তিনিটা কুকুৰৰ কাহিনী

মোৰ কাষৰ ছীটটোত এজন অৰুণাচলী যুৱক৷ অলপ উগ্ৰ, কিন্তু ভদ্ৰ যেন লাগিল৷ এষাৰ-দুষাৰ কথা পাতি মই লগে লগেই টোপনি গ’লোঁ; দিনটোৰ ভাগৰ, ভন্তীৰ লগত বহুত ঘূৰিলোঁ৷ নিশা সকলোৱে ভাত খাবলৈ গাড়ীখন ৰখাওতে সাৰ পালোঁ৷

বাছখন পুনৰ চলাৰ পিছত গম পালোঁ যে মোৰ আৰু টোপনি নধৰে৷ সেয়েহে ম’বাইলটোকে উলিয়াই ল’লোঁ৷ ল’ৰাজনে তেওঁ খাই থকা কিবা বাদাম এবিধ মোৰ পিনে আগবঢ়াই দি মোকো খাবলৈ অনুৰোধ কৰিলে৷ আৰু দেখিলোঁ তেওঁ লেপটপটো উলিয়াই লৈছে৷

ল’ৰাজনে লেপটপত এখন চিনেমা লগাই ল’লে৷ মাজে মাজে মোৰ চকু গ’ল৷ দৃশ্যবোৰ দেখি এনে লাগিল যেন গোটেই চিনেমাখন এটা কুকুৰৰ কাহিনী৷ সমান্তৰালভাবে চলি গৈছে মানুহৰ জীৱন সংঘাত৷ এটা দৃশ্যত, কোনোবা এজনে নিশা লোকৰ ঘৰ এটা জ্বালাই থৈ গুচি গ’ল; কুকুৰটোৱে বিপদৰ গোন্ধ পাই বাহিৰলৈ উঠি আহিল; আৰু কিছু উমান লৈ শত্ৰুৰ গাত জপিয়াই পৰিল; কিন্তু জুই বেছিকৈ জ্বলি উঠা বাবে কুকুৰটোৱে পুনৰ ভিতৰলৈ দৌৰি গৈ ঘৰৰ মানুহক জগাই প্ৰাণ বচালে; কিন্তু ওপৰৰ পৰা জপিয়াব লগা হোৱাত ঘৰৰ ল’ৰাটোৰ ভৰি এখন ভাগি গ’ল৷

জীৱ-জন্তুৰ কাহিনীবিলাক বহুত ভাল পাওঁ – ব্যতিক্ৰমী চিনেমাবোৰ; এনিমেছন ছবিবোৰ; আৰু বিশেষকৈ জীৱ-জন্তুৰ সঁচা কাহিনীবিলাক যিবোৰৰ পৰা মানুহে দাৰ্শনিক আৰু সৃষ্টিশীল জ্ঞান আহৰণ কৰে৷ কিন্তু চিনেমাখনৰ দৃশ্যকেইটামান দেখি আমাৰ ঘৰত হোৱা এটা ডকাইতি ঘটনাৰ কথা হঠাৎ আকৌ মনত পৰি গ’ল৷ তিনিদিনমান আগতে ইনষ্টাগ্ৰামত এখন ফটো দেখিছিলোঁ – এটা ধুনীয়া পুখুৰীৰ পাৰত এজোপা ডাঙৰ ধুনীয়া গছ; গছজোপাৰ তলতে দুটা পকাণ্ড কুকুৰ; এটা কুকুৰৰ ডিঙিতে হাতখন থৈ ঠিয় হৈ আছে এজনী অকণমানি ছোৱালী; আৰু তিনিওৱে একেলগে একেটা দিশে চাই আছে৷ কেতিয়াবা একোটা সৰু দৃশ্যতে বিশাল সৌন্দৰ্য আৰু গভীৰ প্ৰশান্তি নিহিত হৈ থাকে৷ সেইটোও তেনে এটা দৃশ্য৷ কিন্তু, জীৱন সদায় ইমান সুন্দৰ নহয়, আৰু কেতিয়াবা আটাইতকৈ প্ৰয়োজনীয় অন্তিম মুহূৰ্তত কাষত থকা অন্তিম সম্বলটোৱো আঁতৰি গুচি যায় বা হেৰাই গুচি যায়৷ সেই ফটোখনে বাৰে বাৰে মোক ডকাইতি ঘটনাটো মনত পেলাই আছিল৷

