যিবোৰ ইমেইলৰ উত্তৰ কেতিয়াও নাহে

In the long history of humankind, those who have learned to collaborate and improvise, most effectively have prevailed. (Charles Darwin.)

 

কেতিয়াবা প্ৰেৰণাদায়ক ব্যক্তিসকলেও চূড়ান্তভাৱে আঘাট কৰে। ইয়াৰ কাৰণে অৱশ্যে তেওঁলোকৰ পূৰ্বৰ প্ৰেৰণাবোৰ শেষ হৈ নাযায়, কিন্তু (বা সেইবাবেই) আমি সাৱধান হ’ব লাগিব— সেই প্ৰৰণাদায়ক ব্যক্তিসকলে অৱজ্ঞা কৰাৰ বাবেই আমি কৰিবলৈ লোৱা কামটো গুৰুত্বহীন বুলি যাতে আমি ভাবিব লগা নহয়। এদিন আমি দুজন যুৱকে যুটীয়াভাৱে এটা কাম কৰিবলৈ লোৱাত, তাৰ পৰৱৰ্তী স্তৰ এটা সমাপন কৰিবৰ কাৰণে এজন বিশিষ্ট ব্যক্তিলৈ আনজন যুৱকে এটা ইমেইল প্ৰেৰণ কৰিলে। ইমেইলৰ জড়িয়তে যোগাযোগ কৰাৰ লগতে নিজে লগ কৰাটোও ভাল বুলি আমি দুয়োয়ে আলোচনা কৰাৰ পাছত তেখেতক মই লগ কৰিবলৈ গ’লো। তেখেতে ক’লে— মই ইমেইলটো পাইছোঁ, কথাখিনি ভাবি আছোঁ, মই ৰিপ্লাই দিম.....। কিন্তু সেই ইমেইলৰ উত্তৰ কোনো দিনেই নাহিল....। প্ৰথমে আমি হতাশ হ’লোঁ যদিও, বিকল্প চিন্তা কৰি কামটো পূৰ্বে ভবাতকৈ ভালকৈহে সমাপন কৰিব পাৰিলোঁ। সেই ব্যক্তিজনক তাৰ পাছত কেইবাবাৰো লগ পাইছোঁ, তেখেতে সেই সম্পৰ্কে কোনোদিন একো নুলিয়ালে, আৰু মইয়ো একো নুলিয়ালোঁ...; কিন্তু সেই কামটোৰ সম্পৰ্কে জনি তেখেতে যোৱা এমাহমানৰ আগতে আমাক খুব প্ৰশংসা কৰিলে, কিন্তু আচল কথাটো হ’ল তেখেতে সেইটো বেলেগ কাম বুলি ভাবিহে প্ৰশংসা কৰিলে, একেটা কামকে যে তেখেতৰ ওচৰলৈকে প্ৰথমে নিছিলোঁ সেই কথা তেখেতে নাজানে, আৰু মইয়ো একো নক’লো (কথাটো বুজি নাপাব বুলি এটা উপমা দিওঁ— ধৰক আমি তেখেতৰ ওচৰলৈ পাঁচ কেজি চাউল নিছিলোঁ, ভালকৈ ৰান্ধি আনক খুৱাম বুলি। কিন্তু সেইখিনি চাউলেৰে ভাত ৰান্ধিলে খাবলৈ জুতি লগা নহ’ব বুলি তেখেতে ভাবি বা আমি সেই কামটোত আগবাঢ়ি যোৱাটো তেখেতে নিবিচাৰি বাধা দিবলৈ অৱজ্ঞাৰ ভাৱ দেখুৱাই চাউলখিনি ভাল নে বেয়া একো নক’লে আৰু ৰান্ধিবলৈকো নিদিলে; কিন্তু তাৰ পাছতে একেখিনি চাউলেৰে আমি যিধৰণেৰে ৰান্ধিম বুলি কৈছিলোঁ সেই একে ধৰণেৰেই ৰান্ধি তেখেতকো খুওৱাত তেখেতে খুৱ ভাল লাগিছে বুলি প্ৰশংসা কৰিলে, কিন্তু তেখেতে গম নাপালে সেইখিনি আগৰ চাউলখিনিয়েই আছিল....)।

