বিশ্বাসঘাতকতা

জালুকবাৰী জালুকবাৰী বুলি চিঞৰি পাৰ হৈ যোৱা আঠ-নখন বাছত নুঠাকৈ, মুখখন তজবজীয়া হৈয়ো পঞ্চল্লিছ মিনিটমান ষ্টপেজটোতে ইফালে-সিফালে অলপ চাটিফুটি কৰি থাকি অৱশেষত ৯ বজাত জালুকবাৰীলৈ যোৱা বাছ এখনতে জঁপিয়াই উঠা দেখি অথনিৰ পৰা লক্ষ্য কৰি থকা মনোজে তাক চিকাৰৰ সন্ধানত থকা গে’ বুলি সন্দেহ কৰিলে। লগে লগে মনোজো বাছখনত জঁপিয়াই উঠিল।

তাৰ নাম দিগন্ত। গান লিখে। গান লিখে মানে স্বনামধন্য দুই-এজন গায়কৰ কণ্ঠেৰে তাৰ দহটামান গান বহুতো মানুহৰ মুখে মুখে। কিন্তু এক বিশেষ পৰিচয় নাথাকিলে কেইজননো গীতিকাৰক মানুহে চিনি পায়? আন নালাগে নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, কেশৱ মহন্ত, হীৰেণ ভট্টাচাৰ্য আদি যদি কবি হিচাপে খ্যাতিবান নহ’লহেঁতেন তেন্তে কেইজনেবা তেওঁলোকক গীতিকাৰো বুলি জানিলেহেঁতেন? শ্ৰোতাৰ অনুৰাগত গায়ক বিভূষিত হয়, গীতৰ ছন্দত জনসাধাৰণ আন্দোলিত হয়; গায়কৰ সৃষ্টিশীলতা প্ৰকাশিত হৈ উঠে, কত শ্ৰোতাৰ সৃষ্টিশীলতা জাগি উঠে; কিন্তু কিমান সৃষ্টিৰ যন্ত্ৰণা গীতিকাৰে সহ্য কৰিব লাগে তাৰ উমান সাধাৰণতে কোনেও নোপোৱাকৈয়ে থাকি যায়। কোনোবা ষ্টপেজত ক্ষন্তেক অপেক্ষা কৰিবলগা হ’লেই কিছুমান অবুজ অনুভৱত দিগন্তই পাগল হৈ যাব যেন অনুভৱ কৰে। সি কিন্তু জানে, সি নিজক পাগল হৈ যাবলৈ নিদিয়ে, উন্মাদ আচৰণ সি কেতিয়াও নকৰে। সেইবাবে কোনোবা ষ্টপেজত কেতিয়াবা সি বিনা কাৰণত বহুসময় ৰৈ অসহ্য যন্ত্ৰণা উপভোগ কৰে, যাতে আন সময়ৰ তাৰ যন্ত্ৰণাবোৰ সহ্য কৰাটো যথেষ্ট সহজ হৈ পৰে।

বাছখনৰ দুটামান ছীটত এজন এজন বহিব পৰাকৈ খালি আছিল যদিও সমুখৰ পিনে এটা ছীট সম্পূৰ্ণ খালি হৈ থকা দেখি গৰমত অকলে বহো বুলিয়েই দিগন্ত সেইটোলৈ আগবাঢ়ি গ’ল। সি বহিবলৈ লওঁতেই মনোজো তাৰ কাষ পালেগৈ। পাছৰ খালি ছীটকেইটাত নবহি আগলৈ আহি তাৰ লগতহে কোনোবা এটা কিয়নো বহিলহি বুলি দিগন্ত অকণমান বিৰক্ত হ’ল। কিন্তু মালিগাঁৱৰ পৰা জালুকবাৰীলৈ কেই ছেকেণ্ডৰনো বাট? গতিকে বিৰক্তিকণ ক্ষন্তেক সময়ো মনত ধৰি নাৰাখি দিগন্ত নিজৰ ভাৱনাৰ মাজলৈ ঘূৰি আহিল আৰু ভৰি দুটা এফলীয়া কৰি তাক খিৰিকীৰ কাষত বহিবলৈ ইংগিত দিলে। কিন্তু মনোজে এই গৰমতো দিগন্তৰ গাত জোৰেৰে গাটো ঘঁহাইহে বহি ল’লে আৰু হাতত থকা বেগটো ভালকৈ লোৱাৰ ভংগীৰে হাত দুখনে ইটো-সিটো কৰি সি এখন হাত দিগন্তৰ একেবাৰে কৰঙণৰ চুকটোতে থৈ ল’লে। অশান্তি পাই দিগন্তই খঙেৰে তালৈ ঘূৰি চালে; কিন্তু মনোজে নিজকে সংযত কৰাৰ সলনি দিগন্তলৈ চাই মেলেককৈ হাঁহি এটাহে মাৰি দিলে। ছীটটো ঠেক হোৱা বাবে কিবাকৈ তেনে হৈছে বুলি ভাবি দিগন্তই পুনৰ বিৰক্তিখিনি নাইকীয়া কৰি মনোজক উপেক্ষা কৰি ম’বাইলটো উলিয়াই এটা মেছেজ লিখিবলৈ ধৰিলে। মনোজে কিন্তু বাৰে বাৰে দিগন্তৰ পিনে হাউলি ম’বাইলটোলৈ চাবলৈ যত্ন কৰি থকা দিগন্তই মন কৰিলে। আমনি পাই দিগন্তই পুনৰ মনোজলৈ ঘূৰি চালে। লগে লগে মুখত মোলায়ন হাঁহি এটা লৈ মনোজে সুধিলে— “ক’লৈ যাবা তুমি?” কথাষাৰ শুনাত এনেকুৱা লাগিছে যেন দিনজোৰা দূৰ-ভ্ৰমণত লগ পোৱা সহযাত্ৰী এজনকহে সুধিছে— “ক’লৈ যাবা তুমি?” দিগন্তই নিৰ্লিপ্তভাৱে উত্তৰ দিলে— “জালুকবাৰী।”

মনোজে লগে লগে ক’লে— “মইয়ো জালুকবাৰীলৈ যাম। জালুকবাৰীত তোমাৰ ঘৰ?”

