চম্পক শৰ্মাৰ সৈতে এটি সাক্ষাৎকাৰ

বৰ্তমান অসমৰ ভ্ৰাম্যমান নাট্যজগতৰ অভিনেতা, নাট্যকাৰ, পৰিচালক আৰু প্ৰযোজক চম্পক শৰ্মা নাট্যানুৰাগীসকলৰ বাবে এক চিনাকী নাম। ১৯৯১ চনত মুক্তিপ্ৰাপ্ত যাদৱ চন্দ্ৰ দাসৰ ‘প্ৰেম জনমে জনমে’ ছবিৰদ্বাৰা বোলছবি জগততো ভুমুকি মৰা চম্পক শৰ্মাই ‘ৰংমন’ ইত্যাদিকে ধৰি বহুকেইখন ছবিত অভিনয় কৰিছে।

অসমৰ বিভিন্ন ভ্ৰাম্যমান নাট্যদলৰ বাবে দীৰ্ঘদিন ধৰি চম্পক শৰ্মাই ‘মাফিয়া’, ‘গডফাদাৰ’, ‘বমব্লাষ্ট’, ‘নাৰ্চিংহোম’, ‘বদনাম’ ইত্যাদিকে ধৰি বিভিন্ন সামাজিক আৰু বাস্তৱধৰ্মী নাট ৰচনা আৰু পৰিচালনা কৰি আহিছে।

অসমৰ সাংস্কৃতিক জগতৰ এইগৰাকী অক্লান্ত শিল্পীৰ এই আছুতীয়া সাক্ষাৎকাৰটি প্ৰকাশ হৈছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ বছৰেকীয়া আলোচনী ‘সৃজন’ৰ পঞ্চম সংখ্যাত (২০১১-১২ বৰ্ষ)। সাক্ষাৎ গ্ৰহণ কৰিছিল সেই সংখ্যাৰ ‘সৃজন’ৰ এগৰাকী সম্পাদক ভাস্কৰজ্যোতি ভট্টাচাৰ্য্যই আৰু তেওঁক সহায় কৰিছিল কুলদ্বীপ শৰ্মাই

 

নমস্কাৰ। প্ৰথমেই আপোনাৰ অভিনয় জীৱনৰ আৰম্ভণিৰ বিষয়ে কিছু কথা কব নেকি?

► নমস্কাৰ। মোৰ অভিনয় জীৱন শৈষৱতে আৰম্ভ হৈছিল। তেতিয়া মোৰ বয়স সাত বছৰ। মোৰ জন্মস্থান গোলাঘাটৰ উষা চাহ-বাগিছাৰ কাষত এটা নাট্যদল আছিল। এদিন তেওঁলোকক চৰিত্ৰ এটাৰ বাবে সৰু ল’ৰা এজনৰ প্ৰয়োজন হ’ল। তেওঁলোকে আহি মোৰ দেউতাক কথাটো কোৱাত দেউতাইয়ো সন্মতি জনালে। সংলাপবিহীন অভিনয়টোত মই ‘নিচুকনি পুৰস্কাৰ’ এটা পালোঁ। এনেদৰে উৎসাহ পালোঁ। তাৰ পাছৰপৰা অভিনয়ৰ প্ৰতি মোৰ ৰাপ জন্মিল। স্কুলত পঢ়োঁতে, কলেজত পঢ়োঁতে সুবিধা পালেই অভিনয় কৰি গৈছিলোঁ। স্নাতক ডিগ্ৰী লোৱাৰ পাছত মোক ‘হেঙুল থিয়েটাৰ’ৰ প্ৰযোজক প্ৰশান্তদাই (৺ প্ৰশান্ত হাজৰিকা) অভিনয় কৰিবলৈ আমন্ত্ৰণ জনালে। মই আচলতে তেতিয়া ভ্ৰাম্যমান থিয়েটাৰ জগতখন চাম বুলিহে আহিছিলোঁ, এনেদৰে থাকি যাব বুলি ভবা নাছিলোঁ।

 

আপোনাৰ সফলতাৰ আঁৰৰ কিছু কথা কব নেকি?

