প্ৰেয়সীৰ স্বপ্ন

“হেল্ল’...! নম্ৰতা! শুন না, মোৰ সৰু ভাল খবৰ এটা আছে। এটা প্ৰজেক্ট পাইছোঁ। তইতো জানই, আমাৰ ইউনিভাৰ্চিটিৰ একাডেমিক ৰেজিষ্টাৰ, ৰেজিষ্টাৰ, বা যিকোনো এডমিনিষ্ট্ৰেটিভ অফিচাৰকেইটা কিমান ফকটীয়া; স্কলাৰশ্বিপৰ পইছা ডেৰ বছৰৰ পাছতহে আহিব! তাকো পাবলৈ কত গণ্ডগোল। প্ৰজেক্টৰ পইছা অহা মাহৰ পৰাই পাই থাকিম, মাহে পোন্ধৰ হাজাৰকৈ, সেইবাবে স্কলাৰশ্বিপটো মই বাদ দি দিম। প্ৰজেক্টটো একেটা টপিকৰে, গতিকে পিএইছডিত কোনো টেনচন নাই। আৰু দুবছৰৰ পাছত চাকৰি এটা পাম দেচোন! গতিকে একো চিন্তা নাই।” প্লাৱনে একেলেঠাৰিয়ে কৈ গ’ল। নম্ৰতাই অতি উৎসাহেৰে উত্তৰ দিলে—

“ৱাও...., বঢ়িয়া! তই গধুলি আমাৰ ঘৰলৈ আহিবি, ভাত খোৱাকৈ। সবেই একেলগে ফুৰ্টি কৰিম। ঘৰলৈ খবৰ দিছ নে নাই? আৰু মোলৈ কিন্তু কিবা এটা লৈ আহিবি, ধুনীয়া খোৱা বস্তু।”

- “দিছোঁ খবৰ। ঠিক আছে বাৰু। কিন্তু শুন। মোৰ আৰু এটা কথা ক’বলৈ আছে।”

- “ক।”

- “চা, তই বেয়া নাপাবি কিন্তু। তই না ক’লেও মোৰ একো আপত্তি নাই। নক’লে হয়তো মোৰ পিছত বেয়া লাগিব পাৰে, সেইবাবে কৈ দিওঁ। আৰু তোক সব কথা ক’ব পাৰি কাৰণেহে কৈছোঁ। তই কিন্তু বেয়া পালে নহ’ব।” প্লাৱনে অনুৰোধৰ সুৰত ক’লে।

- “হ’ব হ’ব, ক। তই সেইবোৰ ক’লেহে মই বেয়া পাওঁ। চিধা, ডাইৰেক্ট ডাইৰেক্ট কথা কোৱা মানুহ, আজি পাতনি মেলি আছ যে? সোনকালে আচল কথাটো ক!”

- “ঠিক আছে। শুন - মোৰ লগত বিয়া হ’বি?”

“না.....! নহওঁ।” - নম্ৰতাই একেষাৰেই উত্তৰ দি অলপ ৰ’ল। তাই পুনৰ ক’লে - “কিন্তু, তই নোকোৱা কাৰণে মোৰ বহুত খং উঠি আছিল সদাই। ক’লি যে, বহুত ভাল লাগিল। মোৰ এটা ডাঙৰ আশা পূৰণ হ’ল।”

প্লাৱনে পুনৰ ক’লে - “শুন না। মানে, মই ভাবিলোঁ— আমিতো দুয়োটা ভাল বন্ধু। ইটোৱে সিটোৰ কথা বুজি পাওঁ। আৰু ভালটোতো লাগেই। গতিকে, দুয়োটা বিয়া হ’লে আমি একেদৰেই থাকি যাম। বহুত মিলাপ্ৰীতিৰে থকিব পাৰিম। কিন্তু, বেলেগৰ লগত সংসাৰ কৰিলে আগৰ দৰে ভাল বন্ধু হৈ থাকিব নোৱাৰি দেচোন। আৰু লগতে এটা অনিশ্চিত ভৱিষ্যত, ভাল হ’ব নে বেয়া হ’ব! অকলে থাকিবলৈ বহুত কষ্ট হয়, সেইকাৰণে মই ভাবিছোঁ, মই এতিয়া অলপ পইছা পাইছোঁ, তইয়ো অলপ পাই আছ, গতিকে আমি ধুনীয়াকৈ চলি যাব পাৰিম, আৰু দুয়োটাই একেলগে আমি ঘৰখন গঢ়ি থাকিম আগলৈ।”

