নিশাৰ সেই অতি আচৰিত “ফেচবুক ষ্টেটাছ আপডেট”টো

গৌতমে নিশাৰ ভাতমুঠি খাই ঘামিজামি চিলিং ফেনখনৰ একেবাৰে ঠিক তলতে চকী এখন পাৰি বঢ়িবলৈ লওঁতেই কাৰেণ্টটোৱে ভুৰুং কৰিলে। খঙতে সি সেই আন্ধাৰতে দাঁতকেইটা কামুৰি উঠিল আৰু আন্দাজ মতে দুৱাৰখন খেপিয়াই খেপিয়াই খুলি চকীখন এহাতে দাঙি লৈ বাহিৰত বহিবলৈ বুলি ওলাই গ’ল। চকীত বহোঁতেই এছাটি বতাহে গাত খুন্দা মাৰি তাৰ মুখত লাগি থকা খংটো আঁতৰাই পেলালে। এহাতত থকা ম’বাইলটোৰে সি ফেছবুকত লিখিয়েই দিলে— “ভাতকেইটা খাই গৰমত ফেনৰ তলতে বহিম বুলি ভাবিছিলোঁহে, কাৰেণ্টটো গুচি গ’ল। পিচে, বাহিৰতে বহিবলৈ আহিলোঁ...। শীতল বতাহছাটিয়ে কিন্তু বৰ আমেজ দিছে...।”

… পাঁচ মিনিট গ’ল। ১০টা লাইক, দুটা কমেণ্ট আহিল। তাৰে এটাত সি লাইক মাৰিলে, আৰু আনটোৰ উত্তৰ দিলে। আনটোৰ উত্তৰ দিওঁতেই আন এজনে আৰু এটা কমেণ্ট দিলে। সেইটোতো সি লাইক মাৰিলে। কাৰবাৰ চলি থাকিল...।

 

কাৰেণ্টটো যোৱাত, গৌতমৰ বাওঁকাষৰ ৱালমেট পুলিনে পঢ়ি থকা কিতাপখন জপাই বিছনাত বাগৰ দি ম’বাইলটো লৈ “ফেচবুক কৰিবলৈ” লৈছিল। সিও গৌতমৰ “আপডেট”টো দেখা পালে। লগে লগে তাৰ খংটো টিঙিচকৈ উঠিল। সি ভাবিবলৈ ধৰিলে— কালি সি গৌতমক কৈছিলহে, দিনটোত কাৰোবালৈ ফ’ন কৰাই নহয়, ৰাতিহে অলপ কথা পতা হয়। ৰাতি বাহিৰৰ বতাহত ৰৈ ভাল লাগে, কিন্তু বাহিৰত ফ’নটো লৈ কথা পাতি থাকিবলৈ ভাল নালাগে, সেইকাৰণে গৰমতো ভিতৰতে থকা হয়...। সেই বুলিয়েই গৌতমে আজি আপডেটটোত “বাহিৰৰ বতাহত বৰ মজা লাগিছে” বুলি তাকে উদ্দেশ্য কৰি লিখি দিব লাগেনে!! —এইবুলি ভাবি ভাবিয়েই পুলিনেও অৱশ্যে লাইক এটা মাৰিয়েই দিলে, আৰু লগতে ধুনীয়াকৈ চিঞৰি উঠিল— “গৌতম! বাহিৰত আছা নেকি?”

“অ’, বাহিৰতে আছোঁ।”

“মই আকৌ ভাত ৰান্ধো বুলি ভবিছিলোঁ, কাৰেণ্টটো গুচি গ’ল নহয়!”

“তাকেহে! এঘণ্টামানলৈ নাহিবই চাগে…।”

 

পুলিনৰ চিঞৰটো শুনি গৌতমৰ সোঁকাষৰ ৱালমেট ভাগ্যজ্যোতিও দুৱাৰখন খুলি ম’বাইলটো পিটিকি পিটিকি ওলাই আহিল। সিও ফেচবুকেই কৰি আছে। গৌতমৰ আপডেটটো সি এতিয়াহে দেখিলে। সি আকৌ গৌতমক কামোৰ এটাকে দিলে— “বা, গৌতম দা! ধুনীয়া বতাহ আহিছে, মানুহটো ৰোমাণ্টিক হৈ গৈছে দেই। কোনোবা অনলাইন আছে যেন পাইছোঁ। সেইকাৰণে খবৰটো দি দিলে আৰু মুকলিকৈ ন?”