► আচলতে সফল হৈছোঁ নে নাই নাজানো। কাম কৰি গৈছোঁ। পিছলৈ ঘূৰি চাবলগা হোৱা নাই। মোৰ অভিনয় জীৱনত পৰিয়ালটোৱে বহুত সহায় কৰিছে। আচলতে সাত বছৰ বয়সত বহু পিতৃ-মাতৃয়ে সন্তানক পঢ়া-শুনাৰ স্বাৰ্থত অভিনয় কৰিবলৈ নিদিয়ে। আজি-কালি অৱশ্যে কোনো-কোনোৱে এই ক্ষেত্ৰত সঁহাৰি দিয়ে, কিন্তু আমাৰ দিনত এই চিন্তা দুৰ্লভ আছিল। মোৰ ওপৰত অশেষ বিশ্বাস ৰাখি পিতৃ-মাতৃয়ে মোক এই ক্ষেত্ৰত আগুৱাই দিছিল। বিয়াৰ পাছত মোৰ পৰিবাৰ শিল্পী মিতালী শৰ্মাই মোক বহুত সহায় কৰিছে। যদি ঘৰুৱা দায়িত্ববোৰ মই মূৰ পাতি ল’বলগা হ’লহেঁতেন, তেন্তে নিশ্চয়কৈ মোৰ এইখন জগতত এনেদৰে ভ্ৰমি ফুৰাত বাধা আহিলহেঁতেন। মিতালীয়ে মোক অনবৰতে উৎসাহ দিছে, প্ৰতিখন নাট ৰচনাত সহায় কৰিছে, এয়াই যথেষ্ট। আকৌ ভূপেনদাই কোৱাৰ দৰে ‘মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ, গীতৰ সভাত তুমিয়েতো মোৰ প্ৰধান অলংকাৰ’- মোৰ বাবেও দৰ্শকসকলে দিয়া সঁহাৰিয়েই মোৰ বাটৰ প্ৰধান ইন্ধন।

 

অতীত আৰু বৰ্তমানৰ নাটকসমূহৰ মাজত কিবা পাৰ্থক্য আপুনি দেখিছেনে?

► হয়, বিজ্ঞানৰ প্ৰয়োগে কিছু পাৰ্থক্য আনিছে। গোলকীকৰণৰ ফলস্বৰূপে দৰ্শকৰো চিন্তাৰ আমূল পৰিৱৰ্তন হৈছে। ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰ, মহেন্দ্ৰ বৰঠাকুৰ ছাৰ প্ৰমুখ্যে আগৰ নাট্যকাৰসকলে কাহিনীভিত্তিক স্পষ্ট মধুৰ সংলাপ, পৰিশীলিত অভিনয়কেন্দ্ৰিক নাটকত বেছি গুৰুত্ব দিছিল। কিন্তু আজি তিনি-চাৰি বছৰমানৰ পৰা দেখা গৈছে যে নাট্যকাৰসকলে নাচ-গান আদিত জোৰ দি নাটক ৰচনা কৰিছে, একোখন নাটত প্ৰায়ে চাৰি-পাঁছটাকৈ গান সংযোজিত কৰা দেখা গৈছে। তথাপি যোৱা বছৰৰ পৰা দৰ্শকে আকৌ কাহিনীভিত্তিক খৰতকীয়া নাটককহে অগ্ৰাধিকাৰ দিছে। ই হয়তো এক শুভলক্ষণ।

 

আপোনাৰ বদনাম নাটকখনে বিপুল জনপ্ৰিয়তা লাভ কৰিছে। বদনামত বিভিন্ন কাহিনী জড়িত হৈছে, কিন্তু প্ৰতিটো কাহিনীৰ অন্তৰালত বদনাম লুকাই আছে। একোখন নাটকৰ ৰচনাৰ বাবে আপুনি ক্ষেত্ৰভিত্তিক অধ্যয়নত বেছি গুৰুত্ব দিয়ে নেকি?

► হয় হয়। আচলতে নাট ৰচনা কৰিবলৈ হ’লে নাট্যকাৰজনে নিজে মঞ্চত অভিনয় কৰি সমাজভিত্তিক লেখাত বেছি জোৰ দিব লাগিব। এনেদৰে লিখাৰ আন কাৰণো আছে। আজিকালি দৰ্শকসকল বহু আগবঢ়া। যিমান পাৰে সিমান সোনকালে তেওঁলোকক কাহিনীটো লাগে। একেটা ঘটনাকে যদি দৰ্শকে দুই-আঢ়ৈ ঘণ্টা জুৰি চাবলগীয়া হয়, তেন্তে নিশ্চয় অতীষ্ঠ হ’ব।

 

অভিনেতা হোৱা বাবে আপোনাৰ নাট ৰচনাত সহায় হয় নেকি? বছৰটোৰ বেছিভাগ সময় থিয়েটাৰৰ লগত ব্যস্ত হৈ থাকি আপুনি কেতিয়া নাটক ৰচনা কৰে?