- “হয়, বুজি পাইছোঁ। আচলতে মইয়ো তোক বিচাৰিছিলোঁ। কিন্তু এদিন এটা কথাত গম পালোঁ, তোৰ লগত দুটামান কথাত মোৰ একেবাৰে মিল নাই, সেইকাৰণে মই ভাবিবলৈ বাদ দি দিলোঁ। কাৰণ সেইটো কথাই পিছত আমাৰ সম্পৰ্কটো বেয়া কৰি পেলাব। গতিকে বন্ধু হৈ থাকিম বুলিয়েই ঠিক কৰিলোঁ। তইয়ো মোৰ কথা ভাবিব পাৰ নে নাই সেইটো জানিবলৈ মোৰ খুব মন আছিল, আজি গম পালোঁ, বহুত ভাল লাগিল। গধুলি আহিবি তই। দুয়োটাই ভালকৈ বহি লৈ পাতিম। তোলৈ মই ফ’ন কৰিলোৱেইহেঁতেন আজি। মোক চাবলৈ ল’ৰা অহা কথা আছে এইকেইদিনত। আগতে ঘৰৰ পৰা খবৰ কৰিছে; ফটো-চটো আছে, তই আহি চাব পাৰিবি আজি। পচন্দ কৰিম চাগে মই। আৰু চাকৰিটো এৰি দিম চাগে এইকেইদিনতে। চাকৰি কিনো আৰু, এংকৰিং! আঠ হাজাৰ পাওঁ!” নম্ৰতাই কৈ গ’ল।

প্লাৱনে মাজতে ক’লে – “হ’ব দে...। ঠিক আছে বাৰু। গধুলিলৈ গৈ আছোঁ। এতিয়া বাই।”

- “বাই বাই।”

*** *** *** *** *** ***

“নামটো কি? দেখাত কিন্তু একেবাৰে মিলা নাই তোৰ লগত। সঁচাকৈ কৈছোঁ। এনেই মানুহটো ভাল হ’ব পাৰে, নাজনো মই। কিন্তু তই যদি লগত গৈ থাক, তোৰ খুড়া বুলি ভাবিব সবেই। তোৰ খুড়াতকৈয়ো ডাঙৰ যেন লাগিছে। কেলৈ ইমান ডাঙৰ যেন যেন লাগিছে?” ফটোকেইখন চাই চাই প্লাৱনে ক’লে।

নম্ৰতাই উত্তৰ দিলে - “ডাঙৰেই হয়। নামটো বিশাল। মোতকৈ বাৰ বছৰ ডাঙৰ।”

প্লাৱন - “দেখাত কিন্তু ২০ বছৰ ডাঙৰ যেন লাগিছে। কিয় পচন্দ কৰিম বুলি ভাবিছ তই?”

