তিনিটা এক মিনিটৰ গল্প

প্ৰেয়সীৰ হাত

— “ছিঃ!! কি কৰি থাকা তুমি! নিশাৰ আন্ধাৰতো তুমি যদি মোক দহজনী ছোৱালীৰ হাতৰ মাজৰ পৰা তোমাৰ হাতখন বিচাৰি উলিয়াবলৈ দিয়া, তেন্তে মই কাকো নেদেখাকৈয়ে কেৱল হাতকেইখন চুই চায়েই কৈ দিব পাৰিম— সেইখন তোমাৰ হাত। অথচ তুমি সদায় সদায় এনেকৈ ফেচবুকত কি অদৰকাৰী এপলিকেচনবোত “তোমাৰ প্ৰেমিকে তোমাক কিমান শতাংশ ভাল পাই” সেইটো উলিয়াই উলিয়াই একাউণ্টটো হেক কৰিবলৈ দিয়া হা??”

— “হুহ!! কি ডায়েলগ তোমাৰ!!” — প্ৰেমিকাগৰাকীয়ে উত্তৰ দিলে — “অকল ডায়েলগ ডায়েলগ! নিশাৰ আন্ধাৰতো হাত চুই কৈ দিব পাৰে কাৰ হাত!! তুমি নাটক নিলিখা কিয়? তুমি লিখাচোন লিখা, অন্ততঃ মই পঢ়িম তোমাৰ নাটক।”

— “ঠাট্টা কৰিছা? চাই থাকা, এদিন লিখিম মই নাটক! কেৱল তুমি নহয়, আনেও পঢ়িব বা চাব মোৰ নাটক, বুজিছা?”

— “অ’………, মই ধেমালীহে কৰিছিলোঁ। ছ’ৰী.....। প্লিজ...., এইটো কথাত বেয়া নাপাবা...। আৰু শুনা, তুমি লিখিব্বই লাগিব নাটক, এইবাৰ মইয়েই লিখ্খাইহে এৰিম তোমাৰ পৰা নাটক।”

— “হাঃ হাঃ। ঠিক আছে বাৰু। কিন্তু এই অদৰকাৰী এপলিকেচনবোৰত তুমি আৰু ক্লিক কৰি নাথাকিবা।”

— “বাৰু। নকৰোঁ। কিন্তু তুমি নিশাৰ আন্ধাৰত দহজনী ছোৱালীৰ হাতৰ মাজৰ পৰা মোৰ হাতখন বিচাৰি উলিয়াই দেখুৱাব লাগিব। পাৰিবা? মই নিজে গোটাই আনিম ছোৱালী। এনেই ডায়েলগ মাৰি লাভ নাই, গম পাইছা? মোক ইমান ভাল পোৱা হ’লে আছিলেই!!”

— “এইটো তেনেই সাধাৰণ কথা। ইয়াত মই তোমাক ভাল পোৱাৰ কথা নাহেই।”

— “কি?? তাৰ মানে তুমি মোক ভাল নোপোৱা?”

— “অ’হ হ’….. সেইটো কেতিয়া ক’লোঁ আকৌ মই!! এইবোৰ বাদ দিয়া, সোনকালে তুমি ছোৱালীকেইজনী গোটাই আনা।”

— “অ’ অ’ অ’...., কথাটো সেইটো! ৯ জনী বেলেগ ছোৱালীৰ হাত চুবলৈ পাবতো, সোনকালে গোটাই আনিব লাগে??”

— “হ’ব নালাগে। হ’লটো? একো প্ৰমাণ চাব নালাগে।”

— “নহ’ব। চাম মই প্ৰমাণ। একদম মোৰ জোখৰ জোখৰ হাত চাই ৯ জনী ছোৱালী মাতি আনিম। চাওঁ তুমি মোৰ হাতখন উলিয়াব পাৰানে নাই।”

 

ছোৱালীজনী দেখিবলৈ ধুনীয়া, আৰু তাইৰ ফেচবুকৰ প্ৰায়কেইটা এলবামৰ ফটোবোৰৰ privacy optionটো ‘Only Me’ বা “Close Friends” বাছি থোৱা আছে। গতিকে সেই তেনেকুৱা এপলিকেচন এটা খোচৰাৰ পাছতেই এপলিকেচনটো নিৰ্মাণ কৰা ডেকামখাই তাইৰ পাছৱৰ্ড আদি লৈ তাইৰ ফটোবোৰ মহতীয়াই চাই ডাউনল’ড কৰি পেলাই, আৰু কেতিয়াবা য’লৈ-ত’লৈ মেছেজো দি দিয়ে। ফলত তাই এনেই অজৱ পৰিস্থিতি একোটাৰ মুখামুখি হৈ পুনৰ পাছৱৰ্ড সলোৱা বা একাউণ্টটো ডিলিট কৰি নতুন এটা খুলিবলগীয়া হোৱা আদি অৱস্থা সঘনাই হৈ থাকে। বহুবাৰ বুজাই হাক দিয়াৰ পাছতো নুশুনা বাবে তাইক আজি প্ৰেমিকজনে ধেমালীতে খং কৰা নিচিনাকৈ, আৰু লগতে অলপ জোকোৱা নিচিনাকৈ কথাখিনি কওঁতেই পৰীক্ষাটোৰ মুখামুখি হ’বলগীয়া হ’ল।

