আত্মহত্যা আৰু ব্লাফ

সৌৰভ কুমাৰ চলিহাৰ “অশান্ত ইলেক্ট্ৰন”ৰ “জ্যামিতি” নামৰ গল্পটোৰ “ক” চৰিত্ৰটোলৈ মনত পৰেনে??

সি “খ”ৰ প্ৰেমত পৰিছিল, আৰু বন্ধু “গ”ৰ লগত কথাবোৰ আলোচনা কৰিছিল আৰু দুয়ো একেলগে বহি “খ”ক চাইছিল। “খ”ইয়ো কোনো একোবাৰ পাৰহৈ মিচিকিয়াই থৈ গৈছিল; আৰু অলপ পাৰহৈ পিছপিনৰ যানবাহনলৈ কেইবাবাৰো চাইছিল...। “ক” “গ”ৰ ঘৰলৈ পোনে পোনে সৰলৰেখাৰ পথটোৰে নগৈ “খ”ৰ ঘৰৰ সমুখেৰে ঘূৰি ঘূৰি যাবলৈ লৈছিল। “গ”য়ে কৌতুক কৰিছিল যে এতিয়াহে সি বুজি উঠিছে যে ইউক্লিডৰ জ্যামিতি ভুল, আইনষ্টাইনেই শুদ্ধ— দুটা বিন্দুৰ মাজৰ আটাইতকৈ কম দূৰত্বটো এডাল সৰলৰেখা নহ’বও পাৰে!!

কেইদিনমান “খ”ৰ দেখাদেখি নাছিল। “গ”য়ে “ক”ক খবৰ দিছিল যে— “খ” মোমায়েকৰ ঘৰলৈ গৈছিল। বন্ধুৰ তথ্য অসঠিক হ’বই নোৱাৰে, তথাপি “ক”ৰ মনে নামানে। এদিন “খ” ঘৰৰ পিনেদি এক পাক মাৰিলে— কিন্তু দেখি অবাক!! “গ” বহি আছে “খ”ৰ ঘৰত!! মানে “ক”ৰ লগত চাই থাকোঁতে থাকোঁতে “গ”ও ডুবিল! দুয়ো বন্ধুৰ বন্ধুত্বত লাগিল কেনা!! তেনেতে এদিন “খ”ৰ ঘৰৰ পৰা “খ”ৰ লগত একেলগে “ঙ” ওলাই আহিল, খুৱ সহজভাৱে হাঁহি-মাতি...।  কখগ ত্ৰিভূজটো, চুতুৰ্ভূজলৈ পৰিণত হৈ পৰিল...।

“ঙ” স্ফুৰ্তিবান চোকা ল’ৰা, মাথোঁ চাৰি নম্বৰৰ বাবে আগৰ পৰীক্ষাটোত ৰসায়ন বিজ্ঞানত প্ৰথম হ’ব নোৱাৰিলে। সি স্পষ্টবাদী, সত্যভাষী। যেনেকৈ তাৰ দেহাটো প্ৰস্থহীন, বোধহীন আৰু কেৱল দীঘযুক্ত এডাল সৰলৰেখা, তেনেকৈ তাৰ মনটোও সৰল। “ক” আৰু “গ”ৰ তাৰ প্ৰতি খং অনুমান কৰি সি নিজেই আগবাঢ়ি গৈ ক’লেগৈ— তোমালোকে মোক খং কৰি লাভ নাই..., “খ”য়ে মোক প্ৰত্যাখ্যান কৰিছে। এতিয়া বন্ধুত্বহে মাত্ৰ। ঈৰ্ষাক মই ঘৃণা কৰোঁ, তোমালোকেও যেন মোক ঘৃণা নকৰা। লাভ নাই, এইবোৰ এৰি পেলোৱা। Take it easy. “ফ”ৰ কেৰিয়াৰ নষ্ট হৈছে। এনেকুৱা বহুত আছে, জ, চ, প বহুত...। তোমালোকে চিঠি দিছা, গম পাইছোঁ। “খ”য়ে নিজেই কৈছে। খুৱ স্ফুৰ্টি পাইছে।... ইত্যাদি কিছুমান কথা কৈ “ঙ”য়ে “ক” আৰু “গ”ক বুজালে।

