ড° লক্ষ্মীনন্দন বৰাৰ সৈতে এটি সাক্ষাৎকাৰ

“অসম সাহিত্য সভাৰ সুচিন্তিত কাৰ্যসূচীয়েই কেৱল সাম্প্ৰতিক বিভেদশীল পৰিস্থিতিত ঐক্য স্থাপন কৰিব পাৰে। কাৰণ আজিৰ ৰাজনীতিয়ে মানুহক ভাগ ভাগ কৰে, সাহিত্য-সংস্কৃতিয়েহে একগোট কৰে। মোৰ কাৰ্যকালত ইয়াৰ প্ৰামাণ পালোঁ। চৰ-চাপৰিৰ দুৰ্গম ঠাইলৈ গৈ দেখিলোঁ যে তাত যুৱক-যুৱতী আৰু প্ৰবীণ ব্যক্তিয়ে অসমীয়া সমাজৰ মূল সূঁতিৰ মাজত সোমাই অসমীয়া গল্প, কবিতা লিখি নিজ খৰচত ছপা কৰিছে। এনে প্ৰচেষ্টা দেখিছোঁ মিছিং-দেউৰী প্ৰভৃতি জনজাতীয় অঞ্চলত। চাহ বাগিছাৰ ব্যস্ত আৰু বৰ্ণাঢ্য জীৱনে অসম সাহিত্য সভা আৰু অসমীয়া সাহিত্য-সংস্কৃতিক আদৰিছে”

— সমাজৰ প্ৰতি শ্ৰেণী মানুহৰ প্ৰতি ভিন্ন ভিন্ন ৰূপত কলম চলাই অসমীয়া জাতিটোক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰা ড° লক্ষ্মীনন্দন বৰাই অসম সাহিত্য সভাৰ ৬৩ তম অধিৱেশনত ৰখা ভাষ্য এয়া।

‘নিশাৰ পূৰবী’ (১৯৬২) উপন্যাসৰদ্বাৰা যাত্ৰা আৰম্ভ কৰা এইজনা প্ৰথিতযশা সাহিত্যিকৰ অসমীয়া সাহিত্যলৈ অন্যতম উল্লেখযোগ্য অৱদান হ’ল— ‘যাকেৰি নাহিকে উপাম’ আৰু ‘গঙা-চিলনিৰ পাখি’। ১৯৬৩ চনত ৰচিত ‘গঙা-চিলনিৰ পাখি’ৰ আধাৰতে প্ৰয়াত পদূম বৰুৱাই একে নামেৰে চলচ্চিত্ৰও নিৰ্মাণ কৰে।

‘পাতালভৈৰবী’ৰ বাবে ১৯৮৮ চনৰ সাহিত্য অকাডেমী বঁটাৰে বিভূষিত এইজনা মানৱদৰদী সাহিত্যিকে ২০০৮ চনত আন এখন ব্যতিক্ৰমধৰ্মী কল্পবিজ্ঞান উপন্যাস ‘কায়কল্প’ৰ বাবে ‘সৰস্বতী’ সন্মান লাভ কৰে।

অসমীয়া সাহিত্য জগতৰ জীৱন্ত কিংবদন্তিস্বৰূপ এইগৰাকী বহুমুখী প্ৰতিভাৰ অধিকাৰী ব্যক্তিৰ প্ৰতিভা, জীৱনদৰ্শন, কৰ্ম, বিচিত্ৰ অভিজ্ঞতা, গঠনমূলক চিন্তা আদি সকলো দিশ সামৰি এই সাক্ষাৎকাৰটি আগবঢ়োৱা হ’ল। সাক্ষাৎকাৰটি তেজপুৰ বিশ্ববিদ্যালয়ৰ বছৰেকীয়া আলোচনী ‘সৃজন’ৰ পঞ্চম সংখ্যাত (২০১১-১২ বৰ্ষ) প্ৰকাশ হৈছিল। সাক্ষাৎগ্ৰহণ কৰিছিল সেই সংখ্যাৰ ‘সৃজন’ৰ এগৰাকী সম্পাদক ভাস্কৰজ্যোতি ভট্টাচাৰ্য্যই আৰু তেওঁক সহায় কৰিছিল কুলদ্বীপ শৰ্মাই