“হেই! এইটো সময়ততো অনলাইনত বহুতেই থাকে। সবেইতো দেখিব!” —গৌতমে উত্তৰ দিলে।

“নহয়, বিশেষ কোনোবা!!” —ভাগ্যজ্যোতিয়ে ক’লে।

ভাগ্যজ্যোতিয়ে কথাষাৰ মুখেৰে নকৈ ফেচবুকত মন্তব্য আকাৰে দিবলৈ পোৱা হ’লে লগতে জিভা কামোৰ এটাও দিলেহেঁতেন। কিন্তু এতিয়া কথা কওঁতে জিভা কামোৰটোনো কেনেকৈ দিব!! তাতে আন্ধাৰো হৈ আছে। সি তেনেকৈয়ে থাকিল আৰু......। বাহিৰত মাতবোৰ শুনি সিফালৰ কোঠাটোত থকা বিমলো ওলাই আহিল। খোজৰ শব্দ শুনি ভাগ্যজ্যোতিয়ে ক’লে— “ঐ বিমল, আজিকালি আমাৰ গৌতম দাৰ কথাই বেলেগ জাননে নাই। ফেচবুকৰ আপডেট চা। আজিকালি ধুনীয়া বতাহ মাৰিলেই খবৰ দিয়ে কাৰোবাক...।”

বিমলে সুধিলে— “কিহে গৌতম দা, আমাক নকয় ন? পাৰ্টিটো কেতিয়া দিব?”

 

ইতিমধ্যে লাইক ২১টা হ’ল, কমেণ্টো আৰু দুটা আহিল। আপডেটটো প্ৰফুল্ল দুৱৰাৰো চকুত পৰিল। তেওঁ আৰু ৰৈ থাকিব নোৱাৰিলে। আনৰ সম্পৰ্কীয়ও বহুতো কথা মিক্সাৰ কৰি তেওঁ আপডেট এটা দিয়েই দিলে— “আজিকালিৰ মানুহবোৰ সব চুপাৰ-ষ্টাৰ হৈ গৈছে। খাবলৈ ল’লেও আপডেট দিব, ফুৰিবলৈ গ’লেও আপডেট দিব, প্ৰগ্ৰেম চাবলৈ গ’লেও আপডেট দিব, বজাৰ কৰিবলৈ গ’লেও আপডেট দিব, বাহিৰত বহিলেও আপডেট দিব। ধুৰৰৰৰৰৰ......।”

সমভাৱাপন্ন এজনে তাতে ছেকেণ্ডতে মন্তব্য এটা দিয়েই দিলে— “স্ব-স্বীকৃত চুপাৰ-ষ্টাৰ।” সেইটো মন্তব্যই লগে লগেই ৭টা লাইক পালে….। আলোচনা চলি থাকিল…..।

পঠনীয়:  প্ৰতিবাদৰ ব্যৱসায়

 

প্ৰফুল্ল দুৱৰাৰ আপডেটটো দেখি ভিমকান্ত চেট্টিৰ বিৰাট খং উঠিল। বহুদিনৰ পৰা প্ৰফুল্ল দুৱৰাৰ কথাবোৰ তেওঁৰ ভাল নলগা হৈছিল। ভিমকান্ত চেট্টিয়ে প্ৰফুল্ল দুৱৰাক লাহেকৈ Acquaintances ত ভৰাই থৈ দিলে।

 

