আগ চোতালৰ ভূত

আৰু এটা বাগৰ দি চকুকেইটা খন্তেক জপাই ল’ব পৰা হ’লে টোপনিটো পুৰা হ’লহেঁতেন বুলি বিমলাই কেঁচা টোপনিতে অনুভৱ কৰিলে। কিন্তু বেলিটো বহুদূৰ হাওলি যোৱাৰ নিচিনা ইংগিত এটা বেৰৰ জলঙাবোৰে দি থকা যেন লগাত তাই ধপককৈ উঠি চাঙতে বহিল। কণবাপুহঁতৰ স্কুল ছুটী দিবই পাৰে; সি আহি দুৱাৰৰ বাহিৰৰ পৰা চিঞৰিব লগা হ’লে তাইৰ ভাল নালাগে। আচলতে ভৰ দুপৰীয়াখনত ঘৰৰ আগ-দুৱাৰখন জপাই থ’বলৈ তাই ভালেই নাপায়, কিন্তু কিছুমান মানুহ বতাহৰ নিচিনা, দুৱাৰখন মেলি থ’লেই ভিতৰলৈ সোমায় আহে। দুপৰীয়াখনত কথা চোবাই থাকি টোপনিটো ভাঙি ল’লে গোটেই আবেলিটো তাই কামত মন বহুৱাব নোৱাৰে।

তাই চাঙৰ পৰা নামি আহিল। এনেকৈ টোপনি পুৰা নহ’লে তাইৰ নিজকে খোজ কঢ়া যেন নালাগে, গাটোৰ তলৰ অংশটো চোঁচোৰাই অনা যেনহে লাগে।

তাই আগফালৰ দুৱাৰখন মেলি দিয়েই জলকতবককৈ সমুখতে ভায়েকক দেখা পোৱা যেন পালে। মূৰটো জোকাৰি চকুৰ পতাকেইটা দুবাৰমান লৰাই দৃষ্টিবোৰ স্পষ্ট কৰি লৈ তাই গম পালে— আচলতে ৰ’দৰ জিলমিলনিতে তাই কিবা দেখা যেন পাইছিল। বেলিটো তাই ভবা সমান ভটীয়া নাছিল। ৰ’দটো যে তেৰতেৰকৈ ওলাই আছে; বাৰাণ্ডালৈ ওলাই গৈ তাই ৰ’দৰ তাপটো সহ্য কৰিব নোৱাৰি ভিতৰতে খিতিংখাতাং কাম কেইটামান কৰি লওঁ বুলি পাকঘৰলৈ গ’ল। “কিন্তু ভাইটোক দেখা নিচিনা কিয় লাগিল?” তাই ভাবিবলৈ ধৰিলে, “তাৰ কথাটোতো এবাৰো মনলৈ আহিবলগীয়া নাছিল।”

ল’ৰাকেইটাই আবেলি পদুলিমূৰতে খেলে। সেইকাৰণে সিহঁতক বিমলাই যদি এবাৰো চিঞৰি নামাতে, হাতৰ নোম নেদেখা হোৱা পৰ পাৰ হোৱাৰ পাছতো সিহঁত হাতমুখ ধুবলৈ নহাকৈ থকে। সিহঁতক চিঞৰিবলৈ চোতাললৈ ওলায় বিমলাই দেখিলে— সৌটো ভায়েক ৰাতুলেও দেখোন সিহঁতৰ লগত খেলি আছে। “আৰে! ই আহিল কেতিয়া? বিহুলৈ দেখোন এতিয়াও পোন্ধৰ দিনমান আছেই। সিতো বিহুৰ চাৰিদিনমান আগতহে আহি ওলাইহি।” বিমলাৰ মনে গোন্ধাবলৈ আৰম্ভ কৰিলে। “জৰুৰ ক’ৰবাত এটা লেঠা লাগিছে।” “আগৰ এবাৰৰ দৰে সি কলেজত মাৰপিট কৰি অহা নাইতো?” দুপৰীয়াৰ মুহূৰ্তটোলৈয়ো বিমলাৰ মনত পৰিল। সদায় ৰাতুল অহা দিনা নিশা সিহঁতে পাৰ মাংস খায়। সেইকাৰণে সি আহিলে কণবাপুৱে আবেলিৰ পৰা উৎপাত লগাই থাকে। পাৰ আনিবলৈ মোমায়েকৰ লগত সদায় সিয়েই ওলাই যায়। কিন্তু, “আজি কণবাপুৰ কাণসাৰেই নাই কিয়?” পাৰ আনিবলৈ সদায় বিলখনৰ সিপাৰৰ চুবাটোলৈ যাব লাগে। প্ৰফুল্লহঁতৰ ঘৰত বাৰ মাহতেই বেছিব পৰা পাৰ থাকে। কেতিয়াবা নাথাকিলেও ৰাতুল গ’লে এযোৰ দি পঠাবই; সেইকাৰণে পাৰ আনিবলৈ তাই সদায় ৰাতুলকে পঠায়। সন্ধিয়া বিলখনৰ পাৰেদি পঠাবলৈ বিমলাই এনেইয়ো ভয় কৰে। এই চাপৰিটোৰ ৰাইজ সাৱধানে চলে। নিশা-সন্ধিয়া এই গাৱঁৰ কোনেও নাও বাই ঘৰলৈ নাহে। দতে এই গাৱঁৰ কাৰোবাক লোৱাৰ কোনো নজিৰ নাই। অৱশ্যে, বহুতে ইয়াক গাওঁখনৰ প্ৰতি ব্ৰহ্মপুত্ৰ বাবাৰ কৃপা বুলি ভাবে। তথাপি আজি তাইৰ ভয় বেছিকৈ লাগিবলৈ আৰম্ভ কৰিলে।