পঠনীয়:  ড° লক্ষ্মীনন্দন বৰাৰ সৈতে এটি সাক্ষাৎকাৰ

► গোটেই নোহোৱা বুলি ক’ব নোৱাৰি। কাৰণ নাটকখন লিখাৰ সময়ত মই যিহেতু মঞ্চত অভিনয় কৰি কৰি লিখোঁ, গতিকে এইটো সহায় হয় মোৰ বাবে। মই বেয়া পোৱা অভিনয়তো আনৰ বাবেও বেয়া হ’ব। এনেকুৱা ক্ষেত্ৰত কাহিনীটো অলপ অদল-বদল কৰি দিয়া হয়, যাতে অভিনয়ৰ ক্ষেত্ৰত প্ৰত্যেকৰে ভাল হয়।

মোৰ নাটকসমূহৰ মূল কাহিনীভাগ অ’ত-ত’ত ঘূৰি ফুৰোঁতে ভিন্ন সমাজৰ মানুহৰ ধৰণ-কৰণ দেখি বনাই থওঁ। অৱশ্যে জুলাইৰ পৰা এপ্ৰিললৈ মঞ্চত কৰিব পৰাকৈ নাটক লিখাৰ সময় নহয়। কিন্তু এপ্ৰিলৰ পাছত যি দুমাহমান বন্ধ পাওঁ তেতিয়াই এই আগতে ভাবি, লিখি থৈ দিয়া কাহিনীখিনি জোৰা লগাওঁ।

 

বালি, চাবুকৰ দাক, লালবস্তি ইত্যাদি নাটকত আপোনাৰ মানৱদৰদী ব্যক্তিত্ব স্পষ্ট হৈ পৰে। বৰ্তমান ভ্ৰষ্টাচাৰবোৰ দেখি দেখি আপুনি ৰাজনীতিত নমাৰ কথা ভবা নাইনে?

► অকল মানৱদৰদী হ’লেই ৰাজনীতিক হ’ব নোৱাৰি। তাৰ বাবে সহনশীলতা গুণ থাকিব লাগিব। নহ’লে কোনোবাই অকণমান বেয়াকৈ ক’লেই বেয়া লাগিব। মোৰ সহনশীলতা গুণৰ অভাৱ আছে। এই বছৰো এটা ৰাষ্ট্ৰীয় পৰ্য্যয়ৰ দলৰ পৰা মোক ৰাজনীতিত নমোৱাৰ প্ৰস্তাৱ আহিছিল। কিন্তু এইবাৰলৈ নাকচ কৰিছো।

 

ভ্ৰাম্যমানৰ নাটকসমূহক নৃত্য-গীতৰ প্ৰয়োভৰে কিমান জনপ্ৰিয় কৰি তুলিব বুলি আপুনি ভাবে?

► আচলতে নাটকসমূহত নৃত্য-গীত এইবোৰ একো একোটা ৰং। যদি ৰং বেছি হয়, তেন্তে নিশ্চয় ভাল নালাগে। তথাপি নাটকখনক যিখিনি ৰং লাগে, সেইখিনিতো দিবই লাগিব।

 

বৰ্তমানৰ ভ্ৰাম্যমানৰ দৰ্শকসকলে একোখন নাটকৰ পৰা কি বিচাৰে বুলি আপুনি ভাবে?

► ভাল কাহিনী, সংলাপ, অভিনয় ইত্যাদিতো লাগিবই। লগতে কাহিনীভাগ আগুৱাই লৈ যাবলে’ টেকন’লজিও উন্নত হ’ব লাগিব।

 

বৰ্তমান সময়ত বহু অভিনেতা, অভিনেত্ৰী ভ্ৰাম্যমানলৈ আকৃষ্ট হৈছে। এজন প্ৰযোজক হিচাপে তাৰ কাৰণ আপুনি কি বুলি ভাবে?

