সামান্য হ’লেও নিজেও এক উদাহৰণ হোৱাৰ সংকল্প লওঁ আহক

এজন দাৰ্শনিকে প্ৰসংগক্ৰমে লিখিছিল যে— “বৰ্তি থাকিবলৈ কৰিবলগা হোৱা সংগ্ৰামখনৰ বাবে আদি সময়খিনিত মানুহৰ বৰ এটা আস্বাসজনক-যেন অৱস্থা নাছিল। বন্য জন্তু-দানৱৰ পৰা নিষ্কৃতি পাবৰ বাবে গছত বগাবলৈ বান্দৰৰ তুলনাত থকা অতি কম ক্ষ্ৰিপ্ৰতা; প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পাবলৈ জন্মগত ৰক্ষণ হিচাপে প্ৰায় নোমহীন শৰীৰ; দীঘলীয়া কেঁচুৱাকালে দিয়া বাধা; আৰু আন প্ৰজাতিৰ লগত প্ৰতিদ্বন্দিতাৰে খাদ্য আহৰণৰ কঠিনতাৰে সৈতে সি তেতিয়াও আছিল বিৰল প্ৰজাতিৰ। একমাত্ৰ মগজুৱেই আছিল তাৰ প্ৰাৰম্ভিক অনুকুল সম্বল। ক্ৰমে ক্ৰমে এই একমাত্ৰ সম্বলটিৰ পুঞ্জীকৃত বিকাশ হৈ আহিল, আৰু তাক আনৰ চিকাৰ বা পলৰীয়াৰ পৰা ৰূপান্তৰ কৰিলে পৃথিৱীৰ অধীশ্বৰলৈ। এই প্ৰক্ৰিয়াসমূহৰ প্ৰাৰম্ভিক স্তৰসমূহ প্ৰাগৈতিহাসিক আৰু ইয়াৰ ক্ৰম আনুমানিক। আমাৰ এই যুগত নিউক্লীয় শক্তি নিৰ্গমনৰ দৰেই (যদিও কিছু কম মাত্ৰাত) ভয়ংকৰ হৈ উঠা জুইক সি বশ মনাবলৈ শিকিলে। জুইয়ে যে কেৱল খাদ্যপ্ৰণালীৰে উৎকৰ্ষসাধন কৰিলে এনে নহয়, নিদ্ৰাৰত অৱস্থাত গুহাৰ সমুখত অহৰহ জুই লগাই ৰাখি নিৰপত্তাও নিশ্চিত ৰাখিব পৰা গ’ল। সি যাঠী আৰু ধনু-কাঁড় উদ্ভাৱন কৰিলে। সি গুপ্ত গাঁত খান্দি উলিয়ালে, য’ত পৰি ক্ৰোধোত্মাদ হৈ উঠা মেম’থবোৰে আশাহত হৈ ছটফটাব লগা হ’ল। সি ইতৰ প্ৰাণীক পোহ মনালে, আৰু মানৱ ইতিহাসৰ ধলপুৱাত কৃষিকৰ্মৰ ব্যৱহাৰ্যতা আৱিষ্কাৰ কৰিলে। কিন্তু, তাৰ এই সকলো অৰ্জনৰ উৰ্ধত যিটো আছিল অত্যুত্তম সেইটো হ’ল: ভাষা। নিশ্চিতভাৱে ধাৰণা কৰিব পাৰি যে কঠিত ভাষা জান্তৱ-চিৎকাৰৰ পৰাই লাহে লাহে বিকাশ হৈছিল। লিখিত ভাষা সৰ্বপ্ৰথমে বক্তব্য প্ৰকাশক হিচাপে নাছিল, যিটো আচলতে আহিছিল তথ্য-প্ৰকাশক চিত্ৰবোৰে ক্ৰমে ক্ৰমে লোৱা একোটা বিশেষ শৈলীৰ জৰিয়তে। ভাষাৰ বিশাল বৈশিষ্টটো আছিল— অভিজ্ঞতাৰ সৰবৰাহ সম্ভৱপৰ কৰি তুলিব পৰাটো। এটা প্ৰজন্মই যিখিনি শিকিছিল সেইখিনি সমুদায় পাছৰ প্ৰজন্মলৈ প্ৰেৰণ কৰি যাব পৰা গৈছিল। শিকাৰ ক্ষেত্ৰত ব্যক্তিগত অভিজ্ঞতাৰ পৰিৱৰ্তে আনৰ নিৰ্দেশনা প্ৰৱল মাত্ৰাত প্ৰযোজ্য হৈ উঠিছিল। মুখৰ বক্তব্যতকৈ অধিকভাৱে, লেখাই জ্ঞান-ভণ্ডাৰ সৃষ্টি সম্ভৱপৰ কৰি তুলিছিল আৰু স্মৃতিবদ্ধ কৰা ব্যৱস্থাসমূহক কৰি তুলিছিল স্মৃতিৰ পৰিপূৰক।”

