ তীক্ষ্ণধী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তেওঁ এক প্ৰেৰণা। আনহাতে, যদিও সমাজত সৰুৰে পৰা ডাঙৰলৈকে প্ৰায় সকলোৱে Extrovert বিলাককে প্ৰথম-আদৰৰ দৃষ্টিত চায় (আনকি বহু Introvert ৰ দ্বাৰাও), আৰু Introvert সকলক সচৰাচতে অলপ অৱজ্ঞাৰে চায়, কিন্তু এই বিষয়ৰ গৱেষকৰ মতে— পৰিৱৰ্তনমূলক প্ৰভাৱশালী কাম বেছি কৰিছে introvert সকলেহে। সুন্দৰ পিচাইয়ো নিৰ্জু প্ৰকৃতিৰ আছিল বাবে তেওঁ ইমান ডাঙৰ কাম কৰিব পাৰিব বুলি ভবাই নাছিল বুলি তেওঁক ছাত্ৰাৱস্থাত লগ পোৱা কোনোবাই এতিয়া মন্তব্যও কৰিছে। গতিকে, আনে দেখা সম্ভাৱনাহীনতাক নসাৎ কৰি তেওঁ অতুলনীয় কাম কৰি উঠাৰ কথা আজি অধিক মানুহে জানিবলৈ পোৱাত, নিৰ্জুসকলে আনৰ অবজ্ঞাৰ প্ৰভাৱত আত্মবিশ্বাস নেহেৰুৱালৈয়ো তেওঁ পৰা প্ৰেৰণা পাব।

পত্নী অঞ্জলীৰ সৈতে সুন্দৰ পিচাই। ২০০২ চনত।

পত্নী অঞ্জলীৰ সৈতে সুন্দৰ পিচাই। ২০০২ চনত।

1 Comment
  • Dhrubajyoti Malakar
    Posted at 21:31h, 13 August Reply

    Thank you for such an inspiring post .

Post A Comment