“নাই নহয়” — দিগন্তই উত্তৰ দিলে।

“অ’, মানে ইয়াত কিবা কৰি আছা? কিমান দিন হ’ল ইয়াত থকা?” মনোজে সুধিলে।

“অ’ কৰি আছোঁ। ৫ বছৰ।” দিগন্তই কম উত্তৰ দিবলৈ চেষ্টা কৰিলে।

“বাঃ ৫ বছৰ! বহুত দিন আছা। তোমাৰ নামটো?” মনোজে সুধিলে।

“দিগন্ত।”

“ঘৰ ক’ত তোমাৰ? ঘৰত কোন কোন আছে?” মনোজে সুধিয়েই থাকিল।

“তিনিচুকীয়াত। তোমাৰ ঘৰ ক’ত?” বাৰে বাৰে কথা উলিয়াই থকা দেখি দিগন্তই তাক ওলোটাই সুধিলে আৰু আগতে ক’ৰবাত লগ পোৱা কোনোবাই চিনি পাই কথা পাতি আছে বুলি সি তাৰ মুখলৈ কৌতুহলেৰে ঘূৰি চালে। মনোজে লগে লগে পুনৰ মেলেককৈ হাঁহি এটা মাৰি দিলে আৰু ক’লে— “মোৰ ঘৰো সেইপিনেই। শিৱসাগৰত। তুমি ইয়াত ৰুম ভাড়া লৈ আছা? অকলে থাকানে?”

“অ’ ভাড়া লৈ আছোঁ। তুমি মোক আগতে লগ পাইছা নেকি?” সম্পূৰ্ণ উত্তৰ নিদি দিগন্তই সুধিলে।

মনোজে ক’লে— “নাই, নাইপোৱা লগ। তুমি মোৰ নম্বৰটো ৰাখি ল’ব পৰা। মোৰ নাম মনোজ। আমি কথা পাতিব পাৰিম। এতিয়া অলপ দিনলৈ মই জালুকবাৰীতে আছোঁ। কেতিয়াবা মোৰ ৰুমলৈ আহিবও পাৰিবা। তুমি মাতিলে মইয়ো যাব পাৰোঁ তোমাৰ ৰুমলৈ।”

কথা নাই বতৰা নাই নম্বৰটো ৰাখি লৈ কথা পাতিব লাগে, ৰুমলৈ যাবও লাগে, কাম-বন নাই নেকি? বিৰক্তিৰে মুখখন কোঁচাই দিগন্তই টানকৈ সুধিলে— “কিয়?”

“নহয়...” বুলি মনোজে সহজভাৱে উত্তৰ দি অথনিৰ পৰা মাজে মাজে মেলেককৈ মৰা হাঁহিটো আকৌ মাৰি দিলে আৰু দিগন্তৰ পিনেই সি ভেলেঙা লাগি চায়েই থাকিল। সি হাতখন তেতিয়াও দিগন্তৰ কৰঙণৰ ওচৰতে লগাই থৈছিল, সেইখন অলপ লৰচৰ কৰি সি এটা ইংগিত দিয়াৰ চেষ্টা কৰিলে।

এইবাৰ তাৰ হাঁহিটো দেখি দিগন্তই কথাটো অলপ অনুমান কৰিলে। বাছখন জালুকবাৰী পাব হৈছে। সচৰাচৰ অভ্যাসৰ দৰে আগতীয়াকৈ নামিবলৈ বুলি দিগন্ত ঠিয় হ’ল, আৰু মনোজক ক’লে— “নম্বৰ নালাগে দিয়া!”

দিগন্ত জঙী ল’ৰা নহয়, শান্ত ভদ্ৰ ল’ৰা বুলি অনুমান কৰি মনোজে কথাটো অলপ খোলাখুলিকৈ ক’বলৈ যত্ন কৰিলে— “মানে, মই কিয় কৈছোঁ বুজি পাইছা চাগে। যদি তুমি বিচাৰা আমি লগ কৰিব পাৰিম।”

বাছখন ৰাখিলেই। নামিবলৈ বুলি দিগন্ত সমুখৰ দুৱাৰখনৰ পিনে আগবাঢ়ি গ’ল। সি পিছলৈ ঘূৰি মনোজৰ মুখলৈ চাই খুৱ শান্তভাৱেই ক’লে— “এতিয়া বুজিলোঁ। নালাগে...; তুমিও বুজি পাইছা চাগে।” দিগন্তই ভদ্ৰভাবে তাৰ পিনে এটা মিচিকীয়া হাঁহি মাৰি বাছৰ পৰা নামি গ’ল। মনোজৰ মুখত লাগি থকা আশা আৰু ইংগিতময় হাঁহিটোত বেজাৰৰ ৰেশ এটা পৰা দিগন্তই দেখিবলৈ পালে।

বাছৰ পৰা নামি নিজৰ কোঠালৈ গৈ থাকোঁতে মনোজৰ কথা ভাবি দিগন্তৰ অলপ বেয়া লাগিল। দিগন্ত এতিয়ালৈকে দুবাৰ প্ৰেমত পৰিছে। দুৰ্বাৰ। এতিয়াও সি হাবুডুবু খাই আছে। কিন্তু এই দুয়োবাৰেই সি প্ৰেমত বিফল। প্ৰেমৰ প্ৰতিদানৰূপে সি পাইছে চূড়ান্ত ঘৃণা। সি নিজেও বহুবাৰেই প্ৰেমৰ প্ৰস্তাৱ পাইছে যুৱতীৰ পৰা। পৰহি লগৰ এজনৰ হতুৱাই প্ৰস্তাৱ দিয়া ছোৱালীজনী হঠাৎ তাৰ মনেৰে ঘপককৈ পাৰ হৈ গ’ল। এই সকলোৰে ক্ষেত্ৰত সি দেখে— সি নিজে যিমান বছৰ একপক্ষীয়ভাৱে হাবুডুবু খাই থাকে সিমানখিনি সময়ত, তাক প্ৰস্তাৱ দিয়া একোজনীয়ে প্ৰস্তাৱ দি দুখ কৰি পুনৰ বেলেগৰ লগত প্ৰেম কৰি বিচ্ছেদ হৈ পুনৰ নতুনকৈ প্ৰেমত পৰে। তাৰ ভাল লগা দুয়োগৰাকীৰো সেই একেই গতি। আৰু সি নিজেই সেইয়া, এসময়ত কাৰোবাৰ বাবে হাবুডুবু খাই পুনৰ পাগল হৈ আছে আন কাৰোবাৰ বাবে, যেন প্ৰথমবাৰহে প্ৰেমত পৰিছে! বিপৰীত লিংগৰ মানুহ ৪৫ শতাংশ বুলি ধৰিলেও প্ৰেম কৰিবলৈ মানুহৰ অভাৱ এতিয়ালৈকে বিষমকামীসকলৰ হোৱা নাই। কিন্তু মনোজৰ দৰে সমকামীসকলে কিমান সন্ধানৰ পাছতো যে নিজৰ দৰে একোজন বিচাৰি নাপায় সেই কথা ভাবি মনোজলৈ তাৰ বেয়া লাগিল।

