অপৰাধৰ সাৰপানী থকা গাওঁবোৰ আৰু ৰাজনীতি

বটদ্ৰৱাত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি জ্বলাই দিয়া ঘটনাটোৰ পাছত তিনিটা বিশেষ উক্তি বহুত প্ৰচাৰ হৈ আছে৷ দুজনমান নেতাৰ মুখতো সেয়া সজোৰে ওলোৱা শুনিবলৈ পোৱা গৈছে৷ বাক্যবোৰ অলপ বেলেগ বেলেগ, কিন্তু অৰ্থবোৰ একেই৷ সেই উক্তি তিনিটা হ’ল:
“অসমৰ অধিকাংশ অপৰাধী বালাংদেশী মূলৰ৷”
“সকলো কাৰাগাৰতে বাংলাদেশী মূলৰ অপৰাধী৷”
“বাংলাদেশীৰ বিৰুদ্ধে অসমীয়া একগোট হ’বৰ হ’ল৷”
কোনোবাই কয় এই অপৰাধীৰ পৰিমাণটো ৮০ শতাংশ৷ আন কোনোবাই কয় ৬০ শতাংশ৷ সঠিক শতাংশটো কোনেও উলিওৱা নাই যদিও, বাতৰিবোৰৰ পৰা গম পোৱা যায় এই পৰিমাণটো বহুত বেছি৷

এতিয়া তৃতীয় উদ্ধৃতিটো চাওক: “বাংলাদেশীৰ বিৰুদ্ধে অসমীয়া একগোট হ’বৰ হ’ল৷” এই উক্তিটোৱে বহুতক অত্যাধিক উল্লাসিত কৰি তোলে, সেয়েহে তেওঁলোকক নেতাসকলে নাকত ধৰি চাকত ঘূৰাব পাৰে৷ উত্তেজিত জনতা ৰাজনৈতিক নেতাৰ বাবে এটা সুবিধাজনক আহিলা৷

প্ৰশ্ন হ’ল: “একগোট হৈ” কি কৰিব? “বাংলাদেশী”ক খেদি পঠিয়াব নে? নপঠিয়াই, নোৱাৰে পঠিয়াব, নোৱাৰিলে পঠিয়াব, কেতিয়াও নোৱাৰে৷ “বাংলাদেশী”ক খেদিম বুলি আন্দোলন কৰি নতুন দল গঠন কৰিলে৷ সেই দলে চৰকাৰ গঠন কৰিলে৷ কিন্তু এতিয়াও “বাংলাদেশীৰ বিৰুদ্ধে অসমীয়া একগোট হ’বৰ হ’ল” বুলি আন নেতাই ক’বলগীয়া হৈয়ে থাকিল! আন এটা দলে ক’লে – নিৰ্বাচনৰ ফলাফল ওলোৱা দিনাই বাংলাদেশীয়ে বিদায় ল’ব লাগিব৷ কিন্তু ফলাফল ওলোৱা দিন ধৰি সেই প্ৰসংগ নুলিওৱা হ’ল৷ এচামক কিছুসময়ৰ বাবে উত্তেজিত কৰিবলৈ এই উক্তিটো আওৰাই এতিয়াও কোনোবাই নিজৰ ৰাজনৈতিক কেৰিয়াৰহে ওপৰলৈ নিব; তেওঁলোকৰ সেই ব্যক্তিগত লাভৰ বাহিৰে জনতাৰ বাবে একো ভাল ফল নাথাকে৷ এইদৰেই ইতিমধ্যে প্ৰমাণ হৈছে, এই উক্তিটো ক্ষন্তেকিয়া উত্তেজনাৰ বাহিৰে আন একো নহয়৷

