ড° ভূপেন হাজৰিকা আৰু তেজপুৰ বিশ্ববিদ্যালয়

“….. এছ. ডি. বৰ্মন আৰু আৰ. ডি. বৰ্মনে যেনেদৰে বলীউদৰ সংগীতক চহকী কৰি থৈ গৈছে, তেনেদৰে ভূপেন হাজৰিকায়ো বলীউদৰ সংগীতক আৰু অধিক আগুৱাই যোৱাত সহায় কৰিব পাৰিলেহেঁতেন। দুখ লাগে সেই সুযোগ সংগীতকাৰগৰাকীক দিয়া নহ’ল।”

– এয়া প্ৰখ্যাত গীতিকাৰ গুলজাৰৰ ভাষ্য।

প্ৰতিভাবান মহান শিল্পীক কৰা অৱহেলাই অনিষ্ট কৰে নিজৰ। এজন মাথোঁ শিল্পীয়ে একো একোটা গীতেৰেই আমাৰ ঐতিহ্য, নিৰ্যাস, প্ৰাচুৰ্য, অৱলম্বন, কৰ্তব্য…. সকলোৰে কথা কৈ থৈ গ’ল। সেইজন শিল্পী- যিজনৰ বিষয়ে বিদগ্ধ পণ্ডিতৰ পৰা আৰম্ভ কৰি সাধাৰণ সাংবাদিকলৈকে, ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি হৃদয়ত তেখেতৰ গীতক প্ৰতিষ্ঠা কৰি লোৱা শ্ৰোতালৈকে হাজাৰ হাজাৰজনে হাজাৰ কথা লিখিছে বা কৈছে, তেনে এজন ব্যক্তিৰ বিষয়ে কিবা এটা লিখিবলৈ লওঁতে সদায় থমকি ৰ’ব লগা হয়- কিজানি কোনো কথাত প্ৰকৃত গভীৰতা প্ৰকাশ নোপোৱাকৈ থাকে- সেই ভাবি।

ফটো সংগ্ৰহ : গৌৰী শংকৰ ভূঞা

ফটো সংগ্ৰহ : গৌৰী শংকৰ ভূঞা

তেজপুৰ বিশ্ববিদ্যালয়ৰ আটাইতকৈ সক্ৰিয় ক্লাৱ ‘আড্ডা কুইজ’-এ প্ৰতি বছৰে নৱাগত ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে এটা বিশেষ কুইজ প্ৰতিযোগিতা আয়োজন কৰে। কৌতুহলোদ্বীপক আকৰ্ষণীয় পোষ্টাৰ, উৎসাহজনক পুৰস্কাৰ আদিৰে ইয়াক নৱাগতসকলৰ দৃষ্টিগোচৰ কৰি তোলা হয়। একেবাৰে আগ্ৰহ নথকাসকল প্ৰতিযোগিতাটোত উপস্থিত থাকিবলৈ নগ’লেও তাত চলা জ্ঞান চৰ্চাই কঢ়িওৱা বতাহছাটিয়ে সবকে কোবাই থৈ যায়। দুবছৰৰ আগতে সেই অনুষ্ঠানটোত প্ৰতিযোগীসকলক এটি গীত শুনাই এটা প্ৰশ্ন কৰা হৈছিল যে- সেই গীতটি গোৱা তেজপুৰ বিশ্ববিদ্যালয়ৰে বিশ্ববিখ্যাত ছাত্ৰজন কোন?

উত্তৰটো দিবলৈ লওঁতে বহুতো প্ৰতিযোগী কিছু বিমোৰত পৰিছিল। কাৰণ, সেই কণ্ঠ আছিল ড° ভূপেন হাজৰিকাৰ, কিন্তু ড° ভূপেন হাজৰিকা তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল কেতিয়া!? প্ৰতিযোগীসকলে ভাবিছিল- তেজপুৰ বিশ্ববিদ্যালয়ে তেখেতক এক সন্মানীয় ডিগ্ৰী প্ৰদান কৰিছিল, তাকে কোৱা হৈছে নেকি? হয়, তাকে কোৱা হৈছিল। অৰ্থাৎ ড° ভূপেন হাজৰিকাক এটা ডিগ্ৰী প্ৰদান কৰি তেজপুৰ বিশ্ববিদ্যালয়েও ধন্য মানিছিল।

তেজপুৰ বিশ্ববিদ্যালয়ৰ লগত ড° ভূপেন হাজৰিকাৰ নাম কেৱল এনেদৰেই জড়িত নহয়, তেখেতেই লিখিছিল এই বিশ্ববিদ্যালয়ৰ ‘Anthem’।

এই মহান শিল্পীগৰাকীৰ ভাৱ-ভাষাত সদায় জড়িত থকা এটা বস্তু হ’ল- দায়িত্ব। তেখেতৰ সেই দায়িত্ববোধে আজি আমাক কেৱল সমাজ জীৱনৰ প্ৰতিয়েই নহয় তেখেতৰো প্ৰতি থাকিবলগা আমাৰ দায়িত্বৰ কথা সোঁৱৰাই দিয়ে। তেখেতৰ প্ৰতি তেজপুৰ বিশ্ববিদ্যালয়ে এটা দায়িত্ব পালন কৰিবলগা আছে। এই দায়িত্ব পালনে কেৱল বিশ্ববিদ্যালয়খনকে যে ধন্য কৰিব তেনে নহয়, ধন্য কৰিবগৈ পাৰে অসংখ্য ছাত্ৰ-ছাত্ৰীৰো জীৱন।