ইফালে নতুনকৈ গ্ৰুপ এটা “সাজিব” বিচৰা বিকল্প ভূঞাই প্ৰফুল্ল দুৱৰাৰ আপডেটটো দেখা পাই মানুহজন বৰ বিশ্বাসী যেন অনুভৱ কৰিলে। গ্ৰুপটোৰ এডমিন হ’ব নেকি বুলি তেওঁ প্ৰফুল্ল দুৱৰালৈ মেছেজ এটা দিলে। মেছেজটো “Seen” বুলি দেখা গ’ল, কিন্তু তিনি মিনিট ধৰি সময় হা-না একো উত্তৰ নাহিল, খঙতে বিকল্প ভূঞাই ভাবিলে— “মানুহবোৰৰ ইমান লেবেল, ৰিপ্লাই এটাও দিব নোৱাৰে!” ভাবি শেষ কৰোঁতেই ইফালে ৰিপ্লাই এটা আহি গ’ল— “আপোনাৰ প্ৰস্তাৱ সাদৰেৰে গ্ৰহণ কৰিলোঁ। আমি সহযাত্ৰী।” বিকল্প ভূঞাই পুনৰ ভাবিবলৈ ধৰিলে— “প্ৰফুল্ল দুৱৰা মানুহটো ইমান ভাল, ইমান উদাৰ, ইমান সচেতন......।”

 

গৌতমৰ আপডেটটো অথনিৰ পৰা চম্পক গোঁহাইয়ে দেখি আছিল। চম্পক গোঁহাই গৌতমৰ লগৰ। সি সদাই নিশা দুই বজাত ভাত খাই। ৰান্ধো ৰান্ধো কৰি থাকোঁতেই বাৰটা বাজি যায় কাৰণে তাৰ খোৱা দেৰি। এতিয়া দহ বজাতে গৌতমে ভাত খালে। “গৌতমে এনেই বাহিৰতে বতাহ লৈ বহি আছোঁ বুলিও লিখিব পাৰিলেহেঁতেন, কিন্তু ভাত খোৱাৰ কথাটোনো লগতে কিয় শুমাব লাগে সি? মোক কামোৰ দিওঁ বুলিয়েই এতিয়া ভাত খোৱাৰ কথাটো লিখিছে চাগে সি!” —চম্পকে ভাবিবলৈ ধৰিলে।

 

ৰঞ্জিত শইকীয়াৰ কথাবোৰ অলপ সুকীয়া। তেওঁ কথাবোৰ গভীৰভাৱে ভাবে। গৌতমে অলপ দিনৰ আগতেও এবাৰ কাৰেণ্ট যোৱাৰ কথা ফেচবুকত লিখিছিল। তেওঁৰ মনত আছে। গতিকে তেওঁ ভাবিবলৈ ধৰিলে— “চল পালেই আওপকীয়াকৈ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰাতো আজিৰ যুব-প্ৰজন্মৰ অভ্যাসত পৰিণত হৈছে। গৌতমেও নিশ্চয় মোদী প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে, সেইকাৰণে কাৰেণ্টৰ কথা কৈ কৈ সি কংগ্ৰেছক চাপ’ৰ্ট কৰিব নালাগে বুলি মানুহক বুজাই থাকে। দেখা যাওক, আৰু দুদিন পাছত কি পৰিৱৰ্তন হয়!”

 

ইতিমধ্যেই বাহিৰৰ আন্ধাৰতে গৌতমহঁতৰ কথাৰ ৰস উঠিছিল। তেনেতে, মাথোঁ অলপ দিনৰ আগতে ফ্ৰে’ণ্ড ৰিকোৱেষ্ট পঠোৱা ছোৱালী এজনীয়ে তাক মেছেজ দিলে— “শীতল বতাহ বহুত ভাল লাগে ন? বিশেষকৈ এইটো সময়ত।” বৰ বিৰক্তি দি থাকে এইজনীয়ে। তাই মেছেজটো নিদিলেও হয়। আচলতে এইটো এটা Fake account বুলিহে গৌতমৰ সন্দেহ হয়। মেছেজটো পঢ়িয়েই সি ডিলিট মাৰি দিলে।

তেনেতে ভুৰুংকৈ, সোনকালতেই কাৰেণ্টটো আহি গ’ল। গৌতমহঁত আটাইকেইটা ভিতৰলৈ আহিল। গৌতম দুৱাৰমুখ পাওঁতেই কাৰেণ্টটো আকৌ ভুৰুংকৈ গুচি গ’ল।

“ধেইইইটটটটটটটটট” বুলি চিঞঁৰ এটা মাৰি গৌতমে আকৌ ঠাইতে বহি ল’লে। আটাইকেইটাই পুনৰ কথা পাতিবলৈ আৰম্ভ কৰিলে।

 

এইবাৰ ছোৱালীজনীৰ পৰা আৰু মেছেজ এটা আহিলে— “Gudnyt.”