 

আৰু এতিয়া, মানৱ-জাতিয়ে “কথা” ক’বলৈ আৰু লিখিবলৈ শিকা ইতিহাসৰ সেই ব্ৰহ্মমুহূৰ্তবোৰৰ পৰা আহি আহি এনে এটা সময়ত উপনিত হ’লহি য’ত বহুতো দূৰদৰ্শী মনিষীয়ে বাৰে বাৰে সকীয়াই দিব লগা হ’ল যে পৃথিৱীখনৰ প্ৰভাৱশালী পৰিৱৰ্তনৰ বাবে নিজক গঢ়িবলৈ মাত্ৰাধিক কথা পতাৰ পৰিৱৰ্তে মুখখন জপাই ৰাখিবলৈ শিকা! ইয়াত সকলো কথাৰ বিষয়ে অৱশ্যে কোৱা হোৱা নাই; ফলপ্ৰদ বক্তব্য বা কথাবাৰ্তাৰ পৰিৱৰ্তে বাৰেবিংকৰা আদ্দা, হৈ-হাল্লা, দিক-বিদিক নোচোৱাকৈ কৰা তাৎক্ষণিক উন্মাদ প্ৰতিক্ৰিয়া বা অহৰহ আনৰ মুখলৈ চাই কৰি থকা অভিযোগবোৰৰ কথাহে কোৱা হৈছে। বৰ্তমান কথা পতাৰ ধৰণ সলনি হৈ পৰিছে। মুখামুখি হৈ বা কেৱল দূৰভাষ যোগেৰেই আজিকালি কথা পতা নহয়। আনহাতে, আজি মুখেৰে একো উচ্চাৰণ নকৰাকৈয়ে বাৰ্তা-প্ৰেৰণৰ অতি ক্ষিপ্ৰ আৰু ব্যৱহাৰৰ সুচল ব্যৱস্থাসমূহৰ দ্বাৰা কীব’ৰ্ডত আঙুলি বুলাই লিখিত-বাৰ্তা আদান-প্ৰদান কৰাও হৈ পৰিছে “কথা পতা”ৰ নামান্তৰ। একেটা ব্যৱস্থা উপভোগ কৰা অচিনাকি একোজনৰ লগতো সহজেই যোগাযোগ কৰি চিনাকী হ’ব পৰা গৈছে, আৰু তেনেকৈয়ে দুজনৰ মাজৰ “কথা-বতৰা”ক ইচ্ছা কৰিলে চিনাকি-অচিনাকি আন বহুজনকো লক্ষ্য কৰিবলৈ দিব পৰা গৈছে। মানুহৰ পৰস্পৰৰৰ মাজত যোগাযোগ তথা সহযোগিতাৰ বাবে এচাম মানুহে অহোপুৰুষাৰ্থ কৰি উন্নতি সাধন কৰি অহা উপভোগ্য আধুনিক এই ব্যৱস্থাসমূহৰ দ্বাৰা কিন্তু সৰহভাগ মানুহে ফলপদ কাৰ্য সমাপনত ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কেৱল আস্ফালন প্ৰকাশ বা খৰিয়ালৰ আহিলাৰূপে গ্ৰহণ কৰা দেখা যায়। এইবোৰ কাৰ্যত ল’ৰা, ডেকা, আদহীয়া, বুঢ়া বুলি নাই; সকলো আছে। নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ গৈ কিন্তু তাৰে তেওঁলোকে নিজৰ লগতে আন বহুজনৰো সম্ভৱনাকহে সীমিত কৰি পেলাইছে। সমভাৱাপন্ন একোজন লোক বা এজনমান অনুৰাগী লাভ কৰাটোৱেই যেন তেওঁলোকৰ সাৰ্থকতা। কিন্তু, কোনো কামৰ বাবে যদি এজন অনুৰাগী লাভ কৰা যায় আৰু সেই অনুৰাগীজনক সুখী কৰিবলৈ বা নিজে লাভ কৰা সেই অনুৰাগকণক উৎযাপন কৰিবলৈ যদি তেওঁৰ লগতে বা তেওঁৰ পৰিপ্ৰেক্ষিততে গোটেই বছৰটো অহৰহ কথা পাতি কটাই দিয়া যায়, তেন্তে বছৰটোৰ শেষত সমাপন হ'বলগীয়া আন বহুকেইটা কাম নোহোৱাকৈয়ে থাকি যায় আৰু ফলত বছৰটোৰ শেষতে নিজেই পাবলগীয়া আন দহজন অনুৰাগীও কিন্তু কোনোদিন নোপোৱাকৈয়ে থাকি যায়৷