প্ৰতি বছৰে বিশ্ববিদ্যালয়ৰ পৰা অসংখ্য ছাত্ৰ-ছাত্ৰী ওলাই যায়। বিশ্ববিদ্যালয়ত কেইবাবছৰ থাকিও কিন্তু তেওঁলোকৰ প্ৰায় এজনেও বিশ্ববিদ্যালয় সঙ্গীতটো নজনাকৈয়ে পাৰ হৈ গুছি যায়। সেই সঙ্গীত-

“অগ্নিগড়ৰ স্থাপত্য, কলীয়াভোমোৰাৰ সেঁতু নিৰ্মাণ

জ্ঞান জ্যোতিৰ্ময়

সেহি স্থানতে বিৰাজিছে তেজপুৰ বিশ্ববিদ্যালয়

…     …       …

আয়ত্ব কৰি কলা-কৌশল

কৰি যাওঁ দিক্-নিৰ্ণয়

মানৱতাবাদৰ ধ্যানৰ প্ৰতীক তেজপুৰ বিশ্ববিদ্যালয়

…     …       … ”

যদি বিভাগসমূহত পতা নৱাগত আদৰণি সভা আদিকে ধৰি বিভিন্ন অনুষ্ঠানৰ আৰম্ভণিতে এই গীত পৰিৱেশনৰ বাবে ছাত্ৰ-ছত্ৰীসকলক আগ্ৰহাম্বিত কৰা হয় তেন্তে এটি গুৰুত্বপূৰ্ণ কাৰ্য হ’ব। (আন কোনো কোনো বিশ্ববিদ্যালয়ত এই অতি অদৰণীয় পৰম্পৰা বহু যুগৰ আগতেই গঢ়ি উঠিছে!) এনে পৰম্পৰা গঢ়িবলৈ (ইয়াত) প্ৰশাসনিক কৰ্তৃপক্ষই নেতৃত্ব ল’ব লাগিব।

এই আহ্বানেৰেই আমি জনালো সুধাকণ্ঠলৈ সশ্ৰদ্ধ প্ৰণিপাত….।

 

* * * * * * * * *

সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে “ড° ভূপেন হাজৰিকা” শিৰোনামেৰে এই প্ৰবন্ধটো ২০১২ চনত তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰকাশিত এখন আলোচনীত লিখিছিলোঁ। ইয়াত সেই একেটা লেখাৰে শিৰোনামটো সলনি কৰাৰ লগতে তলৰ তথ্যখিনি সংযোগ কৰিলোঁ—

তেজপুৰ বিশ্ববিদ্যালয়ৰ সংগীতটি সৃষ্টিৰ সময়ত ড° ভূপেন হাজৰিকাদেৱে, গীতটি কেনেকৈ উপস্থাপন কৰিব লাগিব সেইকথা নিজে গাই এজন ব্যক্তিক শিকাই থকাৰ লগতে সেই সম্পৰ্কীয় তেখেতৰ কিছু ইচ্ছা আৰু হেঁপাহৰ কথা তলৰ ভিডিঅ’টোত (অডিঅ’টোত) সন্নিবিষ্ট হৈ আছে:

 

অংকণ : গৌৰী শংকৰ ভূঞা

অংকণ : গৌৰী শংকৰ ভূঞা

গীতটিৰ কথা:

অগ্নিগড়ৰ স্থাপত্য, কলীয়াভোমোৰাৰ সেঁতু নিৰ্মাণ

জ্ঞান জ্যোতিৰ্ময়

সেহি স্থানতে বিৰাজিছে তেজপুৰ বিশ্ববিদ্যালয়

 

ভূ-গৰ্ভৰ পৰা গ্ৰহ-নক্ষত্ৰত গণনাৰে কৰোঁ বিচৰণ

বিজ্ঞান জোঁৱাৰৰ অগ্ৰগতিক আহুতিৰে কৰোঁ ৰূপায়ন

আয়ত্ব কৰি কলা-কৌশল

কৰি যাওঁ দিক্-নিৰ্ণয়

মানৱতাবাদৰ ধ্যানৰ প্ৰতীক তেজপুৰ বিশ্ববিদ্যালয়

তেজপুৰ বিশ্ববিদ্যালয়

 

বৰলুইত বৈ যায় কাষেদি আমাৰ

সেই শক্তিৰে উজ্বলাম দুটি পাৰ

সোপান বগাম তীব্ৰ গতিৰে

প্ৰযুক্তিবিদ্যাৰে হৈ নিৰ্ভয়

জীৱন যুঁজত বিজ্ঞান সাৰথি তেজপুৰ বিশ্ববিদ্যালয়

তেজপুৰ বিশ্ববিদ্যালয়

(সুৰ- ডঃ ভূপেন হাজৰিকা।)

 

ইংৰাজী ভাৱাৰ্থ:

Where Agnigarh dazzles in designing trends

Where the skill of Kaliabhomora in bridging over rivers

Sparkles in brands

It is there that Tezpur University stands

 

From the depths of our earth

To planets and stars

We chart our ways

 

And we strive to make

The waves of science

Soar high in a maze

 

Art and deftness we acquire

To chalk out our goal

The spirit of Humanism beckons

And Tezpur University imbibes it in soul

 

The mighty Luit flows by us

Its power will light up its banks

We shall zoom high to ideals

Technology will assure our ranks

 

Science is our companion in the struggles of our lives

That is what Tezpur University signifies. (উৎস)

 

[তেজপুৰ বিশ্ববিদ্যালয়ৰ তোৰণৰ ফটোখন ইয়াৰ পৰা সংগ্ৰহ কৰা হৈছে।]

2 Comments
  • Arnab Jyoti Arya
    Posted at 11:32h, 05 November Reply

    আপোনাৰ লেখাটো ভাল লাগিল । আমি চেষ্টা কৰিছিলো গীতটি ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰচাৰ কৰিবলৈ । এতিয়া YouTubeটো উপলব্ধ কৰিছোঁ ।

Post A Comment