গৌতমে “gdnyt” বুলি মেছেজ এটা দি আকৌ গোটেইখিনি ডিলিট মাৰি দিলে।

 

শুবলৈ লৈ গোলোক সন্দিকৈয়ে অকণমান সময়ৰ বাবে “ফেচবুকটো” খুলি লৈছিল। প্ৰথমেই তেওঁ গৌতমৰ আপডেটটোকে দেখিলে। তেওঁ ভাবিলে— “এৰা!! ল’ৰাটো লাহে লাহে বৰ অনুভৱী হৈ গৈছে আজিকালি। বয়স হৈছেতো। আৰু এবছৰ মানতে সি বিয়াখন পাতিবই পাৰিব চাগে। তাৰ তিনি বছৰমানৰ পাছতে ক’ৰ শীতল বতাহ, ক’ৰ বৰষুণ..., চব অনুভৱ নাইকীয়া হৈ যাব বাপ্পেকে!” ভাবি ভাবি তেওঁ নিজে নিজেই মস্ত স্মাইলী এটাৰ দৰে হাঁহি এটা মাৰিলে…। “বাপ্পা। কৰা কৰা, অনুভৱ কৰা। এনে বতাহ সঁচাই বহুত ভাল লাগে… 🙂 ” —গৌতমৰ তাতে কমেণ্ট এটা মাৰি আৰু একো নাচাই তেওঁ লাহেকৈ লেপটপটো জপাই শুই থাকিল।

পঠনীয়:  ইংৰাজী ভাষাক প্ৰত্যাহ্বান প্ৰাচীন কামৰূপীয়া অসমীয়া পণ্ডিতৰ

 

ছহিদুল ইছলামে কিয় জানো বহু মাহ ধৰি গৌতমৰ আপডেটবোৰ দেখা পোৱা নাছিল। আজি হঠাতে দেখি গ’ল। তাৰ হাঁহি উঠিল— গৌতম এতিয়াও আগৰ দৰেই ৰোমাণ্টিক হৈয়ে আছে। সিও মন্তব্য এটা দিলে— “ঐ, বহু দিন তোৰ খবৰ-খাটি নাই যে। তোৰ ভাৱবোৰ আগৰ দৰেই আছে যেন দেখি ভাল লাগিল। খুব বতাহ লৈ আছ ন? ফ’ন কৰিবি।” “খবৰ-খাটি নাই” বুলি ক’ব পাৰে, কিন্তু নিজে খবৰ ল’ব নোৱাৰে— ইয়াকে ভাবি গৌতমে মন্তব্যটোত লাইক এটা মাৰি থ’লে। তেনেতে শেৱালী গোঁহাইৰ মন্তব্য এটা আহিল— “বাঃ, আজিকালি খুব ৰোমাণ্টিক হৈ গৈছা যে?” তেওঁৰ লগত গৌতমৰ চিনাকী হোৱা ছমাহ হৈছে, ইফালে কৈছে— “আজিকালি খুব ৰোমাণ্টিক হৈ গৈছা যে?” যেন তাক আগৰে পৰা চিনিহে পায়, আৰু সি যেন আগতে ৰোমাণ্টিক নাছিলহে! “এটাই মন্তব্য দিছে— আগৰ দৰেই ৰোমাণ্টিক হৈয়ে আছ। এজনীয়ে মন্তব্য দিছে— আজিকালি খুব ৰোমাণ্টিক হৈ গৈছ।” —ভাবি ভাবি গৌতমৰ হাঁহি উঠিল…।

 

গৌতমে প্ৰকৃততে কি কাৰণেবা সেই আপডেটটো তেনেকৈ দিলে যতীন বৰাই কিন্তু বুজি নাপালে। সেইটো আপডেট দিয়াৰ কিবা ৰহস্য আছে নেকি? কোনোবাই “মুকলিৰ বতাহতকৈ এ.চি. কোঠাহে ভাল” বুলি কৈছিল নেকি? আৰু তাৰ উত্তৰ হিচাপেহে গৌতমে সেইটো লিখিছে নেকি? বহুতো প্ৰশ্নই যতীন বৰাৰ মগজুত খুন্দিয়াবলৈ ধৰিলে। প্ৰশ্নবোৰ অৱ্শ্যে মনতেই গোপনে ৰাখি যতীন বৰাই মন্তব্য এটা দিলে— “কাৰণ্টেটো বাৰু আহিল নে এতিয়া?”

