প্ৰেক্টিকেল, চেমিনাৰ, Assignment আদিৰ নম্বৰবোৰ শিক্ষক-অধ্যাপকৰ পৈতৃক সম্পত্তি নেকি?

প্ৰেক্টিকেল, চেমিনাৰ, Assignment আদিৰ নম্বৰবোৰ বহুতো শিক্ষক বা অধ্যাপকে পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰে। ইয়াৰ বাবে তেওঁলোকে কিছুমান পৰম্পৰা নিৰ্ধাৰণ কৰি লয়, যিবোৰে সমাজ বা শিক্ষা-ব্যৱস্থাক বহু অনিষ্ট কৰি আহিছে। আমি ৰাজনৈতিক নেতাৰ দুৰ্নীতিৰ বিৰুদ্ধে সততে সোচ্চাৰ হৈ থাকোঁ, কিন্তু শিক্ষক-অধ্যাপকৰ দুৰ্নীতিৰ কথাত সদাই নিমাত হৈ ৰওঁ। প্ৰকৃততে ক’বলৈ গ’লে— আমাৰ সমূহ মন্ত্ৰী-বিধায়ক-সাংসদৰ সৰ্বমুঠ দুৰ্নীতিয়ে সমাজৰ যিমান অনিষ্ট কৰিছে, তাতকৈ দহ গুণ বেছিকৈ সমাজ আৰু শিক্ষা-ব্যৱস্থাৰ অনিষ্ট কৰি আছে শিক্ষক-অধ্যাপকসকলে কৰা সৰ্বমুঠ দুৰ্নীতিয়ে। এনে দুৰ্নীতিৰ এটা অংশ হ’ল— এই প্ৰেক্টিকেল, চেমিনাৰ, Assignment আদিৰ নম্বৰবোৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰাতো।

