পৰুৱাৰ কৰ্ম-নীতি

২০১৮ চনৰ আটাইতকৈ উল্লেখযোগ্য বৈজ্ঞানিক আৱিষ্কাৰকেইটা বা আটাইতকৈ ডাঙৰ বৈজ্ঞানিক কামকেইটা কি কি? এই সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় বিভিন্ন কাকত-আলোচনীয়ে তালিকা প্ৰকাশ কৰিছে৷ আৰু স্বাভাৱিকভাৱেই এই তালিকাবোৰত সামান্য তাৰতম্য আছে৷ একেষাৰে ক’ব পাৰি যে ২০১৮ চনত মহাকাশ অভিযানত অতি গুৰুত্বপূৰ্ণ কাম হৈ গৈছে৷ ইলন মাস্কে এখন গাড়ী মহাকাশলৈ “দলিয়াই” পঠিয়াইছে৷ এচাম মানুহে নিজ হাতে গঢ়ি তোলা এখন যান স্বয়ং সূৰ্যৰ পিনে পঠিয়াই দিছে, যিখনে গৈ গৈ সূৰ্যক চুমা খাব আৰু সূৰ্যৰ বুকুত লীন যাব৷ এইবোৰ বিবিধ কামৰ উপৰি এইবাৰ পৰুৱাৰ সম্পৰ্কে এটা অতি গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হৈছে৷

সৰুতে আপোনাক নিশ্চয় কোনোবাই উপদেশ দিছিল যে – পৰুৱাৰ দৰে কৰ্মী হোৱা; পৰুৱাই অহৰহ নিৰৱে কামতেই লাগি থাকে, গতিকে তুমিও পৰুৱাৰ পৰা শিক্ষা লোৱা৷ নতুবা আপুনি এনেকুৱা উপদেশ কোনোবা কিতাপতো পঢ়িবলৈ পাইছিল বা মহৎ লোকৰ বাণী শুনিছিল৷

কিন্তু এতিয়া আৱিষ্কাৰ হোৱা কথাটো হ’ল যে সকলো পৰুৱাই কাম কৰি নাথাকে৷ সিহঁতে অধিক ফল পাবৰ বাবে সিহঁতৰ মাজৰ কিছুমানে একো নকৰাকৈ থাকে৷ আচলতে, সিহঁতে যেতিয়া কিবা এটা কামত পুৰা লাগি থকা যেন আমি দেখা পাওঁ, তেতিয়া সেই কামটোৰ ৭০ শতাংশই মাথোঁ ৩০ শতাংশ পৰুৱাইহে কৰে৷ “Science” নামৰ বিখ্যাত পত্ৰিকাখনত যোৱা আগষ্ট মাহত এই সম্পৰ্কীয় গৱেষণা-পত্ৰ প্ৰকাশ পাইছিল (http://science.sciencemag.org/content/361/6403/672)৷ এই গৱেষণাৰ বাবে গৱেষকসকলে পৃথককৈ ক্ষুদ্ৰ ৰবটো নিৰ্মাণ কৰি লৈছিল৷

এতিয়া যদি আপুনি দেখা পায় যে অসংখ্য পৰুৱাই এটা সুৰংগ খান্দি আছে আৰু সিহঁত অহৰহ অহাযোৱা কৰি কামত লাগি থকা যেন লাগিছে, তেন্তে আপুনি নাভাবিব যে সিহঁতে চবেই কাম কৰি আছে! চবেই নাই কৰা৷ যদি সিহঁতে চবেই কামটো কৰে তেন্তে সেইটো সম্পূৰ্ণ হওঁতে অধিক সময়হে লাগিব বা কামটো জটিল হৈহে পৰিব৷

এই আৱিষ্কাৰ মানৱগোটৰ কাম-কাজৰ ব্যৱস্থাপনাত (management) ব্যৱহাৰ হ’ব পাৰে৷ তাৰোপৰি, ভৱিষ্যতে চালক বিহীন গাড়ীয়ে পথত থুপ খাই নপৰাকৈ কম সময়ত অধিক মানুহক সেৱা আগবঢ়াবলৈ এই আৱিষ্কাৰ প্ৰয়োগ হ’ব পাৰে বুলি বহুতো বিজ্ঞানীয়ে আশা কৰিছে৷ আকৌ, এতিয়া নেন’প্ৰযুক্তিৰ (nanotechnology) যুগো আহিছে৷ চকুৰে নমনা অতি সুক্ষ্ম আকৃতিৰ কিছুমান ৰবটসদৃশ বস্তু শৰীৰত প্ৰৱেশ কৰিবলৈ দি বেমাৰ অনায়াসে দূৰ কৰাৰ সম্ভাৱনা আছে৷ এই ৰবটসমূহেৰে অধিক কাৰ্য সমাধা কৰাতো এই আৱিষ্কাৰ প্ৰয়োগ হ’ব পাৰে৷ এনেধৰণৰ বিভিন্ন জল্পনা-কল্পনা বিশ্বৰ আগশাৰীৰ কাকত-আলোচনীত বিজ্ঞানীসকলে চৰ্চা কৰি আছে৷

এই সম্পৰ্কে মানুহৰ দৈনন্দিন জীৱনৰ এটা উদাহৰণো দিয়া হৈছে৷ কিছুমান বিয়া-সবাহত দেখা যায়, পাকঘৰত বা আন সৰু কোঠা একোটাত বহুত মানুহ সোমাই একেটা কামতে চব লাগি থাকে, আৰু গোটেই বিয়াঘৰত বিশৃংখল পৰিৱেশ এটা সৃষ্টি হয়৷ কামটো সোনকালে হওক বুলিয়েই বা ভাল হওক বুলিয়েই বহুত সংখ্যক মানুহ জড়িত হৈ পৰে, কিন্তু ফলাফল সম্পূৰ্ণ ওলোটা হয়৷ লগতে হাই-উৰুমি আছেই৷ পৰুৱাৰ নীতি প্ৰয়োগ কৰি, কামটোত যদি কেৱল এজন বা দুজনক লগিবলৈ দি বাকীসকলক যদি এনেই বহি থাকিবলৈ বাধ্য কৰা হয়, তেন্তে পৰিস্থিতিটো ঠিক হৈ যাব পাৰে!

No Comments

Post A Comment