গৌতমে উত্তৰ দিবলৈ লওঁতেই পৃথিৱী চিনটোত ৰঙা এক এটা পুনৰ জ্বিলিকি উঠিল। আঙুলিৰ আগ এটাৰে সেইটোত লাহেকৈ স্পৰ্শ কৰোঁতেই সি দেখা পালে— তাৰ আপডেটটো কুকি চাবুকধৰাই লাইক কৰিছে। শীতল বতাহছাটি এইবাৰ মনৰ ভিতৰলৈকে সোমাই আহি তাক চিৰ-সতেজ কৰি তোলা যেন সি অনুভৱ কৰিলে। কুকি চাবুকধৰা বৰ্তমান যিখন মহানগৰত থাকে, সেই মহানগৰত গ্ৰীষ্মকালত বেলিটো যেন অট্টালিকাবোৰৰ ছাদলৈকে নামি আহে। সেইবাবে শীতল বতাহৰ আমেজৰ কথাটো পঢ়ি তাইয়ো এনেই এটা শীতল আমেজ পোৱা যেন পালে, সেইবাবেই আপডেটটোত লাইক মাৰি দিলে।

কুকি চাবুকধৰাক কেতিয়াও কোনোদিন লগ নাপাই বুলি গৌতমে জানে, আৰু লগ পাবলগীয়া কোনো কথাও নাই, বা মনো নাই, বা সেই কথা কোনোদিন সি ভবিবলগীয়াও নাই। কোনোবা এদিন তাৰ চিনাকী কাৰোবাৰ ক’ৰবাত মন্তব্য দিওঁতে তাইৰ প্ৰফাইলটো দেখি সি তাইলৈ ফ্ৰে’ণ্ড ৰিকোৱেষ্ট পঠাই দিছিল; পিছলৈ বিভিন্ন কথা-বতৰা দেখি দেখি সি বুজিছিল তাই অতি সুন্দৰী যদিও নিৰহংকাৰী, অতি ত্ৰিক্ষ্ণধী আৰু সমাজ সচেতন যদিও ধেমেলীয়া মনোভাৱৰ, প্ৰৱল আত্মবিশ্বাসী যদিও কিহবাৰ প্ৰতি সদায় আকুল, আত্ম-প্ৰতিষ্ঠাৰ বাবে অহৰহ যত্নপৰ যদিও বন্ধুত্বপূৰ্ণ আৰু অতি মৰমীয়াল......। সেইবাবেই, তাই কেতিয়াবা তাৰ কথাত লাইক কৰিলে তাৰ খুব ভাল লাগে, প্ৰেৰণা পোৱা যেন অনুভৱ কৰে; বছ সিমানেই। সাধাৰণ যুৱক বাবেই তাৰ বাবে এই সংখ্যা অতি সীমিত। চুপাৰ-ষ্টাৰ বা প্ৰতিস্থিত প্ৰতিভাৱানসকলেও নিশ্চয় এনেবোৰৰ পৰা প্ৰেৰণা লয়...., মাথোঁ তেওঁলোকৰ এই সংখ্যা অগণনৰ পিনলৈ ধাৱিত হয়......। তাইৰ লাইকটো সি অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে.....। যতীন বৰাৰ উত্তৰটো সি দিবলৈ লৈয়ো দিয়া নহ’ল...., সেই উত্তৰ এতিয়া লিখি থাকিবলৈ তাৰ আৰু মন নগ’ল....। তাইৰ লাইকটো দেখাৰ মুহূৰ্ততো অধিক সময়ৰ বাবে অনুভৱ কৰি থাকিবলৈ সি যত্নপৰ হ’ল....। তাৰবাবেই, সি অন্য notificationবোৰ নাপাবৰ বাবে 3G সংযোগটো বিচ্চিন্ন কৰি ম’বাইলটো জেপত ভৰাই দিলে........

1Comment

Post A Comment