এসপ্তাহৰ আগতে আন এজন ব্যক্তিয়েও একেধৰণৰে এটা কাম কৰিলে; মনটো বেয়া লাগিল (অৱশ্যে কামটো সম্পূৰ্ণ কৰা হ’বই); সেইবাবেই এই গোটেই কথাখিনি পুনৰ মনলৈ আহিল। চন্দ্ৰপ্ৰসাদ শইকীয়াৰ বহুকেইটা লেখাত এনেধৰণ এষাৰ কথা বাৰে বাৰে পঢ়িবলৈ পাইছিলোঁ— মহাভাৰতত যি আছে, ভাৰতবৰ্ষত সেই সকলো আছে আৰু মহাভাৰতত যি নাই, ভাৰতবৰ্ষত তাৰ একো নাই। একলব্যক গুৰুৱে (লাগিলে সেই গুৰুৱে নিজে কোনো দিন শিক্ষা নিদিয়কেই!!) পিছলৈ ঠেলি দিব বিচৰাৰ বা নিজৰ ক্ষুদ্ৰস্বাৰ্থৰ বাবে অন্যায় কৰাৰ যি মানসিকতা সি আজিও স্তৰে স্তৰে বিৰাজমান, গতিকে নিজৰ বহু শিক্ষকৰ ওচৰতো আমি থাকিব লাগে বহু সাৱধানে। প্ৰকৃততে মানুহবিলাকৰ মানসিকতাত নাই সহযোগীতাৰে আগবাঢ়ি যোৱাৰ চিন্তা। এবাৰ এগৰাকী প্ৰতিষ্ঠিত খাঁটি অসমীয়া মহিলাই হেনো কৈছিল— গামোচাৰ ৰং সোনকালে যায় কাৰণে তেওঁ “টাৱেল” ব্যৱহাৰ কৰিহে ভাল পায়। সেই কথাটোকে বৰ্তমানৰ এগৰাকী অশীতিপৰ সাহিত্যিকে ডাৰউইনৰ উদ্ধৃতি দি এদিন লিখিছিল— যোগ্য ভোগ্য বসুন্ধৰা (মানে, গামোচা অযোগ্য হৈছে, টাৱেল যোগ্য হৈছে।) — এনেধৰণ অদ্ভুত বিষয়তো ডাৰউইনৰ সেই তত্ত্ব সঘনাই ব্যৱহৃত হৈ থকা আমি দেখা পাওঁ। যদিও সমাজ সম্পৰ্কীয় কথাতো ই বহুল ব্যৱহৃত, কিন্তু প্ৰকৃততে ডাৰউইনৰ সেই তত্ত্ব আছিল প্ৰজাতি বিষয়ক লৈ হে। আনহাতে, ডাৰউইনৰ তত্ত্বৰ এক প্ৰধান উপাদান হ’ল— “বাছি থাকিবলৈ হ’লে পৰস্পৰে সহযোগিতাৰে কাষ চাপিব লাগিব” (co-operation for survival)। সেই সম্পৰ্কে কিন্তু সঘনাই উদ্ধৃত হোৱা দেখিবলৈ পোৱা নাযায়। এনেবোৰ কথাৰ কাৰণেই সমাজ এখনৰ সামগ্ৰিক বহু মানসিকতাত বিকৃতি দেখিবলৈ পোৱা যায়, যাৰ বাবে সহযোগীতাৰে কাম কৰিবলৈ আগবঢ়া মানুহৰ সংখ্যা আমাৰ সমাজত অতি সীমিত। সকলোকে founder হ’বলৈ লাগে, co-founder কোনো নহয়, ফলত একো কামো নহয়। আপুনি যদি কয়— “ব’লা (/ব’লক) আমি একেলগে এইটো কাম কৰোঁ......”। তেতিয়া মানুহজনে ভাবিব— “এইটো কাম দেখোন মই অকলেই কৰিব পাৰোঁ, গতিকে লগতনো কিয় কৰোঁ, মই অকলেই কৰিম....”; কিন্তু অকলে আৰু সেইটো কাম তেওঁৰ কোনো দিন কৰা নহয়........। ইংৰাজী ভাষাত এনেধৰণৰ বহুতো প্ৰবন্ধই আছে— How to find a co-founder. সেইবিলাক প্ৰবন্ধ পঢ়িলে কেৱল সহযোগীজন বিচৰাতে সহায়ক হয় এনে নহয়— সহযোগীতাৰে কাম কৰাৰ মানসিকতাও বিকশিত হয়। এনে প্ৰবন্ধবোৰ অসমীয়া কাকত-আলোচনীৰ বাবেও লিখাৰ প্ৰয়োজন হৈছে....। আমাৰ লোককথাটো নথকা এনে বহু উপাদান— যাৰ জড়িয়তে জাতিটোয়ে সমৃদ্ধি লাভ কৰে— তেনে উপাদানবোৰ আনৰ পৰা অনাৰ (অনুবাদ কৰাৰ) অতি প্ৰয়োজন। নহ’লে কোনো দিন নহাকৈ থকা সেই ইমেইলবোৰেহে আমাৰ সমাজখনক বেছিকৈ শাসন কৰি থাকিব। এইখিনিতে মনলৈ আহে আফ্ৰিকাৰ এটা লোককথা— “তুমি যদি তীব্ৰ বেগেৰে যাবলৈ বিচৰা, তেনেহ’লে অকলে যোৱা আৰু তুমি যদি বেছি দূৰলৈ যাবলৈ বিচৰা তেনেহ’লে লগলাগি যাত্ৰা কৰা।”

About পংকজ জ্যোতি মহন্ত

ই মেইল: pankaj@gonitsora.com , আলোচনী : http://gonitsora.com , ৱেবচাইট : http://pankajjyoti.com , ফেচবুক : http://facebook.com/pjmahanta , টুইটাৰ : http://twitter.com/pjmahanta

Leave a Reply

Your email address will not be published. Required fields are marked *

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <strike> <strong>