বটদ্ৰৱাত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি জ্বলাই দিয়া ঘটনাটোৰ পাছত তিনিটা বিশেষ উক্তি বহুত প্ৰচাৰ হৈ আছে৷ দুজনমান নেতাৰ মুখতো সেয়া সজোৰে ওলোৱা শুনিবলৈ পোৱা গৈছে৷ বাক্যবোৰ অলপ বেলেগ বেলেগ, কিন্তু অৰ্থবোৰ একেই৷ সেই উক্তি তিনিটা হ'ল: "অসমৰ অধিকাংশ অপৰাধী বালাংদেশী মূলৰ৷" "সকলো কাৰাগাৰতে বাংলাদেশী মূলৰ অপৰাধী৷" "বাংলাদেশীৰ বিৰুদ্ধে...

সৌৰভ কুমাৰ চলিহাৰ “অশান্ত ইলেক্ট্ৰন”ৰ “জ্যামিতি” নামৰ গল্পটোৰ “ক” চৰিত্ৰটোলৈ মনত পৰেনে?? সি “খ”ৰ প্ৰেমত পৰিছিল, আৰু বন্ধু “গ”ৰ লগত কথাবোৰ আলোচনা কৰিছিল আৰু দুয়ো একেলগে বহি “খ”ক চাইছিল। “খ”ইয়ো কোনো একোবাৰ পাৰহৈ মিচিকিয়াই থৈ গৈছিল; আৰু অলপ পাৰহৈ পিছপিনৰ যানবাহনলৈ কেইবাবাৰো চাইছিল...

যিখন ৰাজ্যত সাহিত্য সভাৰ নামত "সাহিত্য কৰ্মী"য়ে গুৰিয়াগুৰি, ঘুচিয়াঘুচি খেলে; সাহিত্য অকাডেমী বঁটা দুই নম্বৰী ধাণ্ডা কৰি ঘটে; কিতাপ জমা দিয়াৰ শেষ তাৰিখৰ তিনিমাহৰ পিছত প্ৰকাশিত কিতাপে বঁটা লুটি অনা বুলি স্পষ্ট হৈ পৰাত ইমান তালফাল লগাৰ পিছতো "প্ৰতিভাৱানে" বঁটাতো খামুচি ধৰিয়েই থাকে; "বৌদ্ধিক" মানুহৰ...

অহা দেওবাৰে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল৷ ভাৰত আৰু পাকিস্তানৰ মাজত! আমি কলেজত থাকোঁতে ভাৰত আৰু পাকিস্তানৰ মাজত কেইবাখনো খেল হৈছিল৷ বিশ্বকাপো আছিল৷ প্ৰাইভেট হোষ্টেলত আছিলোঁ৷ তেতিয়া আন সুবিধা নাছিল বাবে, প্ৰাইভেট হোষ্টেলত থকা ল'ৰা-ছোৱালীৰ বহুতে টাউনলৈ গৈ টিভিৰ ডিলাৰবিলাকৰ সমুখত ৰৈ ৰৈ খেল চায়৷ মোৰ খেলত সিমান...

এইবাৰৰ নিৰ্বাচনৰ ফলাফলৰ সম্পৰ্কত বহুদিনৰ পৰা যি পাঁচটামান কৌতুহল প্ৰধানকৈ আছিল তাৰে মাজৰ অন্যতম দুটা হ’ল— ১) চি পি আখৰ দুটাৰে আৰম্ভ হোৱা দলবোৰে কিমান ভোট পাব?? আৰু ২) অসমৰ আটাইতকৈ অধিক উচ্চ-শিক্ষিত প্ৰাৰ্থী, সাংঘাটিক চোকা, এইবাৰৰ আটাইতকৈ চোকা বিধায়ক-প্ৰাৰ্থীজন বুলি ক’ব পৰা ব্যক্তিজনে কিমান ভোট পাব?? এই...