বৰপেটা কীৰ্তনঘৰত মহিলা প্ৰৱেশৰ নিষেধ দূৰ কৰা সম্পৰ্কত বহুবছৰ ধৰি মন্দা পৰি থকা আলোচনা পুনৰ বহু সক্ৰিয় হৈ উঠিছে, ভাল কথা৷ ফেইচবুক পাৰ হৈ কাকত, চেনেল, আলোচনী সকলোতে সজোৰে আলোচনা আৰম্ভ হৈছে৷ আনহাতে, কিছুসংখ্যকে চ’ছিয়েল নেটৱৰ্কিং ছাইটত এনেধৰণৰ আপডেট দিয়া কেইবাদিনৰ পৰা দেখি আছোঁ যে...

যিখন ৰাজ্যত সাহিত্য সভাৰ নামত "সাহিত্য কৰ্মী"য়ে গুৰিয়াগুৰি, ঘুচিয়াঘুচি খেলে; সাহিত্য অকাডেমী বঁটা দুই নম্বৰী ধাণ্ডা কৰি ঘটে; কিতাপ জমা দিয়াৰ শেষ তাৰিখৰ তিনিমাহৰ পিছত প্ৰকাশিত কিতাপে বঁটা লুটি অনা বুলি স্পষ্ট হৈ পৰাত ইমান তালফাল লগাৰ পিছতো "প্ৰতিভাৱানে" বঁটাতো খামুচি ধৰিয়েই থাকে; "বৌদ্ধিক" মানুহৰ...

অহা দেওবাৰে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল৷ ভাৰত আৰু পাকিস্তানৰ মাজত! আমি কলেজত থাকোঁতে ভাৰত আৰু পাকিস্তানৰ মাজত কেইবাখনো খেল হৈছিল৷ বিশ্বকাপো আছিল৷ প্ৰাইভেট হোষ্টেলত আছিলোঁ৷ তেতিয়া আন সুবিধা নাছিল বাবে, প্ৰাইভেট হোষ্টেলত থকা ল'ৰা-ছোৱালীৰ বহুতে টাউনলৈ গৈ টিভিৰ ডিলাৰবিলাকৰ সমুখত ৰৈ ৰৈ খেল চায়৷ মোৰ খেলত সিমান...

১৯০০ চনত ডেগাছ আৰু ম'নে নামৰ সেই সময়ৰ তথা সৰ্বকালৰ দুজন বিখ্যাত চিত্ৰশিল্পীক সোধা হৈছিল যে তেওঁলোকৰ মতে সেইসময়ৰ কোনজন চিত্ৰশিল্পী ঊনৈছ শতিকাৰ সৰ্বশেষ্ঠ ফৰাচী চিত্ৰশিল্পীজন বুলি ২০০০ চনত বিবেচিত হ’বগৈ পাৰে? কিছু আলোচনা আৰু তৰ্কৰ অন্তত তেওঁলোক দুয়ো একমত হৈছিল যে সেইজন— উইলিয়াম বুগ'ৰ'...

এটা সৰু উদাহৰণ আছে— যদি এদিন হঠাতে আপুনি এটা ষ্ট’ভ স্পৰ্শ কৰাত আপোনাৰ হাতখন পোৰে, তেন্তে পিছত ষ্ট’ভটোৰ ওচৰলৈ গ’লে আপুনি বিবেচনা কৰিব যে সেইটো চোৱা উচিত নে অনুচিত। আপোনাৰ দৰে সেই কামটো এটা যন্ত্ৰই কৰিব নোৱাৰে (বা নোৱাৰিছিল)। এই যে প্ৰথমবাৰ হাতখন পোৰাৰ যিটো...

চাৰজিঅ’ কেনেভেৰো (Sergio Canavero) নামৰ ইটালীয় স্নায়ুশল্যচিকিৎসক এজনৰ নেতৃত্বত এটি চিকিৎসকগোটে এই বছৰৰ শেষৰ পিনে মানৱ মূৰ প্ৰত্যাৰোপণ কৰাৰ (transplant) পৰিকল্পনা কৰিছে। এজন মানুহৰ মূৰটো ডিঙিৰ পৰা স্থানান্তৰিত কৰি আন এজন মানুহৰ ডিঙিত লগোৱাৰ পৰিকল্পনাটোৱে বিবিধ দিশৰ পৰা বিতৰ্ক সূচনা কৰিছে এই বুলি যে এই...