নম্ৰতা - “আচলতে চা, মই তোকো পচণ্ড কৰিছিলোঁ। কিন্তু তই যে এদিন কৈছিলি— তহঁতৰ পদুলি মুখৰ পৰা চোতালৰলৈকে মাহঁতে পকা কৰিবলৈ লোৱা কাৰণে তই হাক দিছিলি, বন খিনিয়েই থাকিব লাগে বুলি কৈছিলি। মইয়ো কিন্তু পকা ফ্ল’ৰহে ভাল পাওঁ, কেঁচা মাটি, বন তেনেকৈ ভাল নাপাওঁ মই। তই কিন্তু সেইবোৰ ভাল পাৱ। বাকী সব মিল আছে ধৰ, কিন্তু এনেকুৱা কিছুমান কথাত আমাৰ মিল নাই। এতিয়া ঠিকেই আছে, কাৰণ এতিয়াতো আমি সব সিদ্ধান্ত একেলগে ল’ব লগা হোৱা নাই। কিন্তু বিয়া হোৱাৰ পাছত এইবোৰে আমাক বহুত সমস্যা দিব। সেইকাৰণে মই তোৰ লগত বিয়া হ’ম বুলি ভাবিবলৈ বাদ দি দিলোঁ। তই ভাল পাৱ খালি চকুৰে দেখা পৃথিৱীখন, আৰু মই ভাল পাওঁ ডাঙৰ দামী গ্লাছৰ মাজেৰে যিখন পৃথিৱী দেখা যায় সেইখন পৃথিৱী। গতিকে আমাৰ বহুত পাৰ্থক্য আছে। তই মাটিত খোজ দি ভাল পাৱ, আৰু মই ভাল পাওঁ “ৱাও, মাটিত খোজ দি ভাল লাগিছে” বুলি কেতিয়াবা কৈ। মই জানো, তই মোৰ কাৰণে সেইখিনি পুৰাব বিচাৰিবি, আৰু তই পাৰিবিও। তই পঢ়ো বুলি ভাবিলে ভাল ইনষ্টিটিউটত এমবিএ কৰি তিনি বছৰৰ ভিতৰতে বহুত বেছি দৰমহা লৈ প্ৰতিষ্ঠিত হ’ব পাৰিবি, সেইখিনি গুণ তোৰ আছে, আৰু মই নিজেও তোৰ কাৰণে তিনি বছৰ কি! আৰু সাত বছৰ ৰ’ব পাৰিম। কিন্তু তই সেইধৰণৰ কেৰিয়াৰ নিবিচাৰ, তই মনত আঘাট পাবি পিছত। আৰু তই এনেকৈ গৱেষণা কৰি গ’লি..., চাকৰি কৰিলেও খুৱ বেছি মাহে চল্লিশ হাজাৰ টকা পাবিগৈ! সেইখিনিৰে তইতো মোৰ কাৰণে তেনেকুৱা এটা পৰিৱেশ আনি দিব নোৱাৰ! আৰু আমাৰ অসমৰ কলেজ বা কিবা ইনষ্টিটিউটবোৰৰ কেইটানো ধুনীয়া, সবতে পৰিৱেশটো গৰাখহনীয়া চলি থকা নিচিনাই। মই ভাল পাওঁ টাইলছ, তই ভাল পাবি ধূলি; তই ভাল পাবি গছৰ ছাঁ, মই ভাল পাম এচি থকা বন্ধ কোঠা....। পিছত আমাৰ বহুত কাজিয়া লাগিব, আজিৰ বন্ধুত্ব একেবাৰে শেষ হৈ যাব। তাতকৈ আমি যদি আমাৰ পৰিয়ালৰ সৈতে কেতিয়াবা এদিন লগ খাওঁ, তই তোৰ পৰিৱেশলৈ আমাক লৈ যাবি, মই মোৰ পৰিৱেশলৈ তহঁতক এদিন লৈ যাম, বহুত ভাল লাগিব তেতিয়া..। গোটেই জীৱন আমি মিলি থাকিব পাৰিম...।” কৈ কৈ নম্ৰতা কিছুসময় ৰ’ব বিচাৰিলে।

পঠনীয়:  কমল শইকীয়াৰ দুৰ্ঘটনাটো

প্লাৱনে ক’লে - “হয় কথাখিনি। আগতীয়াকৈ ভাবি লোৱাতো ভাল। মই এইবিলাক চলি যাব বুলি ভাবিছিলোঁ। মানে, ভাবিয়েই চোৱা নাছিলোঁ। হ’ব দেঃ! কিন্তু এটা কথা আকৌ — বিশালৰ কথা তইতো এতিয়াও জনাই নাই, সিও যদি মোৰ নিচিনাই হয়, মানে তাৰ ভাল লগা বস্তুবোৰৰ কথা কৈছোঁ..। তই ভালকৈ চাই ল’বি কিন্তু এতিয়াই।”

নম্ৰতা - “তাক আচলতে সেইবোৰ ক্ষেত্ৰত নাচালেও হ’ব বুলি মই ভাবিছোঁ। কাৰণ সি ইতিমধ্যে সেই সজাত বন্দী হৈ গ’ল না! সি তাৰ পৰা ওলাব নোৱাৰে আৰু। বা নিবিচাৰে আৰু ওলাব।”

প্লাৱন - “তেন্তে ঠিকেই আছে। আৰু..., কথা পাতি থাকোঁতে তোৰ আইছ-ক্ৰীম গলি গ’ল, গম পাইছনে নাই? খা সোনকালে।”

নম্ৰতা - “হা হা হা। পাহৰিয়ে গৈছিলোঁ ৰহ!” নম্ৰতাই আইছ-ক্ৰীম খাবলৈ ধৰিলে। প্লাৱনে ক’লে - “দেউতা অহা নাই যে এতিয়ালৈকে? কি আনিব দিছ?”

