লুণ্ঠনৰ শেষৰ এটা দুপৰীয়া

মাকে হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে— “অ’ পুতলী, মই কাহানিও ভবা নাছিলোঁ। তয়ে কচোন, কেনেকৈ ভাবিব পাৰোঁ— সিও তেনেকুৱা কৰিব পাৰে বুলি! জুহালৰ আগৰ কঁৰীয়াটোত থকা টকা-পইছাকেইটাও সি এৰি থৈ নগ’ল। হেৰৌ, তেওজ-বেলি চোৰ সোমাওঁতে সিহঁতেও সেইটো সেইভাগেই এৰি থৈ গৈছিল। শাহু-মায়ে দিয়া মোৰ দুগদুগীডালৰ বৰ-মণিটো— তাকেতো এৰি থৈ যা। সেইটোও এৰি থৈ যাবলৈ তোৰ সত নগ’ল নে?”

—“হোৱাখিনি হৈ গ’ল; দুখ নকৰিবি কণমাই। তই কিবা, সেইখিনি আকৌ গোটাব নোৱাৰিবিনে? তোৰ ছাগলীকেইটা, ধাননিডৰা কোনে মাৰিব পাৰে? তোৰ কৰ্মী মানুহটোক কোনে বাধা দিব পাৰে? সি সব লুটি নিলেও তোৰ মনোবলটো লুটিব পাৰিব জানো কোনোবাই? তই এদিন ইয়াৰ দুগুণ ঘটিব পাৰিবি।”

পুতলীৰ কথাখিনি শুনি কণমাইৰ মনত পুতেকটোৰ প্ৰতি ঘিণা তীব্ৰতৰ হৈ পৰিল— “ওলাই গৈছ যা, ঘৰখন কিয় লুটি লৈ গৈছ! বৰ-পুতেৰটো হৈ তই তাকেই বিবেচনা কৰিলি? আমাক বেয়া পাইছ— তই ওলাই গৈছ; গৈছ যা— নিজে ভাল হৈ ওলাই যা; আমাক দেখুৱা— তই ভাল বুলি। তেতিয়াহে আমি বুজিম। চাই থাক পুতলী, এদিন তই মোৰ ঘোৰ শত্ৰু হ’লেও মোক নাহাঁহিবি কিন্তু। সি মোৰ ল’ৰা হৈ থকা নাই; তাৰ জন্ম আজিৰ পৰা পঁচিশ বছৰৰ আগতে হোৱা নাছিল, তাৰ জন্ম কালি হৈছে। সি কি কৰিবগৈ পাৰিব মই জানো— পিছফালৰ পৰা কাৰোবাৰ জেপ কাটিব লাগিব সি, নহ’লে দুই-এটাক কাটি-মাৰি দখলদাৰ হৈ লোকৰ খাই জীয়াই থাকিব সি।”

“বাদ দে অ’, তেনেকৈ নক’বি।” — পুতলীয়ে ক’লে — “তই আশীৰ্বাদ দে এতিয়া তাক। সেইখিনি বেচি-কুচি মূলধন কৰি সি কিবা এটা আৰম্ভ কৰিব পাৰে যদি কৰক। মোৰ মনে কয়— তই ঈশ্বৰৰ ওচৰত কেতিয়াও ভুল কৰা নাই; সি এদিন তোৰ কাষলৈ ঘূৰি আহিব।”

কণমাইৰ কান্দোন ইতিমধ্যে মাৰ গৈছিল যদিও খং মাৰ যোৱা নাছিল। তথাপি তাই আৰু একো নক’লে। আনে যাতে তাইক বুজাই বৰাই থাকিব লগা নহয়, তাৰ প্ৰতি তাই সচেতন হৈ পৰিল। তামোল খাই খাই ক’লা কৰি পেলোৱা আৰু কেতিয়াও দাঁতন লগাই নোপোৱা গোটেই দাঁতকেইটা উলিয়াইয়ো তাই হাঁহিব জানে; টিকা ফটা ৰ’দতো খেতি-পথাৰত লাগি লাগি পুৰি পেলোৱা গাৰ ছালখনেৰেও তাই নিজক সুখী বুলি অনুভৱ কৰে; আজি পোৰা হৃদয়খন লৈয়ো তাই সুখ-সমৃদ্ধি আৰ্জিব পাৰিব।

 

