প্ৰতিবাদ নামৰ ব্যৱসায়টো আৰম্ভ কৰিম বুলি ভাবিছোঁ মইয়ো মাৰ্কেটিঙৰ বাবে চলন্ত ৰেলত এটা মল্লযুঁজেই যথেষ্ঠ আজিকালি গাহৰিবোৰে মূৰে মূৰে খুন্দিয়াই মৃত্যু বৰণ কৰিলেও এটাই আনটোক শ্বহীদ ঘোষণা কৰে "শ্বহীদ প্ৰণামো তোমাক শ্বহীদ প্ৰণামো তোমাক"। নাই নাই, গাহৰিবোৰে এনে নকৰে, কাৰণ সিহঁত গাহৰি৷ যি কি নহওক, প্ৰতিবাদৰ প্ৰথম আৰু দ্বিতীয় টপিক দুটা ফ'ল্ডাৰত মজুত...

জুবিন গাৰ্গ : হতাশাৰ ঘোৰ তমসা ফালি আগবাঢ়ি অহা এছাটি ৰ’দ   (নিন্দুক আৰু অনুৰাগীৰ প্ৰসংগক সামৰি)   নিন্দুক-প্ৰজন্মৰ বাবে নিশ্চয়কৈ এটা সুখৰ বতৰা যে ড° ভূপেন হাজৰিকাক থেকেচি আজৰি হ’বলৈ নাপাওঁতেই একেটা কামৰ বাবে অভাৱ অনুভৱ নকৰাকৈ তেওঁবিলাকে আন এজন মানুহ লাভ কৰিলে। আৰু সেই মানুহজনেই হ’ল— জুবিন...

১► দুখন নাৱত দুভৰি নিদিয়াটোৱেই কিছুমান সমস্যাৰ শেষ সমাধান নহয়। জীৱনত আমি এনেকুৱা বহুতো সমস্যাৰ মুখামুখি হওঁ য'ত আমি একে সময়তে দুখন নাৱত দুভৰি দিবলৈ বাধ্য হওঁ। তেতিয়া নাও দুখন কিমান জোৰেৰে লগ লগাই ৰাখিব পাৰি সেইটোৱেই সমস্যাটোৰ সমাধানৰ পথ হৈ পৰে। ২► এক কিঃমিঃ বহল নদীখন সাঁতুৰি...

ষ্টিভ জবছৰ (২৪/০২/১৯৫৫ - ০৫/১০/২০১১) চিন্তাধাৰা তথা নেতৃত্ব, দক্ষতা আদি সম্পৰ্কীয় তেওঁৰ বক্তব্য, তেওঁৰ সম্পৰ্কে আন কেইজনমান বিশেষ ব্যক্তিৰ অভিব্যক্তি, কেইটামান প্ৰবন্ধ-সাক্ষাৎকাৰৰ অংশবিশেষ আদি ইয়াত সংগ্ৰহ কৰা হৈছে; যিখিনিয়ে কোনো এজন ব্যক্তিৰ মনোভংগীলৈ আনিব পাৰে অশেষ উদ্যম আৰু লগতে সৃষ্টিশীলতাৰ প্ৰতি আনিব অযুত কৌতুহল...

► পক্ষীয়ে কি উদ্দেশ্যেৰে মাতিছে বুজি নাপালেও শুনি ভাল লগাৰ দৰে, তুমি কি উদ্দেশ্যেৰে হাঁহিছা বুজি নাপালেও তোমাৰ মুখৰ হাঁহি দেখি বহুত ভাল লাগে। ► মানুহবোৰে কৈছিল, মোৰ জপৰা চুলিত এদিন কাউৰীয়ে বাহ সাজিব বুলি কিন্তু কাউৰীয়ে চোন বাহ নাসাজিলে, বাহ সাজিলে তোমাৰ হাতৰ লিহিৰি আঙুলিয়েহে৷ ► যিদিনা তোমাৰ দুপাৰি দাঁতৰ অন্তিম...

(১) সৰিবলৈ ওন্দোলি থকা দুখৰ লোতকবোৰ গোট মাৰি বৰফ হ’ল বৰফ গাঢ় হৈ হৈ একেবাৰে “বসু-আইনষ্টাইন ঘণীভূত অৱস্থা” পালেগৈ পৃথিৱীত এনেকুৱা আৰু কোনো সুতীক্ষ্ণ অনুভূতি নাই যি সেইবোৰ উষ্ণ কৰি পুনৰ চকুলো হৈ বোৱাব এতিয়া কেৱল সুখেই সুখ। (২) বিদায় ধুমুহা বিদায় ধুমুহা আৰু কিছুদিনলৈকে তুমি হয়তো নাহা তুমি নহালৈকে মই অলপ কাম কৰি...