 

ছাৰ, নমস্কাৰ। তেজপুৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছোঁ।

► ধন্যবাদ, তোমালোককো স্বাগতম।

 

ছাৰ, আমাৰ এই কথোপকথন আপোনাৰ সাহিত্যিক জীৱনৰ আৰম্ভণিৰেই আৰম্ভ কৰা যাওক।

► আচলতে মই তেনেকে সাহিত্যিক হ’ম বুলি ভবা নাছিলোঁ। কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেছিডেণ্সী কলেজৰপৰা MSc final পৰীক্ষা দিবলৈ মোৰ চাৰি মাহমান বাকী আছিল। তেতিয়া তাত শংকৰদেৱৰ তিথি পাতিছিল। মোক ইংৰাজীত বক্তৃতা দিবলৈ কৈছিল। মই ইংৰাজীত বক্তৃতা দিলোঁ। মানুহবিলাকে মোক ক’লে, “তুমি বিজ্ঞানৰ মানুহ হৈয়ো শংকৰদেৱৰ ওপৰত বহু কথাই জানা। তুমি ভালদৰে গল্প, উপন্যাস লিখিব পাৰিবা।” সেইদিনা মোৰ ঘৰলৈ বৰ মনত পৰিল আৰু ‘ভাওনা’ বুলি গল্প এটা লিখি ‘ৰামধেনু’লৈ পঠিয়াই দিলোঁ। গল্পটো মই আগষ্ট মাহত পঠালোঁ, ডিচেম্বৰ মাহত প্ৰকাশ হ’ল। তেতিয়া মোৰ final পৰীক্ষা চলি আছিল। পৰীক্ষা শেষ হ’লত মই ঘৰলৈ আহিলোঁ। ঘৰৰ মুক্ত পৰিৱেশত ঘূৰি পকি আৰু গল্প লিখিবলৈ বেছি ভাল হ’ল। ফেব্ৰুৱাৰী মাহত পৰীক্ষাৰ result দিলে, তেতিয়ালৈকে মোৰ চাৰিটামান গল্প প্ৰকাশ হ’ল। তাৰ পাছত মই J.B. কলজত কাম কৰিলোঁ, আৰু এইছোৱাতে আকৌ তিনিটামান গল্প লিখিলোঁ। তাৰ পাছত কটন কলেজত কাম কৰিলোঁ, এইছোৱা সময়ত গল্প লিখাৰ বাবে উদ্যমো বাঢ়িল। বেণুধৰ শৰ্মা, কবি হেম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য ইত্যাদি তেতিয়াৰ স্বনামধন্য সাহিত্যিকসকলে মোৰ গল্প ভাল পাইছিল। মোৰ কলেজৰ চাকৰি কৰি সিমান ভাল লগা নাছিল, সেয়েহে মই Civil Service পৰীক্ষা দিম বুলি ভাবছিলোঁ। কিন্তু তেতিয়াৰ বহুকেইজন বিজ্ঞলোকে মোক ক’লে, “তুমি Civil Service পৰীক্ষা দিব নালাগে। গল্প, উপন্যাস লিখাৰ বাবে কলেজৰ চাকৰিয়েই শ্ৰেয়।” মই Civil Service পৰীক্ষা নিদিলোঁ, আৰু এনেদৰে গল্প, উপন্যাস ইত্যাদি লিখি আহিছোঁ। অৱশ্যে মই প্ৰথমতে গল্পহে বেছিকৈ লিখিছিলোঁ।

 

ছাৰ, আপোনাৰ লিখাৰ উদ্দেশ্য সম্পৰ্কে কব নেকি?