*** *** ***

“দিগন্ত নহয় নে?” জালুকবাৰীতে আবেলি সময়ত বজাৰ কৰি থকা দিগন্তই কাষৰ পৰা কথাষাৰ শুনি মূৰ তুলি ঘূৰি চালে। মনোজ।

“হেই, বজাৰ কৰিছা?” মনোজে সুধিলে। “ওঁ” বুলি দিগন্তই মিচিকীয়াই হাঁহি উত্তৰ দিলে।

“ব’লা একেলগে বহি একাপ একাপ চাহ খাওঁ...” —মনোজে ক’লে।

মনোজৰ কথাত আজি একো ইংগিত নাই; এজন চিনাকি ভদ্ৰ বন্ধুৰ দৰে সলসলীয়া কথা। দিগন্তই অকণমান চিন্তা কৰা যেন দেখি মনোজে ক’লে— “কিবা ভাবিব নালাগে। একো মতলব নাই আজি। ভৱিষ্যতে কিবা পাবলৈ বুলি নহয়, চিনি পালোঁ দুয়োজনে, ব’লা একাপ চাহ খাওঁ।” দিগন্ত মান্তি হ’ল।

মনোজে বি.টেক. কৰি এম.বি.এ. কৰিলে, আৰু কিছুদিন পূৰ্বে এটা কোম্পানীত চাকৰি পাইছে। দিগন্তই অসমীয়াত এম.এ. কৰিলে। ৰিজাল্ট ওলাবলৈ অৱশ্যে অলপ দিন বাকী আছে। দিগন্তই দুটামান বিনোদন-চেনেলৰ বিভিন্ন অনুষ্ঠানৰ স্ক্ৰিপ্ট লিখা আদি কামো কৰি থাকে। দুয়োটাই সকলো কথা-বতৰা পাতিলে। দিগন্তই আন দুটামান চাকৰি পোৱাৰ সম্ভৱনা আছে, কিন্তু পৰীক্ষাৰ আটাইকেইটা স্তৰ সম্পূৰ্ণ হোৱা নাই বাবে মনোজৰ আগত সেইখিনিৰ কথা নক’লে। মনোজে তাক গাৰ্লফ্ৰেইণ্ড আদিৰ কথাও সুধিলে। মনোজ আচলতে এনেইয়ো অলপ বেছিকৈ কথা পাতি ভাল পোৱা ল’ৰা। দিগন্তই এজনী ছোৱালীৰ প্ৰতি খুৱ আৱেগিক হৈ থকাৰ কথা জনালে। নাম— পাহী বৰা। “নাই, তাইৰ সৈতে কেতিয়াও ভাল সম্পৰ্ক গঢ়ি নুঠেগৈ, মই জানো। কিন্তু সকলো জানিও, কোনোবা সময়ত নিজকে মূল্যহীন বুলি অহা ভাৱবোৰৰ শেষত তাইৰ কথা ভালকৈ ভাবি বা কল্পনা কৰি মনটো মুকলি হৈ পৰে।” — দিগন্তই ক’লে।

“পাহী বৰা?” এজনী পাহী বৰাৰ লগত মনোজৰ ভাল বন্ধুত্ব আছে। সেইজনীয়েই নেকি? পাহীয়ে ইলেক্ট্ৰনিক্সত এম.টেক. কৰি আছে। ঘৰ মৰিগাঁওত। দিগন্তই সকলো কোৱাৰ পিছত মনোজে ক’লে— “হয়, সেইজনীয়েই। মোৰ লগত ভাল চিনাকি আছে। ক’ম তোমাৰ কথা বাৰু মই ৰ’বা।”

পঠনীয়:  কমল শইকীয়াৰ দুৰ্ঘটনাটো

“নাই ক’ব নালাগে। ভাল নাপাব তাই কিবা ক’লে।” দিগন্তই ক’লে।

“মই তুমি ক’বলৈ কোৱা বুলিতো নকওঁ। মই যিটো জানিলো নিজেহে ক’ম। বেয়া পাবলৈ কি আছে!”

“ক’লে একো আপত্তি নাই মোৰ, মাথোঁ মই ক’বলৈ কোৱা বুলি নাভাবিলেই হ’ল।”

*** *** ***

মনোজে পাহীক লগ পাই দিগন্তৰ কথা ক’লে। “ধুৰ সেইটো ফাল্টু” বুলি তাই লগে লগে ভেকাহী মাৰি দিলে। মনোজে দিগন্তক আৰু কেইবাদিনো লগ পাইছিল, দিগন্ত ফাল্টু ল’ৰা নহয় বুলি সি অনুমান কৰিছিল। সেইবাবে পাহীয়ে তেনেকৈ কোৱাৰ পাছতো সি দিগন্তৰ কথা তাইক আৰু অলপ ক’লে। দিগন্তৰ সম্পৰ্কে পাহীয়ে নিজেও কিছু বুজি পাইছে, কিন্তু একেটা ভাৱেই তাই মনোজৰ সমুখত ধৰি ৰাখিবলৈ চেষ্টা কৰিলে আৰু “কেৱল প্ৰেম নিজেই যথেষ্ঠ নহয়” এই কথাটো নিজক বাৰে বাৰে বুজাই তাই যাতে দিগন্তৰ প্ৰেমৰ ওচৰত হাউলি যাব নালাগে তাৰ বাবে দৃঢ় হ’বলৈ চেষ্টা কৰি থাকিল।

