“Angel”

“নীলম, পানী এগিলাছ দিয়া না। ইমান পিয়াহ লাগিছে! অথনিৰ পৰা মাতি আছোঁ, তুমি মতা নাই কিয়?” —অম্লানে মানুহজনীক চিঞৰি ক’লে।

নীলমে কোঁচত কেঁচুৱাটো লৈ এহাতে পানী এগিলাছ ধৰি লাহে লাহে খোজ দি অম্লানৰ ওচৰ পালেহি— “ওঁহ, লোৱা। বাকী কিবা কাম কৰিবলৈ ল’লেই দেখোন নালাগে নালাগে কৰা। পানী এগিলাছো তুমি নিজেই আনি ল’ব নোৱৰানে? গম পাওঁ মই, তোমাৰ একো পিয়াহ লগা নাই, এনেই চিঞৰি আছা তুমি!”

“সঁচাকৈ পিয়াহ লাগিছে। পিয়াহ লগাতো হয় বুলি মই এতিয়া তোমাক কেনেকৈ প্ৰমাণ কৰি দিম? এইয়া চোৱা, মই গোটেই গিলাছ পানী খায়েই দিলোঁ!”

“কূটবুদ্ধিটো জিভাৰ আগতে থাকে তোমাৰ! একেৰাহে নীলম নীলম বুলি যে চিঞৰি থাকা, এতিয়াও কলেজত ক্লাছমেট হৈ পঢ়ি থকা দিনতে আছা বুলি ভাবি আছা নেকি তুমি? আজিলৈকে বেলেগ নাম এটা দিব নোৱাৰিলা? আৰু তোমাৰ মুখত Darling, Angel এইবোৰ শুনিবলৈ মই চাগে অহা জনমতো সাধনা কৰিব লাগিব!!”

“কি কৰিম মই? ভাবি ভাবি ভাল নাম এটা বিচাৰিয়েই নাপালোঁ। আৰু তুমিওতো মোক যিটো নাম দিলা আৰু— “জান”! সেইটো ছোৱালীক মতা নাম হে!”

“ছোৱালীক মতা নাম নহয়, ল’ৰাকো মাতিব পাৰি। নক’বা তেনেকৈ! ইহ, এতিয়া নিজে জিকিবলৈ কথা কৈছে শুনা!! উলিওৱাচোন তুমি নিজে নাম এটা, চাওঁ। ইমান বছৰে নোৱাৰিলা!”

“তোমাক মই বেলেগ নাম নিদিও, নীলম নামটোৱেই মোৰ বহুত ভাল লাগে। সেইটো নামেৰে মাতিলে মোৰ সমস্ত ভাৱ প্ৰকাশ হৈ যায়। সেইটো নামৰ ওচৰত Darling, Angel এই সম্বোধনবোৰ একেবাৰে তল পৰি গুচি যায়। আৰু Angelতো একেবাৰে সৰগত আছে, কোন যাব তালৈ বিচাৰি, তুমিহে পৃথিৱীত আছা...”

“হ’ল আৰু। আকৌ তেল মৰা আৰম্ভ কৰি দিলা ন? লাভ নাই, মই বুজি পাওঁ। তোমাৰ তেল মৰা কথা!”