► হয়, তুমি কোৱা প্ৰশ্নটো মই মোৰ লিখক জীৱনৰ আৰম্ভণিতে ভাবিছিলোঁ। মই বাৰু কিয় লিখোঁ? আমাৰ গাঁৱৰ কাষতে ‘সোণাই’ নামেৰে এখন নদী আছিল। এই নদীখনৰ পাৰত বাস কৰা মানুহখিনি খুব দুখীয়া। কিছুমান হীৰা সম্প্ৰদায়ৰ, কিছুমান কৈৱৰ্ত, তিৱা ইত্যাদি সম্প্ৰদায়ৰ। এই মানুহখিনিৰ যিটো হৃদয়ৰ মহত্ব, বৰ্ণাঢ্য জীৱন, সৰলতা, প্ৰেম-প্ৰীতি, জীৱনৰ সুন্দৰ নিশ্চয়তা- সেইটো দেখোন মই ইয়াৰ মাজেৰে ধৰি ৰাখিব পাৰোঁ। ইয়াৰ বাবেই মই প্ৰথমতে লিখিছিলোঁ। প্ৰথম পোন্ধৰ বছৰমান মই অকল গাঁও, সমাজৰ কথায়ে লিখিলোঁ। এনেদৰে মোৰ লিখাটো স্বভাৱত পৰিণত হ’ল।

 

ছাৰ, আপুনি বিজ্ঞান-চৰ্চা কৰাৰ মাজতে সাহিত্য-চৰ্চাও কৰিছিল। ইয়ে আপোনাৰ বিজ্ঞান-চৰ্চাত প্ৰভাৱ পেলাইছিল নেকি?

► চোৱাঁ, সাহিত্য মোৰ বাবে কোনো বেলেগ নহয়। ই মোৰ recreation ৰ নিচিনা। এই কথা ঠিক যে দুয়োটা চৰ্চাত সূক্ষ্ম পৰ্যবেক্ষণৰ দৰকাৰ। গল্প বা উপন্যাস লিখিবলৈ কিন্তু কিছু শ্ৰম লাগিবই। বিজ্ঞানৰ পৰীক্ষা এটা কৰিবলৈ যাওঁতে প্ৰথমতে লাগিব পৰ্যৱেক্ষণ, তাৰ পাছত ব্যাখ্যা। গতিকে এটা চৰ্চা কৰিলে আনটোৰ ওপৰত কিবা প্ৰভাৱ পৰিব পাৰে বুলি মই নাভাবোঁ।

 

ছাৰ, গঙা-চিলনীৰ পাখি অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। আপুনি উক্ত গ্ৰন্থখন প্ৰকাশ কৰিয়েই অসমীয়া সাহিত্যলৈ এবিধ মূল্যবান সম্পদ উপহাৰ দিয়া বুলি ভাবিছিলনে?

► দৰাচলতে সমালোচকসকলে সাহিত্যিকসকলক সহায় নকৰে। তাৰ জলজল-পটপট উদাহৰণ ‘গঙা-চিলনীৰ পাখি’। ১৯৬৩ চনত মই ‘গঙা-চিলনীৰ পাখি’ লিখিলোঁ, কিন্তু বহু বছৰৰ পাছত যেতিয়া পদুম বৰুৱাই কিতাপখনৰ চলচ্চিত্ৰ ৰূপ দিব বিচাৰিলে, তেতিয়াহে মই গম পালোঁ যে মই এখন ভাল উপন্যাস লিখিলোঁ। যদি সমালোচকসকলে সাহিত্যৰ উচিত মূল্যাংকন কৰে, তেন্তে তেওঁলোকে মোক বহুবছৰ আগতে উৎসাহিত কৰিব লাগিছিল; কিন্তু সেইটোতো নকৰিলে। গতিকে, সমালোচনাই সাহিত্যৰ কিবা উন্নতি সাধন কৰিব পাৰে বুলি মই কেতিয়াও নাভাবোঁ।

পঠনীয়:  চম্পক শৰ্মাৰ সৈতে এটি সাক্ষাৎকাৰ

 

সাহিত্যিক জীৱনত আপোনাৰ বাবে কোনো প্ৰেৰণাদায়ক ব্যক্তিৰ নাম লব নেকি? আপুনি ছাৰ প্ৰেৰণাত বিশ্বাস কৰেনে?