তেওঁলোকৰ প্ৰতিষ্ঠানত প্ৰযুক্তি উৎসৱ (Technology festival) চলি আছে। নিশালৈ জনপ্ৰিয় প্ৰখ্যাত শিল্পীৰ সংগীতানুষ্ঠান আয়োজন কৰা হৈছে। গতিকে এই নিশাতেই প্ৰমাণটো চোৱাৰ সিদ্ধান্ত হৈ গ’ল। নিশা গীতৰ চেৱে চেৱে সকলোৱে নাচ-বাগ কৰি থাকোঁতেই প্ৰেমিকাগৰাকীয়ে পূৰ্ব-পৰিকল্পনা মতে লগৰ ৯ জনী ছোৱালীক লগত লৈ প্ৰেমিকজনক গছৰ ছাঁ পৰি অলপ আন্ধাৰ হৈ থকা ঠাইকণলৈ লৈ গ’ল। ক’লা ৰুমাল এখনেৰে তাই প্ৰেমিকৰ মুখখনো বান্ধি দিলে। আটাইকেইগৰাকী অন্তৰংগ বন্ধু-বান্ধৱী হোৱা বাবে খেলখন বৰ মধুময় হৈ উঠিল। এগৰাকী এগৰাকীকৈ প্ৰতিগৰাকীয়ে তেওঁক হাতখনত ধৰিবলৈ দি গ’ল। পাৰ হৈ যোৱা প্ৰতিগৰাকীৰে হাতত কেইছেকেণ্ডমান সময় ধৰি থাকি তেওঁ হাতকেইখন এৰি এৰি দিলে, কিন্তু ৮ নম্বৰৰ যুৱতীগৰাকীৰ হাতখনত কিছুসময় ধৰি থাকোঁতেই তেওঁ মুখৰ বান্ধটো খুলি পালালে, আৰু লগে লগেই ‘জিকিলোঁ’ বুলি চিঞৰি উঠিল। কাণ্ডটো দেখি লগৰ কেউগৰাকীয়ে গিৰ্জনী মাৰি হাঁহিবলৈ ধৰিলে। আৰু প্ৰেমিকাগৰাকীয়ে লাজতে সেমেনা সেমেনি কৰি থাকিল....। এইবাৰ তাই কুটুৰি কুটুৰি সোধাত লাগিল— “সেইখন মোৰ হাত বুলি কেনেকৈ গম পালা তুমি?” “কেনেকৈ গম পালা তুমি?”........ নকওঁ নকওঁ বুলি কৈ কৈ অৱশেষত প্ৰেমিকজনে ক’বলৈ বাধ্য হ’ল— “সবেই মোৰ হাতত বন্ধুৱে হেণ্ডচেক দিয়াৰ নিচিনাকৈ ধৰি গৈছে....; আৰু মই কিছু সময় তেওঁলোকৰ হাতত ধৰি থাকোঁতেও তেওঁলোকৰ হাতত একো পৰিবৰ্তন নাই…; কাৰোবাৰ অলপ পৰিৱৰ্তন আহিলেও সেই পৰিৱৰ্তনে মোক কঁপাব পৰা নাই। কিন্তু তুমি মোৰ হাতত ধৰাৰ লগে লগেই তোমাৰ হাতৰ সেই একেই চিনাকি লৰচৰ....; আৰু মই কিছু সময় তোমাৰ হাতত ধৰি থকাত তোমাৰ হাতখনে আৱেগত মোৰ হাতত ধৰিম নে নধৰিম বুলি বেছিকৈ লৰচৰ কৰিবলৈ আৰম্ভ কৰিছিল, আৰু শেষৰ পিনে তুমি হাতখন নিজে আঁতৰাই নিয়া নিচিনা কৰিবলৈ আৰম্ভ কৰিছিলা.....। গতিকে সেইখনেই মই বিচাৰি থকা হাতখন বুলি মই গম পাই গ’লোঁ....।” কথাখিনি শুনি প্ৰমিকাগৰাকী মনে মনে থাকিল, আৰু তাই কল্পনা কৰিবলৈ আৰম্ভ কৰিলে— এই মুহূৰ্তত এই নিশাৰ এই মুকলি ঠাইখিনিত তেওঁলোক দুজনৰ বাহিৰে যদি আজি আন কোনো মানুহ নাথাকিলহেঁতেন………

