জুবিন গাৰ্গৰ “মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি” গীতটিৰ কোনো কোনো একোটা অংশই আমাক সোঁৱৰাই দিয়ে জোকাৰি ছেদেলি-ভেদেলি কৰি ভাঙি-ছিঙি পেলাই দিব খোজা পৰিস্থিতিতো বজ্ৰ কঠিন স্তম্ভৰ দৰে মূৰ দাঙি ৰ’ব পৰা প্ৰচণ্ড দৃঢ়তা আহৰণ কৰিবলৈ; আৰু সোঁৱৰাই দিয়ে ডাঠ তমসাৰ মাজেৰে সৰকিব লগা...

 "Wild Continent" বুলি পৰিচিত এণ্টাৰ্কটিকা মহাদেশত প্ৰথম খোজ পেলোৱা অসমীয়াজন হ'ল ৰাঘৱ চন্দ্ৰ ডেকা৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিতৰ স্নাতকোত্তৰ ডিগ্ৰী লৈ পিছলৈ তেওঁ ভূ-চুম্বকীয় বিজ্ঞানৰ লগত জড়িত হয়৷ ১৯৮৭ চনত ১৫ জনীয়া ভাৰতীয় বিজ্ঞানী দলৰ এজন সদস্য হিচাপে তেওঁ মহাদেশখনৰ এটা অঞ্চলত প্ৰায় ১৪ মাহ...

“বিশ্বৰ আটাইতকৈ কুৎচিত মহিলা” বুলি ঘৃণিত হৈয়ো আজি যি হৈ উঠিল অনুপ্ৰেৰণাৰ অক্ষয় উৎস আপোনাক কুৎচিত বুলি কৈ কোনোবাই যদি মুকলিকৈ আহ্বান জনাই যে “অনুগ্ৰহ কৰি তুমি আমাক সকলোকে অকণমান দয়া কৰা— তুমি নিজকে নিজেই হত্যা কৰি দিয়া”, তেন্তে আপোনাৰ কেনে অনুভৱ হ’ব বাৰু? এক বৃহৎ...

“It’s not the mountain we conquer, but ourselves.” গভীৰ সত্যৰ অন্বেষণ বা দুঃসাহসিক অভিযানৰ কাহিনীবোৰে কেৱল সেই নিৰ্দিষ্ট ক্ষেত্ৰসমূহত জড়িত হোৱা উত্তৰ-প্ৰজন্মৰ অন্বেষণকাৰী বা অভিযানকাৰীসকলকে যে অনুপ্ৰাণিত কৰে তেনে নহয়, আন যিকোনো ক্ষেত্ৰতে নিষ্ঠাৰে কৰ্ম সম্পাদন কৰিব বিচৰা প্ৰতিজন মানুহকে অনুপ্ৰাণিত কৰে। সাগৰ-পৃষ্ঠৰ পৰা প্ৰায় ২৯,০২৯...

এজন দাৰ্শনিকে প্ৰসংগক্ৰমে লিখিছিল যে— “বৰ্তি থাকিবলৈ কৰিবলগা হোৱা সংগ্ৰামখনৰ বাবে আদি সময়খিনিত মানুহৰ বৰ এটা আস্বাসজনক-যেন অৱস্থা নাছিল। বন্য জন্তু-দানৱৰ পৰা নিষ্কৃতি পাবৰ বাবে গছত বগাবলৈ বান্দৰৰ তুলনাত থকা অতি কম ক্ষ্ৰিপ্ৰতা; প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পাবলৈ জন্মগত ৰক্ষণ হিচাপে প্ৰায় নোমহীন শৰীৰ; দীঘলীয়া...

একেটা পৰিয়ালতে কেইবাজনো প্ৰতিভাৱান মানুহে ভৰি থকাতো এটা খুব দুৰ্লভ আৰু আনৰ বাবে কৌতুহল তথা খুব আকৰ্ষণীয় কথা। হয়তো অটাইতকৈ বিখ্যাত তেনে উদাহৰণটি হ’ল: মেৰী কুৰীৰ পৰিয়ালটো। মেৰী কুৰী হ’ল ন’বেল বঁটা লাভ কৰা প্ৰথম মহিলা। ইফালে, তেঁৱেই দুবাৰ ন’বেল বঁটা লাভ কৰা প্ৰথম ব্যক্তি।...