► মই ব্যক্তিবিশেষৰ নাম নলওঁ। এটা কথা ক’ব পাৰোঁ যে যেতিয়া কোনো গল্প, কবিতা, প্ৰবন্ধ পঠোৱাৰ পাছত ছপা হয়, তাতকৈ আৰু ডাঙৰ প্ৰেৰণা একো নাই। মোৰ বাবে প্ৰকাশকসকলেই খুব ডাঙৰ প্ৰেৰণা। নতুন অৱস্থাত কিছু হ’লেও যে প্ৰেৰণা লাগিব, তাক নুই কৰিব নোৱাৰি।

 

ছাৰ, গঙা-চিলনীৰ পাখিয়ে চলচ্চিত্ৰ ৰূপ পোৱাৰ পাছত কিতাপখন বিক্ৰীত কেনেকুৱা প্ৰভাৱ পৰিছিল?

► মই সেইসময়ৰ কথা কিছু পাহৰিছোঁ। কিন্তু ‘গঙা-চিলনীৰ পাখি’ কিতাপখন তেতিয়াও মানুহে আদৰি লৈছিল, এতিয়াও লয়। আচলতে ‘গঙা-চিলনীৰ পাখি’ সময়তকৈ কিছু আগবঢ়া। গতিকে চলচ্চিত্ৰখন Box-office ত release হোৱাৰ পাছত মানুহে তেনেকে চোৱা নাছিল, ফলত পদুম বৰুৱা দেউলীয়া হৈ গৈছিল। এখন ভাল চিনেমা কৰিও জনসাধাৰণক আকৃষ্ট কৰিব নোৱাৰাটো কিছু দুখলগা কথা।

 

ছাৰ, সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত গ্ৰন্থ পাতাল ভৈৰৱীকে আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ সৃষ্টি বুলি কবনে?

► নকওঁ। ‘পাতাল ভৈৰৱী’তকৈও মোৰ ‘যাকেৰি নাহিকে উপাম’ আৰু ‘গঙা-চিলনীৰ পাখি’কহে বেছি ভাল যেন লাগে।

 

ছাৰ কিছুমান লিখকৰ প্ৰতিটো লেখাতে একেধৰণৰ অনুভূতি, ধাৰণা ফুটি উঠে। কিন্তু আপোনাৰ লেখাসমূহৰ মাজত বেলেগ বেলেগ চিন্তাধাৰাৰ সমাহাৰ ঘটা আমি দেখিছোঁ। এই সম্পৰ্কে অকণমান কওকচোন।

► হয় হয়, মই আচলতে একেটা বিষয়বস্তু, একেটা ভাবধাৰা, একেখন সমাজৰ ওপৰতে সদায় নিলিখোঁ। প্ৰথম পোন্ধৰ বছৰমান গাঁৱৰ মানুহৰ সৰলতা, সুন্দৰতা ইত্যাদি লৈ লিখিছোঁ। তাৰ পাছত ৰাজনীতি, চৰকাৰী বিষয়াৰ উদ্ভণ্ডালি, সামাজিক অনিয়ম, ভ্ৰষ্টাচাৰ, দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীৰ ভোটৰ লালসা ইত্যাদিৰে গঢ় লৈ উঠা চহৰীয়া সমাজখনৰ কথা ‘পাতাল ভৈৰৱী’ত লিখিছোঁ। ‘পাতাল ভৈৰৱী’ লিখাৰ অন্য কিছুমান উদ্দেশ্যও আছে। ‘পাতাল ভৈৰৱী’ লিখাৰ সময়ত T.V. জনগণৰ মাজত বহুত জনপ্ৰিয়। গতিকে মানুহে উপন্যাস, গল্প ইত্যাদিৰ প্ৰয়োজন নাই বুলিয়েই ভাবি ল’লে। সেয়েহে যুগৰ লগত মিলাই মই ভাবিলোঁ যে উপন্যাসসমূহৰ গঠন কিছু সলনি কৰিব লাগিব। তাৰ বাবে মানুহে নজনা পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়োজন অপৰিসীম। কাহিনীৰ তীব্ৰ গতি, সংঘাত ইত্যাদি অবিহনে উপন্যাসসমূহ বচাব পৰা নাযাব।

 

ছাৰ, আপুনি চাগে সৰস্বতী বঁটাপ্ৰাপ্ত গ্ৰন্থ কায়কল্প ৰচনা কৰোঁতে অধিকসময় কাল কল্পনাৰাজ্যত বাস কৰিব লগা হৈছিল। এনেকুৱা কল্প-বিজ্ঞান সাহিত্য ৰচনা কৰাৰ চিন্তা কিয় মনলৈ আহিল? বাৰু আপোনাক ফ্ৰেকেনষ্টাইনৰ দৰে কল্প-বিজ্ঞান সাহিত্যই উদগনি যোগাইছিল নেকি?