নম্ৰতা - “কাজু। আজি এটা স্পেচিয়েল পোলাও খুৱাম তোক।”

প্লাৱন – “এক মিনিট! তই চাকৰি এৰিম বুলি যে ক'লি? বিয়ালৈ অলপ দিনতো ৰ’ব লাগিব! এতিয়াই এৰিব নালাগে নেকি চাকৰিটো৷”

নম্ৰতাই ক’লে– “অলপ দিন মানে, তিনিমাহৰ ভিতৰত হৈ যাব চাগে৷ আৰু বিয়া হৈ ইয়াৰ পৰা গ'লেগৈ বেলেগ চাকৰিতো কৰা নহ'ব চাগে৷ এইকেদিনহে আৰু। চাওঁ কি কৰোঁ, এতিয়াই সিদ্ধান্ত লৈ লোৱা নাই বাৰু৷ আৰু কি জান, বিশালে মোক এংকৰিং কৰোঁতে দেখিয়েই পচন্দ কৰিছিল, কিবা বাতৰি চাইছিল এদিন গুৱাহাটীলৈ আহোঁতে৷ সেইয়া চা, সিও হয়তো মোক এংকৰ বুলিয়েই পচন্দ কৰিলে৷ একেজনী মানুহকে বেলেগ স্থানত দেখা হ'লে হয়তো সি পচন্দ নকৰিলেইহেঁতেন কিজানি! মইয়ো এনেকুৱা প্ৰদৰ্শন আৰু আহৰণৰ জগতখনক পচন্দ কৰোঁ৷ মই যেতিয়া প্ৰথম গুৱাহাটীলৈ আহিছিলো কিছুমান মানুহ দেখি আচৰিত হৈ গৈছিলোঁ৷ তেওঁলোকে বছৰৰ মূৰত এদিন যদি মানিমুনি শাকেৰে এসাজ খাই সেইটোক লৈ গৌৰৱৰ অন্ত নাই৷ খাইছে বুলি গৌৰৱ নকৰে, ‘তেওঁলোকে এতিয়াও মানিমুনি খাইছে’ - সেই বুলিহে গৌৰৱ কৰে৷ আমিতো ঘৰত কতবাৰ খাইয়েই থাকোঁ, একো ভাৱেই নাহে তেনেকুৱা৷ এতিয়া মই তেনেকুৱা গৌৰৱবোৰ ভাল পাওঁ, যাতে মইয়ো এদিন আনক ক'ব পাৰোঁ তেনেকৈ, কিন্তু সদায় সেইবোৰ পাই থকা পৰিৱেশ মই পাব নিবিচাৰোঁ৷”

প্লাৱন - “বুজিলোঁ দে৷ ঠিক আছে। ক’বি কেতিয়াবা কিবা সহায় লাগিলে। তোৰ আশা পূৰণ কৰাত মই পৰাখিনি সহায় কৰিম৷”

প্লাৱনৰ কথাষাৰ নম্ৰতাৰ কাণত সোমাল, কিন্তু তাইৰ মনলৈ বেলেগ কিবা এটা ভাৱ আহি থকাৰ দৰে তল মূৰ কৰি ৰহস্যপূৰ্ণ হাঁহি এটা মাৰি আছে। মুখলৈ চাই প্লাৱনে সুধিলে— “কি ভাবিছ?”

নম্ৰতাই উত্তৰ দিলে— মই জানো, বিশালক মোৰ খুড়াৰ দৰে লাগিব দেখাত। কিন্তু কোনেও মোক কোৱা নাই কথাতো। কিন্তু তই কৈ দিলি। তই হঁহা নাই, বা মোক তই বিদ্ৰুপ নকৰ। আনে কৰিব পাৰে। বা আনে ভাল লাগিছে বুলিয়েই ক’ব। এনেই যিটো কোৱা হয়। এতিয়ালৈকে কোনো এটা যোৰ মই দেখা পোৱা নাই যাক মানুহে মুখৰ আগত “পাভ যোৰা” বুলি নকয়! আনে কি দেখিব পাৰে সেইটো মই তোৰ পৰাই গম পাওঁ। তই মোৰ বাবে দাপোনৰ নিচিনা। তোৰ জড়িয়তেই মই নিজক দেখা পাওঁ। বহুবাৰ দেখিছোঁ; এতিয়ালৈকে।