কথাখিনি মনোজে আহি দিগন্তক কওঁতে দিগন্তই কিছুসময় মুখেৰে মাতিব নোৱৰা হৈ পৰিল। নিজে জনা কথাখিনিও আনৰ মুখত সকাৰ ৰূপত দেখা পাই সহ্য কৰিবলৈ সি বহুত কষ্ট পাইছে।

একোজন মানুহক সমকামী বুলি জানিলে মানুহে কেনে ব্যৱহাৰ কৰে সেইটো মনোজহঁতে নিজেহে ভালকৈ বুজিব পাৰে। কিন্তু দিগন্তৰ পৰা যি সহজ ব্যৱহাৰ সি লাভ কৰি আহিছে তাৰ বাবে সি মনত বহুত শান্তি অনুভৱ কৰে। সেইবাবে প্ৰথম দিনাৰে পৰা দিগন্তৰ প্ৰতি তাৰ মনত এক কৃতজ্ঞতাৰ ভাৱ আছে। সি পাহীক পুনৰ এদিন দিগন্তৰ কথা ক’ব বুলি মনতে ঠিক কৰিলে।

মনোজে পাহীক যোৰ কৰিয়েই ক’লে— “তুমি কিন্তু ভাল ল’ৰা এটাক শাস্তি দি আছা। সঁচাকৈয়ে বহুত বিচাৰে সি। তোমাক কল্পনাৰ কোনোবা স্থানত ৰাখি থৈছে, তুমি নিজও হয়তো নিজক ইমান কল্পনা কৰি চোৱা নাই কেতিয়াও।” পাহীয়ে বুজি পাইছিল— দিগন্তৰ প্ৰেম আচলতে সঁচা অনুভৱেই! কিন্তু এমটেক কৰি অসমীয়াৰ এমএ এটালৈ গৈ তাই লগৰবোৰৰ আগত নিজকে কি বুলি পৰিচয় দিব? বা সি আগলৈ কৰিবগৈয়ে বা কি? অসমীয়াত লগত লগত পাঁচবাৰ নেট ক্লিয়েৰ কৰিও এল.পি. স্কুলত চাকৰি কৰি থাকিব লগা হোৱা তাইৰ স্কুলীয়া দিনৰ চিনাকী ছাত্ৰ-ছাত্ৰীখিনিক দেখিছে! কিন্তু সঁচা অনুভৱক প্ৰত্যাখ্যান কৰি ধৰা পৰিছে নেকি বুলি তাই মনোজৰ সমুখত নিজে নিজে অলপ সংকুচিতও হৈ পৰিল। মনোজে আজি পুনৰ আহি কোৱাত তাই কি ক’ব উপায় পোৱা নাই। মনোজক তাই চিনি পায়, সমনীয়া, এটা ভাল ল’ৰা, ভালকৈয়ে প্ৰতিষ্ঠিত হৈছে, ভাল এটা পৰিচয় আছে তাৰ। দিগন্তৰ কথা শুনি নাথাকিবলৈ উপায় বিচাৰি তাই পটকৈ কৈ দিলে— “প্ৰকৃততে, আচল কথাটো কৈ দিলে তুমি বুজি পাবা মোৰ কথাটো।”

“কি?” মনোজে সুধিলে।

তাই ক্ষন্তেক ৰ’ল। মনোজে শুনিবলৈ আগ্ৰহেৰে তাইৰ মুখলৈ চাই থাকিল।

তাই ক’লে— “মই আচলতে তোমাক ভাল পাওঁ।”

*** *** ***

কেইবামাহো গুচি গ’ল। দিগন্তই মনোজক লগ পোৱা নাই। মনোজ জালুকবাৰীৰ পৰা যোৱাগৈ কথা আছিল, সম্ভৱতঃ গ’লগৈ। দুয়োটাই পৰস্পৰৰ নম্বৰ লৈছিল। দিগন্তৰ মনলৈ মনোজৰ কথা মাজে মাজে আহে, বিশেষকৈ পাহীৰ কথা ওলোৱাৰ পাছত। কিন্তু ফ’ন কৰিবলৈ ঠিক মন যোৱা নাই তাৰ। মনোজে যিদৰে তাৰ লগত কথা-বতৰা পাতিবলৈ আৰম্ভ কৰিছিল সেইটোলৈ চালে মনোজে নিজেই ইমানদিনে তালৈ ফ’ন এটা কৰিব লাগিছিল। কিন্তু কিয় কৰা নাই? দিগন্তৰ মনলৈ মাজে মাজে প্ৰশ্ন আহে। এইখন অসমত ইমানো অৰাজগতা অহা নাই যে সামান্যও শুংসূত্ৰ নোহোৱাকৈ মনোজ কিবা ঘটনাত নিৰুদ্দেশ হৈ গৈছে!

এটা কামত গনেশগুৰিলৈ যাওঁতে দিগন্তই মনোজক পাওঁ বুলি সিহঁতৰ অফিচলৈ গ’ল। দিগন্তই বেংক পিঅ’ পৰীক্ষা এটা উত্তীৰ্ণ হৈছে। অন্ততঃ দুবছৰৰ বাবে সি গুৱাহাটীও এৰিব লাগিব চাগে।

দিগন্তই খবৰ কৰি গম পালে মনোজ আছে। খবৰ দিয়াত মনোজ বাহিৰলৈ ওলাই আহিল। দিগন্তক হঠাৎ দেখি সি চকুত চকু থ’ব নোৱৰি ইফালে সিফালে মূৰ ঘূৰাই আগবাঢ়ি আহিল। দিগন্তই মুখ মেলিবলৈ লওঁতেই সি নিজৰ অপৰাধবোধ নুলুকোৱাই ক’লে— “মই গুচি আহোঁতে তোমাক খবৰ এটা কৰিব লগা আছিল। ভুলহৈ গ’ল ভাই! কিন্তু তুমি আজি মোক বিচাৰি আহিবা বুলিও মই ভবা নাছিলোঁ কেতিয়াও। মই এটা ডাঙৰ বিশ্বাসঘতকতা কৰিলো তোমাৰ ওচৰত, সেইবাবে লগ কৰিবলৈ কেনেকৈ যাওঁ বা ফ’ন কেনেকৈ কৰোঁ, ইমান দিনে ভাবি পোৱা নাছিলোঁ।”