এঘাৰ দিনৰ পাছত পুৱাবেলাতে কণমাইৰ বৰপুতেক বলিন ঘৰলৈ উভটি আহিল। সি পদূলি-মুখ পাওঁতেই ঘৰৰ আৰু চুবুৰিৰ ইটোৱে-সিটোৱে তাক দেখা পালে। মুখত তাৰ থেঁতেলা খোৱা আঘাতৰ চিন। তাক ক্লান্ত দেখা গৈছে, অৱশ্যে সুঠাম দেহাটোৱে এতিয়াও যিকোনো মুহূৰ্ততে সি যে হিংস বা উদ্যমী হৈ উঠিব পাৰে তাৰ ইংগিত স্পষ্টকৈ দি আছে। তাৰ মুখত আৰু কিছুমান ভাৱ পৰিস্ফুট হৈছে, কিন্তু সেইবোৰ অনুশোচনা নে কূৰ্চুট-কপট সেইয়া কোনেও বুজিব পৰা হোৱা নাই; গাত দাৰ ঘাপ পৰা বাঘৰ দৰে তাৰ চকুত এনে ভাব প্ৰকাশ হৈ আছে যে তাৰ সন্মুখত আৰু চাৰিওফালে অকস্মাতে ঘটিব পৰা যিকোনো আক্ৰমণৰ সম্ভেদ আগতীয়াকৈ পাবলৈ সি অন্বেষণ কৰি আছে আৰু সেইবোৰক প্ৰত্যাহ্বান জনাবলৈ সি মানসিকভাবে সাজু হৈছে...। তাক দেখিয়েই ভণীয়েকে আনন্দত ক’ব নোৱাৰা হৈ টেটুফালি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। তাইৰ কান্দোন সহিব নোৱাৰি মাকেও কান্দিবলৈ আৰম্ভ কৰিলে। দেউতাকে খং কৰিবনে দুখ কৰিব একো ঠিক কৰিব নোৱাৰি ঠাইতে থিয়দঙা দি থাকিল। বাকী ভায়েক দুটাও থকা ঠাইতে বহি ৰ’ল। চুবুৰিয়াৰ কোনোবাই এখোজ-দুখোজকৈ আৰু কোনোবাই দৌৰ মাৰি আহি সিহঁতৰ চোতাল পালেহি। বলিনো চোতাল পাই মাটিতে বহি তলমূৰ কৰি থাকিল। মানুহৰ ভিৰ চোতালত বাঢ়ি গ’ল। কোনোবা এজনে পৰিস্থিতিটো আঁত ধৰিবলৈ হঠাতে যেন নিচিনাকৈ চিঞৰি উঠিল— “সবেই এনেকৈ অকল থিয়দঙা দি আছ কিয়? সিতো ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিল। ঐ উঠ উঠ, তই এনেকৈ বহি থাকিব নালাগে” — তেওঁ বলিনক বাহুত ধৰি থিয় কৰাই দিলে। পৰিস্থিতিৰ আঁত বিচাৰি নোপোৱা সকলোৱেই এইডাল আঁতকে ধৰি হৰ্ষোল্লাস কৰি উঠিল।

পঠনীয়:  কমল শইকীয়াৰ দুৰ্ঘটনাটো

খবৰটো ইতিমধ্যে গোটেই অঞ্চলটোত ৰাষ্ট্ৰ হৈ গ’ল। “এঘাৰ দিনৰ পাছতো সি ঘৰলৈ ঘূৰি আহিল যে!” প্ৰত্যেকেই খবৰ ল’বলৈ কণমাইহঁতৰ ঘৰলৈ বাট ল’লে। কোনোবা আহি থাকিল, কোনোবা গৈ থাকিল। বলিনে বাৰাণ্ডাৰ খুঁটা এটাত ভেজা দি ঢাৰি এখনতে বহি থাকিল, সি তাতে বহি থকাটো কৰ্তব্য বুলি ভাবিলে, কাৰণ সবেই তাৰ কাৰণেই খবৰ ল’বলৈ আহি আছে। খবৰ লোৱা মানে— সকলো আহিছে, বলিনক “আহিলি” বা সৰুবোৰে “আহিলে” বুলি মাত এষাৰ মাতিছে, ঘৰখনৰ বাকী মানুহবোৰক কোনোবাই কৈছে— “এতিয়া আৰু দুখ নকৰিবি”, দুই এজনে বলিনৰ কাষতে বহিছে আৰু সৰু সৰুকৈ অকণমান সময় কথা পাতিছে, ডাঙৰকৈ ক’বলৈ সি লাজ পাব বুলি কোনোবাই কাষৰ পৰাই ইংগিতেৰে কিবা এটা জানিব বিচাৰিছে, তাৰে কোনোবাই উঠি গৈ মাক বা দেউতাকক কিবা বুজাইছে..., পৰিবেশটো তৎপৰতাপূৰ্ণ আৰু আনন্দমুখৰেই হৈ পৰিছে; কিন্তু তথাপি কিছুমান কৌতুহলে মানুহবোৰৰ মনত দোলা দি আছে।

***

—“সি বস্তুবোৰ শেষ কৰি আহিছে।”

—“হ’ব দে। মানুহটো যে ঘূৰি আহিছে। বস্তুবোৰনো কি?”