“সঁচাকৈ কৈছোঁ। এইটো নামেই মোৰ বহুত ভাল লাগে। বেলেগৰ এইটো নাম থাকিলে মই সহ্যই কৰিব নোৱাৰোঁ। চক খাই যাওঁ মই। এইয়া চোৱা—” অম্লানে তাৰ ম’বাইলটো হাতলৈ তুলি তাইক দেখুৱাই ক’লে— “নীলম নামৰে মোৰ আগৰ লগৰ দুজনী যে আছিল— এজনী নীলম হাজৰিকা, আৰু আনজনী নীলম গোস্বামী— সিহঁতৰ নম্বৰবোৰ মই contact list ত Neelam বুলি save কৰা নাই। চোৱা— N Hazarika আৰু N Goswami বুলিহে save কৰিছোঁ। আৰু তুমি ফেচবুকতো চাব পাৰা, নীলম নামৰ মোৰ যিকেইজনী বন্ধু আছে সবকে Acquaintances ত ভৰাই থৈছোঁ। নহ’লে সিহঁতৰ আপডেটবোৰ কেতিয়াবা দেখা পাই গ’লে মই বহুত চক খাই যাওঁ, এইটো নামৰ বেলেগ মানুহ থকাতো মই দেখিবই নোৱাৰোঁ, কেতিয়াবা দেখা পাই গ’লে কিবা এক অজান আতংকৰ পৰা নিজকে উদ্ধাৰ কৰি ল’বলৈ মোৰ বহু সময় লগা হয়। আনকি Nee ৰে আৰম্ভ হোৱা আৰু যিকোনো নামেই সহ্য কৰিবলৈ মোৰ বহুত কষ্ট হয়। আমাৰ লগত নীৰজ নামৰ ল’ৰা এজন আছিল; তাৰো নম্বৰটো মই Neeraj নামত save কৰা নাই, Neraj বুলিহে save কৰিছোঁ, এইয়া চোৱা—” অম্লানে পুনৰ তাৰ ম’বাইলটো নীলমৰ পিনে দেখুৱালে। তাই অম্লানৰ চকুলৈ একেঠিৰে চাই কথাবোৰ শুনি আছিল। মাথোঁ প্ৰথমবাৰহে তাই অম্লানৰ ম’বাইলটোলৈ চাইছিল। এইবাৰ তাই পুনৰ ম’বাইলটোলৈ নাচালেই, তাই তাৰ চকুলৈকে চাই থাকিল। মূৰটো ঘূৰাই অম্লানেও তাইৰ চকুলৈ চাই পঠিয়ালে। মনত অত বছৰ সাঁচি থোৱা কথাখিনি কৈ সি নিজেও মন্ত্ৰমুগ্ধ হৈ পৰিছিল। কোন সময়তনো তাই, চ’ফাখনত তাৰ কাষতে বহিল সেই কথা সি গমেই পোৱা নাছিল, আনকি নীলমে নিজেও গম পোৱা নাছিল। তাই নিজকে বহুত সুখী যেন অনুভৱ কৰিবলৈ ধৰিলে। দুয়োৱে পৰস্পৰৰ চকুলৈ হাজাৰ যোজন দূৰত্বৰ হেঁপাহেৰে চাই থাকিবলৈ আৰম্ভ কৰিলে; ইমান হেঁপাহেৰে যদি প্ৰিয়জনক ওচৰতে লগ পোৱা যায়, তেন্তে প্ৰেমৰ সাগৰৰ শত মাইল গভীৰতাত নিজকে বিচাৰি পোৱা যেন অনুভৱ হয়। সিহঁত যেন ক’ত আছে...., সেয়া নিজে ভাবিবলৈ সামান্যও আহৰি নহ’ল...। পাছৰ মুহূৰ্তবোৰ কেনেদৰে পাৰ হৈ যাব সেইটো কল্পনা কৰিবলৈ স্বয়ং প্ৰেমৰ দেৱতাও যেন সক্ষম নহ’ব। কেইবা যুগ ব্যৱধানৰ মূৰতহে এনে মুহূৰ্ত প্ৰেমিক-প্ৰেমিকাৰ মাজলৈ আহি পৰে। সেই মুহূৰ্তৰ সাক্ষী হ’বলৈ নীলমৰ কোঁচৰ কেঁচুৱাটোৰো প্ৰেমবোধ গঢ়িয়েই উঠা নাই চাগে, সিতো অভিমন্যু নহয়! তাই অম্লানৰ কাষত বহোঁতেই কেঁচুৱাটোৰ ভৰি দুখন অম্লানৰ গাত জোৰকৈ ঠেকা লাগি ধৰিছিল। সি দুখ পাই গাতো লৰচৰ কৰিব বিচাৰোঁতেও সিহঁত দুটাই একো গমেই নাপালে। সি আৰু দুখ সহ্য কৰি থাকিব নোৱাৰিলে, মাকক ঢকা দুটামান মাৰি সি ‘ভে...’কৈ মুখখন মেলি দিলে....।

পঠনীয়:  তিনিটা এক মিনিটৰ গল্প
No Comments

Post A Comment