দিন গ’ল। “খ” বিয়া হ’লগৈ “ব”ৰ লগত। “ক” আৰু “খ” হ’লগৈ “মাখি-মাৰা কেৰাণী”। গল্পকাৰৰ ভাষাৰে— “ “গ”ৰ স্ত্ৰী গ^ কলহ-প্ৰবণা, দীঘ আছে, পুতলো আছে, কিন্তু বেধ নাই। “ক”ৰ স্ত্ৰীক ক^ চিৰৰুগ্না হ’লেও গ^ৰ দৰে বেধহীনা নহয়। গ^ৰ জ্যামিতিক নাম “কালি” বা area আৰু ক^ৰ নাম আয়তন বা “ভলিউম”। ক^ সঁচাকৈয়ে এটা “ভলিউম”। Voluminous.” আৰু “দিনটোৰ অফিচৰ কামৰ শেষত ৰাতি “ক” যায় “গ”ৰ ঘৰলৈ তাচ খেলিবলৈ— কখগ পথেৰে নহয়, সংক্ষিপ্ত কগ ৰেখাৰেই যায় লৰা-লৰিকৈ।”....

....... গল্পটোত কেৱল ইমানেই কথা নাই। আৰু আছে। এই যে “ঙ”ৰ প্ৰৱেশ ঘটিছিল, তাৰ পিছৰ পৰীক্ষাটোত “ক” আৰু “গ”য়ে ফেইল কৰিছিল। আৰু সকলোকে আচৰিত কৰি ইমান চোকা ল’ৰা “ঙ”ইয়ো ফেইল মাৰিলে!! পৰীক্ষাৰ ফলাফলৰ পাছতে “ঙ” নিৰুদ্দেশ। শেষত তাক পালেগৈ ষ্টেচনৰ কাষত, গাৰ পৰা মূৰটো ছিগি থকা অৱস্থাত! খবৰটো তৎক্ষণাত ৰাষ্ট্ৰ হৈ গ’ল। মানুহে কোৱা-কুই কৰিলে— “ “ঙ”টো ইমান কাপুৰুষ ইমান কাপুৰুষ বুলিটো জনা নাছিলোঁ, ছিঃ ছিঃ, সামান্য এটা পৰীক্ষাত ফেল কৰিয়েই যি.....”

পঠনীয়:  সৌৰভ কুমাৰ চলিহাৰ বে’থ’ফে’ন

তাৰ পিছত অকস্মাতে এদিন “ক” আৰু “গ” মিলিত হ’ল। কিছুসময় দুয়োৰে মৌনতা। পাছতে “ক”ৰ মুখেৰে ওলাই আহিল— “ “ঙ”ই পৃথিৱীক কেনেকুৱা ব্লাফ দিলে দেখিলি?”

“গ”ইয়ো উত্তৰ দিলে— “ও। পৃথিৱীয়ে ভাবিব, সি ফেল কৰাৰ দুখতে আত্মহত্যা কৰিলে। বুদ্ধিমান ল’ৰা।”

******

ধৰক, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত কোনোবা এজন সম্পাদক। কেতিয়াবা কেতিয়াবা দেখা যায়, মস্ত ফতুৱা, গুণ্ডা একোটাই সম্পাদক হ’বলৈ পায়। দেখুৱাই ভাল ভাৱমূৰ্তি এটা দিবলৈ চেষ্টা কৰে, কিন্তু গোপনে ফাতলামি আৰু গুণ্ডামীৰ অন্ত নাই। এনেদৰেই এদিন কাজিয়া লাগি ধৰা পৰিল। শাস্তি দিবলৈ কৰ্তৃপক্ষৰ ওচৰত বিপক্ষই খামুচি ধৰিলে। বেচেৰাৰ পৰ্দা ফাচ হৈ গ’ল। সবেই গম পালে সিও এটা কাজিয়া কৰা ল’ৰা। লাজত থাকিব নোৱাৰি মৰি থাকিল। তাৰ পিছত ৰাষ্ট্ৰ উত্তাল! কত ৰাজনীতি। কত মহান ছাত্ৰ-নেতা সজোৱাৰ আখৰা। লাগিলে সেইবোৰ খাই নে পিন্ধে একো নাভাবকেই। কোনে জানে, দেখুৱাই থকা ভাৱমূৰ্তিটো কাজিয়াত লিপ্ত হৈ ফাচ হৈ যোৱাৰ পাছতে লাজতে পৃথিৱীক ব্লাফ দি থৈ গুচি গ’ল; আৰু সৌৰভ কুমাৰ চলিহাৰ গল্পৰ সেই মানুহবোৰৰ দৰে আমি ভাবি আছোঁ— যেন তেওঁ মহান উদ্দেশ্যতহে এৰি থৈ গ’ল পৃথিৱী!!

No Comments

Post A Comment