ড° ৰীতা চৌধুৰীৰ সৈতে এটি সাক্ষাৎকাৰ

ড° ৰীতা চৌধুৰী অসমীয়া সাহিত্যৰ সাহসী লেখিকা। ‘মাকাম’ স্ৰষ্টা চৌধুৰী প্ৰকৃতাৰ্থত বিশ্ব সাহিত্যৰ শ্ৰেষ্ঠ সাহিত্যিকসকলৰ অন্যতম। কবিতা চৰ্চাৰে সাহিত্যিক জীৱন আৰম্ভ কৰিলেও বৰ্তমান চৌধুৰী ঔপন্যাসিক হিচাপেহে পাঠকৰ মাজত পৰিচিত। ঔপন্যাসিক ৰূপে ড° ৰীতা চৌধুৰীৰ শ্ৰেষ্ঠত্ব বাস্তৱ জীৱনত ঘাত-প্ৰতিঘাত, সংঘাত নিৰ্ভৰ অভিজ্ঞতাৰ প্ৰতিফলন। অন্যায়-অবিচাৰৰ বিৰুদ্ধে তেওঁৰ ‘কলম’ এক প্ৰতিবাদী কণ্ঠ। অগতানুগতিক লিখনিৰে সকলো শ্ৰেণীৰ পাঠকৰে হৃদয় জয় কৰিছে তেওঁ। হেজাৰজন ন-লিখকৰ বাবে তেওঁ এক আদৰ্শ। ‘দেওলাংখুই’ নামৰ ঐতিহাসিক উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া সাহিত্যৰ জীৱন্ত কিংবদন্তীস্বৰূপ সাহিত্যিকগৰাকীৰ সৈতে এই সাক্ষাৎকাৰটি তেজপুৰ বিশ্ববিদ্যালয়ৰ ‘ব্ৰহ্মপুত্ৰ পুৰুষ আবাস’-এ প্ৰকাশ কৰা ‘লুইতপৰীয়া’ নামৰ বছৰেকীয়া আলোচনীখনৰ পঞ্চম সংখ্যাত (২০১১-১২ বৰ্ষ) প্ৰকাশ হৈছিল। সাক্ষাৎগ্ৰহণ কৰিছিল সেই সংখ্যাৰ ‘লুইতপৰীয়া’ৰ সহকাৰী সম্পাদক ভাস্কৰজ্যোতি ভট্টাচাৰ্য্যই আৰু তেওঁক সহায় কৰিছিল কুলদ্বীপ শৰ্মাই

 

বাইদেউ, নমস্কাৰ। তেজপুৰ বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ পুৰুষ আবাসৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছো।

► ধন্যবাদ, তোমালোককো স্বাগতম।

 

বাইদেউ, আমাৰ কথোপকথন আপোনাৰ সাহিত্যিক জীৱনৰ আৰম্ভণিৰে আৰম্ভ কৰা যাওক।

► মই কোনো দিন সাহিত্যিক হ’ম বুলি ভবা নাছিলো। সাহিত্যৰ প্ৰতি ৰাপ আছিল, সেয়েহে প্ৰথমতে কবিতা লিখিছিলো। সাহিত্যৰ বিভিন্ন কিতাপসমূহ পঢ়ি মোৰো লিখিবৰ যথেষ্ট ইচ্ছা গৈছিল। সেয়েহে ঘৰতে এনেয়ে কিছুমান লিখিছিলো, ভালো লাগিছিল। কিন্তু এটা কথা ঠিক যে মোৰ লিখনিৰ ওপৰত নিজৰ যথেষ্ট বিশ্বাস আছিল। এই বিশ্বাসেই মোক সাহিত্যিক জীৱনত যথেষ্ট সহায় কৰিলে।

 

আপুনি পঢ়ি থকা কালচোৱাত কোনো গ্ৰন্থ প্ৰকাশ কৰিছিল নেকি?

