অসমৰ গ্ৰন্থ, চৰকাৰ আৰু আমাৰ সমাজ

যোৱা বছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামৰ (World Economic Forum) ৱেবছাইটত গ্ৰন্থ সম্পৰ্কীয় এটা বিশেষ প্ৰতিবেদন প্ৰকাশ হৈছিল৷ International Publishers Association-এ প্ৰতি বছৰে বিভিন্ন দেশত প্ৰকাশিত গ্ৰন্থ সম্পৰ্কীয় কিছুমান তথ্য প্ৰকাশ কৰে৷ সেই প্ৰতিবেদনটো আছিল তাৰেই আলমত৷ সেই অনুসৰি, চীন আৰু আমেৰিকাত প্ৰতি বছৰে প্ৰকাশিত নতুন গ্ৰন্থৰ মুঠ পৰিমাণ বাকী গোটেই বিশ্বত প্ৰকাশিত নতুন গ্ৰন্থৰ মুঠ পৰিমাণৰ প্ৰায় সমান৷ বছৰ বছৰ ধৰি চীন আৰু আমেৰিকাই এই স্থান দখল কৰি আহিছে৷ চীনত প্ৰতি বছৰে প্ৰকাশ হয় প্ৰায় ৫ লাখ নতুন গ্ৰন্থ৷

জ্ঞান-গৰিমাৰে উন্নত আন দেশবোৰত প্ৰতি বছৰে প্ৰকাশিত নতুন গ্ৰন্থৰ মুঠ পৰিমাণটো চীন আৰু আমেৰিকাৰ তুলনাত কম, কিন্তু জনসংখ্যাৰ তুলনাত পৰিমাণটো সেইবোৰ দেশতো বহুত বেছি৷ কাৰণ, চীন হ’ল আটাইতকৈ অধিক সংখ্যক জনবসতিৰ দেশ, আৰু চীনৰ মুঠ জনসংখ্যা সেই দেশবোৰৰ তুলনাত সাংঘাতিক বেছি৷

প্ৰতি নিযুত জনতাৰ বিপৰীতে চীনত প্ৰতি বছৰে নতুন গ্ৰন্থ প্ৰকাশ হয় ৩৩৫ খন, আমেৰিকাত হয় ১০৪৩ খন, জাৰ্মানীত ১০৮৪ খন, জাপানত ৬০৩ খন, নৰৱেত ১২৬৮ খন, ফ্ৰান্সত ১৬৪৩ খন, যুক্তৰাজ্যত ২৭১০খন, ছুইজাৰলেণ্ডত ১৪৮২ খন ইত্যাদি৷ এই পৰিমাণবোৰ আৰু অধিক হ’ব, কাৰণ self-published গ্ৰন্থবোৰ ইয়াত ধৰাই নাই৷

ইয়াৰ লগত যদি আমি অসমক তুলনা কৰি চাওঁ, কি দেখিম?? এই তথ্যবোৰ সম্পূৰ্ণ সঠিক নহয়, সম্পূৰ্ণ সঠিক হোৱাটো সম্ভৱো নহয়, কিন্তু এইবোৰে এটা স্পষ্ট পাৰ্থক্য দেখুৱায় দিয়ে৷ গোটেই ভাৰতবৰ্ষত প্ৰতি বছৰে প্ৰকাশিত নতুন গ্ৰন্থৰ পৰিমাণ চীন-আমেৰিকাৰ তুলনাত কেইবালাখো কম৷ আৰু ভাৰতত এই পৰিমাণটোৰ আধা দখল কৰি আছে কেৱল হিন্দী আৰু ইংৰাজী ভাষাই৷