“হাঃ হাঃ, সেইকাৰণে মইয়ো তোৰ পৃথিৱীখনৰে এটা অংশ!” – প্লাৱনে কৌতুক কৰি ক’লে।

“হয়েই!” – নম্ৰতাই দৃঢ়তাৰে ক’লে।

*** *** *** *** *** ***

নম্ৰতাৰ বিয়াৰ পৰা উভটি আহি পাওঁতে পুৱা ন বাজিবৰ হ’ব। বিয়া গুৱাহাটীতে হৈ গ’ল। ঠাণ্ডা দিন। কাষৰ ৰুমৰ ল’ৰাকেইজনে বাহিৰতে ৰ’দ লৈ কথা পাতি আছে। প্লাৱনেই সবতকৈ ডাঙৰ। প্লাৱনক দেখিয়েই সিহঁতে জোকাবলৈ ধৰিলে— “প্লাৱন দা, লগৰ ছোৱালীৰ বিয়া খাই আহিল? এতিয়া নিজৰ বিয়াখনৰ কথা ভাৱক আৰু।” প্লাৱনে তাইকে বিয়া পাতিম বুলি যে এদিন ভাবিছিল সিহঁতক এনেই ক’বলৈ মন গৈছিল, কিন্তু সি ক’ব নিবিচাৰিলে, কাৰণ সেইটো ক’লে সিহঁতে “ট্ৰেজেদি” বুলি হুলষ্ঠুল লগাব।

এইটো অঞ্চলতে ইউনিভাৰ্চিটিৰ হাজাৰ সংখ্যক ল’ৰা-ছোৱালী থাকে। পথটোৱেদি ল’ৰা-ছোৱালীৰ আহ-যাহ চলি আছে। “প্লাৱন দা, এইজনী ছোৱালীলৈ চাওক। আপুনি যে ভাল পায়। আপোনাৰ লগত সঁচাকৈ মিলিব কিন্তু” – আহি আহি সিহঁতৰ ওচৰ পোৱা ছোৱালী এজনীক জোকাবলৈ এটাই চিঞৰি ক’লে। আটাইকেইটাই ছোৱালীজনীৰ ফালে চালে। হঠাৎ মৰা চিঞৰটো শুনি ছোৱালীজনীয়েও মূৰ ঘূৰাই সিহঁতলৈ চাই পঠিয়ালে। আটাইকেইটাৰে চেহেৰা তাই স্পষ্টকৈ দেখা পাই গ’ল। মুদত মুখ ঘূৰাই তাই গুচি গ’ল। “হেই, এইজনী! দেখিছোঁ আগতে। ইমান গৰ্বত থাকে একেৰাহে। ভাল নালাগে। বিৰাট গৌৰৱী হ’ব ছোৱালীজনী। সৌটো হোষ্টেলতে থাকে। মই বহুতদিন দেখিছোঁ। প্লাৱন দা নাচাব এইজনীক। নামো জানো মই তাইৰ” - এটাই গাই গ’ল।

পঠনীয়:  বিশ্বাসঘাতকতা

“অ’ এইজনী ছোৱালী আগতে মইয়ো দেখিছোঁ দুদিন” – প্লাৱনে ক’লে।

“অ’ দেখিছে তাৰমানে? নামটো লাগিব নেকি?” – এটাই জোকাবলৈ ক’লে।

“নালাগে নাম। নাম জানি মই কি কৰিম!” – প্লাৱনে উত্তৰ দিলে।

“হাঃ হাঃ, প্লাৱন দাই লাজ কৰিছে। কৈ দিওঁ শুনক নামটো– নিশিতা। কেমিষ্ট্ৰিৰ ছোৱালী। কিন্তু ভাল নহ’ব। একেৰাহে ইমান গৰ্বত থাকে! ভাল নালাগে!”

