ৰাতিপুৱা শুই উঠাৰ পাছত গা-পা ধুই যেতিয়া অ’ফিছৰ ফালে মই ৰাওনা হওঁ, তেতিয়া সদায় ট্ৰেইনত উঠাৰ আগতে Spotifyত থকা জুবিন দাৰ গানৰ এখন প্লে’লিষ্ট খুলি তেওঁৰ সুমধুৰ কণ্ঠৰ সোৱাদ লওঁ। প্ৰায় ২৫ মিনিটমানৰ ট্ৰেইন-যাত্ৰাটোত মোৰ লগত থাকে ‘জুবিন দা’ আৰু ভিয়েনা চহৰৰ মনোমোহা দৃশ্য। যেতিয়া...

দেশ-বিদেশৰ বিভিন্ন যুদ্ধবোৰে কিমান এন ফ্ৰাংকৰ অলিখিত-অপ্ৰকাশিত ডায়েৰি তৈয়াৰ কৰিছে বা কিমান প্ৰতিভা বিকাশৰ সম্ভৱনাবোৰ মষিমূৰ কৰি গৈছে তাৰ হয়তো সীমা-সংখ্যা নাই। তাৰোপৰি আছে ইতিহাসৰ শ শ অধ্যায় বিষময় কৰি ৰখা সামাজিক তথা পৰিয়াল কেন্দ্ৰীক বাধাবোৰ। মাৰিয়াম মিৰ্জাখানীয়ে কৈছিল— তেওঁ সৌভাগ্যৱান যে তেওঁ প্ৰাথমিকক বিদ্যালয়...

বহুতো বিশিষ্ট ব্যক্তিৰ লেখা বা বক্তৃতাত প্ৰসংগক্ৰমে “টাইম” আলোচনীৰ কুৰি শতিকাৰ ১০০জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তি আৰু গোটেই শতিকাটোৰ সৰ্বশ্ৰেষ্ঠ এজন ব্যক্তিৰ তালিকাখনৰ কথা সততে পঢ়িবলৈ-শুনিবলৈ পোৱা যায়। সেয়েহে তালিকাখনৰ প্ৰতি আমাৰো কিছু কৌতুহল হয়। “ন’বেল বঁটা বিজয়ী লেখকসকল” ধৰণৰ গ্ৰন্থসমূহৰ দৰে এই “এশ”জন ব্যক্তিক সমৰি...

প্ৰতিবাদ নামৰ ব্যৱসায়টো আৰম্ভ কৰিম বুলি ভাবিছোঁ মইয়ো মাৰ্কেটিঙৰ বাবে চলন্ত ৰেলত এটা মল্লযুঁজেই যথেষ্ঠ আজিকালি গাহৰিবোৰে মূৰে মূৰে খুন্দিয়াই মৃত্যু বৰণ কৰিলেও এটাই আনটোক শ্বহীদ ঘোষণা কৰে "শ্বহীদ প্ৰণামো তোমাক শ্বহীদ প্ৰণামো তোমাক"। নাই নাই, গাহৰিবোৰে এনে নকৰে, কাৰণ সিহঁত গাহৰি৷ যি কি নহওক, প্ৰতিবাদৰ প্ৰথম আৰু দ্বিতীয় টপিক দুটা ফ'ল্ডাৰত মজুত...

মহানগৰ সংবাদ, ১৪ জুলাই : বিশ্ববিশ্ৰুত ইংৰাজী ভাষা প্ৰকৃততে প্ৰাচীন কামৰূপতহে প্ৰথমে চৰ্চিত হৈছিল বুলি শেহতীয়া গৱেষণাত প্ৰমানিত হৈছে৷ অসমীয়া বিশিষ্ট পুৰাতাত্ত্বিক তথা প্ৰত্নতাত্বিক গৱেষক দুৰ্লভ বৰাই শেহতীয়াকৈ কামৰূপত এক খনন-কাৰ্যৰ জৰিয়তে লাভ কৰা কিছুমান ফলিত থকা চিহ্নবোৰেই এই কথা প্ৰমানিত কৰে৷ দ্বাৰকাৰ পৰা অনিৰুদ্ধক...

[হোমেন বৰগোহাঞিয়ে তেওঁৰ সম্পাদিত কোনো কোনো কাকত-আলোচনীত প্ৰকাশ কৰা তেওঁৰ ‘প্ৰমা’ শিতানটোৰ মই এতিয়ালৈকে পঢ়া ত্ৰিশতাধিক লেখাৰ পৰা মোৰ অতি ভাল লগা কেইটিমান ইয়াত সংগ্ৰহ কৰিলোঁ।] (১) হীনমন্যতা অবিহনে মানুহ হোৱা অসম্ভৱ। হীনমন্যতাই হীনমন্যতা জয় কৰিবলৈ মানুহক অহৰহ তাগিদা দি থাকে। জীৱনৰ জয়লাভৰ সহস্ৰ পথ থাকে। প্ৰত্যেকটো...