সৌৰভ কুমাৰ চলিহাৰ বে’থ’ফে’ন

“বাজানাৰ শেষ মূৰ্ছনা” মাৰ যোৱাৰ পিছতে দুজন বন্ধুৰ কথা-বতৰাৰ সামান্য এটা মুহূৰ্ত। যেন এটা ঝলক। গল্পটো আৰম্ভ হৈছে, আৰু শেষ হৈছে। সাধাৰণ আকৃতিৰ কিতাপৰ মাথোঁ পাঁছটা পৃষ্ঠা। যাৰ বিষয়ে গল্পটো লিখা হৈছে তেওঁৰ নামটো গল্পটোৰ ভিতৰত এবাৰো নাই। মাথোঁ শিৰোনামটোতহে আছে— বে’থ’ফে’ন।

বে’থ’ফে’ন শৈশৱতেই সংগীতৰ বিস্ময়ৰূপে নিজ চহৰত পৰিচিত হৈ পৰিছিল। তেতিয়াৰ পৰাই সংগীত সম্পৰ্কীয় প্ৰচুৰ অধ্যয়ন কৰিছিল আৰু সাধনা কৰিছিল। সংগীত সাধনা আৰু বিশাল সৃষ্টিৰ মনোকামনাৰে তেওঁ নিজৰ সৰু চহৰখনৰ পৰা ওলাই ভিয়েনা পাইছিলগৈ। সৌৰভ কুমাৰ চলিহাৰ গল্পৰ চৰিত্ৰই কৈ আছে, কি আছে তেওঁৰ সংগীতত—

“প্ৰধানতঃ দুখ আছে”, “সুখৰ সন্ধান—?”, …., “অন্যায় আছে, অবিচাৰ আছে, অকাৰণ দুৰ্ভাগ্য, যুক্তিহীন কষ্ট, কিন্তু, অ, জীৱন আছে, যৌৱন আছে, অবিচল কঠোৰ প্ৰচেষ্টা আছে, উঠিব লাগিব, উঠিব লাগিব, অদৃষ্টক উলংঘা কৰি বীৰত্বৰ মৰ্য্যাদালৈ উঠিব লাগিব—”

গল্পটোৰ চৰিত্ৰই কল্পনা কৰিবলৈ ধৰিছে— “….। জয় কৰিব লাগিব সংগীত-জগতৰ প্ৰাণকেন্দ্ৰ ভিয়েনা, জয় কৰিব লাগিব বিশ্ব, তেওঁৰ অন্তৰত উদ্দাম উচ্চ অভিলাষ, স্ফূৰ্তিবান আৰু স্ফূৰ্তিপ্ৰিয় আৰু কিছু অহংকাৰ আৰু কিছু অহমিকা, তেওঁৰ সমগ্ৰ দেহে-মনে প্ৰচণ্ড শক্তিৰ অনুভূতি। লাগে খ্যাতি, যশ, সন্মান, অৰ্থ, খিতাপ, গৌৰৱ, ৰজা-ৰাণী-ডিউক-কাউণ্টৰ লগত চলাফিৰা, আৰু— কমনীয় নাৰী, প্ৰেম, সুখৰ গাৰ্হস্থ্য-জীৱন। নতুন নতুন সুৰধ্বনি, অভূতপূৰ্ব লয়, অশ্ৰুতপূৰ্ব হাৰ্মনি— সকলো ঈশ্বৰৰ দান, পৃথিৱীৰ কৌটি কৌটি মানুহৰ মাজত মাথো তেওঁকেই বাছি বাছি ঈশ্বৰে দিছে কালোত্তৰ সৃষ্টিপ্ৰতিভা, যি সুৰৰ উঠা-নমাত তোমাৰ ৰক্তপ্ৰবাহ দ্ৰুততৰ হ’ব, তুমি শুনিবা অনন্তৰ ভাষা আৰু তুমি পাবা বিশ্বপ্ৰকৃতিৰ আনন্দ-আভাস, তোমাৰ নিজৰ ভিতৰত তুমি লীণ যাবা। ভিয়েনা মোৰ, পৃথিৱী মোৰ, মই যিহকে বিচাৰোঁ মোৰ, মই যাকে বিচাৰোঁ, মোৰ! মোৰ!

—কিন্তু এইয়া কি? এইয়া কি? তুমি কৈছা, দূৰত ভেৰাৰখীয়াই গান গাইছে? দূৰত কোনোবাই বাঁহী বজাইছে? কিন্তু মই শুনা নাই কিয়? মোৰ কাণত তাৰ তৰংগই ধৰা দিয়া নাই কিয়? মোৰ কি হ’ব ধৰিছে, মোৰ কি হ’ব ধৰিছে?