পঠনীয়:  “Angel”

 

পৰিণতি

হৰি আৰু মধু একেটুকুৰা ঠাইৰে সমনীয়া লগৰীয়া৷ বয়সে পঞ্চাশৰ ঘৰ চোওঁ চোওঁ হৈছে যদিও প্ৰকৃতিৰ সংস্পৰ্শত থাকি কাম-কাজ কৰি সদায় ঘৰুৱা খাদ্য খাই খাই তেওঁলোক এতিয়াও পঁইত্ৰিশৰ অনুৰ্ধৰ যেনেই হৈ আছে৷ এখনি ধুনীয়া পাহাৰৰ নামনিত তেওঁলোকৰ গাওঁখন৷ প্ৰকৃতিসৃষ্ট একোটা বস্তুৰ দৰেই গোটেই গাওঁখনৰ ঘৰবোৰ মনোমোহা হৈ জ্বিলিকি থাকে৷ অতি শান্তিপূৰ্ণ এটুকুৰা ঠাই৷ তাৰেই পথৰুৱা সমতলবোৰত নতুবা একেবাৰে ভৈয়ামলৈ নামি আহি দুয়োৱে ওচৰা-ওচৰিকৈ গৰু চৰাই দিনবোৰ পাৰ কৰে৷ প্ৰকৃততে সেইটোৱেই তেওঁলোকৰ কাম৷ আবেলি সময়ত যেতিয়া গৰুবোৰে দূৰলৈ ঢাপলিয়াবলৈ মন নকৰি খৰখেদাকৈ ঘাঁহ গিলিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকে একেলগে বহি বিভিন্ন কথা আলোচনা কৰে৷ আবেলিৰ হেঙুলীয়া ৰ'দত অপৰূপ হৈ জ্বিলিকি দৃষ্টি কাঢ়ি লৈ যোৱা পাহাৰখনৰ শিখৰলৈ চাই হৰিয়ে কেতিয়াবা কয় - "ইমান ধুনীয়া পাহাৰখন ওচৰতে আছে! এদিন বগাব লাগিছিল শিখৰলৈ৷ আজি পৰ্যন্ত এবাৰো বগোৱাই নহ'ল তাত!" মধুৱে উত্তৰ দিয়ে - "পাহাৰখন বগাই কি পাবি? সেইবোৰ প্ৰয়োজন নাইকীয়া কাম৷ তইনো সেইটো কামৰ কথাকে ভাবি থাকিব লাগেনে!" মধুৰ কথাতো ঠিকেই বুলি ভাবি হৰিয়েও মনে মনে থাকে। আকৌ কেতিয়াবা কথাতো পুনৰ মনলৈ আহিলে হৰিয়ে মধুৰ আগতে উলিয়ায় এবাৰ, আৰু পুনৰ মধুৰ একেটা কথাকে শুনি হৰিয়ে চিন্তাটো বাদ দিবলৈ আৰম্ভ কৰে...৷

 

হৰি আৰু মধুৱে ভাটী বয়সত ভৰি দিলে৷ এতিয়া তেওঁলোকে গৰু নচৰাই৷ গৰু চৰোৱাৰ দায়িত্ব পুতেক-নাতিয়েকৰ হাতলৈ গ'ল৷ কেতিয়াবা আবেলি তেওঁলোক এনেই ওলাই যায়। গৰুকেইজাকৰ মাজে মাজে ফুৰি ফুৰি অতীতৰ দিনবোৰ, আজিৰ মানুহ আৰু প্ৰকৃতিৰ পৰিবৰ্তনবোৰ, তেওঁলোকৰ সীপাৰলৈ যাত্ৰাৰ মুহূৰ্তটো কেনেকুৱা হ'লে ভাল লাগিব আদি কথাবোৰ পাতিবলৈ ধৰে, নতুবা মৃত্যুৰ পাছৰ যাত্ৰাপথৰ ঘটনাবোৰ কেনে হ'ব পাৰে সেইবোৰ কল্পনা কৰে৷

 