***

—“কিয় বা ঘূৰি আহিল!”

—“তাকেহে। ক’ত বা কেনেকৈ আছিল ইমান দিন? সি ধেমালিয়েই কৰিছিল বা?”

***

—“সি থেঁতেলা খালে কেনেকৈ?”

—“বাদ দে অ’ কণমাই। মানুহটো আহিল নহয়। সুখেৰে থাকচোন এতিয়া।”

—“নহয় অ’, সব যদি শেষ কৰি আহিছে, সি বেয়া কাম কৰা নাইতো?”

—“নাই কৰা অ’; ইমান দিন খাবলৈ-থাকিবলৈ বাহিৰত কিমান টকা লাগে! কিমান দূৰলৈ বা গৈছিল সি! খৰচতো হ’বই। ভালকৈ দুদিনমান খাই-বৈ আহিল দে।”

—“কেনেকৈ বিশ্বাস কৰিবি? মুখখনত দেখোন গোটেই আঘাট?”

—“গোটেই আঘাট নহয়!! তই মাকজনী কাৰণে বেছি আঘাট যেন দেখিছ। এঠাইতহে উখহি তেজ বিৰিঙি আছে। খুন্দাও খাব পাৰে ক’ৰবাত। এতিয়া মানুহটো আহি পাইছেহে, লগে লগে সুধিবলৈ বেয়া নহয় জানো। কোনে সুধিব এতিয়া; পাছে পৰে তহঁতে সুধিবি, গম পাবি দে তেতিয়া। এইখনকে ভাবি নাথাক। দুপৰ হ’ল। আমাৰ যা-যোগাৰত লাগিব লাগে এতিয়া।”

—“হয়, দুপৰেই হ’ল। বৰ-কেৰাহী দুটা বৰচাঙত উঠোৱা আছে। কণবাপুৱে নমাব পাৰিব। ক’ত বা বহি আছে সি, তই মাতি আনচোন।”

 

এঘৰৰ লাউ দুটা, আন এঘৰৰ কলাপাত-পটুৱা, দুটামানে ঘনীত উঠোৱা মাছ তিনিটা — এনেদৰে চুবুৰিয়াৰ পৰা বস্তুবোৰ আহি গোট খাইছিলহিয়েই। গতিকে ভিতৰৰ কামবোৰত মহিলাসকল লৰালৰিকৈ লাগি গ’ল। এনেতে হৰেণো আহি পালেহি। তেওঁ জানিছিলেই ভোজ এটাৰ আয়োজন হ’বই, গতিকে কাম-বনবোৰ এৰি প্ৰথমতেই নাহি তেওঁ দুপৰীয়াহে ওলালহি। বাৰাণ্ডাতে কোনোবা এটাই তেওঁক চকীখন এৰি দিলে; তেওঁ বহিল। পদূলি-মুখেৰে সোমোৱাৰে পৰা তেওঁক আলেঙে-আলেঙে বলিনক লক্ষ্য কৰি আহিছে। তেওঁক দেখি বা তেওঁ বহোঁতে তাৰ মুখত কিবা প্ৰতিক্ৰিয়া ফুটি উঠিব বুলি তেওঁ ভাবি আছিল— হয়তো সমান্য সংকোচ, সামান্য ভয় বা সামান্য অনুশোচনা— অন্ততঃ এক মুহূৰ্তৰ বাবে হ’লেও...। কিন্তু সি তেওঁক সম্পূৰ্ণ উপেক্ষা কৰি তেনেকৈয়ে বহি থাকিল, যেন হৰেণ নহয়, কোনোবা পিলিঙা এটাহে! কথাটোত তেওঁ সিমান ভাল নাপালে। আজিৰ হৰ্সোল্লাস আকৌ এদিন যে দুখলৈ বা অৰ্থহীন ঘটনালৈ পৰ্যৱসিত নহ’ব তাৰ নিশ্চিতি দিয়াতো বাদেই, সেই কথা কোনেও যে অনুমান কৰিবও পৰা নাই তাকে ভাবি তেওঁৰ দুখ লাগিল। “কি ভাবিছানো হৰেণ?” —ওচৰতে বহি থকা সমবয়সীয়া এজনে সুধিলে।

