চীনে গুগল, ফেচবুক, ড্ৰপবক্স আদি নিষিদ্ধ কৰিব পাৰিলে কেনেকৈ?

ডিজিটেল ইণ্ডিয়া প্ৰকল্পলৈ গুগল, ফেচবুক আদিৰ পৰা ব্যাপক সঁহাৰি অহাৰ লগে লগে, কিছুমান কাকতত বিৰোধীতা কৰাৰ স্বাৰ্থত বিভিন্ন সাংবাদিক, সম্পাদক, স্তম্ভলেখক আদিয়ে বিভিন্ন লেখা লিখিছে। তেওঁলোকৰ লেখা বা প্ৰতিবেদনবোৰত পুঁজিবাদ, দাৰিদ্ৰ ইত্যাদি বিভিন্ন প্ৰসংগৰ লগতে চীনত যে গুগল, ফেচবুক আদি নিষিদ্ধ তাৰ কথাও মাজে মাজে সুমুৱাইছে। অৱশ্যে তেওঁলোকৰ লেখাবোৰ পুৱা বা নিশাভাগতেই ফেচবুকৰ জৰিয়তেই নিজে প্ৰচাৰ কৰা বাবেই আমি কাকতখন পুৱা মেলিবলৈ পোৱাৰ আগতেই পঢ়িবলৈ পাওঁ। এতিয়া কথা হ’ল, চীনত আচলতে এইবোৰ কিয় নিষিদ্ধ? চীনৰ মানুহে ইণ্টাৰনেটত তথ্যৰ সন্ধান নকৰে নেকি? চীনৰ মানুহে পৰস্পৰৰ মাজত যোগাযোগ নকৰে নেকি? চীনৰ মানুহে ক্লাউড-ষ্ট’ৰেজত তথ্য-বস্তু নাৰাখে নেকি? সেইবোৰ কাম বেয়া নেকি? যুগান্তকাৰী আধুনিক এই ব্যৱস্থাবোৰৰ পৰা আঁতৰি চীন এতিয়াও অন্ধকাৰ কূপতে সোমাই আছে নেকি? আন কথালৈ নগৈ অকল এই সম্পৰ্কেহে ক’ব বিচাৰিছোঁ। (আমাৰ ভাষাৰে খুৱসম্ভৱ) আচল কথাটো হ’ল— এইবোৰৰ বাবে চীনৰ ঘৰুৱা ৱেবছাইট আছে। গুগলৰ পৰিৱৰ্তে চীনত অধিক ব্যৱহৃত চাৰ্চ-ইঞ্জিনটো হ’ল baidu.com । ই চীনতে নিৰ্মিত, চীনা ব্যক্তিৰ দ্বাৰাই নিৰ্মিত। ই আন কেইবাটাও সেৱাও আগবঢ়ায়। বৰ্তমান ইয়াৰ কৰ্মী ৪০,০০০ৰো অধিক। অলপ তুলনা কৰি চাওঁ আহক— এলেক্সা ৰেংক অনুসৰি baidu.com হ’ল চীনৰ ১ নম্বৰৰ বেৱছাইট। আৰু বিশ্বৰ ৪ নম্বৰৰ। এই অনুসৰি, বিশ্বৰ প্ৰথম তিনিটা চাইট হ’ল— গুগল, ফেচবুক আৰু ইউটিউৱ। baidu.com ৰ পাছতহে য়াহু, এমাজন, ৱিকিপিডিয়া আছে। তাৰ পাছতে, ৮ নম্বৰত আহিল qq.com । এইটোও চীনা ৱেবছাইট। ই মাইক্ৰ’ব্লগিঙকে আদি কৰি কেইবাটাও সেৱা আগবঢ়ায়। তাৰ পাছতহে ৯ নম্বৰত টুইটাৰ আছে। চীনত অধিক ব্যৱহৃত নিজা চ’ছিয়েল নেটৱৰ্কিং চাইট হ’ল weibo.com । ই বিশ্বৰ ১৬ নম্বৰত আছে। ক্লাউড ষ্ট’ৰেজৰ বাবে চীনা এটি জনপ্ৰিয় চাইট হ’ল weiyun.com । ইয়াত ১০টিবি তথ্য-বস্তু সঞ্চয় কৰিব পাৰি। কেৱল এইটোৱেই নহয়, আৰু আছে। সেইদৰে Wechat আৰু Youku ক্ৰমে হোৱাটছএপ আৰু ইউটিউৱ সদৃশ বহুল ব্যৱহৃত ব্যৱস্থা। গতিকে চীনে গুগল, গুগল+, ফেচবুক, টুইটাৰ, ড্ৰপবক্স আদিক নিষিদ্ধ কৰিলে তেওঁলোকৰ দেশৰ মানুহৰ কি অনিষ্ট আছে!! ভাৰতৰ নিজা কিবা চাৰ্চ ইঞ্জিন আছেনে? আপুনি কিবা ব্যৱহাৰ কৰি পাইছেনে? গোটেই বিশ্বৰ হিচাপত ইমান ব্যৱহৃত হোৱাকৈ ভাৰতীয় এনে কিবা ব্ৰেণ্ড আছেনে? মাইক্ৰ’ব্লগিং, চ’ছিয়েল নেটৱৰ্কিঙৰ বাবে ভাৰতৰ নিজা কিবা ছাইট আছেনে, যিবোৰ ব্যৱহাৰ কৰি আপুনি নিজে সুচল যেন অনুভৱ কৰিছে?