► নহয়, কথাটো তেনেকুৱা নহয়। বিজ্ঞানৰ ছাত্ৰ হিচাপে মই জানো যে Genetic-engineering, agricultural-engineering য়ে অসাধ্য সাধন কৰিব পাৰে। কিতাপখনত মই ‘হিমালয়াজ অমৰেন্দ্ৰাম’ নামৰ উদ্ভিদৰ কথা উল্লেখ কৰিছোঁ। এই উদ্ভিদৰে ৰসে মেধাবী ছাত্ৰ অনুজক পুনৰ যৌৱন দিলে।

কিন্তু পুনৰ যৌৱনপ্ৰাপ্ত অৱস্থাই কেনেকৈ এখন সমাজক বিকৃত কৰিব পাৰে, তাকো দেখুৱাইছোঁ। পুনৰ যৌৱন লাভ কৰাৰ পাছত ভোগ আৰু কামনাই হৈ পৰিব মানুহৰ শেষ লক্ষ্য। এয়া আচলতে মোৰ নিজা সৃষ্টি।

 

ছাৰ, আজিকালি দেখা যায় কিছুমান কাহিনী গল্পতকৈ ডাঙৰ, উপন্যাসতকৈ সৰু। এইসমূহে সাহিত্যৰ কিবা উন্নতি কৰিব পাৰেনে?

► এয়া আচলতে বিজতৰীয়া বস্তু। এইবোৰে সাহিত্যৰ অপকাৰ কৰিছে। যিকোনো সাহিত্যই পূৰ্ণধা ৰূপ পাব লাগিব, ই চুটিগল্প, গল্প, উপন্যাস যিয়েই নহওক কিয়। চোৱাঁ, গল্পই কৰিব নোৱাৰা কামখিনি উপন্যাসে কৰে, গল্প আৰু উপন্যাসে যিখিনি কৰিব নোৱাৰে সেইখিনি কবিতাই কৰে, গল্প আৰু কবিতাই কৰিব নোৱাৰ কামখিনি সংগীতে কৰে। গতিকে, এনেকুৱা বীজতৰীয়া সাহিত্য সৃষ্টি কৰিলে লেখকৰ চেষ্টা অথলে যায়।

 

ছাৰ, এখন উপন্যাসক কেতিয়া পূৰ্ণাংগ উপন্যাস বুলি কব পাৰি?

► পূৰ্ণাংগ উপন্যাসে গোটেই সমাজখনক, যুগটোক দাঙি ধৰিব লাগিব। ই কেৱল এটা কাহিনী হ’লেই নহ’ব।

 

সিপুৰীৰ আঁচনি,একাংক যুগল ইত্যাদিৰ দৰে ভাল নাটক ৰচনা কৰাৰ পাছতো আপুনি কিন্তু ৰচনাৰ ক্ষেত্ৰত গল্প, উপন্যাসৰ দৰে মনোনিৱেশ কৰা যেন আমাৰ নালাগিল। ইয়াৰ কাৰণটো কওকচোন।

► তুমি কোৱা দুয়োখন অনাতাঁৰ নাটক আৰু দুয়োখনেই ব্যংগ। আচলতে মই নাটক ৰচনা কৰিব নোৱাৰোঁ।

 

ছাৰ, ৰাইজৰ চকুত সাহিত্য সভাৰ সভাপতিৰ আসনখনৰ মূল্য এতিয়াও একে আছে বুলি আপুনি ভাবেনে?

► যিহেতু সাহিত্য সভাৰ প্ৰতিখন মিটিঙত এতিয়াও জনসমাগম হয়, গতিকে, আসনখনৰ মূল্য একেই থকা যেন লাগে।

 

ছাৰ, অসম সাহিত্য সভাক বৰ্তমান জাতীয় সংগঠন বুলি আখ্যা দিব পাৰিনে?