আমাৰ ঘৰত তিনিটা কুকুৰ আছিল৷ কুকুৰকেইটাই নিজে নিজে আহি ঘৰ লৈছিল৷ স্কুলত পঢ়ি আছোঁ তেতিয়া৷ ঘৰ মাজুলীৰ চাপৰিত৷ কুকুৰ মানে বজাৰত কিনিবলৈ পোৱা তীক্ষ্ণ কুকুৰবোৰ নহয়, গাৱলীয়া কুকুৰ (নতুবা ক’ব পাৰি – ফুটপাথৰ কুকুৰ)৷ কিন্তু একে স্থানতে থাকি থাকি সিহঁত ঘৰৰ নিচিনা হৈ পৰিছিল বাবে যথেষ্ঠ সক্ৰিয় হৈ পৰিছিল৷ সিহঁত একেৰাহে আমাৰ ঘৰতে থাকে, বেছি সময়ৰ বাবে ক’লৈকো নাযায়৷ বাৰীত কিবা সোমালেও, বা কোনোবা মানুহ আহিলেও সিহঁতৰ ভুকভুকনিৰ পৰাই গম পোৱা যায়৷

পঠনীয়:  অনলাইন জগতত অসমীয়াই কৰিবলগীয়া কেইটামান কাম

তেতিয়া আছিল অগপৰ শাসন৷ কৰ্মচাৰীয়ে কেইবামাহো দৰমহা নাপোৱাকৈ থাকে৷ সেইবাৰ দেউতাই তিনিমাহৰ দৰমহা আনিছিল, ৬ জন শিক্ষক আৰু এজন চকিদাৰৰ৷ সেই সমুদায় ধন, ঘৰৰ সাঁচতীয়া ধন আৰু আ-অলংকাৰ সকলো কাঢ়ি লৈ গৈছিল৷

পূৰ্বতে আনক বহু পইছা-পাটি এনেই দি সহায়-সহযোগ কৰিব লগা হৈছিল; ইাফালে চাপৰিত প্ৰায় সকলো কিনা; আৰু এসাজৰ বাবেও পথাৰত ধান নথকা মধ্যবিত্ত পৰিয়ালৰ বাবে সেয়া মূৰত সৰগ ভাগি পৰা দৰে হৈছিল৷

সেইদিনা নিশা ঘৰৰ বাহিৰে-ভিতৰে বহুকেইটা অস্ত্ৰধাৰীয়ে দপদপাই থাকোঁতেও কুকুৰকেইটাৰ একোৱেই গমগতি নাছিল৷ পিছদিনা ৰাতিপুৱাও কুকুৰকেইটাৰ দেখাদেখিয়েই নাছিল৷ পুৱা অলপ দেৰিকৈ…., পৰাজিত লাঞ্চিত সৈনিকৰ দৰে একো মাত নমতাকৈ তিনিওটা কুকুৰ ক’ৰবাৰ পৰা উভটি আহিছিল৷ সিহঁতক হয়তো বেজী দিয়া হৈছিল বা কিবা খুৱাই দিছিল৷ পিছদিনাও যেন সিহঁত নিচাগ্ৰস্ত হৈয়ে আছিল৷

 

যি কি নহওক, মূৰত সৰগ ভাগি পৰিলেও মানুহে নিজহাতে সৰগ ৰচিবলৈ চেষ্টা কৰিব লাগে৷

 

সহযাত্ৰীজনে চিনেমাখন চাই শেষ কৰাৰ পিছত মই নামটো সুধিলোঁ৷ তেওঁ ক’লে – “A Dog’s Purpose”৷

 

ৱিকিত চালোঁ, এইবছৰৰ চিনেমা, ভাল চলিছে৷ এখন ভাল চিনেমাই হ’ব৷ চাব লাগিব….৷

 

Image courtesy : olga.shuster

No Comments

Post A Comment