মনোজে কিবা ৰসিকতা কৰা বুলি দিগন্তই মিচিকীয়াই হাঁহিলে। বাহুল্য নকৰি মনোজে কৈ গ’ল— “তোমাৰ কথা মই পাহীক পিছত আকৌ এবাৰ কৈছিলোঁ। আৰু তেতিয়াই তাই মোক ভাল পোৱা বুলি ক’লে। আৰু মই হাঁ কৈ দিলোঁ।”

পাহীৰ কথাটোত দিগন্ত আচৰিত হ’ব লগা নাই। কিন্তু মনোজে কিয় সন্মতি জনালে সেইটোলৈহে দিগন্ত বহুত কৌতুহলী হৈ পৰিল। সি মনোজলৈ প্ৰশ্নবোধক চাৱনীৰে চালে। মনোজে ক’লে— “আজি গধুলি লগ হ’ম দিয়া। মই সকলো কথা ভাঙি ক’ম। মই ক’বই লাগিব তোমাক সকলো।”

গধুলি লগ হোৱাৰ পাছত মনোজে নিজেই মূল কথা আৰম্ভ কৰিলে— “মই মোৰ দৰে মানুহ প্ৰথম ক’ত লগ পাইছিলোঁ জানানে? হায়াৰ চেকেণ্ডাৰীত টিউচন কৰিছিলোঁ। কলেজৰ ছাৰ। ল’ৰা-ছোৱালী তিনিটা। বাইদেউ সাংঘাটিক ধুনীয়া। বাইদেউক লগত লৈ ছাৰ কলেজৰ মিটিঙলৈ গ’লে বহুতে যেন মিটিঙৰ শেষৰলৈকে থাকিবই। ছাৰে টিউচন কৰে, ব্যৱসায়ো আছে। কলেজৰ পৰা বছৰ বছৰ ওলাই যোৱা সকলোৰে বাবে আৰু গোটেই অঞ্চলৰ বাবে এজন প্ৰায়ে উল্লেখনীয়, আদৰ্শৰ মানুহ তেওঁ। এদিন টিউচন আৰম্ভ হোৱাৰ আগমুহূৰ্তত অকস্মাতে, হয়তো অকস্মাতে নহয়, মোক অকলে পাই আৰম্ভ কৰাৰ পাছত বহুমাহ চলিল আমাৰ সম্পৰ্ক। ছাৰে আচলতে বিয়া পাতিবই নালাগিছিল। এটা মস্ত ফাঁকি! ইফালে ল’ৰা-ছোৱালীও তিনিটা। পুৰুষ-মহিলাৰ বিয়াৰ ক্ষেত্ৰত আমাৰ সমাজখন কেনেকুৱা বাৰু? স্বামী-স্ত্ৰীৰ জৈৱিক প্ৰয়োজনখিনি বাদ দি পৰস্পৰৰ আন প্ৰয়োজনখিনি নিজা নহয়! পৰিয়াল-মিতিৰ-কুটুম্বৰ সা-সুবিধা-পৰম্পৰাৰ বাবে আৰু আনৰ ওচৰত চলিবলৈ দেখুৱাবৰ বাবেহে। মই এটা চাকৰি কৰিছোঁ, স্বাৱলম্বী হৈ চলি আছোঁ; মানুহে কৈছে— সি ভাল কৰিছে। মই বিয়া পাতিছোঁ, ঘৰ এখন চলি থকা বুলি ধাৰণা কৰা হৈছে; মানুহে ভাল বুলি ধৰিছে, পৰিয়াল সম্পূৰ্ণ! এই বিয়া বস্তুটো আনৰ মগজুত সৃষ্টি হয়। গতিকে আনৰ মগজুৰ শান্তিৰ বাবে আৰু তেওঁলোকৰ মগজুৰ অশান্তিয়ে তোমাক শান্তি নিদিয়া নহ’বৰ বাবে তুমি বিয়া পাতিবই লাগিব, লাগিলে সেইটো তোমাৰ যিমানেই বেয়া লগা নহওক। মইয়ো এদিন বিয়া পাতিব লাগিব, এনেকৈয়ে। এক-দুই বছৰ অলপ কষ্টেৰে অভিনয় কৰাৰ পাছত সব নিজৰ নিজৰ ঠাচত চলি থাকিব। সেইটোকে কয়— সংসাৰ। দেখাত সুখী স্বামী-স্ত্ৰী, কিন্তু ভালকৈ পালেহে দেখা যায় পৰস্পৰৰ ব্যঙ্গৰে দিন পাৰ হয় তেওঁলোক সকলোৰে। মই নাভাবোঁ— পাহীয়ে মোৰ কথা আগতে ভাবিছিল বুলি! সেইদিনা তোমাৰ কথা কৈ থাকোঁতে তাই এনেই কৈ দিলে। কিছুমান এনেকুৱা মানুহ জীৱনত লগ পোৱা যায়, তেওঁলোকৰ লগত পাৰিলে প্ৰেম কৰিবও পাৰি, নকৰিলেও মনত অশান্তি নোপোৱাকৈ চলি যায়। মইয়ো তাইৰ বাবে সম্ভৱতঃ তেনেকুৱাই আছিলোঁ। সম্ভৱতঃ নহয়, নিশ্চিতকৈ। মোৰ মুখ জপাবলৈ তাই চাগে ধেমালিকৈয়ে কৈ দিলে। তাৰ পাছতো সম্পৰ্কটো নহ’লহেঁতেন। মইয়ো যোগাযোগ কৰা নাছিলোঁ, তাইয়ো কৰা নাছিল। কিন্তু কথাটো কৈ তেনেকৈয়ে এৰি দিলে তাই নিজেই লঘূ হ’ব যেন ভাবি চাগে এসপ্তাহৰ পাছত এদিন এনেই মোৰ খবৰ ল’বলৈ ফ’ন কৰি বহুসময় থকা পাতিলে। তাৰ পাছত এদিন মই কৰিলোঁ...; এনেকৈ আগবাঢ়িল। তাইৰ সঁহাৰি প্ৰকৃততে লাগিছিল তোমাৰ দৰে মানুহক, দুঃসহ সময় অতিক্ৰম কৰাত সহায় হ’বৰ বাবে, তোমালোকৰ দৰে মানুহৰ পৰা দহজনে শান্তি পায়, তাই সেইয়া আৰু গভীৰ কৰি তুলিব পাৰিলেহেঁতেন। মোৰ কোনো একান্ত সময়ৰ বাবে তাই প্ৰয়োজন নহয়, বা তাইৰ বহু যিটি প্ৰেমিকৰো হয়তো তাইৰ তেনে উপস্থিতি কোনো প্ৰয়োজন নাই, কিন্তু তাই এনেই মোৰ লগতহে ওলমি ল’লে। মই ভাবিলোঁ— ক, খ, গ কোনোবা এজনীয়েইটো হ’ব এদিন; গতিকে “ক”য়েই হ’ল যেনিবা, মোৰ একোটো অসুবিধা নাই।”