► হয়, কৰিছিলো। ‘অবিৰত যাত্ৰা’ (১৯৮১), ‘তীৰ্থভূমি’ নামে দুখন উপন্যাস আৰু ‘প্ৰত্যাশাৰ স্বপ্ন’ নামে কবিতা সংকলন প্ৰকাশ হৈছিল।

 

সাহিত্যিক জীৱনত আপোনাৰ বাবে কোনো প্ৰেৰণাদায়ক ব্যক্তিৰ নাম লব নেকি?

► আৰম্ভণিতে মই কাৰো পৰা প্ৰেৰণা পোৱা নাছিলো। লিখাৰ প্ৰতি দুৰ্বাৰ হাবিয়াস আছিল, সেয়েহে প্ৰেৰণা নাপালেও লিখিছিলো। এতিয়া হয়তো মোৰ শুভাকাংক্ষী বহুত আছে।

 

সাহিত্য অকাডেমী বঁটাকে ধৰি আপুনি নানান বঁটা বাহন পাইছে। এই বঁটাসমূহে আপোনাৰ সৃষ্টিত কেনেধৰণৰ অৰিহণা যোগায়?

► অৰিহণা যোগায় বুলি ক’ব নোৱাৰি। আচলতে সৃষ্টিশীল মানুহ এজনৰ সৃষ্টিৰ তাগিদাটো ভিতৰৰ পৰা আহে। বাহ্যিক জগতত এইক্ষেত্ৰত কোনো ইন্ধন নাই। কিন্তু এটা কথা ঠিক যে বঁটাসমূহে যথেষ্ট উৎসাহিত কৰে।

 

বাইদেউ, আপোনাৰ সৃষ্টি ৰাজীৱ ঈশ্বৰ আৰুহৃদয় নিৰূপায় গ্ৰন্থ দুখন পাঠক সমাজৰ পৰা বহু সমাদৃত। আৰম্ভণিৰ পৰা শেষলৈকে কৌতুহলতাৰে কথাখিনি দাঙি ধৰিছে। উক্ত সৃষ্ঠিৰাজিৰ আঁৰৰ কিছু কথা কব নেকি?

► ‘ৰাজীব ঈশ্বৰ’ত বৰ্ণিত শিশুটি মই দিছপুৰৰ ফুটপাথত দেখা। অভিভাৱকহীন এটি সুন্দৰ শিশু, যিয়ে পৰুৱাৰ কামোৰণি আৰু কাউৰীৰ খোচত ছটফটাই আছে। শিশুটিৰ ওপৰত পৰবৰ্তী সময়ত যথেষ্ট অধ্যয়ন চলালো। বহুত সমলো পালো। আৰু তাৰেই ফলস্বৰূপে ‘ৰাজীব ঈশ্বৰ’ৰ জন্ম। আনহাতে ‘হৃদয় নিৰূপায়’ গ্ৰন্থখনো এটা সঁচা ঘটনাৰ ওপৰতে প্ৰতিষ্ঠিত, কিন্তু ঘটনাৰ স্থান সম্পৰ্কে ক’ব নোৱাৰিম।

 

বহুতে কয় যন্ত্ৰণাইহে সৃষ্টিৰ মূল। আপোনাৰ সৃষ্টি আৰু যন্ত্ৰণাৰ সম্পৰ্ক কোনখিনিত?

► মোৰ প্ৰতিখন উপন্যাসৰ মাজতে এয়া প্ৰকাশ পাইছে।

 

বাইদেউ, আপোনাৰ উপন্যাস সমূহত কথনভংগী অগতানুগতিক। বাকী কোনো লেখক-লেখিকাৰ ক্ষেত্ৰত এনেকুৱা ভংগী দেখা নাযায়। ইয়ে আপোনাৰ প্ৰতিটো লেখাক নতুন মাত্ৰা প্ৰদান কৰিছে। এনেকুৱা কথনভংগীৰ চিন্তা আপোনাৰ মনলৈ কেনেকৈ আহিল?