► জাতীয় সংগঠন হ’লে ই জনসাধাৰণৰ স্বাৰ্থত মাত মাতিব লাগিব। কেইখনমান কিতাপ উলিওৱাটো অকল সাহিত্য সভাৰ উদ্দেশ্য হ’ব নোৱাৰে। আজি অসমত বিভিন্ন সমস্যা। বৰ্তমান বৃহৎ নদীবান্ধক লৈ অসম উত্তাল। কিন্তু সাহিত্য সভাতো মনে মনে আছে।

 

ছাৰ, বৃহৎ নদীবান্ধ সম্পৰ্কে আপোনাৰ মতামত?

► আচলতে অখিল গগৈকে ধৰি আন্দোলনকাৰীয়ে ভাল কামেই কৰিছে। বৃহৎ নদীবান্ধৰ ওপৰত মই অধ্যয়ন কৰা মানুহ। বৃহৎ নদীবান্ধে অসমৰ জনসাধাৰণৰ সৰ্বস্ব কাঢ়ি নিব পাৰে।

 

ছাৰ, অসম সাহিত্য সভাই অসমীয়া ভাষাটোক পূৰ্ণাংগ ৰূপ দিবলৈ অসমৰ্থ নেকি?

► পূৰ্ণাংগ ভাষা হ’বলৈ হ’লে বিভিন্ন ভাষাৰ পৰা বিভিন্ন সমল অসমীয়ালৈ অনুবাদ হ’ব লাগিব। আচলতে পূৰ্ণাংগ ৰূপ দিব পাৰে বুদ্ধিজীৱীসকলেহে। একেদৰে অসমীয়া ভাষাৰ অপূৰ্ব সৃষ্টিসমূহো ইংৰাজীলৈ অনুবাদ হ’ব লাগিব। এই যে ‘জীৱনৰ বাটত’ উপন্যাসখন, ইমান সুন্দৰ উপন্যাস, কিন্তু তাৰতো ইংৰাজী অনুবাদ নাই। চোৱাঁ, আমাৰ যিখিনি মানুহে ইংৰাজীলৈ অনুবাদ কৰিব পাৰে, তেওঁলোকে ইজনে সিজনৰ লগত কাজিয়া কৰি আচল কামটো কৰা নাই। ধীৰেন্দ্ৰনাথ বেজবৰুৱা, তেওঁ সাংবাদিকহে, তেওঁ অনুবাদৰ ক্ষেত্ৰত যিখিনি কাম কৰিছে, আমাৰ ইংৰাজী অধ্যাপকসকলে যিমানখিনি কৰা নাই।

পঠনীয়:  An Interview with Manju Borah

 

ছাৰ, বহুতে কয়, যন্ত্ৰণাহে সৃষ্টিৰ মূল। আপোনাৰ সৃষ্টি আৰু যন্ত্ৰণাৰ সম্পৰ্ক ক?

► আচলতে যন্ত্ৰণাইহে সৃষ্টিৰ মূল বুলি তেনেকে ক’ব নোৱাৰি। এজন মানুহে জীৱনত যথেষ্ট যন্ত্ৰণা পালেও একো কৰিব নোৱাৰিব পাৰে, যদি তেওঁ creative নহয়। এটা উদাহৰণ দিওঁ। সৰ্বহাৰা মানুহৰ ওপৰত খুব ভাল উপন্যাস লিখিছে এজন ধনী আমেৰিকানে। উপন্যাসখনৰ নাম Grapes of Wrath । ঔপন্যাসিক জন ষ্টেইনবেক্। তেওঁৰতো পইচা-পাতিৰ অভাৱ নাছিল, কিন্তু তেওঁ বহুত ভালকৈ ভগনীয়া, দুখীয়া মানুহৰ কাহিনী লিখিছে। একেদৰে কলিকতাৰ বস্তি এলেকাৰ দৰিদ্ৰৰ কথাও ফ্ৰান্সৰ Lapary য়ে লিখিছে তেওঁৰ উপন্যাস City of Joy ত। কিন্তু এওঁলোকতো দৰিদ্ৰ নহয়। এয়া আচলতে সৃষ্টিশীল মানুহজনৰ অন্তৰ্দৃষ্টিৰ ওপৰতহে নিৰ্ভৰ কৰে।

 

ছাৰ, অসমীয়া ভাষাৰ ভৱিষ্যত আপুনি কেনেকুৱা দেখিছে?