দিগন্তই অস্ফূট আটাহ পাৰি উঠিল। কিবা যেন স্তব্ধ হৈ পৰিব এতিয়া তাৰ তেনে লাগিছে। মনোজে কথা কৈয়ে আছে। তাৰ কথালৈ দিগন্তই আৰু কাণ নিদি নিজকে প্ৰকৃতিস্থ কৰিবলৈ চেষ্টা চলালে। ঘণ ঘণ উশাহ লৈ সি নিজকে শান্ত কৰিবলৈ চাইছে।

অলপ শান্ত হৈ দিগন্তই ভাবিলে— “মনোজে মোৰ ওচৰত সঁচাকৈয়ে বিশ্বাসঘাতকতা কৰিছে বুলি ভাবিয়েই মই শান্তি পাম বুলি কথাখিনি কৈ আছে নেকি? বিশ্বাসঘাতকতা সি কাক কৰিছে? পাহীক? সমাজক? নে নিজক কৰিলে? নে সি সকলো কথা মিছাকৈ কৈ আছে? সি নিজেই পাহীক প্ৰস্তাৱ দিছিল নেকি? তাৰ যি প্ৰয়োজনীয়তা বুজাৰ মোৰ সামৰ্থ্য নাই তাৰ প্ৰতিশোধ ল’লে নেকি সি? .....”

পঠনীয়:  প্ৰেয়সীৰ স্বপ্ন

দিগন্তই বহু সময় ধৰি তাৰ কথালৈ কাণ কৰা নাই বুলি লক্ষ্য কৰি মনোজ মনে মনে ৰ’ল। “ক, খ, গ যিকোনো এগৰাকী হ’লেও যিহেতু একো পৰিৱৰ্তন নাছিল তেন্তে কোনোবা “খ”ক কেতিয়াবা লগ পাবা বুলি “ক”ক প্ৰত্যাখ্যান কৰাৰ কথা তুমি এবাৰো নাভাবিলা কিয়?”— দিগন্তৰ সুধিবলৈ মন গৈছিল। কিন্তু নুসুধিলে। মনোজলৈ তাৰ এটা কথাত খং উঠিছে— কথাটো সি তাক লগে লগেই জনাব পাৰিলেহেঁতেন, যদিহে অথনিৰ পৰা সি একো ফাঁকি মাৰি থকা নাই।

“বাকী, এতিয়া পাহীৰ খবৰ ভালনে?” — দিগন্তই শান্তকৈ সুধিলে।

দিগন্তই যে কথাখিনি সহজভাৱে গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছে মনোজে বুজি পালে। কিন্তু কিমান যন্ত্ৰণাত যে সি পিছতো চটফটাব সেইয়া মনলৈ অহাত মনোজৰ দুখ লাগিল। “ভালেই” — সি চমুকৈ উত্তৰ দিলে।

দিগন্তৰ চাকৰিৰ কথা, সি গুৱাহাটীৰ পৰা কেতিয়া যাবগৈ, বাকী কাম দূৰৰ পৰাই কৰি থাকিবনে; মনোজৰ কিবা নতুন পৰিকল্পনা আদি কথা-বতৰা পাতি যোগাযোগ ৰখাৰ প্ৰতিশ্ৰুতিৰে দুয়োৱে বিদায় ল’লে।

*** *** ***

মনোজ আৰু পাহীৰ বিয়াৰ সময়ত দিগন্ত অসমলৈ ঘূৰি আহিল। মনোজে নিমন্ত্ৰণ জনাইছে। কিন্তু যেনেতেনে এটা অজুহাত উলিয়াই দিগন্তই বিয়ালৈ নোযোৱাকৈ থাকাটোকে ঠিক কৰিছে। মন যোৱা নাই তাৰ বিয়া খাবলৈ। পাহীক কিবা কোৱাটো তাৰ কৰ্তব্য নেকি সেইটোও সি ভাবিছে। উচিত নে অনুচিত বিবেচনা কৰি পোৱা নাই। নোকোৱাকৈ থাকি সি ভুল কৰা নাইটো? কাক সুধিব সেইটোও সি ভাবি পোৱা নাই। আৰু পাহীক কিবা ক’লে মনোজৰ ওচৰতো সি ভুল কৰা নহ’ব নেকি? মনোজেটো সংসাৰ ঠিক মতেই চলাই নিব...। থাকক, দিগন্তই সেই চিন্তা বাদ দিলে।

*** *** ***

পাঁচ বছৰ পাৰ হৈ গ’ল। মনোজ-দিগন্তৰ কথা-বতৰা হৈছে। মনোজেই বহুবাৰ ফ’ন কৰিছে, দিগন্তইয়ো কৰিছে। তিনি-চাৰিবাৰ লগতে পাহীয়েও কথা পাতিছে, সম্পূৰ্ণ নিময়মাফিক নহয় যদিও মোটামুটি দুই-তিনিটা খা-খবৰ...। ঘৰলৈ মাতে মাজে মাজে, দিগন্তৰ যোৱাহে হোৱা নাই। মনোজকো লগ পোৱা হোৱা নাই। হঠাৎ পাহী দিগন্তৰ ব্ৰাঞ্চটোলৈকে অহাত এদিন তিনিও লগ হ’ল। লগ পাবলৈ ইমান এটা ডাঙৰ পৰিবৰ্তন আহিব লগা নাছিল, লগ নকৰাকৈয়ে আচলতে থাকি গৈছিল, ব্যস্ততা আছিল যদিও ফ’নৰ যোগাযোগ চলি আছিল বাবেই চাগে। কথাটো পাতি তিনিওৱে হাঁহিলে।