► ভ্ৰাম্যমান থিয়েটাৰে বৰ্তমান উন্নত পৰ্যায় পাইছে। শিক্ষিত যুৱক-যুৱতীৰ সংখ্যাও দিনক-দিনে বাঢ়ি যোৱাত নিবনুৱা সমস্যা বাঢ়িছে। এনেস্থলত এখন ভ্ৰাম্যমান থিয়েটাৰে অতি কমেও ১০০জন মানুহক কৰ্মসংস্থান দিছে; অৰ্থাৎ বহুতো পৰিয়ালক ভৱিষ্যতৰ বাট মোকলাই দিছে।

 

ভাল অভিনয়ৰ বাবে আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন আছেনে?

► যিকোনো সৃষ্টিশীল কাম কৰিবলৈ একান্তই হৃদয়ৰপৰা প্ৰেৰণা লাগিব। গতিকে ভাল অভিনেতা হ’বলৈ হ’লে হৃদয়ৰ তাগিদা লাগিব, অৱশ্যে প্ৰথম অৱস্থাত পথপদৰ্শকৰ প্ৰয়োজন আছে। ভাল অভিনয়ৰ বাবে ষ্টেজত ভালদৰে থিয় হ’ব জানিব লাগিব, কণ্ঠ ভাল হ’ব লাগিব ইত্যাদি ইত্যাদি। গতিকে কেনেকুৱা ব্যায়াম কৰিলে কণ্ঠ ভাল হ’ব, এইবোৰহে আনুষ্ঠানিক শিক্ষাই শিকাব পাৰে।

 

বৰ্তমান অসমত অভিনয়ক পেচা হিচাপে লব পৰা পৰিৱেশ সৃষ্টি হোৱা বুলি আপুনি ভাবেনে?

► আজি চাৰি-পাঁছ বছৰমানৰপৰা এনেকুৱা পৰিৱেশ হোৱা যেন লাগে।

 

ভ্ৰাম্যমান থিয়েটাৰ আৰু চৰকাৰৰ মাজৰ সম্পৰ্কটো অলপমান কওকচোন।

► যদিওবা ভ্ৰাম্যমান থিয়েটাৰ অসমৰ এটা খুব ডাঙৰ উদ্যোগ তথাপিও চৰকাৰে এই উদ্যোগটোক জীয়াই ৰখাৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই। অৱশ্যে এটা সহায় কৰিছে- আমি নাটক কৰিবলৈ ঠাই বিচাৰিলে উপায়ুক্তই অনুমতি দিছে।

 

চলচ্চিত্ৰৰ এজন অভিনেতা হিচাপে আপুনি অসমীয়া চলচ্চিত্ৰৰ ভৱিষ্যৎ কেনেকুৱা দেখিছে?

► ভৱিষ্যৎ ভাল হ’ব যদিহে অসমীয়া চিনেমাবোৰ দৰ্শকৰ অধিক ওচৰ চপাই নিব পৰা যায়। আজি অসমত চিনেমা হল নাই, মুষ্টিমেয় কেইখনমান জিলাক বাদ দি অসমতে অসমীয়া ভাষা নচলে। কিন্তু তাতকৈ দুখৰ কথা আৰু কি আছে! অসমীয়াই নিজক চিনিলেহে চিনেমাৰ ভৱিষ্যৎ ভাল হ’ব।

 

আৰু ভ্ৰাম্যমান থিয়েটাৰৰ ভৱিষ্যৎ?

► ভালদৰে গমি চালে ভ্ৰাম্যমানৰো ভৱিষ্যৎ ভাল যেন নালাগে। চোৱাঁ, আজি ভ্ৰাম্যমানে দুটা কাৰণতে মুখ কোঁচাবলগা হৈছে। এফালে ভাল নাট্যকাৰ আৰু আনফালে ভাল শিল্পীৰ অভাৱ। এটা বছৰত দুটা নাট্যদল জন্মাৰ বিপৰীতে পাঁছটা মৰে, এয়াটো আমি দেখিয়েই আছোঁ। কিন্তু এটা কথা ঠিক যে ভ্ৰাম্যমানৰ ভৱিষ্যৎ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত চৰকাৰৰ কৰণীয় বহুখিনি আছে।

 

শংকৰদেৱৰ নাট ৫০০ বছৰ পিছতো চৰ্চাৰ বিষয় হৈ আছে। বৰ্তমান নটকৰ ক্ষেত্ৰত তেনে সম্ভাৱনা আছেনে?