► বহুতে মোৰ লিখনিক ‘অগতানুগতিক’ আখ্যা দিয়ে। কিন্তু, মই নিজেও নাজানো মোৰ লিখনি বা কিয় অগতানুগতিক।

 

বাইদেউ, আপোনাৰ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত গ্ৰন্থ দেওলাংখুইৰ সৃষ্টিৰ আঁৰৰ কিছু কথা কওঁকচোন।

► মই পঢ়ি থকা কালছোৱাত আৰু তাৰ পিছতো মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটীলৈ অহা-যোৱা কৰোঁতে দেখা ৰহাৰ ‘জোঙাল বলহুৰ গড়’টোৱে সদায়েই মনত কৌতুহল সৃষ্টি কৰিছিল। ইতিহাসৰ এক সমুজ্জল অধ্যায়ৰ উজ্জ্বল জ্যোতিষ্ক ‘জোঙাল বলহু’ তিৱা জাতিৰ বীৰ পুঙ্গৱ। ‘জোঙাল বলহু’ৰ জীৱন গাথাই এই উপন্যাসৰ বুনিয়াদ। বহু পুৰণি কথা সন্নিবিষ্ট কাৰণে উপন্যাসখনৰ কিছু কাহিনী আচহুৱা।

পঠনীয়:  ড° লক্ষ্মীনন্দন বৰাৰ সৈতে এটি সাক্ষাৎকাৰ

‘দেওলাংখুই’ ৰচনা কৰিবলৈ মোৰ মাথোঁ চাৰি মাহ সময় লাগিছিল, অৱশ্যে মই কিছুমান কথা আগৰে পৰাই ভাবি আছিলো।

 

বাইদেউ, মাকাম ৰচনা কৰোঁতে আপোনাৰ কিমান সময় লাগিছিল?

► ‘মাকাম’ৰ পৰিসৰ বিশাল, সেয়েহে ‘মাকাম’ ৰচনা কালত বহু কষ্ট কৰিবলগা হৈছিল।

‘মাকাম’ সৃষ্টিত মোৰ চাৰি বছৰতকৈয়ো বেছি সময় লাগিছিল।

 

বাইদেউ, মাকাম সৃষ্টিৰ পাছত শুনিবলৈ পাইছিলো যে আপোনাৰ ৰচিত প্ৰতিখন উপন্যাসৰ পৰা চলচ্চিত্ৰ নিৰ্মাণ কৰা হব। এনেকুৱা কিবা কথা চলি আছে নেকি?

► হয়, চলি আছে। কিন্তু কেতিয়ামানে হ’ব, ক’ব নোৱাৰিম।

 

বাইদেউ, চলচ্চিত্ৰ নিৰ্মাণ হলে কি ভাষাত হ?

► চোৱা, ‘মাকাম’ৰ পৰিসৰ বিশাল। আচলতে ‘মাকাম’ৰ কাৰণেও বাকীকেইখনৰ পৰিসৰৰ গভীৰতা বৃদ্ধি পাইছে। গতিকে, এই সম্পৰ্কে এতিয়াই কোৱা টান।

 

উপন্যাসসমূহৰ পৰা স্পষ্ট হৈ পৰে যে আপুনি যথেষ্ট মানৱদৰদী। তেন্তে আজিৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰবোৰ দেখি দেখি সক্ৰিয় ৰাজনীতিত নমাৰ ইচ্ছা আপোনাৰ হোৱা নাইনে?

► ৰাজনীতিত নামিলে সাহিত্যিক জীৱনৰ ওপৰত প্ৰভাৱ পৰিব। কিন্তু সাহিত্যিক জীৱনেই মোৰ যথেষ্ট প্ৰিয়।

 

বাইদেউ, আপুনি সাহিত্যিক জীৱনত প্ৰথমতে কি বঁটা পাইছিল?