এটা ঘৰুৱা ভাৱেই গঢ়ি উঠিছে দিগন্তৰ মনত পাহীৰ প্ৰতি আৰু পাহীৰো একেই। লগতে, অসমীয়া বিষয়ৰ ছাত্ৰ হৈয়ো দিগন্ত বেংক পিঅ’ হ’ব পৰা বাবে পাহীৰ মনত একেবাৰে পূৰ্বৰ অৱজ্ঞাবোৰৰ পৰিৱৰ্তে এটা আগ্ৰহৰ ভাৱো কেতিয়াবাই গঢ়ি উঠিছে। দিগন্তই হায়াৰ ছেকেণ্ডাৰীত ৰসায়ন-বিজ্ঞানত লেটাৰ-মাৰ্ক পাইছিল, কিন্তু গণিতত ফেইল কৰিছিল। অলপ যত্ন কৰা হ’লেই গণিতটো অলপ নম্বৰ সি উঠাব পাৰিলেহেঁতেন; কিন্তু কষ্ট কৰিব নোৱৰা গাধা নহয় যদিও, ইমান প্ৰয়োজন নহয় বুলি অলপ অৱহেলা কৰোঁতেই তেনে হ’ল। তাৰবাবে সি ৰসায়ন-বিজ্ঞানত মেজৰ লৈ পঢ়িম বুলি ভবা সপোনটো পুৰা নহ’ল। এটা বছৰ খৰচ কৰি গণিতত নম্বৰ উঠাই ৰসায়ন-বিজ্ঞান পঢ়াৰ সলনি, ৰাপ থকা বাবেই সি অসমীয়াতে মেজৰ ল’লে। মেট্ৰিকত ইংৰাজী আৰু সমাজ অধ্যয়নৰ লগতে গণিত আৰু উচ্চ-গণিতটো সি লেটাৰ পাইছিল। সেইবাবে বেংক আদিৰ বিভিন্ন পৰীক্ষাৰ বাবে আত্মবিশ্বাসেৰে মাজে মাজে প্ৰস্তুতি চলাই আছিল। কথাবোৰ জানি আগৰ সকলো অৱজ্ঞাৰ ভাৱ পাহীৰ মনৰ পৰা লাহে লাহে আঁতৰি গৈ আছিল। তাৰ লগত কথা পাতিও তাই আজিকালি ভাল পোৱা হৈছে। আচলতে দিগন্তৰ নিচিনা মানুহৰ গোটেই জীৱনটোৱেইচোন এটা এডভেঞ্চাৰৰ দৰে বুলি ভাবি তাৰ প্ৰতি তাই অলপ অনুৰাগীও হৈ উঠিছে। “বিয়া-বাৰুৰ কথা ভাবিছানে নাই” বুলি তাই আজিকালি তাক অলপ জোকাবলৈয়ো।

*** *** ***

দিগন্তৰ বিয়াৰ কথা চলিছে। হয়তো আৰু চাৰিমাহৰ ভিতৰতে হ’বগৈ। আজিকালি দিগন্তই নিজেও উৎসাহেৰে কয় বিয়াখনৰ খা-খবৰবোৰ। কেণ্টিনত একেলগে বহি খাই থাকোঁতে আজিও বিয়াৰ কথা ওলোৱাত পাহীয়ে জোকালে— “সেইয়া! কোনোবাই কাৰোবাক নাপাই দুখ কৰা বুলি জানিলে বেছি চিন্তা কৰিব নালাগে। এদিন সেই দুখ-কৰাজনে তামাম ফুৰ্টি কৰিবলৈ আৰম্ভ কৰে আন ক’ৰবাত।”

কথাষাৰ ধেমালি যদিও, কথাবোৰ অলপ বাঢ়ি গ’লে ধেমালি কৰিবলৈ আগ্ৰহ কৰা আঁৰৰ কথাবোৰে সিহঁত চাৰিওটাৰে কাৰোবাক অপকাৰ কৰিব পাৰে বুলি দিগন্ত মনে মনে ৰ’ল।

সি মনে মনে ৰোৱা দেখি পাহীয়ে জোকাই জয়ী হোৱা যেন পাই পুনৰ ক’লে— “এনেকৈ ক’লে মানুহবোৰে ধেৰ যুক্তি দিয়ে কিন্তু।”

দিগন্তই উত্তৰ দিলে— “সেইবোৰ বাদ দিয়া!”

দিগন্তৰ কথাষাৰ শুনি, বেছিকৈ জোকোৱাৰ চখ এটা পাহীৰ বাঢ়ি আহিল— “মই ভাবো দেই। এই যে, ছোৱালীজনীয়ে যেতিয়া গম পাই, তাই মানুহটোৰ দ্বিতীয় পচণ্ডৰহে, আৰু মানুহটো কাৰোবাৰ বাবে ইমান বেছি পাগল হৈ যোৱাৰ পাছতহে তাই দ্বিতীয় পচণ্ডৰ, তেতিয়া কেনেকুৱা ভাৱ আহে বাৰু?”

“হ’ব দিয়া। এইবোৰ নপতা ভাল নেকি!” —দিগন্তই পুনৰ ক’লে।

পাহীয়ে অনুভৱ কৰিলে, দিগন্তই আজিও কেতিয়াবা চাগে গোপনে তাইৰ আশ্ৰয় বিচাৰে। এইবাৰ তাই জোকোৱাৰ লগতে ফূৰ্টি পাই অলপ ঠাট্টাৰ সুৰো মিহলি কৰি ক’লে— “সঁচাকৈ..., কেনেকুৱা লাগিব বাৰু? মোৰ কিন্তু জানিবলৈ খুৱ মন যায়।”