“বাংলাদেশী”ৰ দ্বাৰা জঘন্য অপৰাধ সংঘটিত হ’লে কিছুমান দল নিমাতে থাকে৷ তেওঁলোকে বিশেষ এটা ধৰ্মৰ মানুহৰ ক্ষেত্ৰত অপৰাধীকো প্ৰশ্ৰয় দিয়ে; সদায় সজাগতা দেখুওৱা ক্ষেত্ৰতে তেওঁলোকে টুপাই বুৰ মাৰে৷ এনে মতলবী দুইজনমান যুৱকক দেখিছোঁ, নিজে কিন্তু “বাংলাদেশীৰ গাওঁ” বুলি পৰিচিত গাঁৱৰ মাজেৰে দিনৰভাগতে গাৰ্লফ্ৰেইণ্ডক লগত লৈ যাবলৈ ভয় কৰে; সন্ধিয়া অকলে যাবলৈ ভয় কৰে৷ গতিকে সেই গাওঁবোৰত অপৰাধী বাঢ়িছে বুলি তেওঁলোকেও জানে, তেওঁলোকেও নিজক বচাই চলে৷

“বাংলাদেশীৰ গাওঁ” বুলি কোনবিলাক গাওঁ পৰিচিত? যিবিলাক গাঁৱত বিশেষ বিশেষ গোষ্ঠীৰ দুখীয়া মানুহ বেছি, সেইবোৰ গাওঁ৷ আৰু দাৰিদ্ৰৰ লগত যিটো বস্তু জড়িত হৈ আছে সেইটো হ’ল: শিক্ষা৷ জঘন্য অপৰাধীবোৰলৈ চালে এটা মিল দেখা যায়: কোনো অপৰাধীয়েই কলেজত ভৰি দি পোৱা নাই৷ এইবিলাক অপৰাধীৰ কোনোৱেই হায়াৰ ছেকেণ্ডাৰী উৰ্ত্তীণ নহয়, বা হায়াৰ ছেকেণ্ডাৰী পঢ়িবলৈয়ে পোৱা নাই৷

কিন্তু আগৰ গাওঁবোৰত দেখোন কলেজত পঢ়া মানুহ একেবাৰেই কম আছিল৷ সেইবোৰৰ পৰা ইমান অপৰাধী ওলাইছিল জানোঁ? এইকেইদিনত আৰু কেইটামান জঘন্য ঘটনা ঘটিছে৷ পলাশবাৰীত এগৰাকী সাত বছৰীয়া কন্যাক ধৰ্ষণ কৰিছে৷ আন এঠাইত এখন ফাৰ্মাচিৰ মালিকে কৰ্মচাৰী এজনৰ গাত এচিদ ঢালি আক্ৰমণ কৰিছে৷ বাতৰিটো দেখি অৱশ্যে কৰ্মচাৰীজনে মালিকক ফচোৱা যেনো লাগিছে৷ কিন্তু ঘটনাটো ঘটিছে৷ পত্নীক ৰদেৰে মৰিয়াই এজন স্বামীয়ে হত্যা কৰিছে৷ এই সকলোখিনি বিভিন্ন গোষ্ঠী-জনগোষ্ঠীৰ মানুহ৷ সকলোৰে মাজত এই অৱস্থা৷