এদিন হৰিয়ে পুনৰ উলিয়ালে - "মৃত্যুৰ পাছত কিমান পাহাৰ-ভৈয়াম বগাব লাগিব, নৈ-বোকা খচকি পাৰ হ'ব লাগিব হিচাপ নাই! কিন্তু এতিয়া দুশফুট দূৰত্ব বগোৱাৰো সামৰ্থ্য নোহোৱা হ'ল, অথচ সামৰ্থ্য থকা গোটেই জীৱনটো পাহাৰখনৰ সমুখতে থাকি এবাৰো বগাবলৈ নগ'লো৷ সেইটো কামেই কৰিবলৈ থাকি গ'ল!" হৰিৰ কথা শুনি মধুৱে এটা হুমুনিয়াহ পেলালে৷ আজি, মধুৰ এই পৃথক ৰূপ দেখি হৰি আচৰিত হৈ পৰিল৷ তেওঁ মধুৰ মুখলৈ কৌতুহলেৰে চাই পঠিয়ালে৷ মধুৱে হৰিক বুজনি দি ক'বলৈ আৰম্ভ কৰিলে - "হ'ব দে, এতিয়া আৰু উপায় নাই৷ পাহাৰখন বগোৱাটো তোৰ ভাগ্যতে নাছিল বুলি ধৰি ল, নতুবা তোৰ যোগ্যতাই নাছিল এই জনমত পাহাৰখন বগোৱাৰ...৷" মধুৰ কথাখিনি শুনি হৰি আৰু অধিক আচৰিত হৈ পৰিল৷ কৰিব পৰা সময়ত যিটো কাম অপ্ৰয়োজনীয়, নকৰিলেও হৈ যাব বুলি যি মধুৱেই সদায় কৈ আছিল, আজি সেই কামটোকে কৰাৰ সময় পাৰ হৈ যোৱাৰ পাছত সেই মধুৱেই কৈছে - "ধৰি ল, কামটো কৰাৰ তোৰ যোগ্যতাই নাছিল!" হৰিৰ মনত প্ৰচণ্ড খং উঠিবলৈ ধৰিলে৷ তেওঁৰ এনে লাগিবলৈ ধৰিলে যেন গোটেই জীৱনটোত যিটো মানুহক এবাৰো লগ নোপোৱা হ'লেই ভাল আছিল সেইটো মানুহকে তেওঁ গোটেই জীৱন বন্ধু বুলি ভাবি থাকিল...৷

পঠনীয়:  “Angel”

 

হঠাৎ আবেলি ফাঁচী বজাৰত...

আজি ফাঁচী বজাৰত, বহু বছৰৰ মূৰত ত্ৰিদীশাই হঠাৎ লগ পালে তাইৰ ইউনিভাৰ্চিটিৰ দিনৰ প্ৰাক্তন প্ৰেমিক হিমাংশুক৷ হিমাংশুৱে কিন্তু তাইক কেতিয়াবা এনেকৈ লগ পোৱা কথা মাজে মাজে ভাবিছিল, কিন্তু আশা হ'লে কৰা নাছিল৷ সমুখতে পাই সি নিজেই আগতীয়াকৈ তাইক মাত লগাই দিলে৷ সময় যোৱাৰ লগে লগে মানুহৰ অহংকাৰবোৰ নোহোৱা হয় বা কাৰোবাক মাত এষাৰ মাতিলেও অনিষ্ট হ'ব বুলি ভবা মানসিকতাও সলনি হয়৷ তাইক নিজে আগতে মাত লগাই সি মনতে আজি এটা আনন্দ অনুভৱ কৰিলে৷ এইজনী ত্ৰিদীশাকে সি এদিন একো কাৰণ নথকাকৈয়ে উপেক্ষা কৰিবলৈ লৈছিল আৰু তাইৰ অৱস্থিতিৰ কোনো মূল্যই নাই যেন ভাৱেৰে তাইক ঘীণ কৰিছিল৷

দুয়োটাই প্ৰাৰম্ভিক দুই এষাৰ কথাৰে বা-বতৰা ল’লে। এইবাৰ হিমাংশুৱে ক'লে, "এটা বয়সত আমি গম পাওঁ, কিছুমান কথা ক'লে আমি হেৰুৱাব লগাও একো নাথাকে, পাব লগাও একো নাথাকে৷ আৰু সততাৰে সেইবোৰ কৈ দিলে আমি কিবা হেৰুৱালেও সেই হেৰুওৱাটোৰো এটা ভাল মূল্যহে পোৱা যায়৷ সঁচা কথা কওঁ, মই আঁতৰি যোৱাত তোমাৰ ভালেই হ'ল দিয়া৷ তোমাৰ মনত ইমানখিনি পৰিকল্পনা সোমাই আছিল বুলি মই ভাবিবই পৰা নাছিলোঁ৷ গতিকে মই হয়তো সেইবোৰত তোমাক সহযোগ নকৰিলোৱেইহেঁতেন৷ মই আঁতৰি গৈ তোমাক সহায়হে কৰিলোঁ৷"