► ভৱিষ্যত ভাল নহয়। কাৰণ এটা ভাষা প্ৰয়োগৰ ওপৰত নিৰ্ভৰ কৰে। ইংৰাজী মাধ্যমৰ স্কুলসমূহৰ বাবে প্ৰয়োগ লাহে লাহে কমি আহিছে।

বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু আধুনিক বাণিজ্য এই দুই দিশৰ লগত জড়িত আছে ইলেক্ট্ৰ’নিক মাধ্যম। গতিকে ইংৰাজী ভাষাৰ জনপ্ৰিয়তা বাঢ়িল। তথাপিও জাপান আৰু চীন ব্যতিক্ৰম- নিজ ভাষাটোক তেওঁলোকে দিনকদিনে সজাইহে আহিছে। কিন্তু আমাৰ অসমত এনেকুৱা লক্ষণ দেখা নাই।

 

ছাৰ, ভাষা এটাক জনগণৰ মাজত জনপ্ৰিয় কৰিবলৈ কোনবিধ সাহিত্যৰ ওপৰত জোৰ দিয়া দৰকাৰ?

► শিশু-সাহিত্যৰ ওপৰত জোৰ দিব লাগিব।

 

ছাৰ, ইংৰাজী মাধ্যমৰ স্কুলসমূহ গা-কৰি উঠাৰ প্ৰধান কাৰণ কি?

► তাৰ প্ৰধান কাৰণ অসমীয়া মাধ্যমৰ স্কুলসমূহত পৰিচালনা, যোগ্য-শিক্ষক আৰু পাঠ্যপুথিৰ অভাৱ। পেপাৰবোৰততো লিখিয়েই থাকে, “বছৰেকীয়া পৰীক্ষা শেষ হৈ গ’ল, পাঠ্যপুথি ল’ৰা-ছোৱালীৰ হাতত নপৰিলেই।”

 

ছাৰ, আজিৰ পৰা ৪০-৫০ বছৰ পাছত ভাৰতত কি কি ভাষা জীয়াই থাকিব পাৰে?

► মাথোন দুটা ভাষাই জীয়াই থাকিব। এটা হিন্দী, আনটো তামিল।

 

অসমৰ সাংবাদিকতা আৰু অসমীয়া ভাষাৰ সম্পৰ্কে কওকচোন।

► অসমীয়া ভাষা জীয়াই ৰাখিবলৈ আটাইতকৈ বেছি চেষ্টা কৰিছে অসমৰ সাংবাদিকতাই। অসমৰ ৪-৫ খন মান ইমান ভাল কাকত ওলায় যে কিছুমান অনা-অসমীয়া মানুহেও পঢ়ে।

 

যদি অসমীয়া ভাষাই অসমত জাপান বা চীনৰ দৰে গা কৰি উঠে, তেন্তে আমাৰ বাহিৰা জগতখনৰ লগত সম্পৰ্ক কমিব পাৰে নেকি?

► নকমে। কিন্তু তাৰ আগতে ভাষাটো শক্তিশালী হোৱা দৰকাৰ।

ছাৰ, বৰ্তমান সৃষ্টি হোৱা গল্প-উপন্যাসসমূহ ২০ বছৰমান পিছত পঢ়িলে কেনেকুৱা লাগিব পাৰে?

► বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ দৰে সাহিত্যিকসমূহৰ সৃষ্টিৰাজিত এখন সমাজৰ পূৰ্ণ প্ৰতিফলন হৈছিল। কিন্তু আজিৰ তাৰিখত ৰচিত বহু গল্প, উপন্যাস পঢ়িলে ২০-২৫ বছৰ পিছত মানুহে বৰ্তমান চলি থকা হত্যা, হিংসা, ধ্বংসলীলাৰ একো উমঘামেই নাপাব। গতিকে বৰ্তমান অসমীয়া সাহিত্যই যুগৰ প্ৰতিনিধিত্ব কৰা বুলি ক’ব নোৱাৰি। অৰ্থনৈতিক-গোলকীকৰণে মানুহক ইমানেই ব্যক্তিকেন্দ্ৰিক কৰি তুলিছে যে তাৰ প্ৰভাৱ লেখাতো বিৰাজমান।

 

ছাৰ, আপুনিতো নানান বঁটা-বাহন পাইছে। এই বঁটা-বাহনসমূহে সৃষ্টিত বাৰু কেনেধৰণৰ অৰিহণা যোগাইছে?