“আচলতে তাই গৰ্বত নাথাকে চাগে। তাইৰ সেইটো গতেই চাগে, কথা-বতৰা বা মনটো ভাল হ’বও পাৰে।” – প্লাৱনে ক’লে।

“বা....! দেখিছা! ভাল লাগিছে মানে আপোনাৰ। ৰ’ব, আজিৰ পৰা দেখিলেই প্লাৱন দা বুলি জোকাম।”

সি হাক দিলে সিহঁতে বেছিহে কৰিব বাবে প্লাৱনে একো নক’লে।

সঁচাকৈ সিহঁতে ছোৱালীজনীক সেইপিনেদি পাৰ হৈ যোৱা দেখিলেই “প্লাৱন দা” বুলি জোকাবলৈ ধৰিলে। কিন্তু প্লাৱনৰ সিমান ওলাই-সোমাই থাকিবলৈ সময় নহয়। সেইবাবে সি তাইক সেইদিনাৰ পৰা দেখাও পোৱা নাই। সেইকাৰণে তাইক প্লাৱন দা বুলি জোকাই জোকাই আমনি লগাত ল’ৰাকেইটাই “নিশি”, “দিনতেই নিশা হ’ব এতিয়া” আদি কৈ জোকাবলৈ আৰম্ভ কৰিলে। আৰু লাহে লাহে সেইটোও এটা গতানুগতিক অৰ্থহীন ঘটনা হৈ পৰিবলৈ ধৰিলে..।

*** *** *** *** *** ***

সি নিশিতাক ইয়াতে লগ পাই যাব বুলি প্লাৱনে ভবা নাছিল। ওচৰতে থকা চিনাকি ভনীয়েক পাপৰিৰ কোঠালৈ আহিছে সি। দুয়োজনী হয়তো আগৰে চিনাকী।

“নিশিতা, এইয়া প্লাৱন দা। আৰু প্লাৱন দা, এইয়া নিশিতা, আমি কলেজত একেটা হোষ্টলতে আছিলোঁ।”

“আচ্চা। হাই!” – প্লাৱনে ক’লে।

“হাই” – ভদ্ৰতাৰ খাতিৰত নিশিতাই ক’লে। “মই চিনি পাওঁ এখেতক” – নিশিতাই পাপৰিলৈ চাই খং আৰু বিদ্ৰুপেৰে ক’লে – “এখেতে মোক ভাল পাই, সেইকাৰণে মোক জোকাবলৈ লগাই দিয়ে লগৰকেইটাক।”

কথাষাৰ শুনিয়েই প্লাৱনে হাঃ হাঃ হাঃ কৈ হাঁহিবলৈ ধৰিলে। পৰিস্থিতিটো দেখি, প্লাৱনৰ কাৰণে নিশিতাৰ আগত এতিয়া লাজ পাব নেকি বুলি পাপৰি চিন্তা কৰিবলৈ ধৰিলে। নিশিতা খঙতে বহি আছে মনে মনে।

হাঁহি শেষ কৰি প্লাৱনে ক’লে – “আচলতে মই তোমাক ভাল নাপাওঁ। ভাল নাপাওঁ বুলি নহয় আচলতে, মই তোমাক চিনিয়েই নাপাওঁ। সেইদিনা তোমাক দেখি সিহঁতে কৈ আছিল – তুমি খুব গৰ্বত থাকা, দেখিলেই গম পাই, সেইকাৰণে ভাল নালাগে তোমাক। সিহঁতেও তোমাক চিনি নাপায়, বাটত দেখিছে মাথোঁ কেইবাবাৰো। সিহঁতৰ কথা শুনি তেতিয়া মই ক’লো – আচলতে তোমাৰ গতটো তেনেকুৱা হ’ব পাৰে; কথা-বতৰা, ব্যৱহাৰ বা মনটো তেনেকুৱা নহ’বও পাৰে। সেইটো শুনিয়েই পিছতো সিহঁতে জোকাই থাকিবলৈ ধৰিলে। সিহঁতো বেয়া ল’ৰা নহয়। এইটো বয়সত জোকোৱাটোনো কি! সেইকাৰণে জোকাই আছে। আৰু মই হাক দিলে বেছিকৈহে জোকাব, গতিকে মই হাকো দিয়া নাই। তোমাক মই দুদিন দেখিছোঁ ক’ৰবাত; তেনেকৈ বহুত মানুহ দেখা পোৱা যায়, মনত পেলালে মনত পৰি যাব।”

প্লাৱনৰ কথা শুনি পাপৰিয়ে সকাহ পালে। পৰিস্থিতিটো ভাললৈ আহিল। আৰু নিশিতাই এটা জোকাৰণি অনুভৱ কৰিলে। যিমান পাৰে, সেইটো প্ৰকাশ হৈ যাতে নাযায়, তাই সচেতন হৈ থাকিল। আৰু, কিজানি প্ৰকাশ হৈছেই বুলি তাই ভয়ো খালে...।