“ৰাতুল দুপৰীয়াতে অহা নাইতো? সঁচাকৈ সি ৰাতুল হয়নে?” ভাবি ভাবি বিমলা পিৰালিতে বহিল। মাথোঁ দহদিনৰ আগত ৰাতুলহঁতৰ গাৱঁৰ, বিয়াহৈ ঘৰলৈ ঘূৰি অহা ধৰিত্ৰী নামৰ জীয়াৰীজনী দেও লাগি ঢুকাইছে। দেও লাগি ঢুকুওৱা বুলি বহুতৰ দৰে বিমলাইয়ো বিশ্বাস কৰা নাছিল, তাই পাগলী হোৱা বুলিয়ে ভাবিছিল, কিন্তু এতিয়া দেখোন বিমলাৰ মনলৈয়ো তাই দেও লাগি ঢুকুওৱা যেন ভাব আহিবলৈ ধৰিছে...। বিমলাৰ মনত ভয় আৰু বিষাদৰ জোৰ বাঢ়িবলৈ আৰম্ভ কৰিলে। “ধৰিত্ৰীৰ যে বিলাইখন!” ধৰিত্ৰীৰ জীৱনৰ কাহিনীবোৰ তাইৰ মনলৈ আহিবলৈ ধৰিলে। ঘৰৰ পৰা আঁতৰি বেলেগ এখন গাৱঁত অকলে থকা গোসাঁইৰ ল’ৰা এটাৰ লগত ধৰিত্ৰীৰ বিয়া হৈছিল। ল’ৰাটোৱে ধনী মানুহ এঘৰৰ টেক্টৰ এখন চলাইছিল; কিন্তু বিমলাহঁতৰ ঘৰত আৰু গাওঁখনত সেই টেক্টৰখন তাৰ নিজৰ বুলি ফাঁকি দিছিল। অকলে কাম কৰি খোৱা ল’ৰা, টেক্টৰখনো আছে, তাৰোপৰি গোসাঁই ল’ৰা বুলি ধৰিত্ৰীৰ ঘৰখন আৰু গাওঁখনে বৰ ফুৰ্টিৰে বিয়াখন পাতিছিল। কিন্তু ভুল ভাগিবলৈ বেছি দিন নালাগিল। কেৱল সিমানেই নহয়— ল’ৰাটোৰ চৰিত্ৰ আৰু উপাৰ্জনৰ বাটবোৰো অতি বেয়া আছিল। শান্তিৰে থাকিব নোৱাৰি তিনি মাহতে ধৰিত্ৰী ঘৰলৈ গুচি আহিব লগা হৈছিল। তাৰ পাছত কেইবামাহ ধৰি ল’ৰাটোৱে সদায় নিশা মদ খাই আহি ধৰিত্ৰীহঁতৰ ঘৰত আমনি কৰিছিলহি। পিছত গাৱঁৰ ল’ৰামখাই মাৰপিট কৰি তাক খেদিব লগা হৈছিল। তাৰ কেইবছৰমানৰ পাছত ধৰিত্ৰী পাগলী যেন হ’ল। প্ৰথমতে চবেই তাইক পাগলী বুলিয়েই ভাবিছিল, কিন্তু এদিন যেতিয়া চবেই শুনিলে তাইৰ গিৰিয়েকটো আপোনঘাতী হৈছে, তেতিয়াৰ পৰা বহুতে তাইৰ গাত কিবা লগা বুলি ভাবিবলৈ ধৰিলে।