পঠনীয়:  ম'নে, মেনে, বুগ'ৰ'

 

মাইক্ৰ'চফ্টত কৰ্মৰত বিশেষজ্ঞ; একেধাৰে প্ৰগ্ৰেমাৰ, লেখক আৰু বক্তা স্কট হাঁছেলমেনে ২০১০ চনৰ তেওঁৰ এটা প্ৰবন্ধত লিখিছিল, “আপোনাৰ মৃত্যুৰ পূৰ্বে আৰু মাথোঁ সীমিত সংখ্যক “কী”হে আপোনাৰ ডবাবলৈ বাকী আছে।” তেওঁ এই ধাৰণাটো লৈছিল তেতিয়া মাইক্ৰ'চফ্টতে কৰ্মৰত আন এগৰাকী লেখক য়ন ইউডেলৰ পৰা। জীৱন-যাপনৰ স্বভাৱ তথা ব্যক্তিত্বৰ উৎকৰ্ষ-সাধন কৰি পৃথিৱীত কিছু ফলপ্ৰসূ কাৰ্য সমাপন কৰি যাবলৈ উদ্যম তথা সামৰ্থ্য আহৰণৰ বাবে প্ৰেৰণা-দায়ক জনপ্ৰিয় ব্লগাৰ জেমছ ক্লীয়েৰে এওঁলোকৰ কথা বিশ্লেষণ কৰি লিখিছিল : জীৱনত আপুনি সীমিত সংখ্যক কী হে ডবাবলৈ পাব৷ এটা কী এবাৰ ডবোৱা মানেই আপুনি আপোনাৰ অন্তিম সময়লৈ এখোজ আগুৱাই গৈ আছে৷ গতিকে, সেইসমূহ ইমেইল-মেছেজৰ উত্তৰ দিয়াত কিয় লাংখালিংখিকৈ অত্যধিক খৰচ কৰে, যিসমূহ কেৱল এজন ব্যক্তিয়ে এবাৰেই পঢ়িব, আৰু তেৱোঁ পুনৰ কেতিয়াও সেইখিনি ঘূৰাই নপঢ়ে৷ য’তনেকি তাৰ পৰিৱৰ্তে একেখিনি কীৰেই আপুনি লিখিব পাৰিলেহেঁতেন একোটা প্ৰবন্ধ, যিটোৰ পৰা ১০০০জন মানুহ উপকৃত হ'ব; একোটা ব্লগত আগবঢ়াব পাৰিলেহেঁতেন মন্তব্য (ব্যাখ্যা), যিটো অন্ততঃ ১০ জনৰ কামত আহিব; একোটা কবিতা পাৰিলেহেঁতেন লিখিব, যিটো অন্ততঃ ২৫জনে উপভোগ কৰিব৷

 

কেৱল অভিযোগ, অভিযোগ আৰু অভিযোগেৰে নিজক বৰ্তাই ৰখা মানুহখিনিৰ ক্ষেত্ৰত প্ৰায়ে দেখা যায় তেওঁলোকৰ নিজৰ পৰাও আনে কিবা একোটা অৱদান পাবলৈ আশা কৰে আৰু তেওঁলোকৰ সম্ভৱনা আছে নেকি বুলি কৌতুহলেৰে আনেও দৃষ্টি নিক্ষেপ কৰে। কিন্তু নিজৰ সকলো সম্ভৱনাক নিলগাই, নিজে সামান্য এটা উদাহৰণ হ’বলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে তেওঁলোক তেনেকৈয়ে বৰ্তী থাকিবলৈ যেন বদ্ধপৰিকৰ। অযথা আলাপ-অভিযোগেৰে নিজৰ অস্তিত্ব জাহিৰ কৰাৰ ব্যৰ্থ প্ৰয়াসৰ পৰিৱৰ্তে নিজেই কিবা এক কৰিব পৰাৰ সংকল্প লওঁ আহক, যিটোৰ পৰা অন্ততঃ পাঁচ বছৰ পাছতো নিজে কিবা এক কৰাৰ এটা উদাহৰণ দিব পৰা যাব।

No Comments

Post A Comment