অসম নামেৰে পৰিচিত আমাৰ এই ভূখণ্ডটিত মুঠ জনসংখ্যা প্ৰায় ৩.১ কোটি জন৷ মুঠটো বাদ দি আমি অসমীয়া মাতৃভাষাৰ মানুহখিনিক লৈ তুলনা কৰি চালেও কি দেখিম? অসমীয়া মাতৃভাষাৰ মুঠ মানুহ প্ৰায় ১.৫ কোটি জন৷ গতিকে আমেৰিকা, নৰৱে আদিৰ লগত তুলনা কৰিলে, অসমত প্ৰতি বছৰে ১৫ হাজাৰৰো অধিক নতুন গ্ৰন্থ ওলাব লাগে৷ জাপানৰ লগত তুলনা কৰিলে, ৯ হাজাৰৰো অধিক নতুন গ্ৰন্থ ওলাব লাগে৷ চীনৰ লগত তুলনা কৰিলে, ৫ হাজাৰৰো অধিক ওলাব লাগে৷ কিন্তু ইমান ওলাই জানো? নতুন গ্ৰন্থৰ খবৰ, গ্ৰন্থমেলাৰ ৰেহৰূপ ইত্যাদি মন কৰিলে পৰিমাণটো তেনেই কম বুলি সহজেই অনুমান কৰিব পাৰি৷ ইফালে আমি ইয়াত কেৱল অসমীয়া মাতৃভাষাৰ মানুহখিনিহে বিবেচনা কৰিছোঁ৷ অসমৰ মুঠ জনসংখ্যা বিবেচনা কৰিলে, সেই তুলনাত বহুত গ্ৰন্থ প্ৰতি বছৰে অসমত প্ৰকাশ হ’ব লাগিব৷ কিন্তু প্ৰকাশ নহয় কিয়?

আমাৰ ইয়াত গ্ৰন্থ প্ৰকাশৰ এটা প্ৰধান সমস্যা হ’ল, পাঠকৰ ওচৰলৈ গ্ৰন্থ এখন যাব কেনেকৈ? আমাৰ গাঁৱৰ পিছত গাওঁ, চহৰৰ পিছত চহৰ জুৰি অজস্ৰ মানুহ ভৰি আছে যাৰ ঘৰত এখনো গ্ৰন্থ নাথাকে৷ সন্তানৰ পাঠ্যপুথিকেইখন বাদ দি দৰৱত দিবলৈয়ো বেলেগ এখনো গ্ৰন্থ নাথাকে (ধৰ্মপুথি এখন বা দুখনক বাদ দি)৷ আনৰ পৰা ধাৰলৈ অনা গ্ৰন্থও নাথাকে৷ আৰু ধাৰলৈ অনা উপায়ো নাথাকে৷ এটা বাতৰিত পাইছিলোঁ, নৰৱেত নতুন গ্ৰন্থ প্ৰকাশ হ’লে চৰকাৰে প্ৰায় এহেজাৰ কপী কিনি স্কুল-কলেজ আদি কৰি দেশখনৰ বিভিন্ন পুথিভঁৰালত বিতৰণ কৰে৷ শিশু গ্ৰন্থ হ’লে পৰিমাণটো আৰু অধিক কৰে৷ ইয়াৰ দ্বাৰা চৰকাৰে গ্ৰন্থ প্ৰকাশনৰ ক্ষুদ্ৰ প্ৰতিষ্ঠানবোৰক জীয়াই ৰাখিছে; লেখকসকলক এটা সম্বল দিছে; নিজৰ ভাষাটো সুৰক্ষিত হোৱাত, সমৃদ্ধ হোৱাত সহায় কৰিছে; নিজৰ জাতিটো প্ৰকৃত শিক্ষিত আৰু পাৰদৰ্শী জাতিত পৰিণত কৰাৰ চেষ্টা কৰিছে; …..৷ কেইবাখনো দেশ ভ্ৰমণ কৰা এজন প্ৰবাসী অসমীয়া গৱেষক বন্ধুৰ পৰা জানিবলৈ পালোঁ, এই কামটো আন কেইবাখনো দেশে কৰে৷ এইবোৰৰ বিপৰীতে আমাৰ ৰাজ্যতে কিমান স্কুল-কলেজ দেখিছোঁ, য’ত পুথিভঁৰালৰ নামত এটা আধাভৰ্তি আলমাৰি চিৰদিনৰ বাবে তলাবন্ধ হৈ ঠিয়দঙা দি থাকে৷ যদি তাৰ দায়িত্বত থকাজন সাধাৰণতে কথকীও হয়, কিন্তু কোনোবাই গ্ৰন্থ বিচাৰিলে তেওঁ কাড়া, উগ্ৰ, ব্যস্ত, একাচেকা যেন ভাৱমূৰ্তি এটা প্ৰদৰ্শন কৰে; যাতে অশান্তি পাই আলমাৰিটোৰ ওচৰলৈ কোনো নোযোৱা হয় আৰু আলমাৰিটোৰ তলা খোলাৰ কষ্টকনো তেওঁৰ নহয়৷ এনেকুৱা কেইবাজনো লগ পাইছোঁ৷