যদি এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে প্ৰেক্টিকেলৰ পৰীক্ষাত খুৱ ভাল ফলাফল দেখুৱাইয়ো, তথাপি তেওঁ যদি “থিঅ’ৰিৰ কাকতখনত” বেছি নম্বৰ নাপাই তেন্তে তেওঁক ৩০ ৰ ভিতৰত ১৮ বা ২০ মানহে দিয়া হয়, বা ১৫ দিয়া হয়। আনকি, “থিঅ’ৰি”ত অধিক নম্বৰ পোৱাকেইজনে যদি প্ৰেক্টিকেলৰ পৰীক্ষালৈ “পুৰিয়া” লৈয়ো যায়, বা সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সহায় লৈহে তেওঁলোকে “ৰিজাল্ট”টো পৰীক্ষকক অন্ততঃ দেখুৱাব পৰা হয়, তথাপি, সেই গোটেই কথাখিনি জনাৰ পাছতো তেওঁলোকেহে ৩০ ৰ ভিতৰত ৩০ বা ২৮-২৯ পায়, আৰু আনজন ছাত্ৰ বা ছ্ত্ৰীয়ে ১৮ বা ২০য়েই পায়। যদি কথাটো এনেকৈয়ে শুদ্ধ হয়, তেন্তে এই প্ৰেক্টিকেল, চেমিনাৰ, Assignment আদিত নম্বৰ থাকিব লাগেনো কিয়?? মই উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ হৈ থাকোঁতে মোক মৰম কৰা শিক্ষকসকলৰ মাজৰ এজনে আমাৰ ঘৰৰ কাষতে মাটি লৈ ঘৰ সজাৰ কথা ঠিক কৰিছিল। মোক চিনি পোৱাৰ পাছৰে পৰা আমাৰ ঘৰলৈ প্ৰয়ে আহি আহি তেওঁ ঘৰুৱা যেন হৈ পৰিছিল। তেওঁ আন দুই-একৰ আগত কোৱাৰ লগতে, আমাৰ ঘৰতো, আৰু মোৰ সমুখতে মোক খুৱ প্ৰশংসা কৰিছিল, আৰু কৈছিল— “এইখিনি ঠাইত মোৰ থাকিবলৈ বিশেষ মন নাই, ইয়াত থাকিলে মোৰ বেছি সুবিধা নহ’ব। কিন্তু ইয়াৰ কাৰণেই মই ইয়াত থাকিবলৈ মন কৰিছোঁ। ইয়াৰ মগজটো বহুত চোকা আছে, গম পাইছেনে নাই আপোনালোকে? আগলৈ ইয়াৰ বহুত সম্ভৱনা আছে। ইয়াৰ কাষতে থাকিলে মোৰ ল’ৰা-ছোৱালীকেইটাকো আদৰ্শ দেখুৱাব পাৰিম”…… ইত্যাদি। (এই কথাখিনি মই গৰ্ব কৰি উল্লেখ কৰিছোঁ বুলি কোনোবাই ভাবিব নালাগে; সেই মানুহজনৰ চিন্তাখিনি আৰু পাছৰ কাণ্ড এটাৰ কথা বুজাবলৈহে মই ইয়াক উল্লেখ কৰিছোঁ।) তেওঁক মই বৰ বেয়া পোৱা নাছিলোঁ, কিন্তু প্ৰেক্টিকেলৰ পৰীক্ষাত তেওঁলোকে কৰা কাণ্ডবোৰ, তেওঁলোকে চলাই থকা পৰম্পৰাবোৰ মই অকণো সহ্য কৰিব পৰা নাছিলোঁ। সেই কাণ্ডবোৰত তেওঁ আছিল আগৰণুৱা। সেইবাবেই তেওঁৰ বিষয়টোৰ প্ৰেক্টিকেলৰ পৰীক্ষা দিনা মই এটা বিশেষ কাণ্ড কৰিম বুলি ঘৰতেই সিদ্ধান্ত লৈ গৈছিলোঁ। প্ৰেক্টিকেলৰ পৰীক্ষাটো আৰম্ভ হ’ল। “External” আহি পালেহি। তেওঁক এটা কোঠাত বহিবলৈ দিয়া হ’ল। এজন এজনকৈ ছাত্ৰ-ছাত্ৰী তেওঁৰ ওচৰলৈ গৈ থাকিবলৈ দিয়া হ’ল। অৱশেষত মোৰ যোৱাৰ পাল পৰিল। যিকেইজনক প্ৰেক্টিকেলত বেছি নম্বৰ দিয়া হ’ব তেওঁলোকৰ কথা “External”ক আগতীয়াকৈ অলপ কোৱা হয়। নিশ্চিতভাৱে মোৰ কথাও কোৱা হৈছে। ইতিমধ্যে “বিশেষ সূত্ৰে” আহি ছাত্ৰ-ছাত্ৰীৰ কাণত পৰিছেই যে “External ৰ লগত ডিপাৰ্টমেণ্টৰ আগতীয়া চিনাকী আছেই, গতিকে কোনেও চিন্তা কৰিবলগীয়া কথা নাই”। কাৰণ এজনে ইয়াত “অপকাৰ” কৰি থৈ গ’লে, ইয়াৰ পৰা এজন কেতিয়াবা তেওঁৰ তালৈ যাবলৈ পালে তেওঁৰ তাতো “অপকাৰ” কৰি দিব বুলি সকলোৱেই জনা থাকে। আৰু টিউচনৰ পইছাকেইটা লৈ প্ৰায় প্ৰত্যেকেই নিজৰ নিজৰ অধীনৰ কেইজনমান ছাত্ৰ-ছাত্ৰীৰ “ধৰুৱা” হৈ থাকেই, গতিকে বাহিৰৰ পৰা অহাজনৰ পৰা “অপকাৰ” হোৱা চিন্তা বৰকৈ নথাকে। যি কি নহওক, তেওঁ সোধা প্ৰশ্নকেইটাৰ উত্তৰ দিব পাৰিলে মোৰ নিজৰে ভাল লাগিব বুলি মই ভাবিলোঁ, আৰু পাৰিম নে নোৱাৰিম বুলি ভাবি অলপ ভয়ো খালোঁ। মই তেওঁ থকা কোঠাটোলৈ সোমাই গ’লোঁ। মই কি কি কৰিলোঁ তেওঁ মোক সুধিলে। সেইখিনি কোৱাৰ পাছত বিষয়টোৰ ওপৰত কেইটামান প্ৰশ্ন সুধিলে। আৰু মই গোটেইকেইটা প্ৰশ্নৰে উত্তৰ দিব পাৰিলোঁ, গতিকে মই কৰিম বুলি ঠিক থোৱা কাণ্ডটো বেছি সাফল্যমণ্ডিত হ’ব বুলি মনতে ৰং পাবলৈ ধৰিলোঁ। অৱশেষত আহিল সেই অৱধাৰিত প্ৰশ্নটো— “থিঅ’ৰিৰ পৰীক্ষা কেনেকুৱা হৈছে?” লগে লগেই মই পূৰ্ৱে সিদ্ধান্ত লৈ থোৱাৰ মতে টপৰাই ক’লোঁ— “বেয়া হৈছে!” “External ৰ আগত পৰীক্ষা বেয়া হৈছে বুলি কোৱা ল’ৰাটো কেনেকুৱা হ’ব” বুলি সম্ভৱতঃ আচৰিত হৈ তেওঁ মোলৈ তীক্ষ্ণ দৃষ্টি দি পুনৰ সুধিলে— “বেয়া হৈছে মানে??” মই লগে লগে উত্তৰ দিলোঁ— “মানে, একেবাৰে বেয়া হৈছে।” তেওঁ সুধিলে— “কিমান মান পাম বুলি আশা কৰিছা?” মই ক’লোঁ— “ক’ব নোৱাৰোঁ। কিন্তু ভাল হোৱা নাই। একেবাৰে বেয়া হৈছে।” ………………তেওঁ ক্ষন্তেক ৰৈ লাহেকৈ ক’লে— “ঠিক আছে। তুমি যোৱা। বাকী থকাখিনি কৰাগৈ। আৰু তোমাৰ কাষৰজনক পঠাই দিয়াগৈ।” কোঠাটোৰ পৰা ওলাই মই পুনৰ লেবলৈ গৈ মোৰ বস্তুখিনি ঠিক কৰি লৈছোঁ কি নলৈছোঁ, ওপৰত উল্লেখ কৰা শিক্ষকজনে লগত প্ৰিন্সিপালক লৈ মোৰ ওপৰত একদম গৰম! “External ক পৰীক্ষা বেয়া হৈছে বুলি কৈছ! তোক এতিয়া নম্বৰ কেনেকৈ দিব!! মই ইমান ভালকৈ কৈ থৈছোঁ। তেওঁ মোক কি বুলি ভাবিছে! মই এতিয়া কেনেকৈ বুজাম...................” (তেওঁ কিন্তু মোক আগতে তুমি বুলি কয়!) কোঠাটোত বহি থকা বেলেগ এজন শিক্ষক আহি লগতে যোগ দিলে— “ইয়াৰতো ‘ভাইভা’ ভাল হৈছে। থিঅ’ৰি বেয়া হৈছে বুলি কৈ আহিব লাগে নেকি!!” প্ৰিন্সিপালজনেও মোক কিবা-কিবি ক’লে— “external ৰ আগত পৰীক্ষা বেয়া হৈছে বুলি নকয় নহয়! আমি তেওঁক কেনেকৈ বুজাম এতিয়া?” ইত্যাদি………..। মই তলমূৰ কৰি শান্তভাৱে সকলো শুনি থাকিলোঁ, কিন্তু মনে মনে খেলখন বৰ উপভোগ কৰি থাকিলোঁ। পৰীক্ষা গ’ল…। তাৰ দুদিন পাছত শিক্ষকজনে মোৰ দেউতাক বাটত লগ কৰি মোক খুব গালি পাৰিলে….। আৰু এমাহৰ পাছত গম পালোঁ আমাৰ ওচৰৰ মাটি টুকুৰা শিক্ষকজনে তৎক্ষণাত বেচি আন স্থানত আগতে এবাৰ আলোচনা কৰা মাটি এটুকুৰা কিনি ঘৰটো সজা আৰম্ভ কৰি দিলে। তেওঁ আৰু আমাৰ ঘৰলৈ কোনো দিন নাহিল; আৰু বজাৰ-সমাৰত আমাক দেখিলে দূৰে-দূৰে পলোৱা হ’ল….। দুবছৰমানৰ পাছত এদিন হঠাতে তেওঁ মোৰ আৰু দেউতাৰ সমুখতে ওলাই গ’ল। তেওঁ স্বাভাৱিক অৱস্থালৈ অহাকৈ আমি ধুনীয়াকৈ কথা পাতিলোঁ; “বেলেগ ঠাইলৈ গ’লগৈ, আমাক খবৰেই নিদিলে, আমাৰ ঘৰলৈ আহিব….” ইত্যাদি কথা কলোঁ। আমি যে তেওঁক বেয়া পোৱা নাই জনালোঁ….। তাৰ পাছত তেওঁ দুবাৰমান আহিল, তথাপি সেই কাল-দুপৰীয়াৰ স্মৃতি হয়তো তেওঁৰ মনত ভালকৈয়ে থাকি গ’ল, মোৰ ওচৰত তেওঁ এতিয়াও স্বাভাৱিক হ’ব নোৱাৰিলে…..।

পঠনীয়:  মঙলযানক ঠাট্টা কৰা সাহিত্যিক-কাৰ্টুনিষ্টসকল

[এনেকুৱা কাণ্ড মই আৰু কেইটামান কৰিছোঁ, অৱশ্যে ইমান প্ৰত্যাহ্বানজনক নহয়। আগলৈ কেতিয়াবা জনাম। শিক্ষকৰ নিকৃষ্ট ছবি দেখা পাব সেইবোৰতো……।]

No Comments

Post A Comment