বিহ খাই কাণ-মূৰ পেলোৱা নিগনি এটাৰ নিচিনাকৈ জীৱনৰ বিহ খাই খাই শইকীয়াৰ চেহেৰাটো মৰিশালি-যাত্ৰালৈ বেছিদিন নথকা মানুহ যেন লগা হৈ পৰিছে। কিন্তু বয়সেতো ভাটী দিয়াই নাই, বৰং অৱসৰ ল’বলৈ এতিয়াও সাত বছৰ বাকী আছেই। “আগতে সকলো ভাল আছিল, এতিয়া সব বেয়া। এতিয়াৰ ল’ৰা-ছোৱালীবোৰ ইমান বেয়া...

নবেম্বৰ-ডিচেম্বৰ— এই সময়খিনিত কিছুসংখ্যক সংবাদ-প্ৰতিষ্ঠান বা আন অনুষ্ঠান-প্ৰতিষ্ঠানে বছৰটোৰ বিশেষ দহজন বা বিশজন ব্যক্তি আদিৰ তালিকা উলিওৱাৰ যো-যা চলায়। এইসমূহৰ প্ৰত্যেকৰে উদ্দেশ্য পৃথক পৃথক। বহুতে “আনেও উলিয়াই যেতিয়া, আমিও পাৰোঁচোন” বুলি উলিয়ায়। বহুতে, বছৰটোত ইতিমধ্যে যিসকল অলপ বিখ্যাত হ’ল বা কিবাকৈ বিদেশৰ পৰা কিবা এটা-দুটা...

C++ জনা ডিপিপি হোষ্টেলৰ ল’ৰাবোৰে হাতত দা আৰু হকী-ষ্টিক লৈ কেএনপি হোষ্টেলৰ C++ নজনা, কেৱল C জনা ল’ৰাবোৰক কাটিবলৈ খেদি গ’ল। কেএনপি হোষ্টেলৰ Python জনা একমাত্ৰ ল’ৰাটোৱে সেই মুহূৰ্তত হোষ্টেলৰ সমুখতে ৰৈ আকাশলৈ চাই চাই কেইটামান বাগ কেনেকৈ আঁতৰাব পাৰি তাকে ভাবি আছিল। সংখ্যালঘু বুলি...

ছিংগাপুৰত ২০১৫ বৰ্ষৰ স্কুল-পৰ্যায়ৰ এটি গণিত অলিম্পিয়াডত অহা এটা প্ৰশ্ন দুটা সপ্তাহ ধৰি বিশ্বৰ ভালেকেইখন বিখ্যাত কাকতৰ বাতৰিত পৰিণত হৈছিল (নিউয়ৰ্ক টাইমছ, ৱাচিংটন পোষ্ট আদিকে ধৰি)। কাৰণ এই প্ৰশ্নটো স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে আগবঢ়োৱা অতি সহজ প্ৰশ্নই আছিল যদিও এইটো সমাধান কৰাটো অলেখ ডাঙৰ মানুহৰ বাবেও...

ডিজিটেল ইণ্ডিয়া প্ৰকল্পলৈ গুগল, ফেচবুক আদিৰ পৰা ব্যাপক সঁহাৰি অহাৰ লগে লগে, কিছুমান কাকতত বিৰোধীতা কৰাৰ স্বাৰ্থত বিভিন্ন সাংবাদিক, সম্পাদক, স্তম্ভলেখক আদিয়ে বিভিন্ন লেখা লিখিছে। তেওঁলোকৰ লেখা বা প্ৰতিবেদনবোৰত পুঁজিবাদ, দাৰিদ্ৰ ইত্যাদি বিভিন্ন প্ৰসংগৰ লগতে চীনত যে গুগল, ফেচবুক আদি নিষিদ্ধ তাৰ কথাও মাজে মাজে...

আমি সততে বতৰৰ আগলি-বতৰা কাকত আৰু টি.ভি.ৰ বাতৰিত পাওঁ। বহুসময়ত পিছে এই আগলি-বতৰা বিলাক আচল বতৰৰ স’তে অমিল হোৱা দেখা যায়। আচলতে, বতৰৰ পূৰ্বানুমানৰ বাবে কিছুমান জটিল গাণিতীক পদ্ধতি ব্যৱহাৰ কৰা হয়। এই পূৰ্বানুমানসমূহ প্ৰায়ে সঠিক নোহোৱাৰ কাৰণ সাধাৰণজনে আয়ত্ব কৰিবলৈ এটা ধেমেলীয়া ব্যাখ্যা আছে— ধৰি...