পঠনীয়:  শিক্ষিতসকলৰ অজুহাত আৰু স্বীকৃতি

সেই গাওঁ বা চহৰবোৰত মানুহবোৰ সমিলমিলেৰে মিলিত হয় নে কেতিয়াবা? পৰস্পৰৰ মাজত সুসম্পৰ্ক গঢ়ি উঠাৰ পৰিৱেশ গঢ়ে নে? গাওঁবাসীয়ে ইজনে আনজনক, পুৰুষে মহিলাক, সৰুৱে ডাঙৰক সন্মান কৰাৰ সংস্কৃতি পায় নে তেওঁলোকে? নিশ্চয় নাপায়। পোৱাহ’লে এনে কাণ্ড নকৰিলেহেঁতেন৷ আগতে মানুহবোৰ কলেজীয়া শিক্ষিত নহ’লেও পৰস্পৰৰ মাজত ভাল যোগসূত্ৰ আছিল, গোটেই গাওঁ জুৰি সমিলমিলৰ পৰিৱেশ আছিল৷ সৰ্বত্ৰে নহ’লেও কিন্তু যথেষ্ঠ বেছি আছিল৷ সকলোৰে মাজত সুন্দৰ ভাৱৰ আদান-প্ৰদান চলিছিল, পৰস্পৰে পৰস্পৰক সন্মান কৰিবলৈ শিকিছিল৷ জন্মগতভাৱে যিমান বেয়া মনোবৃত্তি থাকিলেও, সেই পৰিৱেশ পাই পাই মানুহ একোজনে মানৱীয়তা শিকিছিল৷ দুস্কৃতিৰ ঘটনাবোৰ আছিল বিৰল৷ সেই সমিলমিল আজি কমি গ’ল৷ অপৰাধ প্ৰৱণতা বৃদ্ধি পোৱাৰ এইবোৰো একো একোটা কাৰণ৷ চুকাফা, শংকৰদেৱ আদিয়ে যত্নৰে গঢ়া সমাজখনত বেছি ঘূণে ধৰিছে৷ অপৰাধ প্ৰৱণতা কমিবলৈ হ’লে পিছপৰা গাওঁবোৰলৈ শিক্ষা-সংস্কৃতি প্ৰসাৰ ঘটিব লাগিব৷ চহৰবোৰৰ নিঃসংগ আৱাসত থকা মানুহবোৰক সমাজবৰ্জিত মানুহৰ দৰে অচিনাকি ৰূপত থাকিবলৈ দিব নালাগিব৷

যিহেতু শিক্ষা-সংস্কৃতি অজস্ৰ স্থানলৈ এতিয়াও প্ৰসাৰ ঘটিবলৈ বাকী আছে, গতিকে এই কথাটো ক’লে ৰাজনৈতিক কৰ্মী বা ৰাজনৈতিক দলৰ অন্ধভৃত্যবোৰ উন্মাদ হৈ পৰে৷ তেওঁলোকে ক’ব বিচাৰে শিক্ষা-সংস্কৃতি প্ৰসাৰৰ কোনো প্ৰয়োজন নাই৷ সেয়েহে, মিছা উত্তেজনাৰে মানুহক আবদ্ধ ৰখাটোৱেই তেওঁলোকৰ কাম্য৷

গতিকে “অসমীয়া একগোট হ’বৰ হ’ল” বোলা কথাষাৰে প্ৰকৃততে কি বুজোৱা উচিত? মানুহবোৰ একগোট হৈ দৰিদ্ৰ আৰু অশিক্ষিত মানুহেৰে ভৰপুৰ গাওঁ-চহৰবোৰত পৰস্পৰৰ মাজত সাংস্কৃতিক মিলাপ্ৰীতিৰ কিছুমান কাম কৰি একোটা ভাল পৰিৱেশ গঢ়ি তুলিব হ’ল। পিছপৰা অঞ্চলবোৰৰ মানুহখিনিৰ মাজত পৰস্পৰক সন্মান কৰিব পৰা ভাৱবোৰ বিলাব হ’ল। তেওঁলোকৰ নিজৰে সম্পৰ্কীয় মানুহবোৰ, ওচৰ-চুবুৰীয়াৰ লগত একোটা সুস্থ-আৱেগিক জীৱন যাপন কৰিবলৈ কেনেধৰণৰ সংস্কৃতি বিলোৱা উচিত সেইবোৰ বহলাই আলোচনা কৰিব হ’ল। গাওঁবোৰৰ প্ৰতিজন মানুহ গোট খুৱাই কিছুমান নাটক, মুকলি অনুষ্ঠান আদি সঘনাই পতাৰ পৰিৱেশ গঢ়িব হ’ল। যদি এইদৰে একগোট হোৱা মানসিকতা ব্যাপক ৰূপত গঢ়ি উঠে, তেন্তে চৰকাৰে সেই দিশে পৰ্যাপ্ত কাম কৰিবলৈ বাধ্য৷

No Comments

Post A Comment