মই চিনেমা বানাই অসম-সন্তান হ’ম [ব্যঙ্গ]

দেউতাকে পুতকক ক’লে – “ঐ তই অকণো পঢ়া-শুনা নকৰ, দিনৰ দিনটো এনেই বহি বহি কটাৱ৷ আগলৈ কি কৰি খাবি? কিবা এটা কৰাৰ কথা ভাৱ৷ যেনেতেনে এইবাৰ বিএ-টোকে ছিং৷”

পুতেকে উত্তৰ দিলে – “মই আগলৈ চিনেমা বানাম৷ এনেই পঢ়িবলৈ মোৰ মন নাই, পৰীক্ষা-চৰীক্ষা নিদিওঁ৷”

দেউতাক চক খাই উঠিল – “চিনেমা বনাবি তই??”

পুতেকে ক’লে – “অ’৷ চিনেমা বনাম মই৷ মোৰ পুৰা প্লেন হৈ গৈছে৷”

দেউতাকে ক’লে – “চিনেমা জগতত কিমান মানুহ লাগি লাগিও অসমীয়া চিনেমাৰ অৱস্থা নাই! তই একো এটা নজনাকৈ কেনেকৈ টিকিবি৷ লঘোনে মৰিবি৷”

পুতেকে প্ৰতিবাদ কৰি উঠিল – “হেই দেউতা; তুমি কি কোৱা!!! অসমীয়া চিনেমাৰ এতিয়া ইমান জয়জয় ময়ময় অৱস্থা৷ তুমি বাতৰিকাকত চাবাচোন, চিনেমা সম্পৰ্কে সপ্তাহত কমেও দুটা বাতৰি প্ৰথম পৃষ্ঠাতে থাকেই৷ এদিন দেখিবা অমুক অসম সন্তান উজলি উঠিছে, এদিন দেখিবা তমুক অসম সন্তানে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে; অমুক অসম সন্তান অমুকত শ্ৰেষ্ঠ হৈ অমুকৰ পৰা উভটি আহিছে৷ এইবোৰ কিমান কিমান আন্তঃৰাষ্ট্ৰীয় খবৰ৷ প্ৰতি সপ্তাহে খালিয়েই নাথাকে৷”

দেউতাকে ক’লে – “সেইবোৰ বাৰু দেখিছোঁ৷ কিন্তু তোৰ চিনেমা কোনোবাই চাব জানো? চাব পৰা হ’ব জানো চিনেমা?”

পুতেকে ভালকৈ বুজাই ক’লে – “দেউতা, সেইখিনিতেইটো আচল কথাটো সোমাই আছে! যদি মানুহে চাই, মোৰ চিনেমা হীট মাৰে, তেন্তে চুপাৰষ্টাৰ হ’ম৷ আৰু যদি নাচায়, তেন্তে অসমত মই থাকিবই নালাগে, বছৰৰ ৩৫৫ দিন বিদেশে বিদেশে আন্তঃৰাষ্ট্ৰীয় বঁটা লই ঘূৰি ফুৰিম৷ মাহে মাহে বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাত মোৰ নাম ওলাব৷ বছৰত মাথোঁ দহ দিনহে মই অসমত থাকিবলৈ পাম, তাকো ৰাইজে-চেনেলে অসম সন্তান বুলি আদৰোতে আদৰোতে তোমালোকে মোক লগ পাবলৈকে নাপাবা৷ ঘৰত দুৰাতিহে থাকিবলৈ পাম মই৷”

দেউতাকে অলপ ভাবিচিন্তি ক’লে – “দে দে দে দে৷ তই যি ভাল দেখিছ কৰ৷ যি কৰ নিশ্চয় নিজৰ ভালেই কৰিবি, গতিকে মই একো আৰু নকওঁ৷ তই বিদেশৰ পৰা আহোঁতে কোনোবা এবাৰ মোলৈ আৰবৰ আতৰৰ বটল এটা লৈ আহিবিচোন৷ বৰ মন আছে কামিজত দুটোপালমান পেলাই লৈ মিটিঙলৈ যাবলৈ৷”

“হ’ব দিয়া, আনিম” – পুতেকে ক’লে৷ আৰু দেউতাকে তাৰ কথাবোৰ সহজে বুজি পোৱাত পুতেকৰ মনটো থৌকিবাথৌ লাগিবলৈ ধৰিলে৷

মনৰ আনন্দত দুয়ো পিতা-পুত্ৰ বিভোৰ হৈ পৰিল৷ ওঠত মিঠা হাঁহিৰে সৈতে মৌনতাৰে পাৰ হৈ গ’ল বহু পৰ৷