► মই লিখক, মই লিখোঁ মানুহৰ বাবে। বঁটা-বাহন পালেও লিখিম, নেপালেও লিখিম। দৰচলতে সৃষ্টিশীল মানুহৰ বাবে বঁটা-বাহনে বিশেষ অৰিহণা নোযোগায়। তথাপি সাহিত্য অকাডেমি বঁটা পোৱাৰ পাছত কিছু ভাল লাগিছিল।

 

ছাৰ, সাহিত্য সভাৰ সভাপতি হৈ আপোনাৰ কেনেকুৱা লাগিছিল?

► ভাল লাগিছিল। কাৰণ অসমৰ চৰ-চাপৰিৰ কাহানিও দেখিবলৈ সুযোগ নোপোৱা বহু মানুহৰ লগত আলাপ কৰিছিলোঁ, মানুহৰ লগত সংযোগ বাঢ়িছিল। আচলতে অসম সাহিত্য সভাৰ সভাপতিক মানুহে জাতিৰ প্ৰতীক বুলি ভাবে। মানুহজন যেনেকুৱা, তাতকৈ বহু বেছি সন্মান কৰে।

 

যদি কোনো নতুন লিখকে গৰীয়সীত প্ৰকাশৰ বাবে কোনো গল্প, প্ৰবন্ধ লৈ আহে, আপুনি তেওঁক কেনেদৰে সহায় কৰিব?

► ভাল হ’লে প্ৰকাশ কৰিমেই। আনকি গল্পৰ ক্ষেত্ৰত দুই একোটা ভুল হ’লে শুদ্ধ কৰিও প্ৰকাশ কৰিবলৈ বিচাৰোঁ। কিন্তু কিছুমান ইমান বেয়া হয় যে, প্ৰকাশ কৰাৰ উপায় নাই।

 

আপুনি ছাৰ, ভ্ৰাম্যমান থিয়েটাৰ চায়নে?

► আগতে চাইছিলোঁ, এতিয়া কমিল। ভ্ৰাম্যমান থিয়েটাৰ অসমৰ এটা খুব ডাঙৰ উদ্যোগ। কিন্তু ইয়াক অনুধাবন নকৰি এচাম স্বাৰ্থন্বেষী লোকে অকল যুৱ-প্ৰজন্মকে বাচি লৈ ৰুচিৰ বিকৃতি ঘটাইছে। ভবেন্দ্ৰ নাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ ইত্যাদিৰ পাছত এতিয়া ভাল নাট্যকাৰৰ অভাৱ। অসমৰ এই বৃহৎ সাংস্কৃতিক উদ্যোগটো জীয়াই থাকিবলৈ যদি সকলোৱে অংগীকাৰবদ্ধ নহয়, তেন্তে কিন্তু ইয়াৰো অৱস্থা দিনক দিনে বেয়া হ’ব।

 

হত্যা-হিংসাৰে জৰ্জৰিত এই পৃথিৱীৰ নৱ-প্ৰজন্মক উদ্দেশ্যি আপুনি কি ক?

► নৱ প্ৰজন্মৰ মাজত আদৰ্শৰ প্ৰয়োজন।

 

আপোনাৰ শেহতীয়া পৰিকল্পনা?

► গল্প লিখি আছোঁ আৰু...

 

ছাৰ, আমাৰ কথোপকথন ইমানতে সামৰোঁ। ব্যস্ততাৰ মাজতো আপুনি সময় দিয়াৰ বাবে অশেষ ধন্যবাদ। তেজপুৰ বিশ্ববিদ্যালয়ৰ সমূহ শিক্ষাৰ্থীৰ তৰফৰ পৰা আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

► ধন্যবাদ। তোমালোকৰ লগত কথা পাতিও ভাল লাগিল। তেজপুৰ বিশ্ববিদ্যালয়লৈয়ো মোৰ শুভকামনা থাকিল।

No Comments

Post A Comment