দেশ-বিদেশৰ বিভিন্ন যুদ্ধবোৰে কিমান এন ফ্ৰাংকৰ অলিখিত-অপ্ৰকাশিত ডায়েৰি তৈয়াৰ কৰিছে বা কিমান প্ৰতিভা বিকাশৰ সম্ভৱনাবোৰ মষিমূৰ কৰি গৈছে তাৰ হয়তো সীমা-সংখ্যা নাই। তাৰোপৰি আছে ইতিহাসৰ শ শ অধ্যায় বিষময় কৰি ৰখা সামাজিক তথা পৰিয়াল কেন্দ্ৰীক বাধাবোৰ। মাৰিয়াম মিৰ্জাখানীয়ে কৈছিল— তেওঁ সৌভাগ্যৱান যে তেওঁ প্ৰাথমিকক বিদ্যালয়...

“Few results have as rich a mathematical history and as dramatic a proof as Fermat’s Last Theorem.” — The Abel Committee. (১) প্ৰায় ৩৫০ বছৰৰো অধিক কাল ধৰি গণিতৰ অলেখ তীক্ষ্ণধী ছাত্ৰ-ছাত্ৰীৰ উপৰি নিজৰ নিজৰ শতিকাৰ স্বনামধন্য বহুকেইজন মহান গণিতজ্ঞৰ দ্বাৰাও অপ্ৰমাণিত হৈ থকা “ফাৰ্মাৰ অন্তিম প্ৰমেয়” (Fermat’s...

ছিংগাপুৰত ২০১৫ বৰ্ষৰ স্কুল-পৰ্যায়ৰ এটি গণিত অলিম্পিয়াডত অহা এটা প্ৰশ্ন দুটা সপ্তাহ ধৰি বিশ্বৰ ভালেকেইখন বিখ্যাত কাকতৰ বাতৰিত পৰিণত হৈছিল (নিউয়ৰ্ক টাইমছ, ৱাচিংটন পোষ্ট আদিকে ধৰি)। কাৰণ এই প্ৰশ্নটো স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে আগবঢ়োৱা অতি সহজ প্ৰশ্নই আছিল যদিও এইটো সমাধান কৰাটো অলেখ ডাঙৰ মানুহৰ বাবেও...

আমি সততে বতৰৰ আগলি-বতৰা কাকত আৰু টি.ভি.ৰ বাতৰিত পাওঁ। বহুসময়ত পিছে এই আগলি-বতৰা বিলাক আচল বতৰৰ স’তে অমিল হোৱা দেখা যায়। আচলতে, বতৰৰ পূৰ্বানুমানৰ বাবে কিছুমান জটিল গাণিতীক পদ্ধতি ব্যৱহাৰ কৰা হয়। এই পূৰ্বানুমানসমূহ প্ৰায়ে সঠিক নোহোৱাৰ কাৰণ সাধাৰণজনে আয়ত্ব কৰিবলৈ এটা ধেমেলীয়া ব্যাখ্যা আছে— ধৰি...

বন্ধু-বান্ধৱক “গাধ” আদি বুলি ধেমালীকে ক’বলৈ হোৱাটছ্এপত কেতিয়াবা এজনে আনজনলৈ কিছুমান কৌতুক প্ৰেৰণ কৰা দেখা যায়। অসমীয়াতে কোনোবাই কোনোবাই দিয়া তেনে এটা মেছেজ পালোঁ। আৰু তাৰ পাছত কিছু খুচৰি চোৱাৰ পাছত ফেচবুকৰ কোনো কোনো পৃষ্ঠাটো সেই মেছেজটো দেখা পালোঁ। কিছু বানান-ব্যাকৰণ আদি সামান্য শুদ্ধ কৰি...

‘ফেৰাৰী বিক্ৰী কৰি দিয়া সন্যাসীজন’ (The Monk Who Sold His Ferrari) নামৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ মুখ্য চৰিত্ৰ উকীল জুলিয়ান মেন্টোলে আনটো চৰিত্ৰৰ আগত আগবঢ়াই থকা বক্তব্যবোৰৰ মাজৰ এটা বাক্য এনে ধৰণৰ - “সন্যাসীসকলে মোক শিকাইছিল যে গড় হিচাপৰ দিন এটাত গড় হিচাপৰ মানুহ এজনৰ মনৰ মাজেৰে...