► এটা গল্প লিখাৰ বাবে সাহিত্য সভাৰ পৰা বঁটা পাইছিলো।

 

অসমীয়া ভাষাৰ ভৱিষ্যৎ আপুনি কেনেকুৱা দেখিছে?

► মই যথেষ্ট আশাবাদী।

 

ইংৰাজী মাধ্যমৰ বিদ্যালয়ে অসমীয়া ভাষাক কোঙা কৰিব নেকি?

► কোঙা কৰিব পাৰে বুলি মই নাভাবো।

কিন্তু ভাষাটো ছাত্ৰ-ছাত্ৰীসকলে শিকাত কৰ্তৃপক্ষই গুৰুত্ব দিব লাগিব।

 

বিদেশী সাহিত্যই আপোনাক অনুপ্ৰাণিত কৰিছে নেকি?

► কৰিছে। কিন্তু তেনেকে কোনো বিশেষ কিতাপৰ নাম ক’ব নোৱাৰিম।

 

বাইদেউ, আজিৰ তাৰিখত কোনো গ্ৰন্থ মহৎ বুলি স্বীকৃতি পাব পাৰেনে?

► পাৰে, তাৰ বাবে পৰিবেশ আছে।

 

সাম্প্ৰতিক অসমৰ সাহিত্যৰ উন্নতিৰ বাবে সাহিত্য সভাৰ প্ৰাসংগিকতা আছে নেকি?

► নিশ্চয় আছে। অকল সাহিত্যই নহয়, সাহিত্য সভা দৰচলতে সমাজ জীৱনৰ লগত জড়িত এটা অনুষ্ঠান।

 

তাৰমানে আপুনি অসম সাহিত্য সভাক এটা জাতীয় অনুষ্ঠান আখ্যা দিব?

► জাতীয় অনুষ্ঠান হোৱা বাবেতো মানুহৰ সাহিত্য সভাৰ ওপৰত ইমান সমালোচনা।

 

অসমৰ মানুহৰ জাতীয় চেতনাৰ ক্ষেত্ৰত উত্তৰ আধুনিকতাবাদ (Post modernism)ৰ প্ৰভাৱ সম্পৰ্কে কওঁকচোন।

► বহুত গভীৰ প্ৰশ্ন।

 

নতুন লেখক-লেখিকাসকলৰ মাজৰ পৰা আপুনি কাৰ লেখা পছন্দ কৰে?

► মই নাম ধৰি নকওঁ। এজনৰ নাম ক’লে আনজন হতাশ হ’ব। এনেকুৱাও হ’ব পাৰে মই তোমাক এজনৰ নাম কোৱা সময়ত আনজনৰ কথা সাময়িকভাবে পাহৰি গৈছো। হয়তোবা মোৰ দুয়োজনকে ভাল লাগিব পাৰে।

 

বৃহৎ নদীবান্ধ সম্পৰ্কে আপোনাৰ মতামত?

► বহৎ নদীবান্ধে গোটেই পৰিবেশতন্ত্ৰতে ব্যাপক প্ৰভাৱ পেলাব। ই জনসাধাৰণৰ পৰা সৰ্বস্ব কাঢ়ি নিব পাৰে।

 

বাইদেউ, ভাষা এটাক শক্তিশালী কৰিবলৈ কেনেকুৱা সাহিত্যৰ ওপৰত বেছি জোৰ দিব লাগিব?

► সাহিত্যৰ গোটেইকেইটা দিশৰ ওপৰত জোৰ দিব লাগিব। যেনে- কবিতা, গীত, নাটক, গল্প, উপন্যাস ইত্যাদি। শিশুসকলে পঢ়িব পৰাকৈ শিশু সাহিত্যৰ ওপৰতো জোৰ দিয়াৰ প্ৰয়োজন অপৰিসীম।

 

হত্যা-হিংসাৰে জৰ্জৰিত এই পৃথিৱীৰ নৱ-প্ৰজন্মৰ উদ্দেশ্যি আপুনি কি ক?