*** *** *** *** *** ***

দিন বাগৰি যোৱাৰ লগে লাগে প্লাৱনৰ প্ৰতিটো খবৰ নিশিতাক দৰকাৰ হ’বলৈ ধৰিলে। পাপৰি হাইৰান হৈ গ’ল।

এদিন প্লাৱন আৰু নিশিতা দুয়োটাকে একেলগে বহুৱাই লৈ, “যাঃ, তই নিজেই খবৰ লৈ থাকিবি আজিৰ পৰা” বুলি পাপৰিয়ে নিশিতাক কৌতুক কৰি সকীয়াই দিলে, লগতে আৰু ক’লে - “পিছে, মোক আকৌ দুয়োটাৰে খবৰ নিদিয়াকৈ নাথাকিবি!”

*** *** *** *** *** ***

নিশিতাৰ চাকৰি হ’ল, ONGC ত। যোগদান কৰা তিনি মাহ হৈ গ’ল। যোৱাৰ আগত তাইৰ সঠিক সিদ্ধান্ত প্লাৱনক কৈ গৈছিল। প্লাৱনে মনা নাছিল। আজি চাৰি মাহৰ পাছত আকৌ কথাখিনি মুখামুখিকৈ ক’বলৈ তাই তাক লগ কৰিবলৈ আহিছে।

“নাই নহ’ব। মই কৈছোঁৱেই” – প্লাৱনে কৈ গ’ল – “গোটেই চাকৰি জীৱন তুমি মোতকৈ চাৰিগুণ বেছি দৰমহা পাবা। তোমাতকৈ বেছি দৰমহা পোৱা বা তোমাৰ সমপৰ্যায়ৰ ভাল ল’ৰা এটা তুমি পাবাই। মই পৰিসংখ্যা-বিজ্ঞানৰ ছাত্ৰ হৈ থাকিম সদায়, গতিকে তাতকৈ মোৰ বেছি একো উপাৰ্জন নহয়। মোৰ কোনো আপত্তি নাই, কিন্তু কেতিয়াবা তোমাৰ মনলৈ বেয়া ভাৱ আহিব। হীনমন্যতা আহিব তোমাৰ মনলৈ। ‘এহ, ইমান কম দৰমহা পাই মানুহটোৱে’ – এনেকুৱা ভাৱ আহি যাব পাৰে এদিন তোমাৰ মনলৈ। সেইটো মই বিচৰা নাই। এতিয়া তুমি আৱেগত কৈছা নহয় বুলি, কিন্তু এদিন হ’ব তেনেকুৱা।”

“মই বহুত ভাবিহে কৈছোঁ। নাহে।” – নিশিতাই ক’লে – “মইয়ো এইটো লাইনলৈ আহিব পাৰোঁ, কিন্তু সিটো লাইন মই ভাল পাওঁ। সেইবাবে তাত চাকৰি কৰিবলৈ গৈছোঁ। কিন্তু তাৰ অৰ্থ এইটো নহয় মই মূল্য বুজি নাপাওঁ। হয়, সাধাৰণতে বহুতৰ হয়। কিন্তু মোৰ নহয়, বহুত ভাবি-চিন্তিয়েই মই তোমাক বিচাৰিছোঁ। তাৰ কামত বেচি ব্যৱসায়িক চাহিদা আছে কাৰণে মই বেছি দৰমহা পাম, কিন্তু মোৰ চকুপানীৰ বাবে মোক কোনেও দৰমহা নিদিয়ে। নিদিয়েতো নিদিয়েই, কিন্তু সেই দৰমহা কোনেও নিদিয়ে বুলি যাতে মই আৰু কেতিয়াও আক্ষেপ কৰিব নালাগে সেইবাবে আহিছো তোমাৰ ওচৰলৈ। নিজৰ চকুলো সৰা বাট মই নিজেই মোকোলাব বিচৰা নাই।....”

নিশিতাই প্লাৱনক আৰু অধিক বুজাবলৈ আৰম্ভ কৰিলে....। প্লাৱনে শুনি আছে। কিন্তু কি সিদ্ধান্ত ল’ব সি ঠিক কৰিব পৰা নাই...।

No Comments

Post A Comment