হায়াৰ ছেকেণ্ডাৰী দুঠাইত পঢ়িছিলোঁ৷ এখন হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু আনখন কলেজ৷ দুয়োখনৰে গণিতৰ শিক্ষককেইজন কিছু ভালেই আছিল৷ বেলেগ দুখন কলেজৰ দুজন গণিতৰ শিক্ষকৰ ওচৰত কেইমাহমান/কিছুদিন টিউচন কৰিছিলোঁ৷ তেওঁলোকো কিছু ভালেই আছিল৷ কিন্তু তেওঁলোক আটাইকেইজনৰ লগত একেধৰণৰ এটা "কিন্তু" লাগি আছিল৷ তেওঁলোকে পাঠ একোটা আৰম্ভ কৰে, তাত...

ক) থাই ভাষাত Five শব্দটোৰ উচ্চাৰণটো ha নিচিনা৷ সেয়েহে থাইলেণ্ডৰ বহুতো মানুহে মেছেজ, কমেণ্ট আদিত "হাঃ হাঃ হাঃ" বুজাবলৈ "555" লিখে৷ খ) ফেক্টৰিয়েল দহ ছেকেণ্ড = পুৰা ছয় সপ্তাহ৷ ফেক্টৰিয়েল ১০ ক সংকেতৰ সহায়ত লিখা হয় এইদৰে: ১০! আৰু ১০! = ১০.৯.৮.৭.৬.৫.৪.৩.২.১ গতিকে ১০! ছেকেণ্ড = ১০.৯.৮.৭.৬.৫.৪.৩.২.১ ছেকেণ্ড৷ = ১০.৯.৮.৭.৬.২...

“আপুনি জানিছিলনে যে পৃথিৱীৰ অন্য যিকোনো চহৰৰ তুলনাত পেৰিছতে সকলোতকৈ অধিক সংখ্যক গণিতজ্ঞ আছে? আৰু গণিতজ্ঞৰ নামেৰে বিশ্বৰ আন যিকোনো চহৰতকৈ অধিক সংখ্যক পথো আছে বুলি? আৰু যদি আপুনি ফিল্ডছ মেডেলৰ পৰিসংখ্যালৈ চায়— যিটোক প্ৰায়ে গণিতৰ ন’বেল বঁটা বুলিও কোৱা হয় আৰু সদায় চল্লিছ বছৰতকৈ...

১৮৩২ চনৰ ৩০ মে’ৰ দিনা এখনি দ্বন্দ্বযুদ্ধ(duel)ত ২০ বছৰ ৭ মাহ বয়সীয়া ইভাৰিষ্ট গেল্ওৱাৰ গুলীবিদ্ধ শৰীৰটো পেৰিছৰ এখনি পথাৰত ঢলি পৰিছিল। তাতেই তেওঁক এৰি থৈ গুচি যোৱা হৈছিল আৰু পৰি থকা যন্ত্ৰণাদগ্ধ শৰীৰটো পিছত কোনো কৃষকে দেখা পাইছিল। আৰু পিছদিনা হস্পিটেলত তেওঁৰ মৃত্যু হৈছিল। তেওঁৰ...

(১) এটা খুৱ সুন্দৰ বাক্য পঢ়িবলৈ পালোঁ— “ঋণাত্মক সংখ্যাবোৰে সংখ্যাৰ সমাজখনত অন্তৰ্ভুক্ত হোৱাৰ দুটা শতিকাৰো অধিক দিনৰ পূৰ্বেই কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল৷ সিহঁতে উনৈশ শতিকাৰ মাজভাগলৈকে— প্ৰায়, আমেৰিকাৰ চিভিল ওৱাৰৰ সময়লৈকে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে বিবেচিত হোৱাই নাছিল৷” তেন্তে কেনেকৈ সিহঁতে প্ৰথম শ্ৰেণীৰ নাগৰিকৰ শাৰীত (অৰ্থাৎ ধণাত্মক...

শ্ৰেণীকোঠাত বা কোনো সভাকক্ষত শিক্ষক বা বক্তাসকলে কেইবাশ বছৰৰ আগৰ কোনো গণিতজ্ঞৰ বিষয়ে যেতিয়া বক্তৃতা দি থাকে তেতিয়া সেই গণিতজ্ঞজনে দেখুৱাই দিয়া পদ্ধতিবোৰ কেনেকৈ আজি পৰ্যন্ত ব্যৱহাৰ হৈ আহিছে, হাজাৰ বছৰ পাছতো সেইবোৰ কিয় প্ৰয়োজন হৈ থাকিব, তেতিয়াও সেই পদ্ধতিবোৰ পাহৰি গ’লে অধ্যয়ন কেনেকৈ সীমাবদ্ধ...