► নৱ-প্ৰজন্মৰ মাজত আদৰ্শৰ প্ৰয়োজন। নিজ আদৰ্শ থাকিলেহে জীৱনত আগুৱাব পাৰি।

পঠনীয়:  An Interview with Manju Borah

 

বাইদেউ, আপোনাৰ প্ৰচেষ্টাতে জন্ম পাইছে পুবেৰুণপুবেৰুণৰ উদ্দেশ্য সম্পৰ্কে আকণমান কওকচোন।

► প্ৰথমতে নামটোৰ অৰ্থলৈ মন কৰা। ‘পুবেৰুণ’ শব্দটি দুটা সংস্কৃত শব্দৰ সমষ্টি। পূব মানে ‘পূব দিশ’ আৰু অৰুণ মানে ‘সূৰ্য্য’। গতিকে ‘পূবেৰুণ’ৰ দ্বাৰা আমি অসমীয়া সাহিত্যৰ জগতখনক ইলেক্ট্ৰ’নিক মাধ্যমৰ জড়িয়তে আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছো।

 

আপোনাৰ প্ৰতিখন উপন্যাসতেই একোখন নতুন জগত প্ৰৰিস্ফুত হৈ উঠে। এক কথাত, আপোনাৰ সৃষ্টিৰাজিয়ে বৰ্তমান যুগক প্ৰতিনিধিত্ব কৰিছে। আপুনি বাৰু এনেকুৱা সৃষ্টিৰ সমল কত বিচাৰি পায়?

► মোৰ লেখক সত্বা অনবৰতে সক্ৰিয় হৈ থাকে। লিখাৰ সমল মই পৰিবেশৰ পৰাই আহৰণ কৰোঁ। এনেদৰে পৰিবেশৰ যিটো দিশে মোক আটাইতকৈ বেছি আলোড়িত কৰে, তাৰ মাজৰে পৰাই মই লিখনি ৰূপ দিওঁ।

 

এই সময় সেই সময়ৰ দৰে এখন উপন্যাসেৰে সমাজ বাস্তৱতাক শব্দৰূপ দিবলৈ যাওঁতে আপোনাৰ মনত উদ্ভৱ হোৱা অনুভৱৰ বিষয়ে অকনমান কওঁকচোন।

► সমাজ বাস্তৱতাক শব্দৰ ৰূপ দিবলৈ যাওঁতে কলমে কেতিয়াবা তীক্ষ্ণাগ্ৰ শেল হৈ বিন্ধে, কেতিয়াবা লৈ যায় শোক, তাপ, জ্বালা-যন্ত্ৰণা, ক্ৰোধ, আশ্চৰ্য্য, হতাশাৰ অগ্নিশাললৈ। কেতিয়াবা লৈ যায় আনন্দ, আশা, বিশ্বাস, আস্থা, মানৱীয়তাৰ চোতালখনলৈ। মনক বিভ্ৰান্ত কৰিব খোজা বিশৃংখলতাৰ মাজৰ পৰা নিজৰ বাবে সত্যক বিচাৰি ল’ব পাৰি। বিচাৰি ল’ব পাৰি হত্যা-হিংসা জৰ্জৰ পৃথিৱীখনৰ মাজত থাকিও এক নতুন আশাৰ ৰেঙনি। ‘এই সময় সেই সময়’য়ে সেই আকাংক্ষাৰ জন্ম দিব পাৰিলেই সাৰ্থক হ’ব কলম।

 

সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত উত্তৰণৰ বাবে পুৰস্কাৰ কিমান আপৰিহাৰ্য্য বুলি ভাবে?