পঠনীয়:  প্ৰেয়সীৰ স্বপ্ন

“ভূত আছে জানো?” বিমলাই কথাটো এতিয়াও ভাবে। বিমলাহঁত সৰু হৈ থাকোঁতে ককাকে খাল-দোংবোৰলৈ দেখুৱাই কৈছিল— যেতিয়া গাওঁখনত মানুহ কেইঘৰমানহে আছিল তেতিয়া সন্ধিয়া হোৱাৰ লগে লগে এইবোৰতে ভূত ওলাইছিল। আজিৰ ঘৰৰ আগৰ পথটো তেতিয়া হাবিৰ মাজৰ লুংলুঙীয়া বাটহে আছিল। গধুলী সেই বাটেদি মানুহ ওলালেই হাবিৰ পৰা চপৰা মাৰিছিল; বাটৰ কাষৰ বাঁহৰ আগ হাওলাই বাটত পথালিকৈ পেলাই থৈছিল। আৰু অলেখ ঘটনা ঘটিছিল। আৰু এতিয়া মানুহৰ ভিৰ বঢ়াৰ লগে লগে ভূতবোৰ ভাগিল।

সঁচাকৈ, সৰুতে বিমলাহঁতে ভূতৰ কাহিনী যিমান শুনিছিল, জনসংখ্যা বাঢ়ি অহাৰ লগে লগে সেই কাহিনীবোৰ কমকৈ শুনা হ’ল বা সেইবোৰ কমকৈ ঘটা হ’ল। কিন্তু আজি ৰাতি-বিয়লি হঠাতে যদি কিবা এটা হৈ যায়, তেন্তে ক’ৰ পৰা মানুহ বিচাৰি আনিব? এই দ্বীপটো যেনেকৈ “বহিৰ্বিশ্বৰ পৰা বিচ্ছিন্ন”, তেনেকৈ এই চাপৰিটোও মূল জনসমাগম থকা দ্বীপটোৰ বাকী অংশৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন। আৰু সেইবাবেই সংগঠনৰ ল’ৰাবোৰে আজি ছমাহমানৰ পৰা মুকলিকৈ বন্দুক লৈ ঘূৰি ফুৰা হৈছে। চাপৰিটোৰ পাঁছটা চুকত সিহঁতে পহৰা দি থাকে। ইয়ালৈ কোন আহিছে, ইয়াৰ পৰা কোন গৈছে সিহঁতে চব গম পাই থাকে। মাঘবিহুত ৰাতুল আহোঁতে বিমলাই তাক জোৰ কৰিয়ে বিহুদিনাই ঘৰলৈ পঠাই দিছিল। সংগঠনৰ ল’ৰাই ধৰিলেও বিপদ, আৰ্মিয়ে ধৰিলেও বিপদ। সংগঠনৰ ল’ৰাই ধৰিলে লগত সুমাই ল’ব, আৰ্মিয়ে ধৰিলে সংগঠনৰ ল’ৰা বুলি সন্দেহ কৰি মাৰি পেলাব। এতিয়া বিহুলৈকে ইমানদিন ল’ৰা এটা ভিতৰতেতো সোমায় থাকিব নোৱাৰে! সংগঠনবোৰৰ অজ্ঞাত দলপতিবোৰলৈ বিমলাৰ সদায় খং উঠাৰ দৰে আকৌ খং উঠিল। “সিহঁতে আচলতে কৰি আছে কি? ইয়াতে অত বছৰে ক’ৰ ক’ৰ এই ল’ৰাজাক আহি টহলি আছে। সিহঁতে কিন্তু নিজকে বহুত কাম কৰা বুলি ভাবে। পালেতো সিহঁতে ৰাতুলকো সুমাই ল’ব। কুটা এগছ চুব নজনা এই ৰাতুলেই বা কি কৰিব পাৰিব? আওমৰণে মৰাৰ বাহিৰে?”