পঠনীয়:  আওমৰণে মৰা শ্বহীদজনৰ হাড়

পৰ্যাপ্ত পুথিভঁৰালৰ অভাৱো আমাৰ বৌদ্ধিক বাতাৱৰণত ঘাটি পৰি থকাৰ এটা অন্যতম কাৰণ৷ ইমানৰ পাছতো, ৰাজ্যত যি দুখন বৃহৎ গ্ৰন্থমেলা অনুষ্ঠিত হয়, সেয়া বন্ধ কৰাৰ ষড়যন্ত্ৰৰ প্ৰতিবাদত জনসাধাৰণ ৰাজপথলৈ নামিব লগা হোৱাটো কিমান দুৰ্ভাগ্যজনক!!

আজিৰ যুগত সৃষ্টি হোৱা জ্ঞান ভাণ্ডাৰ, ভাষাৰ সংকট, বৌদ্ধিক প্ৰয়োজনীয়তা ইত্যাদিৰ সম্পৰ্কে শংকৰদেৱৰ যুগত কল্পনা কৰাটোও সমূলি সম্ভৱ নাছিল৷ এটা ভাষা প্ৰচলন আৰু তাৰ সমৃদ্ধি, জ্ঞান বিস্তাৰ, সংস্কৃতি প্ৰবৰ্তন আদিত শংকৰদেৱে যি বৈপ্লৱিক প্ৰচেষ্টা চলাইছিল, তালৈ লক্ষ্য কৰিলে ধাৰণা হয় যে আজিও অসমৰ সমাজ জীৱনৰ অন্যতম অংগ সত্ৰসমূহত তেওঁ বহুত নতুন উপাদান সংযোগ কৰিলেহেঁতেন৷ চৰকাৰে বহুতো সত্ৰলৈ লাখ লাখ টকা দিছে৷ সেই ধনে সত্ৰৰ অৱয়ৱ চিকুণ কৰি তুলিছে, আৰু সম্ভৱতঃ তাৰেই প্ৰভাৱত পূৰ্বৰ বহু সত্ৰাধিকাৰৰ জেপ ডাঙৰ হৈয়ো উঠিছে৷ ব্যক্তিৰ জেপৰ এই আকাৰ অলপ বেছিকৈয়ে বাঢ়ি যোৱা বাবেই কোনো সত্ৰত চিআইডিৰ তদন্ত চলাৰো বাতৰি ওলাইছে৷ সি যি কি নহওক, ইমান ধনেৰে সত্ৰসমূহে এক বৃহৎ পুথিভঁৰাল-সংস্কৃতি গঢ়ি তুলিব নিশ্চয় পাৰে৷ গোটেই অঞ্চল জুৰি মানুহে গ্ৰন্থ ধাৰে নিয়াৰ ব্যৱস্থা, গ্ৰন্থ সামূহিক পাঠৰ ব্যৱস্থা, অধ্যয়ণ কোঠাৰ ব্যৱস্থা ইত্যাদি গঢ়ি তুলিব নিশ্চয় পাৰে৷ প্ৰতিটো ৰাজহুৱা নামঘৰৰ কাষে কাষে এটা এটা পুথিভঁৰাল গঢ়াটো নিশ্চয় সম্ভৱ৷ (চৰকাৰৰ সহযোগত) তেওঁলোকে নতুন গ্ৰন্থ ক্ৰয়ৰ ব্যৱস্থা নিশ্চয় কৰিব পাৰে৷ ওপৰৰ তুলনাবোৰলৈ পুনৰ চালে ওলাই পৰে, এই ব্যৱস্থাবোৰ আজি কিমান প্ৰয়োজন!

 

No Comments

Post A Comment