দিগন্তৰ কাহিনীটো পাহীহঁতে জানে, তাৰ মুখৰ পৰাই শুনিছে। এটা অনুষ্ঠানৰ বাবে দি পঠোৱা স্ক্ৰিপ্ট এটাৰ বেক-পিঠিত ভুলতে সি আধা লিখি কেতিয়াও সম্পূৰ্ণ কৰিম বুলি নভবা গীত নে কবিতা এটা পঢ়ি অনুষ্ঠানটো আয়োজনৰ লগত জড়িত ছোৱালীজনীয়ে মুখষ্ঠ কৰি পেলাইছিল। তাই সেইটো ইমানেই ভাল পাইছিলে যে কাকতত কিবা লেখা পঢ়ি পাঠকে লেখকলৈ ফ’ন কৰাৰ দৰে সেইদিনা তাই লগে লগে দিগন্তলৈ ফ’ন কৰিছিল। কিবা বেলেগ ভাৱ প্ৰথমে নাছিল, কিন্তু লাহে লাহে সিহঁতৰ সম্পৰ্কটো অংকুৰিত হৈ উঠিছিল। দিগন্তই বিচৰা ধৰণৰে ছোৱালী এজনী পাইছে বুলি পাহী ঈৰ্ষীতও হৈছে অলপ। সকলো লুকুৱাই তাই দিগন্তক বিদ্ৰূপ কৰি খিলখিলাই উঠিল।

আজিও পাহীয়ে বেছি দম্ভ দেখুওৱা কথাটো দেখি দিগন্তৰ ভাল নালাগে। কিবা এটা গুণেৰে টোকৰ খাই প্ৰেমত পৰাৰ পাছত প্ৰিয়জনক নিজৰ কল্পনাতে এটা বিশেষ ৰূপত গঢ়ি লোৱা হয়। আৰু লাহে লাহে তেওঁ সেইটো নহয় বুলি এটা এটাকৈ যেতিয়া প্ৰমাণ হৈ গৈ থাকে তেতিয়া প্ৰেম কৰাজন আহত গৈ থাকে— তেওঁ যাৰ প্ৰেমত পৰিছে আচলতে তেওঁৰ কোনো বাস্তৱ অস্তিত্বই নাই, কল্পনাৰ কোনোবাহে!

“দ্বিতীয় পচণ্ডৰ হ’লে কেনে ভাৱ হয়, মই তোমাক ধুনীয়াকৈ বুজাই দিব পাৰোঁ।”— দিগন্তই ক’লে।

“আচ্ছা, বঢ়িয়া। বুজোৱা।” — পাহীয়ে উৎসাহেৰে উত্তৰ দিলে।

“পিছত কিন্তু নিজৰ অসুবিধা হ’লে মোৰ দোষ নাই।”

“হ’ব...।” খুৱ বেছি, পাহীৰ পূৰ্বতে ভাল লগা কাৰোবাৰ কথা দিগন্তই মনত পেলাবলৈ চাব বুলি পাহীয়ে কোনো চিন্তা নকৰাকৈয়ে উত্তৰ দিলে।

ক্ষন্তেক ৰৈ দিগন্তই ক’লে— “তুমি নিজেও এক দ্বিতীয় পচণ্ডৰ। মনোজে মোক তাৰ প্ৰেমৰ প্ৰস্তাৱ দিছিল।”

চক খাই পাহীয়ে দিগন্তলৈ থৰ লাগি চালে, সি কি কৈছে একো নুবুজা নিচিনাকৈ। আৰু লাহে লাহে তাই বুজি উঠিল। তাইৰ মুখৰ বৰণ শেঁতা হৈ আহিবলৈ ধৰিলে। সমস্ত উৎসাহ নিমিষতে পানী হৈ গ’ল।

তাইৰ ৰূপ দেখি দিগন্তইয়ো চক খাই ক’লে— “তুমি ইমান বেছি আহত হ’বা বুলি ভাবি মই কোৱা নাছিলোঁ। সমকামীয়ে আজিকালি স্বীকৃতিয়েই পাইছে। সেইয়া পাপ বুলি ভবা অন্ধবিশ্বাসী মানুহ আজিকালি প্ৰায় নোহোৱাই হৈছে। গতিকে দ্বিতীয় পচণ্ডত ইমান আহত হ’ব নালাগে। এই সকলো অতি সাধাৰণ কথা। এনেকৈয়ে চলি যায়। সকলো সুখে থাকে....”

দিগন্তই কৈ গৈছে, কিন্তু পাহীয়ে কিবা ভাবি তল মূৰ কৰি আছে। দিগন্তৰ কথা তাই ভালকৈ কাণ কৰিছেনে নাই সি বুজিব পৰা নাই। সি আৰু ক’লে— “হেই। তুমি এইটো ইমান বেছিকৈ নাভাবিবা!”

বহু সময় মনে মনে ৰৈ পাহীয়ে জানালে— “মানুহে কেতিয়াও বিশ্বাস ভংগ কৰিব নালাগে। তুমিও কৰিবা বুলি মই ভবা নাছিলোঁ। প্ৰত্যাখ্যান কৰিলেও সকলোৱেই সেই প্ৰত্যাখ্যাত প্ৰেমিক বা প্ৰেমিকাগৰাকীৰ ওচৰতো অন্তিম মুহূৰ্তৰলৈকে কিছু বিশ্বাস থাকে। মইয়ো তোমাৰ ওচৰত বিশ্বাস ৰাখিছিলোঁ। তুমি যদি মোক সঁচাকৈ ভাল পালাহেঁতেন এই কথা আজি মোক নক’লাহেঁতেন।” মুখলৈ বহু বিদ্ৰূপৰ ভংগী আনি পাহীয়ে কৈ গ’ল— “মই বহুত সুখী যে তোমাৰ লগত সংসাৰ নকৰিলোঁ, নহ’লে মোক সঁচাকৈ ভাল নোপোৱা এজন মানুহৰ লগত সংগ কৰি মোক ভাল পোৱা বুলি ঠগন খোৱা দৰেই হ’লহেঁতেন।”

দিগন্তৰ একো কথা আৰু শুনিবলৈ ইচ্ছা নথকা নিচিনাকৈ পাহী বহাৰ পৰা উঠি লাহেগৈ গুচি গ’ল। দিগন্তইয়ো একো নক’লে। বহি বহি সি ভাবি থাকিল— “পাহীয়ে আচলতে মোৰ ওপৰত কি বিশ্বাস কৰিছিল?”

No Comments

Post A Comment