বিমলাই বুৰঞ্জী পঢ়ি খুব ভাল পাইছিল। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা নিদিয়াকৈ তাইৰ বিয়া হ’ল। তাই আৰু পঢ়িবলৈ নাপালে। তাই মেট্ৰিক প্ৰথমবাৰ ফেইল কৰিছিল, কিন্তু সেইবাৰ বুৰঞ্জীত লেটাৰ পাইছিল। দ্বিতীয়বাৰ দ্বিতীয় বিভাগ পালে, অৱশ্যে লেটাৰ নাপালে। আজি ইয়াত অনাতাঁৰে কঢ়িওৱা বাতৰিয়ে তাইৰ চিন্তাৰ সমল। আৰু এইবোৰৰ দ্বাৰাই তাই ভাবে— আগৰ যুগৰ বুৰঞ্জী আৰু আজিৰ যি বুৰঞ্জী ভৱিষ্যতে লিখা হ’ব, তাৰ মাজত বহুত পাৰ্থক্য আছে। আগৰ দিনত তৰোৱালৰ মনোমোহা যুদ্ধত জয়েই প্ৰকৃত বিজয় যেন আছিল। সেই বিজয় আজি অৰ্থহীন। ভূতবোৰ কমি যোৱাৰ লগে লগে মানুহে ভূতৰ কথা পাতিবলৈ কমাই দিলে। আকৌ যদি ভূতৰ সংখ্যা বাঢ়ি যায়, মানুহৰ পাতিবলগীয়া আন বহুতো কথা থাকিলেও, বেছিকৈ কিন্তু ভূতৰ কথাকে পাতি থাকিবলৈ ল’ব। “যদি সংগঠনৰ ল’ৰাৰ সংখ্যা বঢ়া বাবেই মানুহে যদি সিহঁতৰ কথা বেছিকৈ আলোচনা কৰি থাকিবলৈ লয় আৰু তাকে সফলতা বুলি নেতা মখাই ভাবিবলৈ লয় সেইটো পাগলৰ কাম নহৈ কাৰ কাম হ’ব?” তাইৰ মগজটো টিংটিঙাই উঠিল। খঙত তাইৰ মুখখন বিকৃত হৈ পৰিল। তাইৰ এতিয়া চিন্তা কেৱল একমাত্ৰ ভায়েকটোৰ কাৰণেহে। খঙৰ ভমকতে তাই উমান পালে— সন্ধিয়া ভাগিবই এতিয়া। তাই আটাহ পাৰি দিলে— “ঐ তহঁতি ঘৰলৈ নাহ কিয়?”

বিমলাৰ অস্বাভাৱিক চিঞৰত সিহঁতে তাৰে খেলা তাতে এৰি ঘৰলৈ গুচি আহিল। বিমলা উঠি গৈ পিছফালৰ দমকলৰ ওচৰ পালেগৈ। ৰাতুলো লাহে লাহে গৈ গৈ দমকলৰ পাৰৰ পিৰালিত ঢাৰি এখন পাৰি বহিল। কেইবাদিনো ধৰি তাৰ মনত হীনমন্যতা আৰু গৰ্বই সমান্তৰালভাবে ক্ৰিয়া কৰি আছে। সি এতিয়া তল মূৰ কৰিয়ে বহি ৰ’ল। কাণিমুনি সময়। ৰাতুলে ধৰিব নোৱাৰাকৈ তীক্ষ্ণ দৃষ্টি দি তাৰ চেহেৰাত কিবা বিকৃতি আছে নেকি বিমলাই চাই ল’লে। তাই তাক সহজভাবে সুধিলে, “তই সোনকালে আহিলি যে? কলেজ খতি নহ’ব জানো তোৰ?” ৰাতুলে লগে লগে উত্তৰ দিব নোৱাৰি মনে মনে থাকিল। বিমলাৰ সহজ মাতত সি বহুত শান্তি পালে। হাতমুখ ধুই ডাঙৰ দুটা ল’ৰা ভিতৰলৈ গ’ল। পাৰ আনিবলৈ কেতিয়া যাব বুলি কণবাপু তাতে ৰৈ থাকিল। ৰাতুলে উত্তৰ নিদিয়াত বিমলাৰ উদ্বিগ্নতা বাঢ়ি গ’ল। তাই আকৌ সুধিলে, “তই কিবা জগৰ লগাই আহিছ নেকি?”