অ, তেওঁ ক্ৰমাৎ বধিৰ হৈ যাব ধৰিছে, তেওঁ, যাক ঈশ্বৰে কৌটি কৌটি মানুহৰ মাজৰপৰা পৃথক কৰি উলিয়াই অভিনৱ অন্তৰস্পৰ্শী সংগীত-সৃষ্টিৰ বৰ দিছে, তেওঁৰ শ্ৰৱণেন্দ্ৰীয়— বাছি বাছি তেওঁৰেই শ্ৰৱণেন্দ্ৰীয়— বিকল হৈ যাব ধৰিছে, কাণ দুখনৰ প্ৰয়োজনীয়তা তোমাৰ মোৰ দৰে সাধাৰণ মানুহতকৈ যাৰ শত-সহস্ৰ গুণ বেছি। ঈশ্বৰৰ এইটো কি ধৰণৰ উপহাস, অদৃষ্টৰ এইটো কি ধৰণৰ নিৰ্মম ৰসিকতা?”

প্ৰায় ২৭ বছৰ বয়সত বে’থ’ফে’ন বধিৰ হ’বলৈ আৰম্ভ কৰিলে। ইতিমধ্যে কেইবাটাও অপূৰ্ব সৃষ্টি তেওঁ কৰি উলিয়াইছিল। বে’থ’ফে’নৰ বয়সস্থ কালৰ ফটো বা পৰ্ট্ৰেইটসমূহত চকু পৰিলেই দেখা যায় এজন প্ৰচণ্ড শক্তিমন্ত, প্ৰাচুৰ্যশীল মানুহ, যেন সেই মানুহজনে ক্ষন্তেক মুহূৰ্তৰ পিছতেই কিবা এটা অসামান্য সৃষ্টি কৰি উঠিব। আৰু তেওঁৰ দুচকুত দেখা যায় কিবা এক সাংঘাটিক খং আৰু সন্দেহৰ দৃষ্টি। বে’থ’ফে’ন ক্ৰমে বদমেজাজী, আঁতুৰ, অশৃংখল হৈ পৰিল। তেওঁৰ আচৰণে মানুহক আঘাত কৰিছিল। চিকিৎসকে তেওঁক নিৰ্জন নিৰিবিলি স্থানলৈ যাবলৈ পৰামৰ্শ দিলে। তেওঁ আত্মহত্যাৰ কথাও চিন্তা কৰিলে। প্ৰায় চল্লিছ বছৰ বয়সত তেওঁ মুকলি অনুষ্ঠান কৰাও বাদ দিলে। ইয়াৰ পিছত তেওঁ জীয়াই আছিল প্ৰায় পোন্ধৰটা বছৰ, আৰু তেতিয়াও সৃষ্টি হৈছিল তেওঁৰ অসামান্য প্ৰতিভাৰ চানেকিৰ সংগীতসমূহৰ বহুকেইটা। তেওঁৰ অৱস্থাৰ কথা জানি কান্দি উঠে মানুহৰ হৃদয়। নিয়তিৰ পৰিহাস দেখি অস্থিৰ হৈ উঠে আমাৰ মন।

বে’থ’ফে’ন যে বদমেজাজী হৈ উঠিছিল, ভিতৰি কিন্তু তেওঁ তেনে নাছিল। কিহে তেওঁক তেনে কৰিছিল সেয়া আমাৰ সহজেই অনুমেয়। গল্পটোৰ চৰিত্ৰই সেয়া খুৱ চমুকৈ, কিন্তু অন্তৰস্পৰ্শী ৰূপত কৈছে।

বৈজ্ঞানিক তন্ন তন্ন কথাকো গল্পৰ উপাদান কৰি পেলোৱা অসাধাৰণ গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ এই গল্পটোতো ভুমুকি মাৰিছে কিছু বৈজ্ঞানিক কথা— বে’থ’ফে’নৰ কাণৰ বিকাৰৰ সাম্ভাব্য কাৰণ, মানুহৰ কাণৰ ভিতৰভাগৰ গঠন, কেনেকৈ মানুহে শব্দ শুনে, শব্দবোৰ মগজুত কেনেকৈ পায়গৈ, আৰু কাণৰ সেই বিভিন্ন বিকৃতিৰ চিকিৎসা সম্পৰ্কীয় বৈজ্ঞানিক কথা….। কি কাৰণত বে’থ’ফে’নৰ কাণৰ বিকৃতি ঘটিছিল, কিয় তেওঁ বধিৰ হ’ল সেই সম্পৰ্কে চিকিৎসকসকলে কেইটামান কথা অনুমান কৰে। ভিয়েনা “চিকিৎসা-বিজ্ঞানৰো এটি প্ৰাণকেন্দ্ৰ”; সৌৰভ কুমাৰ চলিহাৰ গল্পটোৰ চৰিত্ৰই পুনৰ কল্পনা কৰিবলৈ ধৰে যে সংগীতজ্ঞজনৰ সেই বিকৃতি ধৰা পেলাবলৈ প্ৰতিটো পৰীক্ষা কৰি যোৱা হৈছে। কথাটো হ’ল যে— তেওঁৰ সমস্যাটো যিয়েই নহওক প্ৰতিটোৰে চিকিৎসা কৰি পেলাব পৰা যায়, কাণৰ ভিতৰত নিৰ্দিষ্ট বিকৃত হাড়ডালৰ অস্ত্ৰোপচাৰ কৰিলতে তেওঁ সুন্দৰকৈ শুনা হ’ল, প্ৰতিটো ক্ষেত্ৰতে মাথোঁ তেনেই সৰু একোটা অস্ত্ৰোপচাৰ, “—বা সিও যদি নহয়, ৰঞ্জন ৰশ্মিৰে আৰু ভালকৈ চোৱা কি হৈছে, তন্তু যদি ছিঙিছে, কৃত্ৰিম তন্তু সংযোগ কৰি দিয়া, কাণৰ পৰ্দা যদি ফাটিছে সেইখন সলাই দিয়া, অতিশাব্দিক ঢৌৰে চিলাই কৰি দিয়া, কাণত বেটাৰিচালিত ‘হিয়াৰিং এইড’ বা শ্ৰৱণ-যন্ত্ৰ এটা সুমুৱাই লোৱা, সৰৱ পৃথিৱী আকৌ চেতনাত ধৰা দিব, কিমান সহজ—”