এটা মৰমসনা মিহি মাতেৰে দেউতাকে ক’লে – “জাননে? আমাৰ পৰিয়ালত অতীজৰ পৰা আজি পৰ্যন্ত কোনো নামী মানুহ নাই৷ তইয়ে যদি নাম ৰাখি যাব পাৰ, কিমান আনন্দৰ কথা৷ তোৰ বাবেই গোটেই বংশ-পৰিয়াল অমৰ হৈ থাকি যাব৷ জ্যোতিপ্ৰসাদলৈকে চাচোন৷ কেইখন নো চিনেমা বনালে! আজিও তেওঁক মনত পেলাই মানুহে৷”

পুতেকে উল্লাসেৰে ক’লে – “সেয়া! চোৱাচোন, জ্যোতিপ্ৰসাদৰ জন্ম ১৯৮৭ চনত, এতিয়াই ইমান কম বয়সতে কিমান নাম কৰিছে৷ তাৰ “পথাৰৰ মাটি” নামৰ চিনেমাখন এতিয়ালৈকে ৪৩৫খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে৷ জ্যোতিপ্ৰসাদেই আমাৰ পথাৰবোৰক বিশ্বদৰবাৰলৈ লৈ গৈছে৷ “পথাৰৰ মাটি”য়ে কিমানটা আন্তঃৰাষ্ট্ৰীয় বঁটা বুটলিছে অঁ!!! সি অসমত থাকিবলৈ নাপায়েই৷ এনেকুৱা এখন ছবিৰ বাবে ৰাইজে তাক দহ কোটি টকা দিয়া উচিত, বিদেশ ভ্ৰমণ কৰিবলৈ৷ গোটেই অসম আজি গৌৰৱান্বিত৷ এইবোৰ অসম সন্তানেই এদিন নামত ৰোহিট চেট্টিকো অতিক্ৰম কৰি যাব৷”

দেউতাকে ক’লে – “অ’ অ’৷ সি নাম কৰিছে৷ জ্যোতিপ্ৰসাদ আৰু ‘এটা’ আছিল৷ স্বাধীনতাৰ কেইবছৰমান পাছতে মৃত্যু হৈছিল৷”

পুতেকে ক’লে – “অঁ আছিল আছিল৷ কিন্তু ইমান ফেমাচ হোৱা নাছিল৷ অসমতে থাকি দিলে৷ তেতিয়া পিচে প্লে’ন-চ্লে’নবোৰ ইমান নাছিল না!”

“হয় হয়” – দেউতাকে ক’লে৷

অকণমান ভাবি থাকি, দেউতাকৰ মনলৈ আকৌ কিবা এটা আহিল, “এটা কথা কচোন৷ অসমতো বহুকেইখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ হৈ গৈছে৷ তালৈ বিদেশৰ কিছুধৰণৰ বহুতো ছবি আহি গ’ল৷ সেইবোৰ দেখোন কোনেও নাচায়৷ কোনেও মনতেই নাৰাখে এদিনৰ বাবেও৷ সেইবোৰে অসম-দৰবাৰত স্থান পালে জানোঁ? কিন্তু অসমৰ পৰা গৈ বিদেশত ৩৫৫ দিন চলচ্চিত্ৰ মহোৎসৱত ঘূৰি ফুৰিবি বুলিয়েই বিশ্বদৰবাৰত স্থান পাবি জানোঁ?”

বিশেষজ্ঞৰ দৰে পুতেকে গহীনাই ক’লে – “দেউতা বিশ্বদৰবাৰৰ কনচেপ্টটো বেলেগ৷ বিশ্বদৰবাৰত অমুক তমুক অসম সন্তান আছেগৈ বুলি তুমিতো সদায়েই বাতৰিত পাইয়ে থাকা৷ অসম সন্তানবোৰ দেখিয়েই থাকা৷”

দেউতাকে ক’লে – “দেখোঁ তো৷”

পুতেক উৎসাহিত হৈ পৰিল – “সেয়াই! অসমত মই নামটো ৰাখিবহে লাগে! নে তুমি কি কোৱা? মোৰ নামটো বিশ্বদৰবাৰ যোৱা বুলি এবাৰ উলিয়াই দিব পাৰিলেই হৈ গ’ল!”

দেউতাকো উৎফুল্লিত হৈ উঠিল – “হ’ব দে, বুজিলোঁ৷”

No Comments

Post A Comment