► পুৰস্কাৰে উৎসাহ দিয়ে, প্ৰেৰণা দিয়ে, প্ৰচাৰ দিয়ে। পাঠক-সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে। এটা কথা ঠিক যে যিমান ভাল সৃষ্টি নহ’লেও- পুৰস্কাৰ নাপালে পাঠক সমাজৰ দৃষ্টি আকৰ্ষণ কৰা টান। কিন্তু উত্তৰণৰ বাবে সাধনা লাগিবই। পুৰস্কাৰে পিছত ৰৈ আগলৈ অলপ ঠেলিহে দিব পাৰে।

 

আপোনাৰ শেহতীয়া পৰিকল্পনা?

► পৰিকল্পনা বহুত আছে। এক আষাৰতে কোৱা টান হ’ব। ২০১২ চনৰ প্ৰতিটো দিনতে মই অনেক কামত ব্যস্ত থাকিম।

 

বৰ্তমান আপুনি সাহিত্যিক, প্ৰবক্তা, অসমৰ বিচক্ষণ ৰাজনৈতিক নেতা এজনৰ পত্নী, মাতৃ। উক্ত দিশকেইটাৰ ভিতৰত কোনটো দিশত আপুনি বেছি অনুভৱ কৰে?

► মই হয়তো আৰু কিছু বছৰৰ পিছতহে উক্ত প্ৰশ্নটিৰ উত্তৰ বিশ্লেষণ কৰিম।

 

বাইদেউ, আমাৰ কথোপকথন ইমানতে সামৰো। ব্যস্ততাৰ মাজতো সময় দিয়া বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিলআপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। লগতে আপোনাৰ কলমে আগন্তুক দিনবোৰতো অসমীয়া সাহিত্যৰ বন্তিগছি অধিককাল প্ৰজ্বলিত হৈ থাকিবৰ বাবে নতুন নতুন সমল যোগাওক, তাৰেই আশা কৰিলো-

► ধন্যবাদ। তোমাৰ লগত কথা পাতিও ভাল লাগিল। তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিও মোৰ শুভকামনা থাকিল।

 

--*--             --*--             --*--

 

পলকতে অসমীয়া সাহিত্যৰ জীৱন্ত কিংবদন্তী ড° ৰীতা চৌধুৰী :

জন্ম : নামপুং, অৰুণাচল প্ৰদেশ, ১৯৬০।

শিক্ষা : কটন মহাবিদ্যালয় (স্নাতক), গুৱাহাটী বিশ্ববিদ্যালয় (স্নাতকোত্তৰ, অসমীয়া আৰু ৰাজনীতি বিজ্ঞান বিষয়ত), এল. এল. বি.।

কৰ্মজীৱন : ডিফু মহাবিদ্যালয়ত অধ্যাপনা। বৰ্তমান কটন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা।

যুগ্মজীৱন : ৰাজনীতিবিদ চন্দ্ৰমোহন পাটোৱাৰীৰ লগত।

সাহিত্য-কৰ্ম : অবিৰত যাত্ৰা, তীৰ্থভূমি, মহাজীৱনৰ আধাৰশিলা, পপীয়া তৰাৰ সাধু, নয়না তৰালী আৰু সুজাতা, হৃদয় নিৰুপায়, ৰাজীৱ ঈশ্বৰ, জলপদ্ম, এই সময় সেই সময়, ৰাগ মালকোশ, দেওলাংখুই আদি।

কবিতা পুথি : বগা মাটিৰ তুলসী, প্ৰত্যাশাৰ স্বপ্ন, অলপ পোহৰ অলপ আন্ধাৰ, সুদূৰ নক্ষত্ৰ।

বঁটাপ্ৰাপ্তি : জীৱনৰ প্ৰথম গ্ৰন্থ ‘অবিৰত যাত্ৰা’ৰ বাবে অসম সাহিত্য সভা বঁটা, ‘দেওলাংখুই’ গ্ৰন্থৰ বাবে ২০০৮ চনত সাহিত্য অকাডেমী বঁটা লাভ।

No Comments

Post A Comment