ত্ৰিদীশাই উত্তৰ দিলে, "তুমি মোক সঁচাকৈ সহায় কৰিলা৷ কিন্তু আচলতে তুমি কোৱাৰ দৰে নহয়, আন এক ধৰণেৰেহে৷ মই যেতিয়া তোমাৰ এষাৰ মাত শুনিবলৈ হাহাকাৰ কৰি আছিলোঁ, তেতিয়া তুমি এনেই যাৰে তাৰে লগত লাংখা লিংখি আদ্দা মাৰি টিঘিল-খিলাই ফুৰিছিলা৷ তোমাৰ ইটো-সিটো খবৰ পাই থাকিব বিচাৰিছিলোঁ মই, দুই এষাৰ কথা পাতিব বিচাৰিছিলোঁ, আৰু তুমিও অন্ততঃ সেইকণ কৰিব পাৰিলাহেঁতেন, কিন্তু কৰা নাছিলা৷ মোৰো ওচৰত যে কোনো নাছিল সেইটোতো নহয়, কিন্তু মই কেৱল তোমাৰ পৰাহে অলপ সঁহাৰি বিচাৰিছিলোঁ৷ আচলতে কি হয় - কিচুমান মানুহে সম্পূৰ্ণ একেষাৰ কথাকে, একেটা বাক্যকে একেসময়তে ২০ জনমান মানুহক কৈ দিয়ে, আৰু তাৰে ৫ জনমানে সঁহাৰি দিলে সেই পাঁচোজনৰ লগত কাৰবাৰ আৰম্ভ কৰে, ঠিক লটাৰীৰ ধৰণৰ এটা কাৰবাৰ। আনকি প্ৰেমৰ ক্ষেত্ৰতো বহুতে তেনেকৈয়ে আৰম্ভ কৰে৷ আৰু আন কিছুমানে কেৱল এজনকে সেই কথাখিনি কয়, যাক তেওঁলোকে মনত বিশেষভাৱে স্থান দিয়ে৷ আমি সকলোৱেই এনেই যাৰে তাৰে লগত আদ্দা মাৰি বা চুপটি মাৰি থকাৰ সময়তো এনে নহয় এনে কোনোবা এজন মানুহ থাকে যি আমাৰ লগত এষাৰ-দুষাৰ কথা পাতি নিজৰ মনলৈ শান্তি আনিব বিচাৰে, অথচ সেই সময়বোৰত সেই চুপটি মাৰি থকাকেইজনে আমাৰ ক্ষণবোৰ চুৰ কৰিহে থাকে৷ সেই বাবে, তুমি তেনেকুৱা কৰাৰ পাছত, মই যদি আগতে চুপটি মাৰিছিলোও পিছলৈ সম্পূৰ্ণ বাদ দি দিলোঁ; যিটো মই তুমি তেনেকুৱা কৰাৰ বাবে বুজি পালোঁ। ফলত সূচাৰুৰূপে আগবাঢ়িব পাৰিলো, আৰু সেইবাবেই আজি তুমি এনেকৈ ক'ব পৰা দিন এটা পালোঁ৷"

হিমাংশু কিছুসময় মনে মনে ৰ'ল৷ এটা মিচিকিয়া হাঁহি মাৰি সি ক'লে, "গম পালোঁ৷ মোৰ কথাটোতো ক'লোৱেই, তাতেই সকলো আছে৷ হ’ব দিয়া, সেইবোৰ বাদ দিওঁ আৰু এতিয়া৷ ব'লা চপাৰ পইণ্টত কফী একাপ খাই যাওঁ৷"

ত্ৰিদীশাই উত্তৰ দিলে, "ব'লা৷"

দুয়োটাৰে আঙুলিত ধৰি ৰৈ থকা সিহঁতৰ সন্তান দুটিয়েও নিজে নিজে চিনাকি হৈ কথা পাতি আছিল৷ সিহঁতে এতিয়াহে মন কৰিলে৷ দুয়োটাই সিহঁতক ক'লে, "ব'লা, আমি কফী খাওঁগৈ৷" ল’ৰা-ছোৱালী দুটাও আগবাঢ়ি যাবলৈ ওলাল। সিহঁত চাৰিওটা চপাৰ পইণ্টলৈ বুলি আগ বাঢ়ি গ'ল....৷

No Comments

Post A Comment