পঠনীয়:  ড° ৰীতা চৌধুৰীৰ সৈতে এটি সাক্ষাৎকাৰ

► নিশ্চয় আছে। কিন্তু নাটকসমূহ কেনেদৰে সংৰক্ষিত হৈছে সেয়াহে ডাঙৰ কথা। যদি কোনো অনুষ্ঠান বা বিশ্ববিদ্যালয়ে আজিৰ তাৰিখতো যিবোৰ নাটক চলি আছে, সেইবোৰৰ মাজৰ পৰা বাচি বাচি ভালবোৰৰ পাণ্ডুলিপি বা কেছেট কৰি সংৰক্ষিত কৰিলেহেঁতেন, তেন্তে নিশ্চয়কৈ আক্ষেপৰ কথা নাথাকিলহেঁতেন। কিন্তু এয়াতো হোৱা নাই। আজি মঞ্চায়িত হোৱা নাটকবোৰ ১০ বছৰ মানৰ পিছতে হেৰাই গৈছে; তেন্তে তাৰ গৱেষণা হ’ব কেনেকৈ? গতিকে প্ৰথমে সৃষ্টিৰাজি সংৰক্ষণ কৰাটোহে ডাঙৰ কথা। সংৰক্ষণ কৰিব পাৰিলে গৱেষণা পিছতো কৰিব পৰা যাব।

 

বৰ্তমান অসমত কবি, গল্পকাৰ আৰু ঔপন্যাসিকতকৈ তুলনামূলকভাৱে নাট্যকাৰৰ সংখ্যা কম। ইয়াৰ কাৰণ কি হব পাৰে?

► যিকোনো কলা-সৃষ্টি গ্ৰহণকাৰীৰ ওচৰ পাবগৈ লাগিব। সেই গ্ৰহণকাৰী হ’ল পঢ়ুৱৈ বা দৰ্শক। এটা গল্প বা এটা কবিতা ৰচনা কৰাৰ পিছত প্ৰকাশ পালে, পঢ়ুৱৈয়ে পঢ়িলে। পঢ়ুৱৈ পোৱা মানেই কবি, গল্পকাৰ বা ঔপন্যাসিকজনৰ প্ৰচেষ্টা সফল হ’ল। কিন্তু নাট্যকাৰৰ ক্ষেত্ৰত সম্পূৰ্ণ বেলেগ। নাটকৰ ক্ষেত্ৰত গ্ৰহণকাৰী হ’ল দৰ্শক। এই যে নাটক লিখাৰ পিছত মঞ্চায়নৰ মাজেৰেহে গৈ দৰ্শকৰ ওচৰ পায়গৈ, ই এক জটিল প্ৰক্ৰিয়া। নাটক লিখি উঠাৰ পিছত প্ৰযোজক লাগিল, শিল্পীদল লাগিল, পৰিচালক, মঞ্চ ইত্যাদিও লাগিল। এইবোৰ যোগাৰ হোৱাৰ পিছতহে নাট্যকাৰৰ চেষ্টাই যথাৰ্থ ৰূপ পালে। ই এক জটিল আৰু যথেষ্ট ব্যয়বহুল প্ৰক্ৰিয়া আৰু সম্পূৰ্ণ পৰনিৰ্ভৰশীল। নতুন নাট্যকাৰ এজনক পৰিচালকে সততে বিশ্বাসত নোলোৱাৰ ফলশ্ৰুতিতে নাট্যকাৰৰ সংখ্যাও কমা বুলি ক’লে ভুল নহয়।

 

অসমৰ চুবুৰীয়া মণিপুৰ ৰাজ্যৰ নাট্যকাৰ পৰিচালকে (কানাইলাল আৰু ৰতন থিয়ামৰ দৰে) আন্তৰ্জাতিক স্বীকৃতি লাভ কৰিছে। অসমীয়া নাটকে কেতিয়াবা তেনে পৰ্যায় পাব বুলি আমি আশা কৰিব পাৰোঁনে?

► নিশ্চয় পাৰোঁ। কানাইলাল বা ৰতন থিয়ামে মণিপুৰবাসীৰ পৰা পোৱা সহায় অসমৰ নাট্যকাৰে অসমীয়াৰ পৰা পোৱা সহায়ৰ লগত তুলনা কৰিব নোৱাৰি। আজি চোৱাঁ, শংকৰদেৱক আন্তৰ্জাতিক স্বীকৃতি দিব লাগে বুলি সকলোৱেই চিঞৰিছে। কিন্তু কোনে কেনেভাৱে নিব, সেই পদটোহে শূণ্য।

 

ভ্ৰাম্যমানৰ অস্তিত্ব স্থায়ী কৰিবলৈ আপুনি কিহত জোৰ দিয়া উচিত বুলি ভাবে?