পঠনীয়:  আগ চোতালৰ ভূত

— “নাই, একো নাই” — তেওঁ উত্তৰ দিলে। তেৱেঁই বলিনক ওভোটাই আনিছিল। সিনো ক’লৈ যাব পাৰে, বেছি হৈ-হাল্লা নকৰাকৈ তেওঁ তাৰ অনুসন্ধান কৰি আছিল। তেওঁ তাক বিচাৰি পোৱাত সি চক খোৱা আৰু ভয় খোৱা কথাতো তেওঁ বুজি পাইছিল, কিন্তু সি সেই ভাব দেখুৱাব বিচৰা নাছিল বুলিও তেওঁ বুজিব পাৰিছিল। তাক ধমকি দি আৰু প্ৰায় ভাবুকি দি তেওঁ তাক ঘৰলৈ উভটিবলৈ সকিয়াই দিলে। সি কিন্তু তেওঁক ফেপেৰি পাতিহে ধৰিলে— তেওঁ তাৰ ব্যক্তিগত কথাত মাত মাতিছে বুলি। তাৰ কথাত প্ৰচণ্ড খং উঠি তেওঁ পুনৰ তাক ধমকি দি উঠিল। সিয়ো আটাহ পাৰি উত্তৰ দিবলৈ ধৰিলে— “তই মোক ঘৰলৈ নিবলৈহে বিচাৰিছ? চাই থাক, মই ঘৰতে কি খেল খেলিম। কোন তই? তই কি কৰিব পাৰিবি? তিনিটা ভাই-ককায়ে যদি সমান সমান ভাগ নাপায়, মই কেনেকৈ গোটেই ঘৰ খাস্তাং কৰি দিম চাই থাক।” তাৰ আত্মঘাতী কথা শুনি তেওঁ তাৰ মুখত পাঁচটা প্ৰচণ্ড ঘোচা সোধাই দিলে। তাৰ নিচিনা এটাই পূৰ্বতে তেওঁক কেতিয়াও তই বুলিও কৈ পোৱা নাছিল। তেওঁ ক্ষমতাশালী বেপাৰী মানুহ, টকা ঘটিছে, টকা বিলাইছেও, তেওঁ অধিক টকা ঘটাৰ পথবোৰ সৎ নহয়, কিন্তু অসৎ বুলি কওঁতাও নাই, নিকা বুলি পৰিচিত সকলেও গণতন্ত্ৰৰ বাঘজৰী ধৰিবলৈ তেওঁলোকৰ কান্ধত ভেজা দিবলৈ বাধ্য; তেওঁৰ বয়স পঞ্চাছৰ ওচৰা-ওচৰি যদিও বলিনহঁতৰ নিচিনাবোৰতকৈয়ো তেওঁ শক্তিমন্ত হৈ আছে। তেওঁ তাক ইমান দূৰত বিচাৰি পাব বুলি বলিনেও কল্পনাও কৰা নাছিল। প্ৰচণ্ড ঘোচাকেইটা খাই মনে মনে থাকি সি তেওঁৰ লগতে ঘূৰি আহিল। সি তাৰ মতবোৰ সলনি কৰিলেনে নাই তেওঁ বুজিব পৰা নাছিল; এতিয়াহে তেওঁ অলপ বুজিছে বুলি তেওঁ ভাবিবলৈ ধৰিলে; “হয়, সিয়েইবা মোলৈ কিয় ভয় কৰিব? সিতো নিজৰ ঘৰখনহে ভাঙিবলৈ লৈছে! (মোৰ) ক্ষমতা কিমান গভীৰলৈকে হ’ব পাৰে? (মোৰ) ক্ষমতাক কি (মোৰ লগত) স্বাৰ্থ থকাসকলেহে মূল্য দিব? এই মানুহখনে বা বলিনৰ পৰা কি আশা কৰি এই ভোজ-ভাতৰ আনন্দ কৰিছ?” — ভাবি ভাবি তেওঁৰ মুখত কৌতুকৰ হাঁহি এটা ফুটি উঠিল। “কিহে হৰেণ, এবাৰ ভাবিছা, এবাৰ হাঁহিছা?” —সমবয়সীয়াজনে পুনৰ মাত লগালে।

হৰেণে ওলোটাই সুধিলে— “আপুনি পিছে খাই নে যায়?”

“দুপৰ হ’ল যেতিয়া..আ..আ... খায়েই যাওঁ আৰু। বহা, তুমিনো ক’লৈ যোৱা। একেলগে এসাজ খাই যাওঁ।”

No Comments

Post A Comment