বিশ্বৰ আটাইতকৈ সন্মানীয় বৈজ্ঞানিক অনুষ্ঠান/সংস্থাসমূহৰ ভিতৰত এটা হ'ল ৰয়েল ছচাইটি (Royal Society)৷ সোতৰ শতিকাৰ মাজভাগত প্ৰতিষ্ঠা হোৱা এই অনুষ্ঠানটিয়েই বিশ্বৰ প্ৰথমখন বৈজ্ঞানিক গৱেষণা-পত্ৰিকা (journal) প্ৰকাশ কৰিছিল৷ (তাৰ দুমাহ পূৰ্বে ফ্ৰান্সৰ পৰা ফৰাচী ভাষাত বিশ্বৰ প্ৰথমখন গৱেষণা-পত্ৰিকা প্ৰকাশ পাইছিল৷) ৰয়েল ছচাইটি প্ৰতিষ্ঠা নোহোৱা হ'লে আৰু তেওঁলোকে...

যোৱা ৫ জুন তাৰিখে স্বনামধন্য অনুবাদক ড° প্ৰফুল্ল কটকীদেৱৰ মৃত্যু হয়৷ তেওঁ বিজ্ঞান সম্পৰ্কীয় কেইবাখনো গ্ৰন্থও অনুবাদ কৰিছিল৷ তাৰে এখন হ'ল "লুচি মই আহিছোঁ", যিখন অনুবাদ কৰা হৈছে ড° দেবব্ৰত দাসগুপ্ত নামৰ এজন লেখকৰ মূল বাংলা গ্ৰন্থৰ পৰা৷ এইখন হ'ল মহান বিজ্ঞনী চাৰ্লছ ডাৰউইনৰ জীৱনভিত্তিক...

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সাগৰৰ নীলা পানীৰ কি সম্পৰ্ক থাকিব পাৰে? কিমান কবি, গীতিকাৰ, সাহিত্যিকে সাগৰৰ নীলা পানীক লৈ উপমা দিলে, কবিতা লিখিলে, গীত লিখিলে!! জুবিন গাৰ্গৰ চিৰসেউজ গান "আন্ধাৰ হ'ব নোৱাৰোঁ"ত তেওঁ গাইছে - "সাগৰ নীলা দুচকুত কি ৰং আনে জীৱনে নাজানো যদিও দুবাহু...

অসমৰে বিশ্ববিদ্যালয় এখনৰ এটা বিভাগত স্বনামধন্য অতিথি এজনে বক্তৃতা দি আছিল। এটা বৈজ্ঞানিক বক্তৃতা। দৰ্শকৰ শাৰীত বহি আছিল বহুকেইজন অধ্যাপক আৰু তীক্ষ্ণধী ছাত্ৰ-ছাত্ৰী। গভীৰ বিষয় আৰু শ্ৰোতাসকলৰ গম্ভীৰ মুখমণ্ডল। অতিথিজনে কৈ আছিল দুটা থিওৰীৰ কথা। এটা নতুন থিওৰী আৱিষ্কাৰ কৰাৰ পিছতে পুৰণা থিওৰীটোৰ কাম নাইকিয়া...

ষ্টিফেন হকিঙক কেৱল এজন বিজ্ঞানী বুলি ক'লে ভুল কৰা হ'ব৷ তেওঁ আছিল এজন বিজ্ঞানী আৰু এজন বিজ্ঞান লেখক, যি বিজ্ঞান জনপ্ৰিয়কৰণত বিৰল অৰিহণা যোগালে৷ তাৰোপৰি মানুহৰ জীৱনবোধ, পৰিৱেশতন্ত্ৰ, সামাজিক তথা ৰাজনৈতিক বিষয়ত দিগদৰ্শনকাৰী বক্তব্যও তেওঁ আগবঢ়াইছিল। যদি মোৰ ভুল হোৱা নাই তেন্তে ক'ব পাৰি -...

প্ৰায় ৫০-৭০ বছৰৰ পূৰ্বৰ পুৰণা-আৰ্হিৰ এটা অতি সাধাৰণ ধৰণৰ ইঞ্জিনৰ উৎকৰ্ষ সাধন কৰিবলৈ চেষ্টা কৰি জেমছ ৱাট নামৰ অভিযন্তাজনে এটা সম্পূৰ্ণ নতুন ভাপ-ইঞ্জিন গঢ়ি তুলিছিল। সেইদিনা তেওঁ নিজেও অনুমান কৰিব পৰা নাছিল যে এই এটা ইঞ্জিনে গোটেই ইংলেণ্ডতে প্ৰায় শতিকাজোৰা “শিল্প বিপ্লৱ”ৰ সূচনা কৰিব আৰু...