ভাৰতত গৱেষকৰ সংখ্যা কিমান

২০০২ চনত প্ৰতি নিযুত জনতাৰ বিপৰীতে ভাৰতত গৱেষকৰ সংখ্যা আছিল ১১২ জন; আনহাতে চীনৰ এই সংখ্যা আছিল ৬৩৩ জন আৰু আমেৰিকাৰ আছিল ৪৩৭৪ জন৷ এই তথ্য ৰাষ্ট্ৰীয় জ্ঞান আয়োগ (National Knowledge Commission) ৰ৷ (http://knowledgecommission.gov.in/downloads/recommendations/NoteMoreQualityPhD.pdf ৷) শেহতীয়া আন এক তথ্য অনুসৰি, প্ৰতি নিযুত লোকৰ বিপৰীতে ভাৰতত এই সংখ্যা হৈছেগৈ ১৩৭ জন, আনহাতে, চীন আৰু আমেৰিকাত হৈছেগৈ ক্ৰমে ১০৭১ জন আৰু ৪৬৬৩ জন৷ তাৰোপৰি, দক্ষীণ আফ্ৰিকাত এই সংখ্যা ৩৯৩ জন। সন্ত্ৰাসবাদেৰে জৰ্জৰিত যেন লগা পাকিস্তানতে এই সংখ্যা হ’ল ১৫২ জন৷ অৱশ্যে দাঁতিকাষৰীয়া শ্ৰীলংকা আৰু নেপালত ক্ৰমে ৯৩ জন আৰু ৫৯ জন৷ ইয়াৰ বিপৰীতে নৰৱে, জাপান, ছিংগাপুৰ আদিত ক্ৰমে ৫৪৬৮ জন, ৫৫৭৩ জন, ৬০৮৮ জন ইত্যাদি…৷ কাষৰ ফটোখনত (মেপখনত) কম সংখ্যৰ গৱেষক থকা হিচাপত আমাৰ ভাৰতবৰ্ষ বগা ৰঙেৰে জিলিকি আছে৷(ফটো উৎস – Chartsbin.com)। আনকি কম্পিউটাৰ বিজ্ঞানতো ভাৰতীয় গৱেষকৰ সংখ্যা সীমিত হৈয়ে আছো। কম্পিউটাৰ বিজ্ঞানত PhD ডিগ্ৰী লোৱা ছাত্ৰ-ছাত্ৰী ভাৰতত বৰ্তমান প্ৰতিবছৰে এশ মান হোৱাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনত এই সংখ্যা দুহেজাৰৰ ওচৰা-ওচৰি হ’ব। Microsoft Research য়ে প্ৰতি বছৰে ভাৰতত অনুষ্ঠিত কৰা TechVista শীৰ্ষক অনুষ্ঠানটিত Microsoft Research ৰ Senior Vice President, Richard F Rashid য়ে এবাৰ এই সম্পৰ্কীয় কিছু তথ্য উল্লেখ কৰিছিল। কম্পিউটাৰ বিজ্ঞানত PhD ডিগ্ৰী লোৱা ছাত্ৰ-ছাত্ৰী ভাৰতত ২০০৫ চনত ৩৫ জন আছিল। বৰ্তমান এই সংখ্যা সেই সামান্য বৃদ্ধি হৈছে যদিও আমেৰিকা আদি দেশতকৈ ই বহু দূৰ পিছ পৰি আছে।

Number-of-PhD-Scholar-in-India

No Comments

Post A Comment