মাকে হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে— “অ’ পুতলী, মই কাহানিও ভবা নাছিলোঁ। তয়ে কচোন, কেনেকৈ ভাবিব পাৰোঁ— সিও তেনেকুৱা কৰিব পাৰে বুলি! জুহালৰ আগৰ কঁৰীয়াটোত থকা টকা-পইছাকেইটাও সি এৰি থৈ নগ’ল। হেৰৌ, তেওজ-বেলি চোৰ সোমাওঁতে সিহঁতেও সেইটো সেইভাগেই এৰি থৈ গৈছিল। শাহু-মায়ে দিয়া মোৰ দুগদুগীডালৰ বৰ-মণিটো—...

আৰু এটা বাগৰ দি চকুকেইটা খন্তেক জপাই ল’ব পৰা হ’লে টোপনিটো পুৰা হ’লহেঁতেন বুলি বিমলাই কেঁচা টোপনিতে অনুভৱ কৰিলে। কিন্তু বেলিটো বহুদূৰ হাওলি যোৱাৰ নিচিনা ইংগিত এটা বেৰৰ জলঙাবোৰে দি থকা যেন লগাত তাই ধপককৈ উঠি চাঙতে বহিল। কণবাপুহঁতৰ স্কুল ছুটী দিবই পাৰে; সি আহি...