চীনে গুগল, ফেচবুক আদিক প্ৰত্যাহ্বান জনাব পৰাকৈ নিজৰ মানুহেৰে নিজৰ ঠাইতে এনে ৱেবপ্ৰযুক্তি নিৰ্মাণ কৰিব পাৰিলে কেনেকৈ? কেইবছৰমান আগতে চানডে ইণ্ডিয়ানত এই সম্পৰ্কীয় এটা লেখাত পাইছিলোঁ— ভাৰতত প্ৰতিবছৰে কম্পিউটাৰ-বিজ্ঞানৰ ডক্টৰেট ডিগ্ৰী ওলাই মাথোঁ ১০০জনমান, তাৰ বিপৰীতে চীনত ওলাই প্ৰতিবছৰে প্ৰায় দুহেজাৰজন। ২০১৩ চনত মাইক্ৰ’চফ্ট ৰিচাৰ্ছৰ চিনিয়ৰ ভাইচ প্ৰেচিডেণ্ট ৰিচাৰ্ড ৰাছীদে প্ৰকাশ কৰা অনুসৰি, এই সংখ্যা ভাৰতত বছৰি ১০০ ৰ পৰা ১২৫ জনৰ বিপৰীতে আমেৰিকা আৰু চীনত ১৮০০ ৰ পৰা ২০০০ জন। স্নাতক-স্নাতকোত্তৰ ডিগ্ৰী লৈ মৌলিক অধ্যয়নৰ বাবে বহুতেই যোগ্যতা অৰ্জন নকৰে আৰু বহুতে যোগ্যতা থাকিলেও আন জীৱিকাৰ লোৱা বাবে গৱেষণা-ডিগ্ৰীৰ প্ৰতি আগ্ৰহী নহয়। গতিকে ইমান সংখ্যক মানুহে কম্পিউটাৰ বিজ্ঞানৰ গৱেষণাত জড়িত হোৱালৈ চাই চীনত নিশ্চয় এই বিষয়ত স্নাতক-স্নাতকোত্তৰ ডিগ্ৰী লোৱা মানুহো ভাৰতৰ তুলনাত বহু পৰিমাণে বেচিয়েই হ’ব...। গতিকে কম্পিউটাৰ-বিজ্ঞানৰ ইমানখিনি উচ্চশিক্ষিত মানুহেৰে তেওঁলোকে ইমান কাম কৰিব পৰাটোৱেই স্বাভাৱিক!

পঠনীয়:  সামান্য হ’লেও নিজেও এক উদাহৰণ হোৱাৰ সংকল্প লওঁ আহক

চীনা জাতিটোৰ চৰিত্ৰ হাজাৰ বছৰৰ পূৰ্বৰে পৰাই কিছু বেলেগ বুলিব পাৰি। মানুহৰ আদি সময়ত যেতিয়া দুৰ্ভিক্ষ, বানপানী, আগ্নেয়গিৰিৰ অগ্ন্যুৎপাত আদি হৈছিল, তেতিয়া মানুহে তাৰ পৰা বাচিবলৈ বিভিন্ন কাম-কাজ হাতত লৈছিল। পঢ়িবলৈ পাইছিলো, বানপানী ৰোধ কৰিবলৈ চীনাসকলে সেই তেতিয়াই হেনো নদীত বান্ধ দিছিল। কিন্তু তেতিয়া পশ্চিম এচিয়াৰ মানুহখিনিয়ে কি কৰিছিল? তেওঁলোকে হেনো ভাবিছিল, বানপানী ৰোধ কৰাৰ উত্তম উপায় হ’ল পবিত্ৰ জীৱন-যাপন কৰা; সেইবাবে তেওঁলোকে অকল তাকেই কৰিছিল! অৱশ্যে একেটা লেখাতে পাইছিলোঁ— বান্ধৰ লগতে পবিত্ৰ জীৱন-যাপনো দৰকাৰ। চীনাসকলৰ চাগে দুয়োটা আছিল।

hong-kong

No Comments

Post A Comment