কিন্তু এই সুস্থতা, তাৰ বাবে অহা এই পূৰ্ণতা, এই শান্তি… ইয়াৰ পৰা কি পোৱা যাব? বেছ ভাল, সুশ্ৰাব্য তেওঁৰ সংগীত, তাত বহুত কিবা আছে, আন দহজনৰ দৰেই সি অসাধাৰণ, কিন্তু তাত “কেইটামান সুৰ যেন নাই” “কেইটামান ধ্বনি যেন অতিৰিক্ত আছে”, ফলত আজিও তেওঁৰ সংগীতে শ্ৰোতাক যি দি আছে সেয়া যেন সম্পূৰ্ণ দিব পৰা নাই।

গল্পৰ চৰিত্ৰটিৰ বন্ধুজনে চক খাই উঠিছে— এনে কথাতো শুনা নাই, বে’থ’ফে’নে পুনৰ যে কাণেৰে শুনা হৈছিল সেই কথাটোতো আগতে জানিবলৈ পোৱা নাই। নাই নাই— গল্পটোৰ চৰিত্ৰটিয়ে বন্ধুজনক জনাই যে— সেয়া সঁচাকৈয়ে হোৱা নাই, কাৰণ সেয়া আছিল ঊনৈছ শতিকাৰ আৰম্ভণি সময়ৰ কথা, তেতিয়া ৰঞ্জন ৰশ্মি আৱিষ্কাৰেই হোৱা নাই, সেইবোৰ অস্ত্ৰোপচাৰৰ কথা চিকিৎসা-বিজ্ঞানে তেতিয়া ভূ পোৱাই নাছিল। ইয়াৰ পিছতে শেষত চৰিত্ৰটিয়ে সাংঘাটিক কথা এষাৰ কৈ দিয়ে। ই বহুতো প্ৰশ্ন আমাৰ মনত অনুৰণন তুলি থাকে। মানুহৰ কিবা এটা মহান সৃষ্টিৰ ৰহস্য, এটি প্ৰতিভা উজলি উঠাৰ ৰহস্য তেওঁ পোৱা যাতনাতো বহু পৰিমাণে নিহিত আছে নেকি? ইয়াৰ বাবে কেতিয়াবা যাতনাও আশীৰ্বাদ নেকি? যাতনাক বিদ্ৰূপ কৰি মানুহে অজেয় হৈ উঠাৰ যি দুৰ্জেয় স্পৃহা সেয়াই প্ৰতিভাত কৰে নেকি মনুষ্যজাতিৰ বাবে বহু অমূল্য সম্পদ? মনলৈ আহে আৰু বহু প্ৰশ্ন….। সেই এষাৰ কথাই আমাকো যাতনাৰ বিৰুদ্ধে যুঁজ দিবলৈ উৎসাহ দিয়ে। গল্পটোৰ চৰিত্ৰটিয়ে বন্ধুজনৰ সন্দেহ ভাঙি উঠি, সেই চিকিৎসা যে তেতিয়া সঁচাকৈ হোৱা সম্ভৱ নাছিল সেয়া জনাই, শেষত ক’বলৈ ধৰে যে— “আৰু তাৰ বাবে হয়তো আমি কৃতজ্ঞ— কাৰণ, তেওঁৰ কাৰণে আমাৰ হিয়া কান্দে, কিন্তু এই সংগীত কি আমি হেৰুৱাব পাৰোঁ?”

[প্ৰবন্ধটো লিখাৰ মূল কাৰণ হ’ল সেই শেষৰ বাক্যটো। গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ বিশাল প্ৰতিভাৰ চানেকি তুলি ধৰিবলৈ মই সক্ষম হোৱা নাই।]

No Comments

Post A Comment