—“নাই”, ৰাতুলে এইবাৰ উত্তৰ দিলে, “মই আৰু কলেজ নাযাওঁ। গ’লেও পাছ নকৰোঁ।”

পঠনীয়:  লুণ্ঠনৰ শেষৰ এটা দুপৰীয়া

—“কি কৰি খাবি তই?” তাই খঙেৰে সুধিলে। “ঘৰৰ কিবা এগছ কৰি পাইছনে? মোক উলিয়াই দিয়া দিনাৰ পৰাতো তই ৰজা হ’লি? দেউতা কুঁজা হ’ল, তই একমাত্ৰ পুতেৰতো হৈ ভাবি চাইছনে কেতিয়াবা?”

—“মই সংগঠনত যাম”, বায়েকৰ ওচৰলৈ আহিবলৈ ওলোৱাৰে পৰা ৰাতুলে কথাখিনি কেনেকৈ ক’ব ভাবি অন্ত কৰিব পৰা নাছিল। এতিয়া সি ভাল মোৰ এটা পোৱা যেন পালে। গৰ্বৰে সি কৈ যাবলৈ ধৰিলে, “ফৰ্ম-চৰ্মৰ কাম পুৰা হৈ গ’ল। অহা মাহত আমাক হাঠিয়াৰ দিব....”

—“ৰ’বি”, বিমলাই মাজতে মাত লগালে। তাইৰ বুকুখন ধমহকৈ মাৰিছিল। গাতো ঠকঠককৈ কঁপিবলৈ আৰম্ভ কৰিছিল। দমকলটোৰ হেণ্ডেলডালত তাই হাতেৰে ধৰি আছিল; তাই নিজৰ গাৰ কঁপনি সহ্য কৰিব নোৱাৰি হাতখন তাৰ পৰা এৰি দিলে। তাই শান্তভাবে ক’লে, “সন্ধিয়া ভাগিলেই গম পাইছনে? পাৰ এযোৰ আনি লগৈ যা।”

বায়েকে কি ভাবিলে ৰাতুলে বুজি নাপালে। সি যাবলৈ উঠিল। কণবাপুৱে ওলাবলৈ ভিতৰলৈ দৌৰ মাৰিলে। পূৰ্বৰ অভিজ্ঞতাৰ পৰা ৰাতুলে ক’ব নোৱাৰে— এনেকুৱা আচৰণ কৰিলে তাই অসন্মতি প্ৰকাশ কৰে নে সন্মতি দিয়ে। সি আটাইতকৈ বেছি বায়েককেই বা একমাত্ৰ বায়েককেই সন্মান কৰে। আজিলৈকে বায়েকৰ কোনো কথা সি পেলোৱা নাই। আৰু সি জানে, বায়েকেও সেইবাবেই বা সি তাইৰ কথা নাৰাখিবলগীয়া নহ’বৰ বাবেই তাকো বহুত সন্মান দি নিজত্ব জগাই তুলিহে তাই কথা এষাৰ ৰাখিবলৈ কয়। কি হ’ব সি একো ভাবি নাপালে। সিহঁত পাৰ আনিবলৈ যাবলৈ ওলাল। “সোনকালে আহিবি। পাখি-চাখি গুচাওঁতে নহ’লে ৰাতি হৈ যাব।”— বিমলাই কণবাপুক সকীয়াই দিলে।

 

ল’ৰা তিনিটাক নিজে পঢ়ি থাকিবলৈ দি বিমলা আৰু তাইৰ গিৰিয়েকে পাৰৰ পাখি গুচোৱাত লাগিল। ওচৰতে ৰাতুলক টুল এখনত বহিবলৈ দিলে। ভিনীহিয়েকে “তই কিমান সময়ত পালিহি” বুলি সোধাৰ বাহিৰে অথনিৰ পৰা তাক একো সোধা নাই। মানুহটোক বিমলাই সকলোখিনি কথা কৈছে।