► প্ৰথমতে script ৰ quality আৰু অভিনেতা-অভিনেত্ৰীৰ দক্ষতা থাকিব লাগিব। দ্বিতীয়তে চৰকাৰী সহায় লাগিব। প্ৰত্যেকেই জনা উচিত যে ভ্ৰাম্যমান থিয়েটাৰৰ দৰে ইমান উন্নত ভ্ৰাম্যমান সাংস্কৃতিক গোষ্ঠী পৃথিৱীৰ আৰু ক’তো নাই। ই আচলতে অসমৰ এশিঙীয়া গড়ৰ দৰে।

 

গ্লেমাৰভিত্তিক নাট ৰচনাই অন্য অভিনেতা-অভিনেত্ৰীসকলৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পেলাব পাৰে নেকি?

► বিশেষ নেপেলায়। আমাৰ অসমৰ অভিনয়-জগতত গ্লেমাৰৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা। গ্লেমাৰ তেতিয়াহে হ’ব, যেতিয়া সকলোৱে এজনক ভাল পাব। আজি যতীন বৰাৰ গ্লেমাৰ আছে। আচলতে যতীন নতুনসকলৰ বাবে আদৰ্শ। এইটো কথা ঠিক যে নাট্যকাৰে নাট ৰচনাত গ্লেমাৰক অগ্ৰাধিকাৰ দিবই। তথাপি অন্যসকলেও সুবিধা পাব। ভাল অভিনয় দেখুৱাবৰ বাবে অকণমান সময়েই যথেষ্ট। এইখিনি সময়তেই যদি আনজনেও নিজকে গ্লেমাৰাচ অভিনেতাজনৰ লগত তুলনা কৰে, তেতিয়াহে তেওঁৰ অভিনয়ৰ মানদণ্ড উন্নত হ’ব।

 

নাট্য বিদ্যালয়, নাট কৰ্মশালাৰ যোগেদি নাট্যকাৰ সৃষ্টি কৰা সম্ভৱ বুলি আপুনি ভাবেনে?

► কৰ্মশালাবিলাকে এইক্ষেত্ৰত অনুঘটকৰ দৰেহে কাম কৰে। কিন্তু নাট্যকাৰ নিজ সৃষ্টিশীল প্ৰতিভাৰ দ্বাৰাহে গঢ় লৈ উঠে।

 

হত্যা-হিংসাৰে জৰ্জৰিত এই পৃথিৱীৰ নৱ-প্ৰজন্মৰ উদ্দেশ্যে আপুনি কিবা মেচেজ দিব নেকি?

► নাটকবোৰততো ‘মেচেজ’ দিয়েই থাকোঁ। এইবাৰ ‘বদনাম’ত কৈছোঁ- “আইনে ঢুকি নোপোৱা অপৰাধীসকলক নিঃশেষ কৰাৰ বাবে ৰাইজ একগোট হোৱাৰ সময়।” নৱ-প্ৰজন্ময়ো অকল ফলাফলৰ ওপৰত গৰুত্ব নিদি নিজৰ লগতে সমাজৰ কামতো মনোনিৱেশ কৰা দৰকাৰ। তেতিয়াহে এই ভাগি যোৱা সমাজখনৰ উন্নতি হ’ব।

 

আপোনাৰ শেহতীয়া পৰিকল্পনা?

► অহা বছৰ দুখন নাটক লিখিম। নাম দুটা ভাবি থৈছোঁ, ‘বুকু হম হম কৰে’ আৰু ‘কলংক’।

 

তেতিয়াহলে আমাৰ কথোপকথন ইমানতে সামৰোঁ। থিয়েটাৰৰ ব্যস্ততাৰ মাজতো আপুনি ইমানখিনি সময় দিয়া বাবে অশেষ ধন্যবাদ।

► ধন্যবাদ। তেজপুৰ বিশ্ববিদ্যালয়লৈয়ো মোৰ শুভকমনা থাকিল।

No Comments

Post A Comment