তাই আৰু মানুহটোৱে নিৰৱে থাকিয়েই পাখি গুচাই শেষ কৰিলে। ৰাতুলেও কিবা উলিয়াবলৈ আকৌ মোৰ নোপোৱা হৈ থাকিল। মাংসখিনি কাটিবলৈ লৈ তল মূৰ কৰিয়ে বিমলাই সুধিলে, “তই কাৰ লগত তাত সোমালিগৈ?” তাই বৰ নিৰ্লিপ্তভাবে কথাতো সুধিছে। ৰাতুলে ভাবিবলৈ ধৰিলে— তাই তাক লোকৰ দৰে ভাবিব লগা হৈছে নেকি আজি? পৃথিৱীত বা নিজৰ জীৱনতে তাৰ প্ৰয়োজন কোনখিনিত সি তেনে এটা প্ৰশ্নৰ আজি মুখামুখি হৈছে। বায়েকে কোনটো ভাল বুলি সিদ্ধান্ত দিব সি বুজিব পৰা নাই। সি উত্তৰ নিদিয়াত বিমলাই তাৰ মুখলৈ চালে। সি তেতিয়াহে নিজে কিবা ভাবি আছিল বুলি গম পালে। সি ক’লে, “গাৱঁৰ পোন্ধৰটাই একেলগে নাম ভৰাইছোঁ। নৰেনে ফৰ্ম আনিছিল। সিয়েই সব কৰিছে। অহা মাহত সিয়েই আমাক লৈ যোৱাৰ কথা।”

—“তই নাযাবি।” কৈ একো লাভ নহ’ব যেন ভাবেৰে নিৰ্লিপ্ত যেন ভাবেই তাই ক’লে।

—“এতিয়া নগ’লে মোক মাৰি পেলাব।” সি দুখেৰে ক’লে।

—“কোনে? নৰেনে?” বিমলাই বিদ্ৰূপেৰে সুধিলে; আৰু ক’লে— “সিয়োতো ডাঙৰ নেতা নহয়। তাকো ফুচুলাই ওভোটাই লৈ আহ।”

—“তেতিয়া তাৰ লগতে গাৱঁৰ আটাইকেইটাকে ওপৰৰ সোপাই মাৰি পেলাব।”

—“নামাৰে”, বিমলাই উত্তেজিত হৈ ক’লে। “মাৰিলে অকল তাক মাৰিব। তহঁতক এতিয়া ওপৰৰবোৰে কোনেও চিনি নাপায়। গমেই পোৱা নাই চাগে। গোটেইখন আওমৰণে মৰিবলৈ গৈছ। তাতকৈ জীয়াই থাকি ঘৰখনৰ ভাল কৰ। এটাই এটাই এখন ঘৰৰ উন্নতি কৰিলেই সবৰে উন্নতি হ’ব। এনেইহে মৰিবলৈ গৈছ, তাতকৈ জীয়াই থাক। নৰেনো মৰিলহেঁতেন, গতিকে তাক মৰিবলৈ দে। এনেই ষোল্লটা মৰাতকৈ পোন্ধৰটা বাচিবৰ কাৰণে দৰকাৰত এটাক মৰিবলৈ দে।”

 

কথা পাতি পাতি মাংস কাটি হোৱালৈ বিমলাৰ কথাতে ৰাতুল সন্মত হ’ল। অৱশ্যে সি কামটো কৰিবগৈ পাৰেনে নোৱাৰে ঠিক ধৰিব নোৱাৰিলে। কিন্তু সি সেই মতেই কৰিব বুলি ঠিক কৰিলে আৰু কৰিব নোৱাৰিলে দুখেৰেই মৰিব লাগিব বুলি ভাবিবলৈ ধৰিলে...। ৰাতুল তাইৰ কথাতে মান্তি হোৱা দেখি বিমলাৰ মনটো মুকলি হ’ল, কিন্তু পিছ মুহূৰ্ততে তাইৰ মন বিদ্ৰুপেৰে ভৰি পৰিল— সেইকণ দৃঢ়তা আৰু পৰিকল্পনা লৈ সি ক’ৰবাত সোমাবলৈ গৈছিল? আৰু ইয়াৰ নিচিনাবোৰকে সিহঁতে নিজৰ দলত সুমাবলৈ নিছে? এইখন জগততো সি কিবা কৰি খাবনে বাৰু! তাক বিদ্ৰুপ কৰিবলৈকে তাইৰ মন গৈছিল, কিন্তু তেতিয়া সি জেদত সঁচাকৈ গুচি যাবও পাৰে বুলি তাই একো নক’লে। তাইৰ হাঁহি উঠিল। দিনটোৰ কথাবোৰো তাইৰ মনলৈ আহিল। “ভূতবোৰ বাৰু ক’লৈ গ’ল?” তাই ভাবিবলৈ ধৰিলে।

No Comments

Post A Comment